ফটাঢোল

ব্ৰিটিছ এয়াৰৱেজৰ ফ্লাইট ৫৩৯০ – এক অবিশ্বাস্য কাহিনী পংকজ কুমাৰ নেওগ

১৯৯০ চনৰ ১০ জুন তাৰিখে ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ ফ্লাইটত ককপিটৰ উইণ্ড’শ্বিল্ড খুলি যোৱাৰ ফলত  বিমানখনৰ অধিনায়কজনক বতাহে টানি বাহিৰলৈ উৰুৱাই নিয়াৰ দৰে এটা ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ভয়াৱহতাৰ মাজতো কেবিন কৰ্মচাৰী আৰু যাত্ৰীসকলৰ দ্ৰুত চিন্তা আৰু বীৰত্বপূৰ্ণ কাৰ্য্যৰ ফলত বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগতে অৱলীলাক্ৰমে অধিনায়কজনৰো জীৱন ৰক্ষা পৰিছিল। ব্ৰিটিছ এয়াৰৱেজৰ ৫৩৯০ নং বিমানখন আছিল ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা স্পেইনৰ মালাগালৈ নিৰ্ধাৰিত এখন যাত্ৰীবাহী বিমান। বিএচি ৱান-ইলেভেন নামৰ এই বিমানখন আছিল টুইন ইঞ্জিনৰ উৰাজাহাজ আৰু এইখনে ১১৯ জন যাত্ৰী কঢ়িয়াই

Read more

দুৰণীৰ ৰঙবোৰ-অগ্নিভ দত্ত

“আবে.. ফাটাফাটি বনাইছে বে। উহ… মধুৰীয়ে কি এক্টিং কৰিছে .. ফালি দিছে বে-“ দাদুলে চিনেমাখন শেষ হোৱাৰ লগে লগে প্ৰায় চিঞৰি উঠাৰ দৰেই কৈ উঠিল কথাখিনি।  : ঐ.. ব’ল ব’ল । ফাণ্ডা পিছত দিবি।‌ ”ম’ম ঘৰ” যাওঁ ব’ল… জল্দি, বৈদ্য ভোক লাগিছে-  এইবুলি অভি মানে অভিনাশে গোটেইকেইটাকে ক’লে। : ঐ অভি, ম’ম’  খায়েই যাওঁ ন। ছটা বাজিছেহে”-  এইবুলি ভাৰ্গৱেও ওলায়েই মাত লগালে। ম’ম’ নামটো শুনাৰ পিছত আৰু কাৰো‌ না কোৱাৰ যেন সাধ্যই নাই, এনে এটা অৱস্থাৰে গোটেইকেইটাই ‘অঁ.. অঁ বুলি

Read more

ধীৰে ধীৰে হেৰাই যায় আৱেলিৰে ৰ’দালি-জয়ন্ত কুমাৰ ডেকা

নিউজ পেপাৰ….. পানবজাৰ…..লুইতৰ পাৰ……। সমবাহু ত্ৰিভুজৰ প্ৰয়োজনীয় তিনি কোণৰ দৰে এই তিনিটা বিষয়ো মোৰ জীৱনৰ অবিচ্ছেদ্য। ইয়াৰে দুটা জীৱন-যাপনৰ আৰু এটা জীৱন উদযাপনৰ। কেতিয়াবা অৱশ্যে জীৱন উদযাপনৰ ‘কোণ’টো লুইতৰ পাৰত নগঢ়ি উজানবজাৰৰ ব্ৰাউন বীন কাফেত গঢ়োঁ। উদযাপনৰ দিশটোৰ ক্ষেত্ৰত ম‌ই অলপ স্বাৰ্থপৰ। আনৰ লগত সময় সুবিধা মিলাই লুইতৰ পাৰলৈ বা কাফলৈ নাযাওঁ। যেতি‌য়াই মন যায়; আৰু সময় ওলাই….. আহিনমহীয়া বৰষুণৰ বতৰ। তিনিদিনৰ নেৰানেপেৰা বৰষুণৰ অন্তত সেইদিনা আৱেলি বতৰটো কিছু ফৰকাল হৈছিল। মন গ’ল; সময়ো ওলাল কাফেলৈ বুলি ওলাই গ’লোঁ। কেইবাদিনৰো

