মন গৈছিল। বৰকৈ মন গৈছিল। আগদিনা ৰামলাল ধোবীয়ে ধুই ইস্ত্ৰী কৰি দিয়া ছাৰ্টটো পিন্ধি ৰুমমেট অমিতে যেতিয়া ক্লাছ বাংক কৰি ভেলেণ্টাইন ডেৰ ৰাতিপুৱাই নবজাৰ বাছত উঠি পাণবজাৰলৈ যাবলৈ যো-জা চলাইছিল, মোৰো মন গৈছিল তেতিয়া। নেহৰু…

বয়সত যদি বয়সৰ দোষে নুচুৱে তেন্তে জানো হ’ব? জীৱনত এটা বয়স আহেই এনেকুৱা, যেতিয়া পৃথিৱীখন বৰ ৰঙীন যেন লাগে, কবিতাৰ কলি কিছুমানে মনৰ মাজত অগা দেৱা কৰিবলৈ লয়, ৰোমাণ্টিক গান শুনি থাকোতে চিনেমাৰ হিৰোবোৰৰ ঠাইত…

"নুবুজিবা তুমি ঐ যৌৱনৰ আমনি ঐ ৰাতি মোৰ টোপনি নাই..." আস্! গানটো যেন মোৰ বাবেহে গাইছে! আমি দুয়ো হাতত ধৰা-ধৰিকৈ নৈখনৰ পাৰলৈ যাওঁ। কেতিয়াবা ওখ শিলচটাত বহোঁ, কেতিয়াবা পাৰৰ বালিত থকা ঝাওবন ফালি-ফালি খোজ কাঢ়োঁ।…

স্কুলীয়া শিক্ষা সাং কৰি কলেজত ভৰি দিছোঁ তেতিয়া। একেবাৰে মন উৰণীয়া, দেহা উৰণীয়া হৈ থকাৰ বয়স। দুই একে প্ৰেমৰ প্ৰস্তাৱ দিয়ে, একে আষাৰে নাকচ কৰো। তথাপি মনে মনে গপতে গঙ্গাটোপ হৈ থাকো, কাৰোবাৰ সপোন কুঁৱৰী…

সৰুৰেপৰাই মোৰ দুটা বস্তুৰ বৰ অভাৱ আছিল। গাৰ মঙহ আৰু সাহস। এতিয়াও মনত আছে। বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে মোৰ ওজন আছিল উঞ্চল্লিশ কেজি। বতাহত উৰি যাওঁ যাওঁ হেন দেহৰ অৱস্থা। কাজেই সাহসৰ ঘৰত শূন্য। আনৰপৰা মাৰ…

মই বৰ পজিটিভ মাইণ্ডৰ ল'ৰা। কেইবছৰনো বয়স হৈছে? মাত্ৰ ২৭ হে। আচলতে এতিয়াহে মোৰ প্ৰেমত পৰাৰ প্ৰকৃত বয়স হৈছে। আগৰ প্ৰেমবোৰত ভালপোৱা, মৰমবোৰ আচলতে অপৈণত আকৰ্ষণহে আছিল। গতিকে এতিয়া ভাল পাম একেবাৰে চিৰিয়াচলি আৰু এইবাৰ…

মোৰ ফটা পিৰীতিৰ পুৰাণখন বেছিদিনীয়া নহয়। হাইস্কুলীয়া দিনৰে আৰু। ক্লাছ টেনৰ প্ৰথমতেই এগৰাকী সহপাঠীৰে প্ৰেমত পৰিলোঁ। পৰিলোঁ‌ মানে ইমানে বেয়াকৈ প্ৰেমৰ বোকাত সোমালোঁ‌ যে জে চি বিয়েও উঠাব নোৱাৰে আৰু। জানুৱাৰী মাহৰ কথা। ক্লাছবোৰ আৰম্ভ…

জালুকবাৰীৰ মায়াৰ কথা হয়তো নতুনকৈ ক'ব লগা নাই। মই যেতিয়া যোৰহাটত আছিলোঁ, মোৰ স্কুলীয়া কেইবাজনো বন্ধু জালুকবাৰীৰ বাসিন্দা হৈছিলগৈ। সিহঁতৰ মুখতে কথাবোৰ শুনি শুনি ঠাইখনৰ প্রতি থকা মোহটো দুগুণে বাঢ়িছিল। মিছা ক'লে কিডাল হ'ব, শাৰী-শাৰী…

কিমান বছৰৰ আগৰ কথা বাৰু; এতিয়াও অগা ডেৱা কৰে সেইবোৰ কথাই কেনেকৈ নিজৰ মোহগ্ৰস্থতাক প্ৰেম নাম দি ভুল কৰিছিলোঁ‌৷ অৱশ্য পৰিপক্কও নাছিলোঁ‌। বয়স কম আছিল লগতে মগজুও৷ মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ‌ আৰু…

মিছা ক'লে কি ডাল হ'ব হে? প্ৰেম কৰি কৰি জীৱনটো শেষ কৰি দিলোঁ‌। আটাইবোৰেই ফটা পেৰেম চাল্লা। প্ৰথম শ্ৰেণীত থাকোতেই এজনীয়ে মোলৈ চিঠি লিখিছিল। ভাষাজ্ঞান নাছিল তেতিয়া জহনীযাতীৰ। (মোলৈ নাহিলি যেতিয়া তাইক জহনীত যাবলৈ নকৈ…