ফটাঢোল

সৰ্বোত্তম উপহাৰ – ডা° বিকাশ বৰুৱা

হাততে ৰচিদ বহীৰ নিচিনা কিবা এখন লৈ যেতিয়া তিনি-চাৰিজন মানুহ একেলগে আহে, সাধাৰণতে কিহবাৰ চান্দা তুলিবলৈ অহা যেনেই লাগে। বিশেষকৈ মাহটো যদি মাৰ্চৰ পৰা আগষ্টৰ ভিতৰত হয়, তেনেহলে সেয়া নিৰ্ঘাত ‘বাপতিসাহোন’। মানে অসমীয়াই কোনোপধ্যেই ‘নাপাতি থাকিব নোৱাৰা’ অতি হেঁপাহৰ ৰঙালী বিহুটি। যদি জানুৱাৰীত আহে তেনেহলে সৰস্বতী, অক্টোবৰমানত হ’লে দুৰ্গা পূজা। ইয়াৰ বাহিৰেও বছৰটোত কিমান কি ওলাই থাকিব, নেদেখাজনায়ো নাজানে। কলেজ ফাংচনৰ পৰা আৰম্ভ কৰি নাট্যমন্দিৰ, শিৱমন্দিৰ, আছু, সাহিত্যসভা, নমামি, শংকৰ উৎসৱ..। কোনোবাই বঙাইগাওঁত এটা নামঘৰ সাজি আছে, তাৰ বাবে পইচা

Read more

খন্তেকীয়া বৰলা – অভিজিত মেধি

খাই ভালপোৱা মানুহ, সেইবুলি এই পুৱাই পুৱাই কৰ্নফ্লেক্স,ওটছ্ জাতীয় বস্তু খাব নোৱাৰি আৰু দেই, তাকো এই ১১.৩০ বজাত! শ্ৰীমতী ঘৰত নাই, কিছুদিন আগেয়ে মাকৰ ঘৰত থকাকৈ গ’ল। বিবাহিত মানুহৰ জীৱনত অফিচ বন্ধ দিনত বৰলা সুখ পপীয়া তৰাৰ দৰে অকস্মাতেহে দেখা দিয়ে। এইকণ সময় সম্পূৰ্ণ আপোনমনে উপভোগ কৰিব লাগিব, যিহেতু আজি ময়ে উঠি ৰজা বহি ৰজা। এইবুলি ফ্ৰীজটো খুলি চালোঁ, মোৰ অনুমান সঠিক আছিল। কালি গধূলিৰে পৰা বিচাৰি নোপোৱা গাড়ীৰ চাবিপাত ফ্ৰীজটোৰ ভিতৰতেই আছে। এনেকুৱা কাণ্ডবোৰৰ বাবে প্ৰায়ে মানুহজনীৰ পৰা গালি

Read more

মানে আকৌ লাজ পালোঁ – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মানে বুজিছেনে? মোৰ এই নতুনকৈ ওফন্দি অহা পেটটোৱে মোৰ মান সন্মান সকলো পানী কৰিহে এৰিব আৰু ৷ আজি ৰাতিপুৱাৰ কথা ৷ অফিচলৈ বুলি ওলাই বাৰাণ্ডা পাওতেই দেখিলোঁ যে দেউতাই আৰামী চকীখনত হাত-ভৰি মেলি বহি খবৰ কাগজ পঢ়াত ব্যস্ত ৷ জোণ্টি আৰু আইমনিয়ে গা ধুই আহি মেলা চুলিৰেই তিতা কাপোৰবোৰ চোতালৰ ৰছীডালত শুকাবলৈ বুলি মেলি আছে ৷ ৰান্ধনিঘৰৰপৰা বাচন বৰ্তনৰ খুটুং খাটাং শব্দ, অৰ্থাৎ মা পাকঘৰত আছে ৷ মস্তি ৷ মনটো অলপমান ৰোমাণ্টিক হৈ পৰিল ৷ আজিয়েই অলপ সুযোগ পাইছোঁ ৷

Read more

মৰম-চেনেহ – সৌমিত্ৰ যোগী

এতিয়া কেৱল যে আগৰ পাঁচশ আৰু হাজাৰটকীয়া নোটহে নচলে এনে নহয়, আগৰ নিয়ম-চিয়মবিলাকো আজিকালি নচলে। আৰু আইন-আদালত, অফিচ-কাছাৰী বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে তেনেকুৱা, পুৰণি নিয়ম নচলে। ধৰি লওক যোগ সাধনা। আগতে মানুহে যোগ সাধনা কৰিছিল শৰীৰ-মন সুস্থ ৰাখিবলৈ। এতিয়া যোগ সাধনা কৰা হয় দুৰ্নীতি নিৰ্মূল কৰিবলৈ, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বঢ়াবলৈ আদি। ঠিক তেনেকৈয়ে, সাহিত্যৰ মাজলৈ আহক। আগতে আছিল – কবিতা লিখাই কবিতা লিখে, উপন্যাস লিখাই উপন্যাস, গল্পকাৰে গল্প, তাৰ পাছত এই আটাইবোৰ প্ৰকাৰক সমালোচকে সমালোচনা কৰে। কিন্তু সম্প্ৰতি অসমীয়া সাহিত্যত

Read more

ভাৰাঘৰ – বৈদুৰ্য্য বৰুৱা

কোনোবাই যদি মোক সোধে, “আপুনি বাৰু কেতিয়াবা কিবা আজৱ ঘটনাৰ সন্মুখীন হৈছেনে?” মই কম…… মই মোৰ হিচাপত তিনিবছৰ মানৰ আগতে আজৱ পৰিস্থিতি এটাৰ সন্মুখীন হৈছিলো। মাৰ্ঘেৰিটাত এটা কাম আৰম্ভ কৰিবলৈ ওলাইছিলো। কামটো আৰম্ভ কৰাৰ দিনাই মই পোন্ধৰজন মান বনুৱা বস্তু-বাহানি লাম-লাকটুৰে ৰাতিপুৱাই মাৰ্ঘেৰিটালৈ লৈ গ’লো। বনুৱা কেইজন পুৱাই ৰেলেৰে আহি পাইছিলহি। মাজুলীৰ পৰা অহা বিশেষ বনুৱা। ইহঁতক বহাই থোৱা মানেই মোৰ বিল উঠি থকা। গতিকে মোৰ উদেশ্য বনুৱা কেইজনক কামত লগাই কেইদিনমানৰ কাৰণে এটা সস্তীয়া ভাৰাঘৰ বিচাৰি লম, বনুৱাকেইজনক ৰাখিবলৈ।

Read more

চৰ্টকাট – মল্লিকা শৰ্মা বৰদলৈ

আধাঘণ্টা হ’ল বাছলৈ ৰৈ থকা ৷ আনদিনা এইখিনি সময়ত বাছখন আহেই, আজিহে দৰকাৰ কাৰণে সময়ত নাই ৷ গৰমৰ বন্ধত পেহীৰ ঘৰলৈ ফুৰিবলৈ আহিছিলো ৷ মাহঁতক এৰি থকাকৈ যাবলৈ বৰ মন নাছিল, পিছে বাজাজ চুপাৰত উঠি ফুৰিবলৈ যোৱাৰ লোভ ৷ ঘৰতে চুক্তি কৰি লৈছিলো, দুদিন পিছত মোক আকৌ থৈ নগ’লে কথা বেয়া হ’ব ৷ প্ৰথম দিনটো পেহীৰ ল’ৰা দুটাৰ লগত অলপ খেলি ইটো সিটো কৰি পাৰ হ’ল যেনিবা ৷ দ্বিতীয় দিনাৰ পৰা পেহীৰ ল’ৰাহঁত মোৰ লগত অলপ বেছিয়ে ফ্ৰী হ’ল ৷

Read more

কোৱাভাতুৰী – জ্যোতিৰূপম দত্ত

– ল’ৰাজনে কি কৰে ? এইটোহে মিলিয়ন ডলাৰৰ প্ৰশ্ন ! আজিকালি এইটো প্ৰশ্ন অনবৰতে মোৰ মুখতে লাগি থাকে৷ হাটে-বজাৰে, বিয়া-সবাহে, ৰেলে-বাছে চিনাকী মানুহ লগ পালেই আষাৰচেৰেক কথা হোৱাৰ পাছতেই মানুহে মোক সোধে – – ছোৱালীলৈ ল’ৰা চাইছে নেকি ? মোৰ চিনাকী ল’ৰা এজন আছে৷ বৰ ভাল৷ মিলিব দুয়োটা৷ ছোৱালীজনীক ভালকৈ পঢ়ালো, সমাজৰ ৰীতি-নীতিৰ জ্ঞান দিলো, লেখত লবলগীয়া হোৱাকৈ, গুণী-জ্ঞানী কৰিবলৈ, স্বাৱলম্বী হোৱাকৈ তাইক গঢ় দিলো৷ বৰ্তমান তাই এগৰাকী শিক্ষিত, স্বাৱলম্বী ছোৱালী৷ স্বভাৱ-চৰিত্ৰও ভালেই৷ এতিয়া তাইৰ বিয়াখনলৈ মন মেলিছো৷ অৱশ্যে হায়াৰ

