ফটাঢোল

কৌতুক – বিজয় মহন্ত

শ্ৰেণী কোঠাৰ পৰা নগেন: শইকীয়া চাৰ আপোনাৰ হবী কি? শইকীয়া ছাৰ: জ্যোতিষ চৰ্চা কৰা। গজেন: মোৰ জন্ম ইমান চনৰ ইমান তাৰিখে। সোৱৰণীৰ নাম অমুক। মোৰ চাই দিয়কছোন। শইকীয়া ছাৰ: হেৰৌ মই এনেকৈ নাচাওঁ। বিয়াঘৰত হে হাত চাওঁ। থোলোক: অ সেয়ে বিয়াঘৰত মহিলাসকলে আপোনাক আগুৰি ধৰি থাকে ন ছাৰ? আৰু মহিলাৰ হাতত ধৰি তেওলোকৰ ভৱিষ্যৎ কৈ থাকে মানে? ☆★☆★☆

Read more

ফটা কবিতা – ৰাজু কুমাৰ নাথ

নিতৌ মোৰ চোতালত দিছেহি নীলা শিয়ালে হোৱা, “আমাৰ এওঁ”ক মাতি দেখুৱাইছো এইসকললৈ চোৱা। কাউৰীও আহিছে সুৰ তুলি কুলিৰ দিছে ভাও, মুখলৈ চালে বেয়াই লাগে কি যে কাও বাও। শগুনো আহিছে লগুণ লৈ বেদৰ মন্ত্ৰ গায়, মৰাশ বাদ দি জীয়ালৈ চকু কিযে বিড়ম্বনা হাঁয়! পেটত কপট মুখত হাঁহি চব উৰহৰ জাত, এইবোৰকেই দিম আগুৱাই কাঢ়িব মুখৰ ভাত। সপোন অযুত প্ৰলাপ নিযুত এজাক শিখণ্ডী হ’ল, “পহু মৰিলেও ভোজ চিকাৰী মৰিলেও ভোজ” আমি খাবলৈ পালেই হ’ল। ☆★☆★☆

Read more

গাঁওবুঢ়াৰ চোতালত – অভিজিত কলিতা

গোটেই গাঁওখন আজি গাঁওবুঢ়াৰ চোতালত উবুৰি খাই পৰিছেহি। ওচৰ কেইঘৰৰ কথাই নাই, একেবাৰে সিমুৰৰ চেঁচুক বাঁহনিখনৰ তলৰ কেইঘৰ, ধোবাৰ কাম কৰা পৰশুৰাম, মৈমনসিঙৰ পৰা আহি গাঁৱে গাঁৱে হাজিৰা কাম কৰা কামালুদ্দিন, চাউলৰ মিলৰ মহৰী ভজহৰিৰ লগতে নামনিৰ পৰা উঠি অহা বিকৰ্ণ বসুমতাৰীৰ পৰিয়াল, গাহৰি মাংস নহ’লে এসাজো পেটলে নেযোৱা ধনেশ্বৰ গগৈ, গাহৰি খাই ধনেশ্বৰে গাঁওখনৰ জাত-পাত মাৰিলে বুলি মত পোষণ কৰা বিজয় মহন্ত মাষ্টৰ, মুঠতে গাঁৱৰ সকলো Who’s Who আজি গাঁও বুঢ়াৰ চোতালত পাটি পাৰি বহিছেহি। নবহিবনো কিয়? আজি গাঁওবুঢ়াই

Read more

বকুলী পেহীৰ কান্দোন – মৃদুলা গগৈ

থিয়েটাৰে হওক বা চিনেমা, গ্ৰুপত চাবলৈ গৈহে ভাল লাগে। একেলগে চাবলৈ যোৱা সৰু সৰু কথাতে গিৰ্জনী মাৰি হঁহা, ভিতৰত সোমাই বাদাম চোবাই থকাৰ মজাই বেলেগ। সেইবাৰ মাহঁতৰ ঘৰৰ ওচৰতে আৱাহন থিয়েটাৰ চলি আছিল। আগতে থিয়েটাৰ চলি থকা খবৰ পালেই যেনেতেনে হ’লেও চাবলৈ যাওঁৱেই। মা আৰু ওচৰৰে ভনী দুজনীমানক লগ ধৰি সেইদিনাৰ নাটখন চাবলৈ যোৱাৰ প্লেনটো বনালোঁ। মাৰ লগত ইখন সিখনত সহায় কৰি দিয়া বকুলি পেহীকো মায়ে লগত নিবলৈ মন কৰিলে। বেচেৰীয়ে কোনো দিন থিয়েটাৰ চাই পোৱা নাই। মাৰো ভাল লাগিব

Read more

সময়ৰ চকৰি : অভিজিত মেধি

মোৰ ঠিক চাৰি বছৰ বয়স হওঁতেই মায়ে তেতিয়া দ্বিতীয় শ্ৰেণীত পঢ়া বাইদেউজনীৰ লগত বিনা পইচাত স্কুল পঠিয়াবলৈ আৰম্ভ কৰি দিছিল। বৰচাপৰি প্ৰাথমিক বিদ্যালয়, ঘৰৰ ওচৰৰে স্কুল, নামভৰ্ত্তি কৰাৰ একো লেঠা নাই। এতিয়া যাওকচোন, সময় হ’লে নাম লগাই দিম নহয়- কথাবোৰ এনেহেন আৰু! চৰকাৰী স্কুলত নাম লগোৱাৰ যথাগত বয়স তেতিয়া ছয় বছৰ। কিন্তু দাদা-বাইদেউহঁতক দেখি দেখি চাৰিবছৰ বয়সতে মই আখৰকেইটা চিনি পোৱা হৈছিলোঁৱেই, নাম নলগোৱাকৈ স্কুলত কিছুদিন বহাৰ পাছত পঢ়িব পৰাও হৈ গ’লোঁ। তাকে দেখি পাছৰ বছৰত মায়ে বিশ টকা মাচুল

