বিতচকু –প্ৰণীতা গোস্বামী বৰঠাকুৰ
ক’ত গ’লি হয়নে মোৰ
মৰমৰ সোণাই
তই নহ’লেই মোৰ
দিনতে আন্ধাৰ;
নোৱাৰো এৰিব তোক
নিদ্ৰাত থকাৰ বাদে,
নকৰো অৱহেলা অকণো
দেখিলেও বেয়া আনে।
নাক-কাণৰ সহায়ত তোক
বহুৱাই থওঁ জেগাত
পৰ বুলি ভয়তে থওঁ
কেতিয়াবা মূৰত উঠাই,
ভিন ভিন ৰূপত তই
আছ বিৰাজ কৰি
ব্যক্তিত্বও বঢ়াইছ তই
বয়স অনুযায়ী।
সৰুতে ভাবিছিলো তই
থাকিলে লগত
মেধাবী লাগিব মোক
আনৰ আগত,
ভুলটো ভাঙিল মোৰ
অতি সোনকালে
যেতিয়া বুজিলো তই
চিনাকি দৃষ্টিৰে।
জাতিৰ পিতাকো তই
আছিলি শুৱাই
তোৰ সেই আকাৰে পাইছিল
তেওঁৰ নামত ঠাই।
পণ্ডিত প্ৰৱৰেও তোক
কৰিছিল আদৰ
শকত ক’লা সাজেৰে তই
আছিলি মানৰ।
প্ৰখৰ ৰ’দকো তই
কৰ প্ৰত্যাহ্বান
নিৰলে মানুহক দিয়
ফেচনৰ আহ্বান।
বহুজনে থয় তোক
মণিত লগাই
দেখিব আপচু বুলি
নিজকে বুজায়।
মহাকাশচাৰী, সাঁতোৰবিদ
সকলোৱে তোক
নোলোৱাকে নাযায় কেতিয়াও
বুজে তোৰ মোল।
ক’লা বগা ৰঙা আদি
বিভিন্ন ৰঙেৰে
আছিলি শুৱাই তই
পূজাৰ বজাৰে
খেলিছিলো তোক পিন্ধি
সমনীয়াৰ সৈতে
সৌন্দৰ্য বাঢ়িছে বুলি
আনন্দ মনেৰে।
আছিলি শুৱাই ‘বাইদেউ’ৰ চকুত
আমাৰ “স্কুল স্কুল” খেলত
আইতাৰ নাল ভঙা যোৰেহে
পাইছিল সন্মান সেই মেলত।
আজিৰ দিনত তই হ’লি
ফেচনৰ এক প্ৰতীক,
গাঁঠিৰ ধন ভাঙি কিনে
তোৰেই বহু প্ৰেমিক।
ক’তনো আছ লুকাই
ফুৰিছো বিচাৰি
টিভিটো চাবলৈ বহি
খাইছো হাবাথুৰি।
নমনো একোকে মই
তোৰ অবিহনে
বিচাৰি দিয়াচোন হে’ৰা
ছচমা যোৰ মোৰে!
6:33 pm
আহ মজা লিখিছে দেই।
9:16 pm
বঢ়িয়া লাগিল বিত চকু!