ফটাঢোল

মোৰ বিলৈ – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

সময় নিশা ন বাজি বিছ মিনিট… নতুন ভাড়াঘৰ বিছাৰি গোটেইখন চলাথ কৰি ভাগৰি-জুগৰি তিনিওজনী সিহঁতৰ ৰুম পালো। তেনেতে সিহঁতৰ ৰুমমেট জুৰীবাৰ ফোন আহিল তাই আজি নাহে,নাৰেংগীত থকা খুড়াকৰ তাত ৰাতি থাকিব ৷ কথাটো শুনি মই আৰু ছেৰ্লীনে পৰস্পৰে মুখলৈ চোৱা-চুই কৰিলো, তাইৰ ইংগিত বুজি পাই লাহেকৈ ঘড়ীটোলৈ চালো৷ তেতিয়া ঘড়ীটোৱে নিশা চাৰে ন বজাৰ সংকেত দিছে… য়েছমিনে আমাক মন কৰি আছিল, তাই টপৰ কৈ মাত দিলে,তহঁতৰ আঁচনি আৰম্ভ হ’লেই মানে৷ জুৰীবা নথকাৰ সুযোগত যিমান মহৎ কাম সংঘটিত হৈছে তাত আমাৰ

Read more

ৰাশিফল বিচাৰ- ৰিণ্টুমণি দত্ত

এই মাহটো আপোনাৰ কেনে যাব? দিনে ৰাতিয়ে ফেচবুকত গ্ৰীণ লাইট জ্বলাই, পু্ৱা গধূলি ইনবক্সত গুড মৰ্ণিং, হাই, হেল্ল’ কৰি পৰম আশাৰে বাট চাই থকা আপোনাৰ জীৱনলৈ কাৰোবাৰ সঁহাৰি আহিবনে? সন্ধিয়া অলপ ‘বহি’ দেৰিকৈ ঘৰ সোমালে আপোনাৰ পত্নীয়ে আপোনাক কি উপকৰণেৰে স্বাগতম জনাব? কাষ ঘৰৰ নেওগৰ ল’ৰা-ছোৱালীয়ে পঢ়া বিখ্যাত স্কুলখনত ছিট পাবনে আপোনাৰ পোনাটিয়ে? মাৰ্চ এণ্ডিং বুলি বাঢ়িবনে অলপ টেবুলতলীয়া সৰবৰাহ? নে ২৫ লাখ টকাৰে আপুনি কব নোৱাৰাকৈয়ে ক্ৰয় কৰিলে এটি ৰঙাঘৰৰ পেট্ৰন টিকেট? কিমান লাইক পৰিব আপোনাৰ বিউটি প্লাছ লগোৱা

Read more

সাক্ষাৎকাৰ

পোনপ্ৰথমে অসমৰ এগৰাকী শীৰ্ষস্থানীয় ব্যঙ্গলেখক, সমালোচক, গল্পকাৰ, ঔপন্যাসিক তথা প্ৰকাশক শ্ৰীযুত সৌমিত্ৰ যোগী দেৱৰ বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ৷ প্ৰবন্ধকাৰ হিচাপে ১৯৯৬ চনত লেখক জীৱনৰ আৰম্ভণি কৰা সৌমিত্ৰ যোগী ডাঙৰীয়া পাছলৈ প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে৷ তেখেতৰ পৰিচিতি মূলতঃ এজন ব্যংগ লেখক হিচাপে৷ ২০০২ চনত তেওঁ ব্যংগ লিখিবলৈ আৰম্ভ কৰিছিল অজিত কুমাৰ ভূঞা সম্পাদিত “আজি” কাকতৰ “হাটে বাটে” শিতানত৷ তাৰ পিছত ‘সাপ্তাহিক জনমত’ কাকতত “দিছপুৰ ছংবাদ” শিৰোনামৰ এখন ব্যংগ জাৰ্ণেল লিখিবলৈ লয়৷ পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিনৰ ব্যংগ শিতান “তৌবা তৌবা”

