ফটাঢোল

মতা মানুহ গোপী ওলোৱা ৰাস – দেৱজিত শইকীয়া

হৰেনৰ দোকানৰ আগত চুচুক চামাক কৰি থকা ইকুক দেখি ৰাজুৱে বোলে, “তহঁতৰ ঘৰত মতা বুলিবলৈ তয়েই আছ,ৰাসত গোপী ওলাবিনে নাই?” ইকুৱে বোলে, “তহঁতক এইবাৰ ৰাসৰ দায়িত্ব দিয়েই ভুল কৰিলো বুজিছ৷ হেৰৌ মই বাৰু গোপী ওলাম কিন্ত গেৰেলা কুমুদ, জীৱন খুড়া আৰু চন্দ্ৰেশ্বৰ দাইটিহঁতৰ কথা ভাৱচোন, গোপী ওলালে কেনেকুৱা লাগিব?” বেচেৰা কুমুদে যোৱা তিনিদিন ধৰি তাৰ চাইজৰ ব্লাউজ বিছাৰি ফুৰি নাপাই শেষত আজি দুই মিটাৰ কাপোৰ আনি দৰ্জিক চিলাব দিছে৷ ৰাজুৱে বোলে, “কুমুদদাক আমি পুতনাৰ ভাও দিছিলো নহয়, নিজেহে নল’লে। বোলে

Read more

অসমীয়া হাস্যৰসাত্মক সাহিত্যলৈ “জোনাকী যুগ“ৰ অৱদান – প্ৰণৱ নাথ

অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত “জোনাকী যুগ’’ৰ অৱদান আছিল কল্পনাতীতভাৱে অপৰিসীম৷ এই যুগতেই আৰম্ভ হোৱা বিভিন্ন ধৰণৰ সাহিত্যৰ শাখাই অসমীয়া ভাষালৈ প্ৰভুত অৰিহনা যোগাইছিল৷ ’চনেট’কে ধৰি “আধুনিক কবিতা’’ বোৰৰ ৰচনা এই সময়তেই আৰম্ভ হ’ব ধৰে৷ গদ্য সাহিত্যৰ বিকাশ, আধুনিক বুৰঞ্জী, প্ৰবন্ধকে ধৰি বিভিন্ন ঠাইত অসংৰক্ষিত অৱস্থাত থকা লোকসাহিত্য বা সাঁচিপতিয়া পুথিবোৰকো সংৰক্ষণ আৰু সংকলন কৰাৰ ব্যৱস্থাও তেতিয়াই আৰম্ভ হৈছিল৷ ’জোনাকী যুগ’তেই অসমীয়া সাহিত্যলৈ প্ৰকৃত হাস্যৰসাত্মক সাহিত্যৰো প্ৰৱেশ ঘটে৷ পৌৰাণিক ধৰ্মীয় বা আখ্যান সাহিত্যত দুই এক চৰিত্ৰৰ জৰিয়তে হাস্যৰসৰ অৱতাৰণা কৰিবলৈ প্ৰয়াস

Read more

বৰুৱাৰ কেন্টিন – সদানন্দ দত্ত

বিশ্ববিদ্যালয়ৰ কেম্পাচত বৰুৱাৰ কেন্টিন, জিডিবি চাৰৰ লগত হ’ল কেনেবাকৈ ডলফিন। ৰিফ্ৰেছাৰ কৰ্চ চেকেণ্ডটোৰ খানাৰ ঠিকা ল’লে, লগে লগে বৰুৱাবাপুৱে পাৰ্টিচিপেন্টক লম্ভিলে। খানাৰ চাবা কি মেনু, কথাৰ কি মেৰ পাক! মোছ পকাই বৰুৱাবাপুৱে বজাই ঢোল_ঢাক! “ৰুটী খাব, নে পুৰি খাব, নে খাব চেঁচা দহী”, ৱেটাৰ বয়ক কথা ক’ব ভীষণ ভেকাহি মাৰি। পিছে,উৰহী গছৰ ওৰ পাবা যদি ভিতৰলৈ যোৱা, বস্তুৰ অভাৱত বয় বিলাকৰ চকু কন্দনামূৱা। চাপ্লাইৰ নামত আলু,পিয়াঁজ আৰু সস্তীয়া দালি, মেনুৰ বাবে নানে একো,বজাৰৰ পাচলি। কাঁহী কিনাৰত ভাজি লাগে,নিদিয়ে একো ভাজি,

