ফটাঢোল

আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য-ইলি তালুকদাৰ

প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে বিশ্বৰ প্ৰান্তে প্ৰান্তে ‘আন্তৰ্জাতিক নাৰী দিৱস’ উদযাপন কৰা হয়। নাৰী অধিকাৰ সম্পৰ্কে আলোচনা হয়। সভা হয়। ভাষণ হয়। তাৰ পিছত মানুহে আকৌ পাহৰি যায়। আকৌ নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যাৰ খবৰে বাতৰি কাকতৰ শিৰোনাম দখল কৰে। এইবোৰ হৈয়েই থাকিব নাৰী দিৱসৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিব নোৱাৰালৈকে। ওঠৰ শতিকাতে ফ্ৰান্সত শ্ৰমজীৱী নাৰীসকলে সম অধিকাৰ আৰু উপাৰ্জনৰ দাবী তুলিছিল।১৮৫৭ চনৰ এই তাৰিখতে নিউইয়ৰ্ক চহৰৰ দৰ্জী মহিলাসকলে পোন প্ৰথমবাৰৰ বাবে মজুৰি বৃদ্ধি, সমঅধিকাৰ আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই

Read more

ছাত্ৰজীৱনত প্ৰেৰণাৰ গুৰুত্ব-চাবিনা ইয়াচমিন

শিক্ষা হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ৷ ই এক জীৱন জোৰা প্ৰক্ৰিয়া৷ এই গুৰুত্বপূৰ্ণ বিষয়টিৰ অবিহনে মানৱ জীৱন প্ৰায় অসম্ভৱ বুলিয়েই ক’ব পাৰি৷এই শিক্ষাই আমাক সমাজত সফলতাৰ দিশে আগুৱাই যোৱাত সহায় কৰে৷ শিক্ষাৰ ক্ষেত্ৰত প্ৰেৰণাৰ এক বিশেষ মহত্ব আছে৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাই তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি প্ৰেৰণাৰ মহত্ব ছাত্ৰ জীৱনৰ অন্যান্য দিশতো আছে৷ সেয়া কেৱল শিক্ষাই নহয়; সংগীত, কলা, বিজ্ঞান নাইবা যিকোনো ক্ষেত্ৰত প্ৰেৰণাই তেওঁলোকক সফলতা প্ৰদান কৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰিত কৰে৷ এই

Read more

নেত্ৰদান মহান দান-ডাঃ পাৰ্থসাৰথি ভূঞা

আমাৰ দেশত প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় নেত্ৰদান পষেক বা National eye donation fortnight পালন কৰা হয়। মানৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত আমাৰ চকুযুৰি অন্যতম। এই চকুযুৰিৰ সহায়তে আমি আমাৰ ধুনীয়া পৃথিৱীখনৰ ৰং উপভোগ কৰাৰ লগতে প্ৰয়োজনীয় সকলো কাম আৰু জ্ঞান আহৰণ কৰিব পাৰোঁ। কিন্তু চকুৰ বিভিন্ন বিসংগতিৰ বাবে বহুলোকে এতিয়াও এইবিলাকৰ পৰা বঞ্চিত হৈ অন্ধকাৰত জীৱন যাপন কৰিব লগা হৈছে। নেত্ৰদানৰ যোগেদি এই লোকসকলৰ জীৱনলৈ আমি পোহৰ কঢ়িয়াই আনিব পাৰোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কেটেৰেক্ট

Read more

দ্য গ্ৰেট ইণ্ডিয়ান ক্ৰিকেট চাৰ্কাচ-পংকজ কুমাৰ নেওগ

(১) দ্য ‘কোটা’জ: ‘বম্বে পেন্টাগুলাৰ’ৰ জনপ্ৰিয়তাৰ পৰা স্পষ্ট হয় যে স্বাধীনতাৰ পূৰ্বে ভাৰতত ক্ৰিকেট খেলত আন্তঃধৰ্মীয় প্ৰতিদ্বন্দ্বিতা আছিল অতি তীব্ৰ। ১৯১১ চনত ইংলেণ্ডলৈ যোৱা প্ৰথমটো সৰ্বভাৰতীয় দল নিৰ্বাচন কৰিছিল এখন সাতজনীয়া কমিটীয়ে আৰু ইয়াৰ অধ্যক্ষ আছিল সন্দেহজনক ব্ৰিটিছ ক্ৰিকেটাৰ “জাংলি” গ্ৰে’গ। পেনেলত দুজন পাৰ্চী (জে.এম. ফ্ৰেমজী পেটেল আৰু এম.ই. পাভৰী), দুজন হিন্দু (চুনিলাল ভি.মেহতা আৰু ভি.জে. নাইক), আৰু দুজন মুছলমানো (ইব্ৰাহিম ৰহিমতুল্লা আৰু আমিৰুদ্দিন ত্যবজী) আছিল। পাটিয়ালাৰ মহাৰাজা ভূপিন্দৰ সিং নামৰ এজন শিখে দলটোৰ নেতৃত্ব দি সকলো ধৰ্মকে প্ৰতিনিধিত্ব কৰে।