Read more

সম্পাদকীয়-জুলাই’১৭- হেমন্ত কাকতি

সম্পাদকৰ ফটা মালিতা  :  সাহিত্য সমাজৰ দৰ্পণ৷ যি কোনো ধৰণৰ সাহিত্যকৰ্মৰ যোগেদি কোনো নহয় কোনো প্ৰকাৰে এটা জাতিৰ কমেও এটা দিশৰ চিত্ৰপট উপস্থাপিত হয়৷ হাজাৰ বছৰ আগৰ চৰ্যাপদ পঢ়ি আমি সেই সময়ৰ মানুহৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল অনুমান কৰিব পাৰো৷ কিন্তু সাহিত্যৰ কেইটামান শাখাৰ যোগেদি বিশেষভাবে সমাজচিত্ৰখন খুব স্পষ্ট হৈ ধৰা দিয়ে৷ তাৰ ভিতৰত এটা উল্লেখযোগ্য ধাৰা হ’ল ব্যঙ্গ৷ বিশেষকৈ সমাজৰ বিসঙ্গতি বোৰক চতুৰালিৰে শক্তিশেল মাৰিবলৈ হাস্য-ব্যঙ্গ হ’ল অপ্ৰতিদ্বন্দ্ব্ব্বী মাধ্যম৷ এখন সমাজত হাস্য কিম্বা ব্যংগৰ প্ৰচলন আৰু গ্ৰহণযোগ্যতাক সমাজখনৰ বৌদ্ধিক

Read more

অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কীয় এটি চমু পৰিচয় – চবিনা ইয়াচমিন

ছন্দোবদ্ধ কাব্য কাহিনীকেই প্ৰাচীন অসমীয়া সাহিত্যৰ আৰম্ভণি বুলি ক’ব পাৰি৷ গদ্যৰ ৰচনা অসমীয়া সাহিত্যত বহুকাল পিছতহে হৈছিল৷ এই ছন্দোবদ্ধ সাহিত্যৰ প্ৰচলন অসমত চৰ্যাপদৰ দিনৰ পৰা বৈষ্ণৱ যুগলৈকে অবিৰত ভাৱে চলি আছিল৷ ষোড়শ শতিকাত শংকৰদেৱৰ হাতত সৃষ্টি হোৱা অসমীয়া গদ্যই ভট্টদেৱৰ হাতত ঠন ধৰি উঠে৷ তাৰ পিছৰ পৰাই ক্ৰমে অসমীয়া গদ্য সাহিত্যই বৰ্তমানলৈকে বিকাশ লাভ কৰি আহিছে৷ আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে অসমীয়া সাহিত্যৰ এক বিশেষ ভাগ যাক আমি হাস্য-ব্যংগ সাহিত্য নামেৰে নামকৰণ কৰোঁ৷ হাস্য আৰু ব্যংগ সাহিত্য প্ৰকৃততে একে

Read more

ইংৰাজী ব্যংগ সাহিত্য: এক চমু অৱলোকন – মৌচুমী বৰুৱা

ব্যংগ সাহিত্য(Satire) সাহিত্যৰে এক ধাৰা৷ ব্যংগ সাহিত্যই সাহিত্যৰ জগতখনত এক বিশেষ স্থান অতীজৰে পৰা অধিকাৰ কৰি আহিছে৷ ব্যংগ সাহিত্য মানেই স্থূল হাস্যৰস নহয়৷ এনে সাহিত্য সৃষ্টিৰ অন্তৰালত থাকে পাঠকক হাঁহিৰ চলেৰে কিছুমান কথা ভাবিবলৈ বাধ্য কৰা৷ ওপৰুৱাকৈ চালে এনে ব্যংগৰচনা বোৰ কেৱল পাঠকক হহুৱাবলৈকে ৰচনা কৰা যেন লাগিব৷ কিন্তু গভীৰভাৱে ভাবি চালেহে তাৰ অন্তৰালত থকা মূল কথাখিনি বুজিব পাৰি৷ বুদ্ধিদীপ্ত হাস্যৰস(wit), ব্যংগ, শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে এজন ব্যংগ লেখকে পাঠকক হাস্যৰসৰ লগতে চিন্তাৰ খোৰাকো যোগায়৷ প্ৰচলিত সামাজিক ভণ্ডামি, শোষণ, দুৰ্নীতি,