Read more

দেৱী – তৃষ্ণা সোনোৱাল

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্ ‘দেৱী’ প্ৰযোজনা: ৰাজশ্ৰী এচ কাহিনী চিত্ৰনাট্য সংলাপ : তৃষ্ণা এচ (পৰ্দাত প্ৰথমে প্ৰযোজনা সংস্থাৰ লগ জিলিকে, ফাটি থকা ঢোল এটাৰ পৰা আলু পুলি এটাই ইংৰাজী এচ আকৃতিত গজালি মেলে।) টেক ১: ধোঁৱাময় এটা পৰিবেশ, প্ৰডিউচাৰে ইমানেই ধোঁৱা দিছে যে দৰ্শকো চকু মোহাৰি ল’বলৈ বাধ্য। লাহে লাহে ধোঁৱা আঁতৰে, দেখা যায় শুধ বগা সাজ পিন্ধা এগৰাকী নাৰী। চুলি মেলি ধ্যানৰত। চাৰিওফালে নৰ-নাৰীৰ হাতজোৰ কৰি উপস্থিতি। নাৰীয়ে চকু মেলে। নৰনাৰী-জয় দেৱী মাৰ জয়। দেৱী মাই একো নকৈ মুখৰ পৰা

Read more

ফটাপ্ৰশ্ন

সৌৰভ শৰ্মাঃ পতি যদি শিপা , পত্নী যদি গা-গছ , লৰা-ছোৱালী যদি ফল-ফুল হয়, তেন্তে ডাল-পাত বোৰ কি ? উত্তৰঃ- ঘৰত কাম কৰা ৰঙিলী বাই, ঘৰৰ হালোৱা মদন, টিউচন মাষ্টৰ ভূৱন চাৰ, গেলমালৰ দোকানী পৰশুৰাম, ইত্যাদি। কমল তালুকদাৰঃ মানুহে ভ্ৰমণলৈ (ফুৰিবলৈ)কিয় যায় ? উত্তৰঃ- আনৰ কথা নেজানো, আমাৰ এওঁ ‘চেলফি’ তুলিবলৈ যায়, আৰু মই তেওঁক লৈ যাব লাগে কাৰণে যাওঁ। অনুৰূপ মহন্ত:- মানুহে ৰাতিৰ বাছত যাত্ৰা কৰিলে পাছদিনা “ৰাতি নাইট চুপাৰ ত আহিলোঁ” বুলি আৰু ৰাতিপুৱা খোজ কাঢ়িবলৈ গলে “ৰাতিপুৱা

Read more

এই সংখ্যাৰ আঁৰৰ কাহিনী – তৃষ্ণা সোনোৱাল

২০১৮ চনৰ জানুৱাৰী মাহৰ কথা। কেনেকৈ ফটাঢোল নামৰ হাস্য ব্যংগ গোটটিত সোমাই পৰিলোঁ নাজানো। কিন্তু জীৱনৰ আটাইতকৈ সুমধুৰ সময়খিনি গোটটোত সোমায়ে আৰম্ভ হ’ল। হাস্য ব্যংগাত্মক সাহিত্যৰ প্ৰতি মোৰ বহুদিনীয়া দুৰ্বলতা। কাজেই সামাজিক গোটটোত উচ্চ মানৰ হাস্যৰসিক লিখনি, ব্যংগাত্মক লিখনিৰ পয়োভৰ দেখি আকৰ্ষণটো আসক্তিলৈ ৰূপান্তৰিত হ’ল। লাহে লাহে ময়ো গোটত দুই এটা লেখা দিবলৈ আৰম্ভ কৰিলোঁ। ই-আলোচনীখন পঢ়িবলৈ লৈছিলোঁ ফটাঢোলৰে কুইজ শিতানটোত অংশগ্ৰহণ কৰিবলৈ। প্ৰথম বাৰ পঢ়িয়েই ভাল লাগিল, যথেষ্ট উন্নত মানদণ্ডৰ আছিল আলোচনীখন। লাহে লাহে ময়ো আলোচনীলৈ লেখা পঠিয়াবলৈ ল’লোঁ।

Read more

কাপ আৰু কাকতৰ কথোপকথন – লক্ষ্মীনাথ বেজবৰুৱা

বৰবৰুৱাৰ বস্তু এটাই বিলাক জীয়া। ধোঁৱা খোৱা হোকাৰ পৰা সেই পনীয়া বিধ খোৱা গিলাচ লৈকে। কাকতে কাপে ফুফুফা- ফাকৈ কি মেলখন পাতিছে শুনাঃ “কাকত। কাপ-কাই। মুখ মেলি হাঁহি আহিচা দেখোন, খবৰ কি? বৰবৰুৱা বৰপেটৰ ওচৰৰ পৰা আহিছা যেন পাওঁ? কাপ। এ এৰা দেও! কিনো কবা কিনো শুনিবা! তোমাৰ বৰপেটৰ কথা দেখি হাঁহোতে পেটৰ নাড়ী ছিগিছে। আজি বৰবৰুৱাৰ বাপেকৰ শৰাধ। তেওঁ কালিৰ পৰা ডাড়ি গোঁফ খুৰাই নখ চখ কাটি হবিছ কৰি আছিল। আজি গা পা ধুই শৰাধত বহাৰ আগেয়ে, “মোৰ পেটতো

Read more
1 2 3 115