Read more

হাস্যৰসৰ পৰিশীলিত প্ৰতিষ্ঠা : “বধাই হো”- ড০ দীপশিখা ভাগৱতী 

“Life is a tragedy when seen in close-up, but a comedy in long shot.”                                                                                           – চাৰ্লি চেপলিন পশ্চিমত গ্ৰীক ভাষাত ধ্ৰুপদী যুগৰ আৰম্ভণিৰ আগতেই শৈলীগত সূত্ৰেৰে “কমেডী”ৰ উত্থান ঘটিছিল, যাৰ প্ৰদৰ্শন হৈছিল এথেন্সৰ নাট্যশিল্পৰ গৃহভূমি ডাইঅ’নিছিয়া চহৰত। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ শেষৰ ফালে গ্ৰীক ভাষাত কমেডীয়ে প্ৰাধান্য লাভ কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ শেষৰ ফালে কমেডীৰ নতুন যুগ আৰম্ভ হৈছিল। এই কথা বহুতৰে জ্ঞাত যে কমেডীৰ আৱিষ্কাৰ হৈছিল হোমাৰৰ মহাকাব্য “দ্য ইলিয়াড”ৰ “ডিঅ’ছ আপাটে” শীৰ্ষক আখ্যান অংশৰ জৰিয়তে। ইয়াত কিছু পৌৰাণিক

Read more

সমাজসংস্কাৰক শ্ৰীমন্ত শঙ্কৰদেৱ- কুমকুম শৰ্মাবৰুৱা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এজন ধৰ্মগুৰু অথবা ধৰ্মপ্ৰচাৰকেই নাছিল, তেখেত আছিল একাধাৰে এজন সমাজ সংস্কাৰক, নৃত্য-গীত আদি কলা সংস্কৃতিৰ অকুণ্ঠসাধক, সাহিত্যিক আৰু আছিল এজন মানৱ দৰদী সংসাৰী লোক। মহাপুৰুষ শংকৰদেৱ জন্ম হোৱাৰ সময়চোৱাত অসমদেশ বহু সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল।।বাৰভূঞাৰ সৰু সৰু ৰাজ্য, আহোম ৰাজ্য, কোচ ৰাজ্য, কছাৰী ৰাজ্য, পৰ্বতৰ গাৰো, খাচিয়া, মিকিৰ ইত্যাদিৰ সৰু সৰু ৰাজ্য।এই সৰু সৰু ৰাজ্যৰ অধিপতি নৃপতিবিলাকৰ মাজত সততে যুদ্ধ-বিগ্ৰহ হৈ থাকিছিল।তাৰ লগতে আছিল প্ৰাকৃতিক দুৰ্যোগ আৰু বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণ আদি।প্ৰজাসকলৰ দুখ-দুৰ্গতিৰ সীমা নাছিল।প্ৰজাসকলৰ সৰহভাগেই

Read more

ৰাইজ (Rise) ৰ’ৰ (Roar) ৰিভ’ল্ট (Revolt)-বিকাশ দত্ত

শেহতীয়াকৈ সমগ্ৰ বিশ্বতেই নিজৰ বিজয় ধ্বনি বজাবলৈ সক্ষম হোৱা ভাৰতীয় ছবি এছ এছ ৰাজামৌলীৰ RRR য়ে অস্কাৰৰ সাধাৰণ মনোনয়ন তালিকাত নিজাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে। ইয়াৰ কাৰণ বহুকেইটা আছে। মাৰ্চ মাহত সমগ্ৰ বিশ্বজুৰি ছবিগৃহত মুক্তিলাভ কৰা RRR য়ে মুক্তিৰ প্ৰথমদিনাই ২৪০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ শ্ৰেষ্ঠত্বৰ বিভিন্ন দিশৰ ভিতৰত আছিল সুন্দৰ ভিজুৱেল এফেক্টছ (কিছু কিছু দৃশ্যাংশত), কাহিনী, চিত্ৰনাট্য, সংগীত, চৰিত্ৰ গঠন আৰু ছবিখনৰ সৈতে জড়িত ভাৰতীয় সোৱাদ। তদুপৰি ব্ৰিটিছ শাসনক এক নতুন মাত্ৰা প্ৰদান কৰি ধুলিস্যাৎ কৰা

