ফটাঢোল

আপদীয়া পদ্য — প্ৰবীণ কুমাৰ বৰদলৈ

(১)
শুনিছেনে সভাসদ বৰঢোলৰ মাত
বতা চৰাই তেলটুপি বাজে নানা হাত
প্ৰতশ্ৰুতিৰ আহে বান
বিজুলীয়ে কাঢ়ে প্ৰাণ
ক’ত লুকাও বসুমতী তুমি দিয়া ফাট ৷৷
(২)
চল কৰি চকীখনত বহিলো যেতিয়া
কোনেও নোৱাৰে মোক উঠাব এতিয়া
লগত আছে মোৰ সাঙ্গোপাঙ্গ
সাহিত্য সাধনাৰ তেওঁলোকো অঙ্গ
ইয়াতকৈ ওখখনত বহিবলৈ পাম কেতিয়া ৷৷
(৩)
“ই এণ্ড ডি”ৰ ঠিকাদাৰ মি: বৰুৱা নাম
“চিক্সটি-ফৰটি কমিচন”ত মথাউৰি বন্ধা কাম
বৰপূত্ৰৰ পাঁচখন ৱীয়েৰ-বাৰ
সৰুটোৰ দহখন নাইট-চুপাৰ
বৰুৱানীয়ে ভাবে বছৰটোত তিনিবাৰ আহক বান ৷৷
(৪)
কণ্ঠলেঙুটি ডিঙিত পিন্ধে তেওঁ উচ্চ শিক্ষিত
পুৰণিকলীয়া ঢং এৰি আল্ট্ৰা-মডাৰ্ণত দীক্ষিত
ঘৈণীয়েকৰ ঘৰ জকাইচুকত
এদিনো যোৱা নাই সেই লাজত
গাঁৱৰ নাম সলনি কৰিলে বিহুত দিব হেনো ভিজিট ৷৷
(৬)
বৰুৱানী সোমাল ৰোহঘৰত উচুপনি হৈছে প্ৰিয়
কিনো হ’ল সুধিবলে’ বুলি বৰুৱা হ’লগৈ থিয়
ওচৰৰ দুঘৰত সোমাল চি,বি,আই
আমাৰ ঘৰতহে এপাকো মৰা নাই
‘ষ্টেটাচ্ চিম্বল’ত আঘাত লাগিছে দুখ নকৰিম কিয় ?

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *