ফটাঢোল

শংকৰদেৱৰ নাট, কাব্য আৰু উপাখ্যানত হাস্যৰসৰ বৈচিত্ৰতা – মালামণি গোস্বামী শৰ্মা

সাহিত্যৰ সাৰ্থকতা নিৰ্ভৰ কৰে ৰস সৃষ্টিৰ দ্বাৰা পাঠকৰ মন আনন্দাপ্লুত কৰি তুলিব পৰাত। ভাৰতীয় সাহিত্যত ৰসৰ স্থান অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰাজীও নানা স্বাদৰ ৰস সম্ভাৰে সমৃদ্ধ। গুৰুজনাৰ সাহিত্যত ৰসৰ প্ৰসংগ চৰ্চা কৰিলে ভক্তি ৰসৰ কথাই প্ৰথম মনলৈ আহে। পিছে একশৰণ নাম আৰু ভক্তি ধৰ্ম প্ৰচাৰৰ লগতে শ্ৰোতা-দৰ্শকক আনন্দ দানৰ উদ্দেশ্যে ৰচনা কৰা মহাপুৰুষজনাৰ ৰচনাৰাজীত হাস্য, কৰুণ, শৃংগাৰ, বীৰ, ৰৌদ্ৰ আদি ৰসৰো সমাৱেশ লক্ষ্য কৰা যায়। হাস্যৰসৰ স্থায়ীভাব হাস। চৰিত্ৰৰ অসামঞ্জস্যপূৰ্ণ বচন, বিকৃত বেশ-ভূষা, চাল-চলন আদিৰ মাধ্যমেৰে সাহিত্যত হাস্যৰস সৃষ্টি

Read more

সেই ফাটিফুটি যোৱা প্ৰেমবোৰ – কুসুমাঞ্জলি শৰ্মা

মই ন বছৰীয়া। শেঙুণ নাকা প্ৰেমিক মোতকৈ অলপ ডাঙৰ। একোটা কেন্দ্ৰতে বৃত্তি পৰীক্ষা দিলোঁ। টেলেকা চকুৰ থিয় চুলিৰ ল’ৰাটোৰ সকলোতকৈ আগতে শেষ হয়। তাক এম্বেচেদৰ (তেতিয়া আমি টেক্সী গাড়ী বুলিছিলোঁ ) আহি লৈ যায়। অবাক হওঁ। কাৰণ আমি আহোঁ চাইকেলৰ আগৰ লোহাত বন্ধা গাৰুত বহি। পিছলৈ স্থানীয় মাধ্যমিক বিদ্যালয়ৰ ক্লাছ ফাইভৰ এন্ট্ৰেছ পৰীক্ষা দি পাছ কৰাৰ পিছত নাম লগাব গৈছো। প্ৰত্যেক শ্ৰেণীতে তিনিটা শাখা থকা বৃহৎ স্কুল। কণমানি বেঙী হ’লেও মনত বিস্ময় নে খং উঠিছিল নাজানো, টেলেকা চকুৱা প্ৰথম হৈছে,

Read more

পদ্মনাথ গোহাঞিবৰুৱাৰ ধেমেলীয়া নাটকত এক বিহংগম দৃষ্টিপাত – ড. দীপশিখা কলিতা

অসমীয়া সাহিত্যৰ ইতিহাসৰ বিশেষভাৱে স্মৰণীয় সময় উনবিংশ শতিকাৰ শেষৰ ফাললৈ জন্মলাভ কৰা যিসকল মহান হিতৈষীয়ে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু নিজৰ জীৱন-পণ ৰাখিছিল, সেইসকল প্ৰথিতযশা অসমীয়া সাহিত্যিকৰ মাজৰ অন্যতম এজন আছিল পদ্মনাথ গোহাঞিবৰুৱা। গোহাঞিবৰুৱাৰ সৃষ্টিশীল জীৱনত এভুমুকি– ১৮৭১ চনত লক্ষীমপুৰ জিলাৰ নকাৰি গাঁৱত জন্মলাভ কৰা এইজন স্মৰণীয় ব্যক্তিয়ে উত্তৰ লক্ষীমপুৰ, শিৱসাগৰ আৰু কহিমাত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে গৈছিল যদিও সেয়া আধৰুৱা হৈ থাকিল। স্কুলত শিক্ষকতা কৰাৰ উপৰিও ভালেমান ৰাজহুৱা দায়িত্ব সুচাৰুৰূপে