Read more

A Brief History of Time/ সময়ৰ এক সংক্ষিপ্ত ইতিহাস(গ্ৰন্থ পৰ্যালোচনা)- পঙ্কজ বৰুৱা

কোনো এখন গ্ৰন্থ অধ্যয়ন কৰাটো সহজ কথা কিন্তু গ্ৰন্থখন অধ্যয়ন কৰি গ্ৰন্থখনৰ সাৰমৰ্ম উপলব্ধি কৰাটো জটিল ৷ সাৰমৰ্ম উপলব্ধি নকৰাকৈ কোনো এখন গ্ৰন্থৰ শুদ্ধ সমালোচনা বা পৰ্যালোচনা কৰাটোও সহজ নহয়। তাতে মোৰ দৰে এজন অল্পমতিৰ বাবে, ভুল হোৱাটো স্বাভাৱিক ৷ তথাপিও চেষ্টা কৰিছো মূল লেখক ষ্টিফেন উইলিয়াম হকিঙৰ  ‘A Brief History of Time’/ ‘সময়ৰ এক সংক্ষিপ্ত ইতিহাস’, যাৰ অসমীয়া অনুবাদক- বিমান শৰ্মা ডাঙৰীয়াৰ গ্ৰন্থখনিৰ পৰ্যালোচনা কৰাৰ। মূল লেখক–ষ্টিফেন উইলিয়াম হকিঙ অণুবাদক–বিমান শৰ্মা প্ৰকাশন-আঁক-বাক প্ৰথম প্ৰকাশ–নবেম্বৰ ২০১৮ মূল্য–২৫০ টকা । জীৱনত

Read more

ব্যঙ্গ সাহিত্য এক চমু আলোকপাত-তৃষ্ণাশ্রী দত্ত

ব্যঙ্গ সাহিত্যক ইংৰাজীত “satire’ বুলি কোৱা হয়। লেটিন ‘satura’ শব্দৰ পৰা ইয়াৰ উৎপত্তি হৈছে। এৰিষ্টফাঁচ্ (Aristophauos) (446-386 BC) নামৰ গ্ৰীক নাট্যকাৰজনক ব্যঙ্গ সাহিত্যৰ জনক বুলি কোৱা হয়। সমাজৰ দুৰ্নীতি তথা ব্যক্তি বিশেষৰ চাৰিত্ৰিক বিশ্লেষণত ব্যঙ্গ সাহিত্যই এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজনৈতিক তথা সামাজিক প্রতিষ্ঠানসমূহৰ বিভিন্ন কাৰ্য্যকলাপৰ টিপ্পনি কৰিবলৈ ব্যঙ্গ সাহিত্যৰ ধাৰাটো প্ৰচলিত হৈছে বুলি বিভিন্ন সময়ত বিজ্ঞসকলে মত পোষণ কৰি আহিছে। মানুহৰ মূৰ্খতা বা দোষবোৰৰ উন্মোচন আৰু সমালোচনা কৰিবলৈ হাস্যৰস অতিৰঞ্জন উপহাসৰ ব্যৱহাৰ বিশেষকৈ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপতত নতুন

Read more

অসমত গ্রন্থ উদ্যোগৰ ভৱিষ্যত-বিশ্বজ্যোতি শৰ্ম্মা

গ্রন্থই মানৱ সভ্যতাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গ্ৰন্থৰ পৃথিৱীখনে মানৱ জীৱনৰ ঘাইকৈ দুটা দিশত প্ৰভাৱ বিস্তাৰ কৰে। জ্ঞান আৰু মনোৰঞ্জন। এটি মানৱ শৰীৰ ভূমিস্থ হোৱাৰ দুই-তিনিটা বছৰৰ পাছৰ পৰাই আমি অগ্ৰজসকলে তেওঁক জ্ঞানী হিচাপে গঢ়ি তুলি ভবিষ্যতে ব্যৱহাৰিক পৃথিৱীখনৰ বিভিন্ন সমস্যাৰ মুখামুখী হ’ব পৰাকৈ শিক্ষিত আৰু জ্ঞানী হিচাপে গঢ়ি তোলাৰ কুচকাৱাচ আৰম্ভ কৰি দিওঁ। সেইক্ষেত্ৰত আমি সর্বপ্রথমেই সহায় লওঁ এখন গ্ৰন্থৰ। ক, খ A, B, 1, 2…. ইত্যাদিবোৰৰ ধাৰণা প্ৰদান কৰিবৰ বাবে আমাৰ হাতত গ্ৰন্থৰ গত্যন্তৰ নাথাকে। সেই

Read more
1 2 3 27