Read more

মৰ্ণিংৱাক – মনোজ নেওগ

ধনদাৰ মগজুত মাজে মাজে কিবা এটায়ে কামোৰে, আৰু তাৰ পিছতে ধনদায়ে মোক বখলিয়াবলৈ লয়৷ সদ্যহতে ধনদাক ’মৰ্ণিংৱাক’ নামৰ পোকটোৱে কামুৰিলে, এইকেইদিন সেয়েহে মই পলাইহে ফুৰিছো তেওঁৰ পৰা! পিছে সিদিনা পৰি গ’লো ফান্দত৷ সোধ নাই, পোচ নাই তেওঁ ক’লে- ’ব’ল, মৰ্ণিংৱাক কৰিম৷’ মই বোলো- ’ধেই!’ তেতিয়া আবেলি পাঁচমান বাজিছিল কিজানি৷ মোৰ ভেকাহি শুনি ধনদায়ে ক’লে- -গৰু, এতিয়া নহয় মৰ্ণিংৱাক ৰাতিপুৱাহে কৰে, কাইলৈ কৰিম৷ এতিয়া ব’ল, কিবাকিবি কিনি আনো বজাৰৰ পৰা৷ মই বোলো ভাল পাল্লাত পৰিলোঁ৷ একোবত ধনদায়ে ধৰিয়ে ল’লে নহয় মোৰ

Read more

মুম্বাই ডায়েৰী -মাধুৰ্য্য গগৈ

মায়ানগৰী মুম্বাইৰ এটা বিশেষত্ব, ’নাইট লাইফ’। মানে ৰাতিৰ জীৱন৷ হয়, আধা দিনটো ট্ৰেফিক জামত ফচি মানুহবোৰে ৰাতি অলপ এনজয় কৰিবই দিয়কচোন৷ এই ’নাইট লাইফ’ৰে এটা অন্যতম ব্যৱস্থা ’পাব’। বাহঁগছৰ পাব বুলি ভুলতেও নাভাবিব৷ এই ’পাব’ অৰ্থাৎ ডিস্ক’বোৰ হৈছে মুম্বাইৰ নাইট লাইফৰ অন্যতম আকৰ্ষণ৷ মুম্বাইলৈ অহাৰ পিছৰে পৰাই শ্ৰীমতীৰ ’পাব’ প্ৰীতি দিনক দিনে বাঢ়ি গৈ থাকিল৷ পিছে ময়ো এলা-পেছা ভকত নহয়তো৷ গতিকে এই ’পাব’ জাতীয় বস্তুবোৰৰ পৰা এওঁক আঁতৰাই ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছিলো৷ এনেকুৱা নহয় যে মই ’পাব’লৈ গৈ পোৱা নাই, বা ’পাব’ মই বেয়া পাওঁ৷ আচলতে

Read more

এযোৰ হেৰুৱা চেণ্ডেলৰ কাহিনী – গীতিকা শইকীয়া

ককাজনে দশমীৰ দিনা তেওঁৰ আপুৰুগীয়া হাৱাই চেণ্ডেলযোৰ হেৰুৱাই পেলালে৷ মানে ককাৰ বৰ্তমান হাহাকাৰ৷ মানসিক কষ্টত জীয়াই আছে৷ সেই দশমীৰ সন্ধিয়া কেইবাখনো পূজাথলীত অনাই বনাই ঘূৰি জেলেপীৰ দোকানবোৰত আধা ভঙা, গ্ৰাহকে কিনিব নোখোজা জেলেপীৰ টুকুৰাবোৰ ফ্ৰিতে মস্ত পেটটোত সুমুৱাই আৰু কেইবাদিনলৈ খাব পৰাকৈ নিজৰ লগত নিয়া মোনাখনত ভৰাই লৈ ঘৰলৈ উভতি আহে মানে কানি-মুনি বেলিকাই হৈ গ’ল৷ এনেয়ে থকাত সেই ৰাস্তাত গাড়ী-মটৰৰ সুবিধা আছে যদিও ককাই তেনেকৈ পইচা-পাতি খৰচৰ পক্ষপাতি নহয়৷ টকা-পইচা অনৰ্থক খৰচৰ ককাই মুঠেই সমৰ্থন নকৰে৷ অৱশ্যে অহা-যোৱা কৰোঁতে চিনাকি

Read more

চাৰ – নয়নমণি হালৈ

– চাৰ.. চাৰ ৰজনীৰ পেকেটটো খুলি তাত তুলসী পেকেট ঢালি এক বিশেষ ভংগীত মই মিশ্ৰণটো জোকাৰি আছিলোঁ৷ এনে সময়তে ল’ৰাজনে মোৰ ফালে চাই চিঞৰিলে৷ মই ওচৰে-পাজৰে ‘চাৰ’ৰ চেহেৰাৰ কোনজন মানুহকনো চিঞৰিছে চালোঁ৷ কিন্তু দেখাত দেখোন কোনো নাই৷ ই আকৌ চিঞৰিছে কাক! মোৰ ৰাতিপুৱাৰ পৰা সন্ধিয়া হয় অফিচত দহজনক চাৰ বুলি মাতোতে, ই আকৌ মোক চাৰ বুলি মাতিবনে! ইতিমধ্যে বাইকত ষ্টেণ্ডডাল দি ল’ৰাজন মোৰ কাষ পালেই৷ দেখাত পালোৱান যেন লাগিলেও বয়সত যে তেনেই ফুকলিয়া হৈ আছে ধৰিব পাৰি৷ নতুনকৈ গজা দাঢ়িকেইডাল

Read more

যাত্ৰা শুভ হওক – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘হেভ এ চেফ জাৰ্ণি…’ – ব’ৰ্ডিং পাছ দুখন হাতত লৈ মই নৰহৰি দাৰ ওচৰ পালোঁ৷ ‘কি ক’লে ও সেইজনীয়ে হাঁহি মাৰি?’ ‘নাই, হেপী জাৰ্ণি দিছে৷ আৰু এয়া লোৱা তোমাৰ টিকেট৷ এইখন দেখুৱালেহে তুমি ফ্লাইটত সোমাব পাৰিবা৷’ এক গভীৰ প্ৰশান্তিত উজ্জ্বল হৈ উঠা নৰহৰি কাইৰ দুচকুত জিলিকি উঠিল ব’ৰ্ডিং পাছখন৷ ‘বহুদিনৰ আশা আছিল উৰাজাহাজত উঠি চোৱাৰ, আজি পূৰণ হ’ব!’ -ফুচফুচাই ক’লে মোক। নৰহৰি কাই আমাৰ একে গাঁৱৰে৷ সৰু গেলামালৰ দোকান এখন আছে তেওঁৰ৷ পঞ্চাশোৰ্ধৰ নৰহৰি কায়ে বিয়া বাৰু কৰোৱা নাই৷ নাৰীজাতিৰ

Read more

ফটা-আপদীয়া পদ্য – হেমেন ডেকা

১) সুৰাময় সন্ধিয়াৰ আছে মাদকতা সুখ-সন্ধানী দৃষ্টিত কি যে আকুলতা ভজা বুট-কেঁচা জলকীয়া অকণমান নিমখো দিয়া তেতিয়াহে কলিজাত পাম সজীৱতা৷   ২) সেইবিধ খালে দুখ নিমিষতে দূৰ বেসুৰা গীততো যে বিচাৰি পাওঁ সুৰ পলাতক নক’ব কিন্তু ঘৰত মতা নাম জাণ্টু আনন্দৰ বৰষা নমাওঁ হুৰ হুৰ৷   ৩) নিশা নামিলে আহে যেন একোটা হাতী নিতৌ যুঁজিবলৈ যুগুত কৰোঁ শকতি ঘৰে-বাহিৰে সৱতে দেখোঁ দুখ বজাৰত কিনিব নোৱাৰোঁ সুখ সেয়েহে সন্ধিয়া হ’লেই গিলোঁ এঘটি৷   ৪) জয়াল জলাশয়ৰ তেৰা ৰাঘ-বৰালি শাল-শ’লৰ লগতহে কৰে

Read more

অসমীয়া গালি-শপনিবোৰ – বিজয়া বৰুৱা

সংস্কৃতি হ’ল মানুহৰ সামাজিক আচৰণৰ মূৰ্ত প্ৰকাশ৷ সংস্কৃতিৰ এটা ভাগ হ’ল লোক-সংস্কৃতি৷ অসমৰ লোক-সংস্কৃতিৰ পথাৰখন অতি সাৰুৱা৷ অসমীয়া সমাজ জীৱনত বিভিন্ন অঞ্চলত প্ৰচলিত গালি শপনিবোৰৰ লোক সংস্কৃতিত এক সুকীয়া স্থান আছে৷ এই গালি শপনিবোৰৰ আৰম্ভণি ক’ত কেনেকৈ হ’ল তাক কোৱা টান৷ গালি শপনিবোৰৰ মূল আধাৰ হ’ল কাজিয়া৷ কাজিয়া নকৰিলেও ’গোৱাল গালি’ৰ প্ৰচলন আমাৰ সমাজত আছে৷ অসমীয়া সাহিত্যতো কাজিয়াৰ বৰ্ণনা পোৱা যায়৷ পৌৰাণিক সাহিত্যত ইয়াৰ বৰ্ণনা আছে৷ মহাপুৰুষ শংকৰদেৱৰ “পাৰিজাত হৰণ“ত শচী আৰু সত্যভমাৰ কাজিয়া, “চোৰধৰা পিম্পৰা গুচোৱা“ত যশোদাই গুৱালিনীসকলক উদ্দেশ্যে

Read more
1 2 3 7