Read more

মধুচন্দ্ৰিকা-কুমকুম শৰ্মাবৰুৱা

দুবছৰে ঠিক হৈ থকা বিয়াখন যেনে -তেনে জোৰা -তাপলি মাৰি হৈ গ’ল। বিয়াৰ পিছত অফিচৰ পৰা ফুৰাৰ বাবে পইচা লৈ বিয়াৰ ধাৰ মাৰিবলগা হ’ল। গতিকে ঘৰৰ কাম কৰি কৰি গীতিৰ ঘৰতে সোমাই থকাৰ বাদে উপায় নাইকিয়া হ’ল। দুৰ্গাপূজা আহিল। পূজাৰ ব’নাচ অলপ পাই দীলিপে পুনৰ নিজৰ পুৰণা ঘৰখনৰ ধাৰ-ধুৰ মৰাৰ কথা চিন্তা কৰিলে। ককায়েকে ভেঞ্চাৰ স্কুল এখনত চাকৰি কৰে। খেতিটো কৰি আছে বুলিহে চলি থাকিব পাৰিছে। গীতিক কথাটো কোৱাত তাইৰ মনটো অলপ সেমেকিল। মনতে ভাবিলে দাদাৰ পৰিয়ালৰ খৰছবোৰ সদায় কিয়

Read more

নষ্টালজিক কিচিম কিচিম-কৰবী দেৱী

উৎকট গৰমত প্ৰাণ যোৱাৰ অৱস্থা। কি টাউন, কি গাঁও সকলোতে একেই গৰম। যেন বেলিটো ইচ্ছা কৰিয়েই নামি আহিছে মানুহমখাক এশিকনি দিবলৈ। নয়নে ইচ্ছা কৰিয়েই কলেজলৈ নগ’ল। পদূলিমুখৰ বকুল জোপাৰ তলতে কেইদিনমানৰ আগতে ককাকে বাঁহৰ চাং এখন বনাইছিল। তাতে বহি নয়নে মোবাইলটোকে খুঁচৰি আছিল। : অ’ বোলো হাইঠা মাটিত পৰিল অৱশেষত। সেইদিনা ইমানকৈ মাতিলোঁ, হেৰৌ আহচোন চাঙখন বনাইছোঁ, এবাৰ বহি চা। নাই, তাৰ সময়েই নাই। মোৰ আগেদিয়েই ভটভটি চলাই গুচি গ’লি? এতিয়া একা? : ককা, তুমি মোক ঠাট্ৰা কৰিছা? : নাই

Read more

ড্ৰেকেন্সবাৰ্গলৈ গৈছিলোঁ-অগ্নিভ দত্ত 

জানুৱাৰী মাহৰ শেষৰ ফালে মন কৰিলোঁ যে মাৰ্চ মাহত এইবাৰ চাৰি দিনৰ বন্ধ এটা পৰিছে! সাধাৰণতে ফেব্ৰুৱাৰী, মাৰ্চৰ বন্ধত হয় কেপটাউনলৈ নহয় ওচৰৰে ক্লেৰেন্সৰ ফালে পাৰিলে এপাক মাৰি থোৱা হয়! এইবাৰো আৰু তিনিদিন ছুটি লৈ কেপটাউনৰ ফালেই যাম বুলি ভাবিছিলোঁ, কিন্তু এইবাৰ অলপ বৰষুণটো বেছি হৈ থকাৰ বাবে কেপটাউনৰ যাত্ৰাটো কেনচেল কৰি ঠিক কৰিলোঁ ‘ড্ৰেকেন্সবাৰ্গ যাম’!  এনেকুৱা নহয় যে ড্ৰেকেন্সবাৰ্গ যোৱা নাই, আচলতে প্ৰায় ১০০০ কিঃমিঃ দীঘল পৰ্বত মালাৰে ড্ৰেকেন্সবাৰ্গ, গতিকে সেই ১০০০ কিঃমিঃৰ পশ্চিম অংশটোলৈ গৈছোঁ যদিও প্ৰকৃতিৰ সকলো

Read more

আও হৰি, আও ৰাম-ধীৰাজ কুমাৰ বায়ন 

এদিন নগেনে বন্ধু খগেনক  ফুৰিবলৈ যাবলৈ লগ ধৰিলে। কথামতেই কাম। পিছদিনা দুয়ো বন্ধু পুৱা ৭মান বজাত গাড়ীত উঠিল।  দুপৰীয়া প্ৰায় ১.৩০ মান বজাত ফুৰিবলৈ যোৱা মানুহজনৰ ঘৰত উপস্থিত হ’ল।  তেওঁলোকক  দেখা পাই গৃহস্থই আঁঠুলৈ সেৱা ল’লে। খগেনেও ভক্তি ভাৱৰ পৰিৱেশটো দেখি ভাল পালে আৰু মানুহ ঘৰৰ প্ৰতি এটা শ্ৰদ্ধাৰ ভাৱ উপজিল।  এইপিনে  পুৱাই  ঘৰত যি চাহকাপৰ লগত দুখন বিস্কুত খাইছিল। তাৰ পিছত পানী এটোপালো পেটত পৰা নাই। অৱশ্যে খাবলৈ সময়ো পোৱা নাছিল। সেয়ে খগেনৰ ভোকতে অৱস্থা কাহিল। ভোক লগাটো স্বাভাৱিক

