ফটাঢোল

সদন – মূল: হৰিশংকৰ পাৰসাই (অনুবাদ: হিমাংশু ভাগৱতী)

দেশৰ সংসদত এদিন হাহাকাৰ লাগিল। সেই হাহাকাৰৰ ৰাজনৈতিক কোনো কাৰণ নাছিল, কাৰণ আছিল এটা বৰ ৰসাল ঘটনা। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ অকস্মাৎ চুলি খুৰোৱাক লৈ লাগিছিল হাহাকাৰটো। কালিলৈকে মন্ত্ৰীজনৰ মূৰটো জপৰা চুলিৰে ভৰি আছিল, ৰাতিৰ ভিতৰতে চুলি নোহোৱা কেনেকৈ হ’ল?

সকলোৱে কথাটো আলোচনা কৰিবলৈ ল’লে। বিভিন্ন অনুমান কৰিবলৈ ধৰিলে। কোনোবাই ক’লে- মূৰত ওকণি হৈছিল কিজানি, আন কোনোবাই আকৌ ক’লে- মগজুত বিচাৰ বুদ্ধি ভৰাবলৈ বোধহয় চুলিৰ আৱৰণখন গুছাই ল’লে, আকৌ কোনোবাই ক’লে- পৰিয়ালৰ কোনোবা ঢুকালে বোধহয়। কিন্তু মন্ত্ৰীক আগৰ দৰে প্ৰসন্ন ভাবতে থকা দেখা গ’ল।

বহুত ফুচ-ফুচ, বু-বু, বা-বাৰ শেষত এজন সাংসদে প্ৰশ্ন উঠালে- “অধ্যক্ষ মহোদয়। মন্ত্ৰী মহোদয়ৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হৈছে নেকি আমাক জনাবনে?”

মন্ত্ৰীয়ে উত্তৰ দিলে- “নাই।”

যিসকলৰ বিৰুদ্ধে সদনত মন্ত্ৰীজনে বিল এখন দাখিল কৰাৰ কথা, সেইসকলে লগ লাগি মন্ত্ৰীৰ মূৰৰ চুলি খুৰাই দিলে নেকি? সদস্যসকলে এইবাৰ নতুন অনুমান লগালে।

এজন সদস্যই সুধিলে- “অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে গম পাইছে নে তেখেতৰ চুলি যে খুৰোৱা হৈছে? যদি গম পাইছে মন্ত্ৰী মহোদয়ে জনাবনে তেখেতৰ মুণ্ডন কোনে কৰিলে?”

মন্ত্ৰীয়ে বিৰক্তিৰে উত্তৰ দিলে- “মই নেজানো মোৰ চুলি খুৰোৱা হৈছে নে নাই!”

বহুত বিৰোধী সদস্যই একেলগে চিঞৰি উঠিল- “হৈছে হৈছে। সকলোৱে দেখিয়েই আছে।”

মন্ত্ৰীয়ে ক’লে- “সকলোৱে দেখিলে একো কামত নাহে। চৰকাৰে দেখিব লাগিব। চৰকাৰে অনুসন্ধান কৰিব মোৰ চুলি খুৰোৱা হৈছে নে নাই।”

এজন সদস্যই ক’লে- “ইয়াৰ অনুসন্ধান এতিয়াই শেষ হৈ যাব, মন্ত্ৰী মহোদয়ে মাত্ৰ এবাৰ মূৰত হাত ফুৰালেই হ’ল।”

মন্ত্ৰীয়ে উত্তৰ দিলে- “মই নিজে মূৰত হাত ফুৰাই কেতিয়াও নাচাওঁ। চৰকাৰে এই বিষয়টোত কোনো খৰখেদা নকৰে। কিন্তু মই সদনৰ আগত কথা দিলো আমাৰ চৰকাৰে এই বিষয়টোৰ বিস্তৃত অনুসন্ধান কৰি সকলো তথ্য সদনৰ আগত দাখিল কৰিব।”

বিৰোধীয়ে চিঞৰিলে- “ইয়াত অনুসন্ধানৰ কি প্ৰয়োজন আছে? আপোনাৰ মূৰ, আপোনাৰে হাত। নিজৰ মূৰত হাত ফুৰাই চোৱাত মন্ত্ৰী মহোদয়ৰ আপত্তি কিয়?”