Read more

লিমাৰিক – হেমেন ডেকা

(১) জয়ঢোলৰ বজ্ৰনিনাদ শুনি লাগে বৰ মজা জয়ধ্বনিৰে মুখৰিত আজি জৰাজীৰ্ণ পঁজা জীৱনত মাথোন জীয়াতু জীৱন্মৃত জননী জয়তু জলা-কলা হৈ জুপুকা মাৰিলে জলৌপলৌ প্ৰজা ৷ (২) অপৰিসীম আনন্দ মনত যদিহে থাকে ক্ষমতা হাতত, বাদ পৰে জাতিৰ চিন্তা জহি গ’লে যাওক জাতীয় সত্তা, ওপৰৰ আদেশ শিৰোধাৰ্য অতি আনুগত্য অপৰিহাৰ্য, দলৰ স্বাৰ্থ ৰক্ষা হ’লেহে আগলৈ থাকিব নিশ্চয়তা ৷ (৩) ধনকুবেৰৰ গাঁতত বন্দী কাগজৰ লাখ লাখ গান্ধী হাৰমাল হ’লে নলা-নৰ্দমাত পেলাই বস্তাত বান্ধি, দুৰ্নীতি ক’লাধনৰ আগ্ৰাসী গতি, নিমাখিত জনৰ নগুৰ-নাগতি, ভণ্ড সেৱকেও সুযোগ

Read more

অামাৰ নতুন গাড়ী -দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

নাই, মই উৰুকাৰ দিনা অন্ধ্ৰৰ চালানী ৰৌ খাই ‘আস: চিতলটো যে বৰ মজা আছিল দেই’ বুলি তিনিআলিৰ পাণদোকানৰ সন্মুখত উগাৰ মাৰি ফটা ঢোল বজোৱা মানুহ নহয়। একেবাৰেই নহয়। স্কুটাৰত উঠি ধূলি খাই, ৰ’দত পুৰি যোৱা দেহাটোৰে কষ্টই-মষ্টই বিয়াঘৰত উপস্থিত হোৱাৰ পাছত কোনোবাই ‘বৰ গৰম ন?’ বুলি সুধিলে ‘হয়, মোৰ আকৌ গাড়ীখনৰ এচিটো বেয়া হৈ থাকিল নহয়’ বুলি মিছা মতা মানুহো নহয় মই। গাড়ী নাই যদি নাই। চিতলৰ টুকুৰা খাবলৈ নাপালোঁ যদি নাপালোঁ আৰু, কি ডাঙৰ কথাটো হ’ল। কিন্তু পৰিবাৰ অপৰ্ণাৰ

Read more

অনলাইন দন্দুৰী – অসীমা শইকীয়া দত্ত

“অসীমা আজি যেনেতেনে আহিবি তই ৷ দৰকাৰ আছে মোৰ ৷” বৰমাৰ ফোন, কি বা হ’ল! ফেচবুক একাউণ্ট এটা খুলি দিছিলো অলপতে ৷ আবেলিলৈ আজৰি হৈ গ’লোঁ ৷ বাৰণ্ডাতে বৰ্ত্তা বহি আছে ৷ “যা আমাৰ অনলাইন দন্দুৰী ভিতৰত আছে ৷” বুজিলো সেয়া বৰমাক কাট্ মাৰি কোৱা হৈছেল ৷ ভিতৰ পালোগৈ, বৰমাৰ মোক ধৰি বিননি, “তই খুলি দিয়া ফেচবুকতো উভালি দে ৷ নহলে বৰ্ত্তাৰে মোক খেদিব ৷ নাম দিছে ‘অনলাইন দন্দুৰী’ ৷ তই আছ নহয় লিষ্টত কচোন কি কৰিলোঁ মই?” মই বুজিলো,

Read more
1 2 3 6