Read more

পলায়ন – সোণটো ৰঞ্জন বৰুৱা-

নলে-গলে লগা বন্ধু এটা মোৰ… সিহঁতৰ ঘৰলৈ গৈ এনেও ভালেই লাগে, গতিকে খানা খাবলৈ মাতিলে নোযোৱাৰ তো কথাই নাই৷ সেইদিনা সময়তকৈ আগতেই টিকা দাঙি ভঙা চাইকেল চুটাই দিলো এক কিমিমান দূৰৈত থকা সিহঁতৰ ঘৰলৈ৷ ৰাতি খাই বৈ শেষ কৰি ইয়াৰ ৰুমতে আড্ডা দি থাকোঁতেই তাৰ ভনীয়েকে মোক বাহিৰৰ পৰা মতা শুনি ওলাই গ’লো৷ মোক দেখি চিধাই ক’লে- “ব’লা “ ম‌ই বোলে হেৰ’- “ক’লৈ যাৱ ৰাতিখন? ? ? “ “আৰে…! ! মোক নিম কোৱা নাছিলা জানো? ? এতিয়াই মাঁহত ভিতৰত বিজি

Read more

সংগীত চৰ্চা- মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মই মেট্ৰিক দিয়াৰ পিছত দেউতাই ভাবিলে যে কলেজলৈ যোৱা দিনলৈ মই ঘৰত বহি এনেয়ে সময় নষ্ট কৰাতকৈ কিবা এটা কৰা ভাল৷ কি কৰিম সেইটো ভাবি দেউতাই ঠিক কৰিলে, সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত গান শিকাৰ সমান ভাল কাম আৰু একোৱেই হ’ব নোৱাৰে৷ দেউতাৰ কথা মানেই কাম৷ গতিকে পিছ দিনা পুৱা কাউৰীয়ে কা কা নৌকৰতেই মোক বিছনাৰ পৰা উঠাই দি দেউতাই ক’লে, ’ওলা৷ ’ মই ওলালোঁ৷ আমাৰ ঘৰৰ পৰা দুই কিল’মিটাৰ মান দূৰৈৰ এঘৰত সোমালোঁ৷ আমি যাওঁতে তেওঁলোক শুই উঠাই নাছিল৷ আমি

Read more

চোৰ – হিমাংশু ৰাজখোৱা

চোৰ বিচাৰি গৈছেনে কেতিয়াবা? এনে দুৰ্ভাগ্য হৈছেনে কেতিয়াবা? যোৱা শতিকাৰ শেষৰ দশকটোৰ শেষৰ বছৰকেইটাৰ কোনোবা এটা৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ পৰম পূজনীয়া মাতৃদেৱী, বিভাগীয় নিৰ্দেশনা মৰ্মে ঘৰৰ পৰা 300 কি মি আতৰলৈ ৬ মহীয়া প্ৰশিক্ষণৰ বাবে যোৱাত ঘৰত কেৱল মই আৰু কানসমনীয়া ভাইটো৷আশানুৰুপ ভাবেই সেই ৬ টা মাহ সেইখন আৰু ঘৰ হৈ থকা নাছিল, দুই ভাইৰ সমস্ত বন্ধুবৰ্গ, বন্ধুবৰ্গৰ…বন্ধু….এই সকলোবোৰ মিলাই সেই দিনবোৰত আমাৰ ঘৰটো আছিল সদ্য যৌৱন প্ৰাপ্ত এদল উচ্ছৃঙ্খল যুৱকৰ আড্ডা! তেনেকুৱা কোনোবা এটি দিনতেই আমাৰ চিনাকি আমাতকৈ

Read more

খৰিচাৰ ৰস – অসীমা শইকীয়া দত্ত

স্কুললৈ যাবলৈ লৈছো মুৰত আইতাৰ তেল জেপজেপীয়াকৈ সানি বনফুল তেলৰ বটলতো হৈ তেতিয়া৷ আম তল, বগৰি তলৰ পৰা যোৱা মন স্কুলত বহাই নাই তাতে আকৌ গাঁৱৰে খুৰা এজনৰ কি শাসন৷ সদায় পুৱা তেওঁ দাঁত ব্ৰাছ কৰি কৰি গোটেই গাওঁ ভ্ৰমে কোনে কোনে পঢ়িছো চাবলৈ৷ এদিন ঘৰৰ চোতালত ৰ’দ লৈ মই, সন্মুখত মেলা কিতাপ৷ কাৰোবাক দেখিলে অকনৰ ঘৰ নগৰত গাওঁ নহলে গোহালিৰ গৰু কেইটা চাই ভাবি থাকো ইহঁতৰ ঠেং ইমানবোৰ কিয় হল৷ মৌখিকত যে কেৱল এটা গৰুৰ চাৰিটা ঠেং অমুক টা

Read more
1 2 3 7