Read more

যোগাৰ – সৌমিত্ৰ যোগী

মই স্বভাৱতে বৰ লাজকুৰীয়া আৰু উদাৰ। বহুতৰে থকাৰ দৰে মোৰ বৰ ঈৰ্ষা-চিৰ্ষা নাই। কিহক লৈ ঈৰ্ষা কৰিমনো? কাৰোবাৰ সমান বা কাৰোবাতকৈ“মই কিহত কম” বুলি ভাবিলেহে মানুহক ঈৰ্ষা কৰা যায়। কাকো হিংসা কৰিবলগীয়াও নাই মোৰ। কাৰণ জানোৱেই যে মই কোনোপধ্যেই কাৰো সমান হ’ব নোৱাৰোঁ। মই মোৰ সমানহে হ’ব পাৰোঁ। মই মোৰ সৈতেহে তুলনা কৰিব পাৰোঁ। মই মোৰ সৈতেহে বাজী মাৰিব পাৰোঁ। এই কথাকেইটা পঢ়ি মোক নিশ্চয় আপোনাৰ জ্ঞানী মানুহ যেনেই লাগিছে। কোনোবাই হয়তো স্থিতপ্ৰজ্ঞ লোক বুলিও অভিহিত কৰিব। কিন্তু ভুল ধাৰণা।

Read more

লীলা গগৈৰ ৰচনাত হাস্যৰস – ডঃ চন্দ্ৰ কমল চেতিয়া

অসমীয়া সাহিত্য জগতৰ পৰিচিত নামসমূহৰ ভিতৰত অন্যতম হ’ল ড: লীলা গগৈ৷ নৈ বৈ যায় উপন্যাস যোগেদি অসমীয়া গ্ৰাম্য জীৱনটোক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰা গগৈদেৱে আৰু ভালেখিনি মননশীল ৰচনাৰে অসমীয়া সাহিত্যৰ বৰ ভঁৰালটো চহকী কৰি থৈ গ’ল৷ বিশেষকৈ অসমৰ লোক-সংস্কৃতিৰ সমলসমূহ আৰু হেৰাই যাব ধৰা বুৰঞ্জীৰ বিভিন্ন সমলসমূহ যি ঐকান্তিক প্ৰচেষ্টাৰে সংগ্ৰহ কৰি উত্তৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি গ’ল তাৰ বাবে তেওঁ চিৰদিন অসমবাসীৰ স্মৰণীয় হৈ ৰ’ব৷ লীলা গগৈয়ে ১৯৫৬-৫৭ চনৰ পৰাই ‘অসম বাণী’ৰ লগতে সেই সময়ৰ ভালেকেইখন কাকত-আলোচনীত সমসাময়িক সময়ছোৱাক লৈ

Read more

চালনিত চালানী! – জ্যোতিৰূপম দত্ত

ৰাতিপুৱা বাৰাণ্ডাত আৰামকৈ বহি হাতত বাতৰি কাকতখন তুলি ল’লো৷ সদ্যহতে হেডলাইন কেইটাকে পঢ়ি লওঁচোন৷ সৰু হৰফত লিখা বিতং বাতৰিবোৰ পাছে-পৰেও ভালকৈ পাগুলা যাব বাৰু৷ দুপৰীয়া ভাতমুঠি ধৰি আৰামী চকীখনতে হেলান দি জিৰোৱাৰ সময়চোৱাতো আন বাতৰিবোৰ পাগুলিব পাৰিম৷ নহলে নিশাৰ ভাগলৈ শেতেলীত বাগৰ দিয়াৰ সময়তো দুই এটা বাতৰিৰ বতৰা পাগুলিব পৰা যাব৷ কাকতখনৰ প্ৰথম পৃষ্ঠাৰ ডাঙৰ আখৰ কেইটাকেই সশব্দে পঢ়ি গ’লো৷ : য়ে আৰাম কা মামলা হেই !! মাতটো অলপ ডাঙৰকৈয়েই ওলাল৷ হলেই আৰু দেই! ইফালে সিফালে অলপ চাই চকুদুটা দুবাৰমান

