ফটাঢোল

প্ৰিক'চনচ্‌ বিফ'ৰ ভেকুৱাম ক্লিনিং– প্ৰতিভূ দত্ত

(১)

মই ঘৰত ইটো সিটো বহুতো কাম কৰোঁ৷
আজি দেওবাৰে ঘৰত ভেকুৱাম ক্লিলিং কৰিলো৷ জীৱনত প্ৰথম বাৰৰ বাবে কামটো কৰিলো৷ গোটেই ঘৰটো ভেকুৱাম ক্লিনাৰ টানি টানি ঘূৰি ফুৰিলো৷ বিচনাৰ তল, ডাইনিং টেবুলৰ তল, গডৰেজৰ পিছফাল, চিলিং, একো বাদ দিয়া নাই৷

প্ৰায় দুই ঘন্টা মানৰ পিছত শ্ৰীমতীয়ে মোক ক’লে,

-“হেৰা ভেকুৱাম ক্লিলাৰটো লৈ যেতিয়া গোটেই ঘৰটো ঘূৰিলাই সেইটো অন (ON) কৰি নোলোৱানো কিয়? অন্ততঃ তোমাৰ খেল ধেমালীৰ মাজতে ঘৰৰ ধূলি মকৰাজালখিনিও চফা হ’ল হয়!”

মই তেতিয়াহে বুজিলো আচল কথাটো,
ভেকুৱাম ক্লিনাৰ চলালে হেডফোনত গান শুনি থাকিব নালাগে৷ তেনে কৰিলে ক্লিনাৰটো অন আছে নে নাই গম পোৱা নাযায়।

(২)

একেবাৰে গাজা

শ্ৰীমতী,

-“ৰখোৱা ৰখোৱা! আগফালে মস্ত ডাঙৰ গছ এজোপা আছে।”

বিছ চেকেণ্ড পিছত শ্ৰীমতী,

-“অ’ মা! হেৰা ৰখোৱা ৰখোৱা!”

দহ চেকেণ্ড পিছত শ্ৰীমতী,

-“হেৰা হেৰা ৰখোৱা নহ’লে এক্সিডেন্ট হ’ব!”

পাঁচ চেকেণ্ড পিছত

‘খামাহহহহহহহহহহহহহহ!’ হৈ গ’ল এক্সিডেন্ট!

হস্পিতলত শ্ৰীমতী,

-“মই ইমান চিঞৰিলো গাড়ী ৰখোৱা, গছ আছে, এক্সিডেন্ট হ’ব৷ তুমি মোৰ কথা নুশুনিলা নে গছজোপা নেদেখিলা?”

শ্ৰীমান কেকাই গেঁথাই

-“তোমাৰ কথাও শুনিছিলো, গছো দেখিছিলো৷”

শ্ৰীমতী,

-“তেনেহ’লে গাড়ীখন নৰখালা কিয়?”

শ্ৰীমান, কেকাই গেঁথাই,

-“হেৰা গাড়ীৰ ষ্টেৰিং, ব্ৰেক, ক্লাছ, গীয়েৰ গোটেইবোৰ তোমাৰ হাতত আছিল৷ গাড়ী চলাই আছিলা তুমি৷ মইনো ৰখাওঁ কেনেকৈ?”

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *