ফটাঢোল

সম্পাদকীয় – ঈশান জ্যোতি বৰা

(১) ষ্টিফেন হকিঙৰ হাঁহি কেইদিনমানৰ আগতে ইহ-সংসাৰৰ পৰা বিদায় লোৱা ষ্টিফেন হকিঙ ‘বিজ্ঞানী’ হিচাপে যিমান জনাজাত আছিল,সিমানেই তেওঁ পৰিচিত আছিল নিজৰ স্বভাৱজাত ‘চেন্স অৱ হিউমাৰ’ৰ বাবে৷ তেওঁ নিজেও অকপটে স্বীকাৰ কৰিছে -“মোৰ কৰ্ম আৰু মোৰ ‘চেন্স অৱ হিউমাৰ’- এই দুটা কথায়েই মোক জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে৷” যৌৱনৰ আৰম্ভণিতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিঙৰ বাবে জীৱনৰ পদূলিমুখত অপেক্ষা কৰি আছিল এটা দুৰ্দশাগ্ৰস্ত আৰু যন্ত্ৰণাপিষ্ট জীৱনে৷ কিন্তু হকিঙৰ দুৰ্দান্ত মনোবল আৰু অসামান্য ইতিবাচক শক্তিৰ সন্মুখত সেই অসহনীয় শাৰীৰিক বিপৰ্যয়ে

Read more

সাক্ষাৎকাৰ – ডাঃ ভৃংগেশ্বৰ শৰ্মা

ফটাঢোলঃ অসমৰ পাঠক সমাজৰ বাবে ডাঃ ভৃংগেশ্বৰ শৰ্মা এটা অতি চিনাকি নাম৷ আপুনি এজন সুগল্পকাৰ,প্ৰবন্ধকাৰ,ঔপন্যাসিক আৰু এজন নিপুণ ব্যংগ-সাহিত্যিক৷ আপোনাৰ হৃদয়স্পৰ্শী গল্পসমূহে বিৱেকৱান আৰু সংবেদনশীল পাঠক সমাজৰ অন্তৰ সদায়েই আলোড়িত কৰি আহিছে৷ স্পষ্ট আৰু প্ৰত্যক্ষ বক্তব্যৰে সমৃদ্ধ মননশীল আৰু চিন্তা-উদ্ৰেককাৰী প্ৰবন্ধসমূহে জনমানসত এক সুকীয়া স্থান দখল কৰিছে৷ উপন্যাস-ৰচনাত থকা আপোনাৰ দক্ষতা আৰু নৈপুণ্যতাকো পাঠকে বিনাদ্বিধাই শলাগিছে৷ কিন্তু আমাৰ ভাৱ হয়, ডাঃ ভৃংগেশ্বৰ শৰ্মাৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ অপূৰ্ব আৰু উৎকৃষ্ট চানেকী বহন কৰিছে আপুনি ৰচনা কৰা হাস্য-ব্যংগ লিখনিসমূহেহে৷ সমসাময়িক সমাজখনৰ নানানটা

Read more

চুপ! ৰজা শুই আছে!! – জ্যোতিৰূপম দত্ত

চুপ! হৈ-হাল্লা একো নকৰিব! ৰজা শুইছে৷ অমাত্যবৰ্গও ঘোৰ নিদ্ৰাত৷ ৰাজন্যবৰ্গ, সভাসদসকল, পাৰিষদসকল, পালি-পহৰীয়া সকলো গভীৰ নিদ্ৰাত৷ আনকি আনটো ফৈদৰ ৰজাৰ বিৰোধী বীৰসকলেও এঘুমটি মাৰিছে৷ ৰজাকে ধৰি ৰাজন্যবৰ্গয়ো সুউচ্চ দেৱালেৰে ঘেৰা হাউলীত শান্তিৰে শুইছে৷বৰ্তমানৰ ৰজাই ৰাজধানীৰ সোঁমাজত নৱনিৰ্মিত অত্যাধুনিক ৰাজপ্ৰাসাদত থাকিবলৈ এৰি বৰ-লুইতৰ পাৰৰ ৰাজ্যিক অতিথিশালাটোকেই ৰজাৰ ৰাজহাউলী হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে৷ নিৰিবিলি মনোৰম ঠাই, সেয়ে আপোনালোকে বেছিকৈ চিঞৰ-বাখৰ কৰিলে ৰজাৰ সুখনিদ্ৰা ভংগ হ’ব পাৰে৷ পিছে আগৰজনা স্বৰ্গদেৱেও ৰজাৰ বাবে নিৰ্দিষ্টকৈ ৰখা প্ৰাসাদত নাথাকি পাহাৰৰ ওপৰৰ আন এটা অতিথিশালাকেই বাছনি কৰিছিল৷

Read more

ছাউথৰ বিহু সম্ৰাজ্ঞী – মানসী হাজৰিকা

বিহু নচাৰ প্ৰতি দুৰ্বলতা খুব সৰুৰে পৰা। মোৰ তেতিয়া বয়স পাঁচ বছৰমান৷ ওচৰৰে বাইদেউ এজনীক বিহু শিকাবলৈ বিহুৱা ডেকাৰ দল এটা আহে। মোৰ আগ্ৰহ দেখি মায়ে তাত বিহু নাচ শিকাৰ সুবিধা কৰি দিলে। দহ দিন মান গৈছিলনে নাই জানো,দূৰদৰ্শী পিতৃৰ চকুত ভৱিষ্যতে কন্যাই কোনোবা ঢুলীয়া ডেকাৰ বৰঘৰ শুৱনি কৰাৰ ছবিখন ছয়া-ময়াকৈ ধৰা দিলে আৰু সেইখিনিতে বিহু প্ৰশিক্ষণৰ অন্ত পৰিল। তাৰ সলনি মোক বৰগীত বা সত্ৰীয়া নৃত্যৰ তালিম দিয়াৰ আলোচনা চলিল ৷ কটন কলেজত পঢ়ি থাকোঁতে তাত হোৱা বিভিন্ন অনুষ্ঠানত লগৰবোৰে

Read more

আউটডেটেড – দীপিকা ডেকা

ৰাস্তাৰ দাঁতিত ঢেঁকীয়া শাক বিচাৰি থকা পেহীয়ে ভোৰভোৰাই আছিল-“বোলোঁ,বছৰেকৰ বিহুটোত খাবলৈ শাক কেইবিধো পাবলৈ নোহোৱা হ’ল আজিকালি গাঁৱত ! কি যে দিনকাল পৰিল! ঢেঁকীয়াকেইডালো নাপাওঁ৷” ভোৰভোৰাই-ভোৰভোৰাই পেহী মহেন্দ্ৰ মাষ্টৰৰ পদূলি পালেগৈ৷ মাষ্টৰৰ পদূলিমুখতে থকা তিতাভেকুৰিজোপাৰ পৰা ঢেঁকীয়া-ভাজিত দিবলৈ দুটামান লওঁ বুলি খন্তেক ৰ’ল। মাষ্টৰৰ পদূলিলৈ চাই পঠিয়াই পেহীয়ে জোপোহাৰ আঁৰেৰে ছোৱালী এজনী দেখিলে৷ মাষ্টৰৰ জীয়েক,মইনা৷ চহৰৰপৰা বিহুৰ বন্ধত ঘৰলৈ আহিছে৷ পেহীয়ে কালিও তাইক দেখিছিল৷ পদূলিতে অকলে অকলে খোজকাঢ়ি আছিল৷ মাজে মাজে অকলে হাঁহে আৰু কথাও পাতে৷ পেহী কালি বৰ আচৰিত

Read more

আড্ডা – উজ্জ্বল ফুকন

“তই কি ভাবি আছ৷ ঠাকুৰে ক’ব নেকি আমাক যাবলৈ?”-চুলি দীঘল ল’ৰাটোৱে চিগাৰেটৰ ধোঁৱাখিনি ওপৰলৈ উৰুৱাই তাৰ লগত বহি থকা শকত ল’ৰাটোক সুধিলে৷ “নাই একো নকয়৷ এইটো ফাৰ্ষ্ট ছিগনেল৷ ইয়াৰ পিছত আৰু এবাৰ আহিব ঠাকুৰ৷ তাৰ পাছত আৰু নাহে৷ কুংফুৱে ভুকি ভুকি যাবলৈ ক’ব৷” শকত ল’ৰাটোৱে পেটটোত হাতখন থৈ উত্তৰ দিলে৷ মুখৰ চিগাৰেটটো তাৰ কথাৰ লগে লগে কঁপি আছিল৷ “বাহ ! তই দেখোন ঠাকুৰৰ বহুত কথা গম পাৱ৷ কিন্তু কথাবোৰ আধা হৈ থাকিল নহয়৷ কিমান সময়ৰ পাছত আকৌ ঠাকুৰ আহিব জান

Read more

ফটাপ্ৰশ্ন

(১) ৰঞ্জিত কুমাৰ শৰ্মাঃ- ফটহু ডাঙৰীয়া, মানুহে ঘাঁহ খাই জীয়াই থকা হ’লে আপোনাৰ কি লাভ হ’লহেতেন? ফটহুঃ- কিডাল লাভ হ’বহে;  লোকচানহে হ’লহেঁতেন। তেতিয়া ঘাঁহৰ ওপৰতো GST, চিণ্ডিকেট টেক্স, দাদাগিৰি হফ্টা সেইবোৰ দিব লগা হ’লহেঁতেন, ল’ৰা-ছোৱালীক চাইনীজ মেডিচিন মাৰি ৰাতিৰ ভিতৰতে দুফুট ওখ হোৱা ঘাঁহ খোৱাব লগা হ’লহেঁতেন। এতিয়া তেও দুখীয়া নিচলাই ভাত খাবলৈ নেপালে-টেক্স নিদিয়াকে ঠাণ্ডা পানীৰ লগত ঘাঁহ দুডাল চোবাই ৰাতিটো শুই থকাৰ ব্যৱস্থাকণ আছেগৈ, তাকো অৰ্গেনিক ঘাঁহ। (২) ধৰিত্ৰী শৰণীয়াঃ- ফটাঢোলৰ বৰলাই কিয় বৰলী বিচাৰি হাবাথুৰি খাব লগা