Read more

ভাৱৰীয়া – ঈশানজ্যোতি বৰা

মানুহে বাটে-ঘাটে লগ পালে আজিকালি প্ৰায়ে সোধে-‘কি হ’ল,টেনছন বেছি হৈছে নেকি ? আঁতৰৰ পৰা দেখিলে জেওৰা খৰি এডালে ৰাস্তাত ‘কেটৱাক’ কৰি থকা যেনহে লাগে৷’ হয়৷ কথাটো একেবাৰে সত্য৷ অৱস্থা একেবাৰে নাজল-নাথল৷ মোৰ টেনছন বাঢ়িছে,তাকো দ্ৰুতগতিত৷ আৰু এই যে তেওঁলোকে উনুকিয়াই দিলে-জেওৰা খৰিৰ কথাটো; কৈ থোৱা ভাল যে মোক জেওৰা খৰি হিচাপে গঢ় দিয়াত মোৰ অধঃপতনে যোৱা ল’ৰা-ছোৱালীহালৰ সম্পূৰ্ণ হাত আছে৷ পঢ়া-শুনাত ধান্দা নাই,সুমধুৰ গীত এটা শুনাত ৰাপ নাই,ভাল এখন কিতাপ-আলোচনী পঢ়াত মতি নাই৷ শান্তি-নিৰৱতা-নিৰ্জনতাৰ লগত সিহঁতৰ ৰাহি-যোৰা নাহে৷ চৌবিশ ঘণ্টাই

Read more

আধুনিক কবিতা, কবি সন্মিলন, কবিতা পাঠ ইত্যাদি – আকাশ দীপ্ত ঠাকুৰ

(১)১৯৯৬-৯৭ চনৰ ঘটনা। আমি তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৮নং ছাত্ৰাবাসৰ আৱাসী আছিলো। এদিন ভৰ দুপৰীয়া মই মোৰ বন্ধু মানৱৰ কোঠালিত একেখন বিছনাতে এনেয়ে পৰি আছিলো। চৰকাৰী বন্ধৰ দিন। বাহিৰত চৌফলীয়া ৰ’দ। ভিতৰতো অসহ্য গৰম। কোনো নিৰ্দিষ্ট বিষয় নোহোৱাকৈ এনেয়ে কথা পাতি থাকোঁতেই নেকি লাহে লাহে আমাৰ চিলমিলীয়া টোপনিও আহিছিল হ’ব পায়; ঠিক তেনেকুৱা সময়তে দুৱাৰত কেইটামান মিহি টোকৰ পৰিল। টোপনি ভাঙি যোৱাৰ বিৰক্তিৰে মানৱে ‘কোন’ বুলি এটা চিঞৰ মাৰিলে। দুৱাৰখন লাহেকৈ ঠেলি আমাৰ হোষ্টেলৰে আবাসী আমাৰ লগৰে এজনে কেৱল মূৰটো ভিতৰলৈ

Read more

সম্পাদকীয় – জীমণি গগৈ

হাঁহি, সুখ আৰু কিছু ব্যংগ সৃষ্টিৰ প্ৰাণীসমূহৰ ভিতৰত একমাত্ৰ মানুহেই আৱেগ- অনুভূতিবোৰ শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰে৷ মানুহে খং-ৰাগ, ভয়-ভীতি নতুবা দুখ-আনন্দ শব্দৰ মাধ্যমেৰে, মুখৰ অভিব্যক্তিৰ যোগেদি প্ৰকাশ কৰিব পাৰে৷ ইতৰ প্ৰাণীসমূহৰ মাজত মানুহৰ দৰে শব্দ নতুবা সুকীয়া আচাৰ-আচৰণ হয়তো আছে, কিন্তু সকলো মানুহৰ বাবে তেনে ভাষা বুজি পোৱা, অনুধাৱন কৰিব পৰা বোধশক্তি থকা সম্ভৱ নহয়৷ বিভিন্ন প্ৰকাৰৰ শব্দ উচ্চাৰণ, দৈহিক অভিব্যক্তিৰ মাধ্যমেৰে ইতৰ প্ৰাণীসমূহে নিজৰ স্বজাতিৰ আচাৰ-আচৰণ প্ৰকাশ কৰিব পৰা মাধ্যম থাকিব পৰাটো সম্ভৱ হ’ব পাৰিলেও নানা ধৰণৰ ৰসপূৰ্ণ,

Read more

কাইলৈ – হৰেকৃষ্ণ ডেকা

আপুনি ক’লে, কাইলৈ দিম। মই কাইলৈৰ বাবে ৰৈ আছোঁ। আজি আহি আছে, গৈ আছে। আজি আহি আছে গৈ আছে। আপুনি ওঁঠত পেলাই দিম বুলি কোৱা মৌটুপিৰ বাবে মই ৰৈ আছোঁ। ********

Read more
1 2 3 9