এটকা দুটকাৰ কাহিনী – বৈদুৰ্য্য বৰুৱা
বৰষুণ যে নেৰাই হ’ল। মানে হুৰ হুৰ হুৰ হুৰ…চিপ চিপ চিপ চিপ…বিভিন্ন আকাৰৰ বৰষুণ। কিমান দিন যে হ’ল বৰষুণ নেৰা। পাহৰিয়েই থাকিলো কেতিয়ানো বৰষুণ আৰম্ভ হৈছিল… আমাৰ নগৰখনত যেনিবা ঈশ্বৰৰ কৃপাত বানপানী নহয়। জাবৰ জোঠৰে নলা জাম কৰি কৃত্ৰিম বানপানী হয়। কোনোবা কোনোবা ৰাস্তাত। বানপানী নিজ চকুৰে দেখা নাই কাৰণে ইয়াৰ আচল ভয়াবহতা অনুভৱ কৰিব নোৱাৰো। কিন্তু তথাপিও টিভিত দেখি,বাতৰি কাকতত পঢ়ি সেই ভয়াবহতাৰ মাজত সোমায়ো পৰো। অসহায় মানুহবোৰ দেখিলে কিবা এটা পাৰিলে সহায়ো কৰিবৰ মন যায়…। টিভিটো অফ কৰি
Read more