ফটাঢোল

সলিউশন এক্স (একাংকিকা নাটক) (অন্তিম খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

অণিমাঃ  ইঃ বৰ হাউ গুডু দেখুৱাইছে। তুমি হাউগুডুৰ কি জানা? একেবাৰে মাৰি বহুৱাই দিম। শম্ভুনাথঃ ইমান সহজ নহয়। অণিমাঃ হৈ যাওঁক এবাৰ। শম্ভুনাথঃ বেছ, হৈ যাওঁক। এই লাইন (ভৰিৰে লাইন টানে।) চু—উ–উ– অণিমাঃ ৰ’বা,  ৰ’বা (কমৰত আঁচল বান্ধিলৈ ) শম্ভুনাথঃ চু — উ–উ–উ— (উশাহ লৈ) উ–উ–উ— অণিমাঃ এই তুমি দুবাৰ উশাহ লৈছা, দুবাৰ উশাহ লৈছা — শম্ভুনাথঃ কেতিয়াও নহয়। অণিমাঃ আলবৎ লৈছা। নেখেলো, যোৱা। শম্ভুনাথঃ আচ্ছা, আচ্ছা, আকৌ । চু–উ–উ (অণিমা প্ৰায় ধৰা পৰে) অণিমাঃ এই বিৰাম বিৰাম শম্ভুনাথঃ (

Read more

সাক্ষাৎকাৰ- 'ৰহস্য সম্ৰাট' ৰঞ্জু হাজৰিকা

ফ্ৰেব্ৰুৱাৰী মাহৰ এটি সন্ধিয়াত মই আৰু ফটাঢোলৰ অন্যতম সক্ৰিয় সদস্য দিম্পল কলিতাৰ সৈতে গুৱাহাটীস্থিত ৰঞ্জু হাজৰিকাদেৱৰ ঘৰত হৈ উপস্থিত হ’লোগৈ। ক’ৰবাত পঢ়িছিলোঁ, তেওঁ সময় দি সময় নৰখা মানুহক বেয়া পায়। সেয়ে যিমান পাৰো গুৱাহাটীৰ যান জঁ‌ট নেওচি আমি তেওঁ দি থোৱা সঠিক সময়তে গৈ উপস্থিত হৈছিলোঁগৈ। বুকুখন কঁ‌পিছিল, কৈশোৰৰে পৰা প্ৰিয় সাহিত্যকগৰাকীক লগ পোৱাৰ আনন্দত। আমি গৈ পোৱাত তেওঁ নিজেই ঘৰৰ ভিতৰৰ পৰা ওলাই আহি আমাক আথে বেথে ভিতৰলৈ লৈ গ’ল। ৰঞ্জু হাজৰিকা। নামটোতে ৰহস্য সোমাই আছে । যিজন সাহিত্যিকক

Read more

ফটাঢোল এডভেন্সাৰ (চতুৰ্থ খণ্ড)- হেমন্ত কাকতি/ বিজয় মহন্ত

ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত নামিয়েই বিজয় আৰু মই প্ৰায় উৱাদিহ হেৰুৱালোঁ৷ চাৰিওফালে চায়েই জলক-তবক দেখিলোঁ৷ মই বোলো বিজয়, এই জাহাজ পৰা জেগাখনেই চোন ফ’ৰেনতকৈ কম নহয়! চিণ্টু আৰু মণিকাই এনেভাৱে গৈ আছে যেন একো হোৱা নাই৷ বিজয়ে কৈ উঠিল “কাকতি দা ইণ্ডিয়াই যদি ইমান ধুনীয়া, তেতিয়া হলে ফ’ৰেন কি হব?” মই একো নকৈ চিন্টুৰ ফালে চালোঁ৷ চিন্টুয়ে কলে –“দাদা আমি টাৰ্মিনেল-১ত আছোঁ৷ আন্তৰাষ্ট্ৰীয় ফ্লাইটৰ বাবে এতিয়া সোনকালে টাৰ্মিনেল-৩লৈ আহক, মোৰ পিছে পিছে৷” আমি একো নকৈ লাউঞ্জৰ ভিতৰে ভিতৰে চিন্টুৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা – পৰিস্মীতা গগৈ

ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা সন্ধিয়া দেৱজিত শইকীয়া(দাদা)ৰ ফোন আহিল, “পৰিস্মীতা, কথা এটা আছে। মাৰ্চমাহৰ ‘ফটাঢোল’ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব তোমাক দিলোঁ‌।” কথাষাৰ শুনিয়ে কিছু সময় নিতাল মাৰিলো। “পৰিস্মীতা শুনিছানে? হেল্ল’…” আকৌ দেৱজিতদাৰ মাততহে সম্বিৎ ঘূৰাই পালোঁ‌। আচলতে কেনেদৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম, সেই মূহুৰ্তত মোৰ বাবে ই এক সম্পূৰ্ণ অজ্ঞাত বিষয় আছিল। প্ৰথম কথা, আলোচনী এখনৰ সম্পাদক হ’ব পৰা দক্ষতাই কওঁ‌ক বা যোগ্যতাই কওঁক, মোৰ যে নাই সেই সম্পৰ্কে মই নিশ্চিত। তাতে আকৌ ‘ই আলোচনী’। ই আলোচনী এখনৰ সম্পাদক হ’বলৈ হ’লে

Read more

দি ফল্চ জেমচ্–গ্যে দ্যা মোপাছাঁ, অনুবাদ- গীতিকা শইকীয়া

  মিষ্টাৰ লেণ্টিনে তেওঁ কাম কৰা অফিচৰ সহকাৰী মুখ্য সচিবৰ ঘৰত আয়োজন কৰা সন্ধিয়াৰ এক অনুষ্ঠানত সেই কমবয়সীয়া সুন্দৰী যুৱতীগৰাকীক প্ৰথমবাৰৰ বাবে লগ পাইছিল। লগ পোৱাৰ লগে লগেই মিষ্টাৰ লেণ্টিন সেই সুন্দৰী যুৱতীগৰাকীৰ প্ৰেমত আচ্ছন্ন হৈ পৰিছিল। সেই সুন্দৰী যুৱতীগৰাকীৰ দেউতাক পেছাত এজন চিকিত্সক আছিল। চিকিত্সক পিতৃৰ কেইমাহমানৰ আগতে মৃত্যু হোৱাৰ পাছত সুন্দৰী যুৱতীয়ে তেওঁৰ মাতৃৰ লগত পেৰিচত থাকিবলৈ আহিছিল। যুৱতীৰ মাতৃৰ পেৰিচলৈ অহাৰ উদ্দেশ্যই আছিল জীয়েকক কোনো সুপাত্ৰত বিয়া দিয়া। সেয়ে ভদ্ৰ মহিলাই জীয়েকক লগত লৈ তেওঁৰ চিনা-জনা পেৰিচৰ

Read more

কৌতুক – ভাস্কৰজ্যোতি দাস

পঞ্চাছ বছৰৰ পাছত এখন প্ৰাইভেট স্কুলত ক্লাছ ফাইভৰ এডমিছন চলি থাকিব৷ ডাঙৰ গেলেৰীত পেৰেন্টছ, ষ্টুডেন্ট, ফেকাল্টী একেলগে৷ ফেকাল্টী- এঞ্জেল চেকিয়া৷এঞ্জেল আহি এডমিচন ডেস্কৰ আগত হাজিৰ৷ ফেকাল্টী- মাষ্টাৰ এঞ্জেল৷ এঞ্জেল- য়েছ মেম৷ ফেকাল্টী- য়ৌৰ ফাডাৰ্চ নেম? এঞ্জেল- বুদ্ধেশ্বাৰ চেকিয়া৷ ফেকাল্টী- এণ্ড ইয়’ৰ মাডাৰ? এঞ্জেল- এঞ্জেলিনা খেখটি চেকিয়া ফেকাল্টী- গুড৷ ডু য়ু নৌ এনিথিং এবাউত ভূফেন হাজ্ৰিকা? এঞ্জেল- য়ুপ৷ হি ৱাজ এ গ্ৰেট চিঙ্গাৰ অৱ য়েষ্টাৰ ইয়েৰচ৷ ফেকাল্টী- অ’.কে.৷ নাও চিং ৱান অৱ হিজ চংছ৷ এঞ্জেল- মাই ফেভাৰেট… এ ফৰ এব্বেলি, বি