Read more

আজলী নবৌ-মাতু কুকুৰাচোৱা

তেনেই সৰল নবৌজনী, নিকা অন্তৰৰ বৌজনীয়ে বাহিৰৰ জটিলতা বুজিও নাপায় আৰু ভাবিও নাথাকে। নিজস্বভাৱে থাকি ভালপোৱা নবৌজনীয়ে সেইবাবে সমস্ত পৃথিৱীখনকেই সৰল বুলিয়েই ভাবে। পাৰে যদি সহায় কৰে, নোৱাৰিলেও মাত দিয়ে সাহস দিয়ে। আলফুলীয়া অনুভৱবোৰে তলমলাই থাকে মানুহজনীৰ হৃদয়খন। নাথাকিবনো কিয় ফুলক ভালপোৱা মানুহ তেওঁ। কাঁইটক একাষৰীয়া কৰি ফুলৰ সুবাস বুটলিব জানে। নবৌৰ মুখত ধুনীয়া ধুনীয়া কথাবোৰ শুনি তেওঁক শুভাকাংক্ষীসকলে হাতত কলমটো ল’বলৈ অনুপ্ৰেৰণা যোগালে। কিতাপ পঢ়ি ভালপোৱা মানুহজনীয়েও কলমক সাৰথি কৰি ল’বলৈ সৰহপৰ নালাগিল। শব্দ আৰু ভাবৰ সংযোজনে সোণত সুৱগা

Read more

কমলাটেঙাৰ বতৰত-আৰমান হাজৰিকা 

সৰুকালৰ কথাবোৰ মনত পৰিলে, আনৰ কেনে লাগে নেজানোঁ; মই পিছে নিজেই মোৰ এই আদহীয়া বয়সৰ মনটোৰেই, সেইটো বয়সলৈ ওভতি গৈ নুমলীগড় চাহ বাগিচাৰ নতুন বাবু লাইনৰ চুবুৰীটোত বীৰদৰ্পে দপদপাই থকা, নোদোকা কলাফুল ওলোৱাকৈ হাফপেন্ট পিন্ধা, থুপুকা ল’ৰা এটাই সেই তেতিয়াই কৰা কাণ্ড-কাৰখানা কিছুমান, ল’ৰাটোৰ পিছে পিছে ঘূৰি-ফুৰি চাই থকা যেন লাগে। এতিয়া সেইবোৰ চাই হাঁহি উঠে (কেতিয়াবা খঙো উঠে) যদিও ল’ৰাটো কিন্তু তাৰ নিজৰ কামত মচগুল! ময়ো তাৰ পিছে পিছে তাৰ কথা-কাণ্ড চাই মচগুল হৈ থাকোঁ। বছৰৰ এই সময়ৰ ‘বাটে

Read more

সুষুপ্তি-উপাসা ভাগৱতী

ৰাতিপুৱাই সাৰ পাই প্ৰথমেই মনলৈ আহিল কথাটো। একেজাপে মেচিনটোতহে ভৰি দিলে ‘পাদস্পৰ্শম ক্ষমশ্বমে’ বুলি । দুইকেজি বাঢ়িলহে দেখোন। কেনেকৈ?? এইকেইদিন পুৰা চাইকেল চলাইছে  দেখোন !! কমক চাৰি বাঢ়িলহে । টিঙিচকৈ খঙটো উঠি গ’ল । ড্ৰেছিংখনৰ সন্মুখত থিয় হৈ নিজকে লক্ষ্য কৰিলে অলপ সময় । ঠিকেই আছে দেখোন । এনেয়ে দেখুৱাইছে। মেচিনটোতহে কিবা গণ্ডগোল আছে দেই । মানুহবোৰে যে এনেয়ে কয় পাই।  হব  যা ,যি হয় দেখা যাব । আকৌ আওকাণ কৰিলে কথাটো ।  ৰাতিপুৱাৰ চাহ কাপ বিনা চেনীৰেই খাই অৱশ্যে

Read more
1 2 3 84