মন্ত্ৰীয়ে ক’লে- “মই সদস্যসকলৰ সৈতে একমত যে মূৰ আৰু হাত দুয়োটা মোৰ নিজৰ। কিন্তু আমাৰ হাত পৰম্পৰা আৰু নীতি নিয়মেৰে বান্ধি থোৱা আছে। মই নিজৰ মূৰত হাত ফুৰাই চাব পৰাকৈ স্বতন্ত্ৰ নহওঁ। চৰকাৰৰ এক নিৰ্দিষ্ট কাৰ্যপদ্ধতি থাকে। বিৰোধী সদস্যসকলৰ হেঁচাতেই সেই কাৰ্যপ্ৰণালীক নস্যাৎ কৰিব নোৱাৰো। মই সদনত এই বিষয়ে এটা বক্তব্য ৰাখিম পিছত।”

গধূলি মন্ত্ৰী মহোদয়ে সদনত নিজৰ বক্তব্য ৰাখিলে- “অধ্যক্ষ মহোদয়। মোৰ মূৰৰ চুলি খুৰোৱা হৈছে নে নাই বুলি সদনত প্ৰশ্ন উঠিছে। যদি হৈছে কোনে খুৰাইছে? এই প্ৰশ্নটো বহুত জটিল আৰু এই বিষয়ে চৰকাৰে লগে লগে একো সিদ্ধান্ত নিদিয়ে। মই ঠিককৈ কব নোৱাৰো মোৰ চুলি খুৰোৱা হৈছে নে নাই। যেতিয়ালৈ অনুসন্ধান সম্পূৰ্ণ নহয় চৰকাৰে এই সম্বন্ধত একো মতামত দিব নোৱাৰে। আমাৰ চৰকাৰে এখন তিনিজনীয়া অনুসন্ধান কমিটি নিযুক্ত কৰিছে, যিয়ে এই বিষয়টো অনুসন্ধান কৰিব। অনুসন্ধান কমিটিৰ ৰিপ’ৰ্ট মই সদনত দাখিল কৰিম।”

বিৰোধীয়ে ক’লে- “এই বিষয়টো কুটুবমিনাৰ সম্পৰ্কীয়টো নহয় যে যুগ যুগ থিয় হৈ থাকিব। এইটো আপোনাৰ চুলিৰ কথা যি বাঢ়ি থাকিব আৰু কটোৱাইয়ো থাকিব আপুনি। ইয়াৰ তদন্ত অতি শীঘ্ৰে হ’ব লাগে।”

মন্ত্ৰীয়ে ক’লে- “কুটুবমিনাৰৰ সৈতে মোৰ চুলিক তুলনা কৰি অপমান কৰাৰ অধিকাৰ সদস্যসকলৰ নাই। তদন্ত সমাপ্ত নোহোৱালৈ মূল সমস্যাটোৰ ওপৰত চৰকাৰে একো মন্তব্য দিব নোৱাৰে।”

তদন্ত কমিটিৰ কাম বছৰ বছৰ চলি থাকিল চৰকাৰী খৰচত। ইফালে মন্ত্ৰীৰো চুলি বাঢ়ি থাকিল।

বহুদিন পিছত এদিন মন্ত্ৰীয়ে অনুসন্ধান কমিটিৰ ৰিপ’ৰ্ট সদনত দাখিল কৰিলে।

অনুসন্ধান কমিটিয়ে নিৰ্ণয় কৰিলে যে মন্ত্ৰীৰ চুলি খুৰোৱা হোৱা নাছিল। শাসক দলৰ সদস্যসকলে হৰ্ষধ্বনিৰে মন্ত্ৰীয়ে দাখিল কৰা ৰিপৰ্ট’ক সমৰ্থন জনালে।

সদনৰ আনটো পক্ষৰ পৰা চিঞৰ বাখৰ ভাহি আহিল। এই প্ৰতিবেদন মিছা বুলি হাল্লা কৰিলে, মন্ত্ৰীৰ চুলি খুৰোৱা কথাটো সঁচা আছিল বুলি চিঞৰি চিঞৰি প্ৰতিবেদনৰ বিৰোধিতাও কৰিলে।

মন্ত্ৰী হাঁহি হাঁহি উঠিল আৰু ক’লে- “এয়া আপোনালোকৰ খেয়াল হ’ব পাৰে। কিন্তু প্ৰমাণটো লাগিব কিবা। আজিও যদি আপোনালোকে প্ৰমাণ দিব পাৰে মই আপোনালোকৰ কথা মানি ল’ব পাৰো।”

এনেকৈ কৈ মন্ত্ৰীয়ে নিজৰ ঘন চুলিত হাত বুলালে আৰু সদনৰ বেলেগ কিবা সমস্যা সমাধান কৰাত ব্যস্ত হ’ল।

★★★★

One comment

  • Gourisankar Sarmah

    ভাল লাগিল পঢ়ি হিমাংশু দা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *