ফটাঢোল

পয়মাল – মৌচুমী গগৈ

১) আজি মালা মালিকনী বাইদেউ আৰু তেওঁৰ লগৰ দুগৰাকীৰে সৈতে নতুনকৈ অহা চিনেমাখন চাবলৈ যাব। তাই আজিলৈকে চিনেমা হল ওচৰৰপৰা দেখাই নাই, চিনেমা চোৱাতো দূৰৰে কথা। যথাসময়ত মালাহঁত গৈ চিনেমাহলত উপস্থিত হ’লগৈ। বাইদেউহঁতে বাহিৰৰ দীঘলীয়া শাৰীত থিয় হৈ টিকট কাটি, খাবলৈ কিবাকিবি অলপ কিনি লৈ নিৰ্দিষ্ট আসনত বহিলগৈ। মালাই চিনেমাহলৰ ভিতৰত সোমাই ইফালে সিফালে চাই ততেই পোৱা নাই। চিনেমা আৰম্ভ হোৱাৰ আগমূহূৰ্তত জাতীয় সংগীতটো বাজি উঠিল। উপস্থিত সকলো নিজৰ নিজৰ ছীটৰপৰা উঠি থিয় হ’ল। একো বুজিব নোৱাৰিলে যদিও মালাইও সকলোৰে

Read more

আকৌ কুৰুক্ষেত্ৰৰ আখৰা– দেৱজিত শইকীয়া/মানস শইকীয়া

খণ্ড : এক : নামঘৰত নালাগে বুজিছা বিজয়, মিটিংখন দত্তৰ ঘৰতে দিয়া৷ নামঘৰত মোৰ মাটিত বহিবলৈ অলপ প্ৰব্লেম হয়, জানাই নহয়৷ কাকতিদাই বিজয়ক কথাষাৰ কৈ দত্তলৈ মানে ৰিণ্টুমনি দত্তলৈ ফোন লগালে৷ ৰিণ্টুমনি দত্ত, গাঁৱৰ উন্নয়ন সমিতিৰ সম্পাদক৷ সম্পাদক মানে হাতে কামে একোতো নায়েই, ৰাজহুৱা মেল মিটিঙতো ছাঁটোকে দেখা পোৱা নাযায়৷ সহকাৰী সম্পাদক বিজয়েই সকলো কৰিবলগীয়া হয়৷ যোৱাবছৰ নতুন কমিতি গঠন কৰাৰ আগে আগে নামঘৰ উন্নয়নৰ বাবে পঞ্চাশ হাজাৰ টকাৰ দান আৰু নামঘৰৰ বাটচ’ৰাটো ককাকৰ নামত দিম বুলি কাৰোবাৰ আগত কোৱাৰ

Read more

সাক্ষাৎকাৰ – বৈদুৰ্য্য বৰুৱা

  নব্বৈৰ দশকত বিস্ময় আলোচনীৰ পাতত অপু আৰু চেণ্টুদা নামৰ দুটি চৰিত্ৰই ভুমুকি মাৰিছিল। দুয়োকে কিতাপৰ চৰিত্ৰ যেন অনুভৱ হোৱাই নাছিল, দুয়োকে একেবাৰে প্ৰাণৱন্ত যেন লাগিছিল। অপু, চেণ্টুদা এই দুয়োটা চৰিত্ৰকে পাঠকে অত্যন্ত আগ্ৰহেৰে আঁকোৱালি লৈছিল। ইয়াৰ পিছতেই পঢ়ুৱৈৰ দাবী অনুযায়ী অপু, চেণ্টুদাৰ ইটোৰ পাছত সিটো কাহিনী লেখকজনে লিখি উলিয়াইছিল। এইসমূহ চিৰিজ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ আছিল বৰ্ণনাৰ চমৎকাৰিতা। তদুপৰি চেণ্টুদাৰ মুখৰ সানমিহলি অদ্ভূত ভাষাটোৱেও পাঠকক আমোদ দিয়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। এই জনপ্ৰিয় চৰিত্ৰকেইটাৰ স্ৰষ্টাজন আছিল বৈদুৰ্য্য বৰুৱা। অপু

Read more

সংখ্যাৰ আঁৰৰ কথা – ঋতুপৰ্ণা মহন্ত

মাৰ্চ মাহৰ আৰম্ভণিতে ৰিণ্টুমনি দত্ত দাদাৰপৰা এটি বাৰ্তা আহিল, “ফটাঢোল আলোচনীৰ সম্পাদকৰ দায়িত্বভাৰ ল’ব লাগিব ভনী, সাজু হৈ থাকিবা।” প্রস্তাৱটি পোৱাৰ লগে লগে ভয় আৰু উৎকণ্ঠাৰ ভাৱে মনটো উগুল থুগুল লগালে। হওঁতে বৰ্ণাশুদ্ধিৰ কামত জন্মলগ্নৰেপৰা ফটাঢোলৰ সৈতে জড়িত হৈ আছিলো। কিন্তু কোনোবাদিনা যে আলোচনীখন সম্পাদনা কৰি উলিয়াব পাৰিম সেই কথা সপোনৰো অগোচৰ আছিল। নিজৰ সীমিত জ্ঞানৰ কথা ভাবি স্বাভাৱিকতে ইতঃস্ততঃবোধ কৰিলো। ৰিণ্টুমণি দত্ত দাদাই অভয় দিলে, “পাৰিবা, আমি সকলো লগত আছোঁ।” মোক এই গুৰুদায়িত্ব ল’ব পৰাকৈ উপযুক্ত বুলি ভবাৰ বাবে

Read more

ডাক্তৰৰ বিলৈ – ডাঃ পাৰ্থ সাৰথি ভূঞা

কিছুদিনৰ আগতে, দেওবাৰ এটাত বন্ধু এজনে ফোন কৰি সুধিছিল, বোলে বন্ধু আজি দেওবৰীয়া প্ৰগ্ৰেম কি? ঘৰতে নে কিবা ফেমিলি আউটিং আছে? মই উত্তৰ দিছিলো বোলো, নক’বা বন্ধু, আমাৰনো আৰু কি বন্ধডাল আছে? ডিউটি আছে হস্পিটেললৈ যাবই লাগিব। তেওঁ ওলোটাই ক’লে বোলে, এঃ, ইমাননো পইচাৰ পিছত দৌৰা নে? দেওবাৰেও ডিউটি মাৰি থাকা? ময়ো এইবুলি উত্তৰ দিলো যে, হয় দিয়া বন্ধু, ডাক্তৰকেইটাক খোচ মাৰি কথা ক’বলৈ বৰ সুবিধা। পিছে এবাৰ ভাবি চাবাচোন, ডাক্তৰখানা, পুলিচ থানা আৰু পায়খানা, এই তিনিবিধ বন্ধ হ’লে বিপদ

Read more

ফটাঢোল এডভেঞ্চাৰ (পঞ্চম খণ্ড) — হেমন্ত কাকতি/বিজয় মহন্ত

আমাৰ যাত্ৰাপথৰ সকলো ভয়ৰ অন্ত পেলাই ২১ ঘণ্টীয়া যাত্ৰাৰ অন্তত সদৌশেষত আমাৰ জাহাজে আমেৰিকাৰ মাটি চুলেগৈ৷ নিউইয়ৰ্কৰ জন এফ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ জাহাজে ব্ৰেক মাৰি অৱতৰণ কৰিলে৷ নিজৰ নিজৰ টালি টোপোলা উলিয়াই বিমানৰপৰা নামি আহিলো। চিণ্টু, মণিকা আৰু মই নামি বিজয়লৈ ৰ’লো। সকলোকে আচৰিত কৰি বিজয় আৰু সেই মেমনিজনী হাতত ধৰাধৰি কৈ নামিল৷ আমাক দেখি বিজয়ে লাজতে হাতখন এৰুৱাই ল’লে৷ তাৰ ফালে অলপ ঘোপাকে চাওঁতে মেমনী চোৱালীজনীয়ে আমাক সকলোকে আচৰিত কৰি ভগা ভগা অসমীয়াতে ক’বলৈ আৰম্ভ কৰিলে- “মাই

Read more

গুণ পেহী – কৃষ্ণা বৰা ফুকন

গুণ পেহী মানুহজনীক আচলতে কৃপণেই বুলিব নে খৰচী! ৰঙালাও বনালে হালধি নিদিয়ে, বোলে এনেয়েও ৰং উঠিবই, আকৌ হালধি দি কি হ’ব! এদিন ক’ৰবাত ফুৰিবলৈ যাওঁতে পেহীয়ে দোকানত খেজুৰ দেখিলে। পেহাক ক’লে বোলে মোৰ খেজুৰ খাবলৈ মন গৈছে। পেহাই আনি দিলে। পিছে পেহীয়ে ঘৰত আনি থৈ দিলে, খাবলৈ পাহৰিলে। দিন কি মাহ চেৰেকৰ পিছত এদিন যেতিয়া দেখিলে তেতিয়ালৈ পেকেটৰ এক্সপায়ৰী দেট পাৰ হ’ল। পেহীৰ ইফালে গাটো জালুক জলকীয়াই পোৰা দি পুৰিছে। অতখিনি পইচা, এনেয়েতো অহা নাই। এতিয়া গোটে গোটে পেকেটটো পেলাইনো

Read more

অচিনাকি প্ৰেম – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মন গৈছিল। বৰকৈ মন গৈছিল। আগদিনা ৰামলাল ধোবীয়ে ধুই ইস্ত্ৰী কৰি দিয়া ছাৰ্টটো পিন্ধি ৰুমমেট অমিতে যেতিয়া ক্লাছ বাংক কৰি ভেলেণ্টাইন ডেৰ ৰাতিপুৱাই নবজাৰ বাছত উঠি পাণবজাৰলৈ যাবলৈ যো-জা চলাইছিল, মোৰো মন গৈছিল তেতিয়া। নেহৰু পাৰ্কত কিমান ভিৰ বা হয় আজি? উমানন্দলৈ ফেৰীত জেগা পাম নে নাই বা! – এনেকুৱা কথাবোৰ ভাবি আগনিশাৰে পৰা উদ্বিগ্ন হ’বলৈ মন গৈছিল, যোৱাটো স্বাভাৱিক। হাতত মেছত দিয়া ঠাণ্ডা চাহকাপ আৰু অকল এক ছেণ্টিমিটাৰমান ঠাইত বাটাৰ লগোৱা ব্ৰেড দুটুকুৰা লিৰিকি বিদাৰি মই অমিতৰ আয়োজনবোৰ চাই

Read more

ড° বিকাশ বৰুৱা চাৰ সমীপেষু – অভিজিত কলিতা

চাৰ, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। সৰুকালৰপৰাই আপোনাৰ লেখা পঢ়িছো, যিকেইজন লেখকৰ লেখনী পঢ়ি নিজে কিবা এটা কৰি চাওঁ বুলি চেষ্টা কৰিছিলো, তাৰ ভিতৰত আপুনিও অন্যতম। আপুনি অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ সাহিত্যিক সকলৰ এজন বুলি স্বীকাৰ নকৰি নোৱাৰো। কেতিয়াবা ব্যংগ লিখিবলৈ চেষ্টা কৰিলে আপোনাৰ লেখনীৰ প্ৰভাৱ নপৰাকৈ এশাৰীও লিখিব নোৱাৰো। কোনোবা আলোচনীত কেনেবাকে আপোনাৰ নামটো দেখিলে প্ৰথম আপোনাৰ লেখাটোৱেই পঢ়া একধৰণৰ নিয়ম হৈ পৰিছে। মস্তভস্কি, ক্ষুদ্ৰপভ, বমফোচ দা ব্লাফমাষ্টাৰ জাতীয় চৰিত্ৰবোৰৰ নাম; – “হেৰি নহয় বিশ্ব! শুনাচোন! বৰ বিপদ এটা হ’ল হে!

Read more

এ লেটাৰ টু গড – গীতিকা শইকীয়া

(মূল : গ্ৰেগ‘ৰিয়া ল‘পেক্স ৱাই ফুয়েণ্টেচ মেক্সিকো‘ ভাষাৰপৰা ইংৰাজীলৈ অনুবাদ : ড‘নাল্ড এ য়েট্চ) সমগ্ৰ উপত্যকাটোত সেই একমাত্ৰ ঘৰটো পাহাৰৰ সামান্য তলৰ ফালে আছে। ঘৰটো থকা ঠাইখনৰ উচ্চতাৰপৰা তলেদি এঁকা-বেঁকাকৈ বৈ যোৱা নদীখন বৰ সুন্দৰকৈ দেখা পোৱা যায়। ঘৰটোৰ ঠিক কাষতে থকা ভেড়া-ছাগলীবিলাক বান্ধি থোৱা গঁড়ালটো আছে। গঁড়ালৰ সিফালে পকিবলৈ ধৰা গোমধানৰ গছবোৰৰ লগতে থকা ৰাজমাহৰ বাগানখনে সেই সময়ত হ‘বলগীয়া ভাল ফচলৰ সম্ভাৱনীয়তাকে সূচায় আছে। অৱশ্যে ধৰালৈ সামান্যভাৱে যদি এজাক বৰষুণ অথবা কমকৈ ধুমুহা বৰষুণো আহিলহেঁতেন, শস্যৰ গুণগত মানদণ্ড আৰু

Read more
1 2 3 8