Read more

সোণসেৰীয়া স্মৃতি – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

১৯৭২ চন। প্রি-মেডিকেল শ্ৰেণীৰ সহপাঠী আৰু শুভাকাংক্ষী বন্ধু বান্ধৱীসকলৰ মৰমৰ দাবীত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃশ্রেণী সংগীত প্রতিযোগিতাৰ দুটা শাখাত যোগ দিলোঁ‌। এটা অসমীয়া আধুনিক গীত আৰু আনটো জ্যোতি সংগীত। লগৰ সকলোৱে মই আখৰা কৰি থাকোতে দিহাপৰামৰ্শ দি আছে। এবাৰ ডাঃ প্ৰফুল্ল ডেকা আৰু ডাঃ নীতিন বৰুৱা কাষলৈ আহি ক’লে— “জ্যোতি সংগীতটো ভাল গাইছা যদিও প্রকৃত সুৰটো লৈ আমাৰ অলপ সন্দেহ আছে। তুমি প্ৰখ্যাত শিল্পী দিলীপ শৰ্মাদেৱক লগ ধৰা। তেওঁ প্ৰায়েই আবেলি জিলা পুথিভঁৰালৰ আগেদি পাণবজাৰলৈ যায়।” কথা মতে কাম।

Read more

ভালপাব নিশিকিলোঁ‌ পাইও হেৰুৱালোঁ‌ – মিৰাজুল ৰছিদ

মই বৰ পজিটিভ মাইণ্ডৰ ল’ৰা। কেইবছৰনো বয়স হৈছে? মাত্ৰ ২৭ হে। আচলতে এতিয়াহে মোৰ প্ৰেমত পৰাৰ প্ৰকৃত বয়স হৈছে। আগৰ প্ৰেমবোৰত ভালপোৱা, মৰমবোৰ আচলতে অপৈণত আকৰ্ষণহে আছিল। গতিকে এতিয়া ভাল পাম একেবাৰে চিৰিয়াচলি আৰু এইবাৰ বিয়া পাতিম খাটাং। নামি পৰিলো কৰ্মক্ষেত্ৰত। ভুল নকৰিব চাকৰিৰ কৰ্মক্ষেত্ৰ নহয়, প্ৰেমৰ ক্ষেত্ৰখনৰ কথা কৈছোঁ‌। এজনী আছিল বান্ধৱী, যিজনীয়ে সদায় মোৰ লগত নিশা ১ বজালৈ ফোনত কথা পাতে। অহ! এইখিনিতে কওঁ, নিশা ১ বজা পৰ্যন্ত মোৰ লগত কথা পাতে, কিন্তু সেয়া আমাৰ কথা নহয়, তাইৰ

Read more

ভাওনাৰ সংবাদ –অসীমা শইকীয়া দত্ত

জীৱনত প্ৰথমবাৰৰ বাবে লিখি থাকোতে হাঁহিছো। সকলো মনত পৰি। লগৰজনীৰ গাঁৱত ভাওনা। তাইৰ দুটা ভায়েকৰ ভাও চাবলৈ সাদৰেৰে নিমন্ত্ৰণ কৰিছে মোক। তাইৰ দেউতাকৰ চাইকেলৰ হেণ্ডেলত গাৰু এটা বান্ধি গ’লো। মই লোকৰ গাৰুত নুশুও তাতে। চিক্সমানত পঢ়ি আছোঁ তেতিয়া। ৰাতিলৈ দাদাও যাব ভাওনালৈ, সেয়েহে অনুমতি পালোঁ‌। লগৰজনীৰ ভায়েকক সুধিলো কি ভাও? সি বোলে, : অ’ মোৰ মেইন ভাও। গোটেই ৰাতিটো মোকেই দেখিব। খালি বচন নাই। ধেইত! বোবা ভাওনা মানে! অংগী ভংগীৰে মাইম ভাওনা। সি বোলে, :ধৈ বোবা নহয়, মই দুৱৰী লৈছোঁ

Read more
1 2 3 8