Read more

ফটা কীৰ্তন – ৰূপল নাথ

(তৃতীয় অধ্যায়) জয় জয় সভাসদ ফটাঢোল নিবাসী ৷ নিবেদিলো প্ৰণাম মই সভাৰ মধ্যে আসি ৷৷ নাৰী পৰ্ব নামে আজি তৃতীয় অধ্যায় ৷ বেকত কৰোঁ কিছু কথা ক্ষমিয়োক দায় ৷৷ গোটৰ মধ্যে আছে যত ৰমণী স্ত্ৰী গণ ৷ স্বৰূপ দেখাইবাক লাগি কৰোঁ আয়োজন ৷৷ নাম প্ৰকাশি মই নকৰি পাপ কৰ্ম ৷ নিজগুণে বুজি লৈলে হৈবে পৰম ধৰ্ম ৷৷ এক নাৰী আছে গোটে অনেক প্ৰসাধন ৷ অশ্ব পুচ্ছ যেন কেশ দেখিতে শোভন ৷৷ বিহা লেখী পিজলা নামে তিনি ভগ্নী ৷ সেই কেশে

Read more

সাহিত্যৰ জগতৰ দুখন ঐতিহাসিক খৰিয়ালৰ ভিতৰুৱা কথা – জ্যোতিৰূপম দত্ত

কেইজনমান অসমীয়াৰ ব্যক্তিগত পৰ্য্যায়ৰ সাধাৰণ কথা এটাতে আৰম্ভ হোৱা কাজিয়া এখনে অসমীয়া সাহিত্যৰ জগতখনত তোলপাৰ লগালে৷ সমবয়সীয়া, সমভাৱাপন্ন এজাক তেজাল অসমীয়া ডেকাৰ সামান্য ধেমেলীয়া কথা এটাৰ পৰাই ভুল বুজাবুজি হৈ দুটা বেলেগ গোট গঠন হ’ল৷ আনকি সাহিত্য চৰ্চা কৰা বহুকেইজনলোকৰ মাজতো বিভাজন ঘটিল৷ পিছে অসমীয়া সাহিত্যৰ জগতখনলৈ এই ঘটনা প্ৰৱাহেই আমুল পৰিবৰ্তন আনিলে৷ সাহিত্যৰ জগতখনৰ দুটা ফৈদৰ মাজত হোৱা থৈয়া-নথৈয়া ৰণখনে বহুতকে আমোদ যোগালে৷ এই ৰণত কোন পৰিল, কোন জিকিল, কাৰ লাভ হ’ল, কাৰ কি লোকচান হ’ল সেইবোৰৰ বিষয়ে খাটাংকৈ

Read more

সংখ্যাটোৰ আঁৰৰ কথা – ঈশান জ্যোতি বৰা

চোৰ-পুলিচৰ খেলখন আৰম্ভ হৈছিল যোৱা বছৰৰ শেষৰফালে৷ নিঃকিন চোৰৰ ভাৱত আছিল এই অধম আৰু সুদক্ষ পুলিচৰ ভাৱত আছিল তিতাবৰৰ বিজয় মহন্ত৷ কিহৰ ওপৰত ভিত্তি কৰি বিজয় মহন্তই মোক ‘ফটাঢোল’ কাৰাগাৰৰ এটা অবিচ্ছেদ্য কক্ষ ‘সম্পাদনা’ত সুমুৱাবলৈ ভীষ্মপ্ৰতিজ্ঞা লৈছিল,তাৰ আঁতি-গুৰি মই,এইমুহূৰ্তলৈকে পোৱা নাই৷ কাৰণ মই কাৰোৰে জগৰ লগোৱা নাই৷ অপৰাধ দূৰৰে কথা৷ সেয়ে পলাই ফুৰিছিলোঁ৷ মাজতে এমাহমান পুলিচৰ দেখা-সাক্ষাৎ নাই৷ ময়ো ভালেই পালোঁ৷ মনৰ পৰা ভয়ৰ ভাৱ আঁতৰিল৷ পিছে ‘ৰক্ষা! বাচিলোঁ’ বুলি স্বস্তিৰ নিশ্বাসটো এৰিবলৈ নৌপাওঁতেই,তেৰা আকৌ হাজিৰ হ’লহিয়েই নহয়৷ নগাঁৱৰ হাৰ্ডৱেৰৰ

Read more
1 2 3 9