এবাৰ এখন হাবিত পশুবোৰে অনুভৱ কৰিলে যে, তেওঁলোক সভ্যতাৰ উচ্চ শিখৰত অবস্থান কৰিলে৷ য’ত তেওঁলোকে এটা ভাল শাসন ব্যৱস্থা স্থাপন কৰিব লাগে৷ আৰু তাত সকলোৰে একমতত নিৰ্দ্ধাৰিত কৰা হ’ল যে বন-প্ৰদেশত প্ৰজাতন্ত্ৰ স্থাপন কৰা হওক৷ কথামতেই শীঘ্ৰেই এখন সমিতি গঠন কৰি বিধান মতে পঞ্চায়ত নিৰ্মাণৰ ঘোষণা কৰা হ’ল৷ য’ত বনৰ সমূহ পশুৰদ্বাৰা নিৰ্বাচিত প্ৰতিনিধি থাকিব, যি বন-প্ৰদেশৰ বাবে আইন আৰু শাসন কৰিব৷

পশুসমাজত এই “ক্ৰান্তিকাৰী“ পৰিবৰ্তনৰ পৰা আনন্দৰ জোৱাৰ উঠিল৷ কাৰণ সুখ, সমৃদ্ধি আৰু সুৰক্ষাৰ যেন স্বৰ্ণযুগ আহিবলৈ ধৰিছে৷

যিখন বন -প্ৰদেশৰ কাহিনী উপস্থাপন কৰা হৈছে তাত ভেড়াসমূহ বহুত ভদ্ৰ, কোমল, বিনয়ী, দয়ালু, ন্যায়প্ৰিয়, আৰু নিৰ্দোষী পশু, যি ঘাঁহো বাচি বাচি খায়৷
ভেড়াসমূহে ভাবিলে, “এতিয়া আমাৰ ভয় দূৰ হ’ব৷ আমি আমাৰ প্ৰতিনিধি সকলৰ পৰা এনেধৰণৰ এখন আইন নিৰ্মাণ কৰাম, য’ত কোনো জীৱই যাতে কোনো জীৱক অত্যাচাৰো কৰিব নোৱাৰে আৰু হত্যাও কৰিব নোৱাৰে৷ সকলো যাতে জীয়াই থাকে আৰু আনকো জীয়াই থাকিবলৈ দিয়ে৷ শান্তি, স্নেহ, বন্ধুত্ব আৰু সহযোগেৰে আধাৰিত হয় যাতে সমাজখন৷“

আনফালে কিন্তু কুকুৰনেচীয়া বাঘবোৰে ভাবিলে, “আমাৰ সঙ্কটকাল আহিল, ভেড়াৰ সংখ্যা ইমানেই বেছি যে পঞ্চায়তত সিহঁতৰেই বহুমত হ’ব আৰু তেওঁলোকে যদি আইন নিৰ্মাণ কৰি কয় যে, কোনো পশুৱে কোনো পশুক হত্যা কৰিব নোৱাৰে, তেনেহ’লে আমি খাম কি? আমি ঘাঁহ খাবলৈ শিকিব লাগিব নেকি?“

যিমানেই নিৰ্বাচনৰ দিন কাষচাপি আহিল ভেড়াবোৰৰ উল্লাস বাঢ়ি গ’ল আৰু তাৰ বিপৰীতে কুকুৰনেচীয়াসমূহৰ চিন্তা বাঢ়ি গ’ল৷
এদিন এটা বুঢ়া শিয়ালে কুকুৰনেচীয়া বাঘ এটাক সুধিলে, “মালিক আজিকালি আপুনি বৰ মন মাৰি থাকে!“
প্ৰত্যেকটো কুকুৰনেচীয়া বাঘৰ কাষত প্ৰায় ২/৪ টা শিয়াল থাকেই৷ যেতিয়া কুকুৰনেচীয়াই নিজৰ চিকাৰ খাই উঠে, তেতিয়া শিয়ালবোৰে হাড়ত লাগি থকা অবশিষ্ট মাংসবোৰ কুটি কুটি খায়, আৰু হাড়বোৰ চুহি থাকে৷ ইহঁত কুকুৰনেচীয়া বাঘৰ ওচৰে পাজৰে নেগুৰ জোঁকাৰি জোঁকাৰি ঘূৰি ফুৰে, তেওঁলোকৰ সেৱা কৰে আৰু সময় অসময় নাই “হোৱা হোৱা“ কৈ চিঞৰি তেওঁলোকৰ জয়ধ্বনি দি থাকে৷

পুনৰ বুঢ়া শিয়ালটোৱে গম্ভীৰতাৰে সুধিলে, “, আপোনাৰ মুখচন্দ্ৰত চিন্তাৰ ডাৱৰে কিয় আবৰি ধৰিছে?“
(সেই শিয়ালটোৱে হয়তো কবিতা জানিছিল নাইবা আনৰ উক্তি নিজৰ বুলি উপস্থাপন কৰিছিল৷)

বাৰু যি নহওক, কুকুৰনেচীয়াটোৱে ক’লে, “তই নাজান নেকি যে, বন-প্ৰদেশত নতুন চৰকাৰ গঠন হোৱাৰ কথা আছে, আমাৰ ৰাজত্ব এতিয়া শেষ হ’ব৷“

শিয়ালে দাঁতকেইটা নিকটাই ক’লে, “আমি কি জানো! আপুনিয়ে আমাৰ সকলো আমি আৰু বেলেগ চৰকাৰৰ কথা নাজানো৷ আপুনি দিয়া খাই আছো আৰু আপোনাৰেই গুণগান কৰোঁ৷“

কুকুৰনেচীয়াই ক’লে, “কিন্তু এতিয়া এনে এটা সময় আহিব যে শুকান হাড়ো চোবাবলৈ পোৱা নাযাব৷“ শিয়ালে যদি সকলো জানিও নজনাৰ ভাও নধৰিলেহেঁতেন, তেনেহ’লে শিয়াল জানো বনৰ ৰজা সিংহ নহলহেঁতেন!

অৱশেষত কুকুৰনেচীয়াই শিয়ালক বন-প্ৰদেশৰ নিৰ্বাচনৰ কথা বুজালে আৰু উদাস মনেৰে ক’লে, “নিৰ্বাচন এতিয়া কাষ চাপি আহিছে, এতিয়া আৰু ইয়াৰ পৰা পলোৱাৰ বাহিৰে আন উপায় নাই, কিন্তু যামনো ক’লৈ?“

শিয়ালে ক’লে, “চাৰ্কাছলৈ গুচি যাওক৷“
কুকুৰনেচীয়াই ক’লে, “তাতো কেৱল সিংহ আৰু বাঘকহে লোৱা হয়৷“

তেনেহ’লে? শিয়ালে খুউব ভাবি চিন্তি কলে, “তেনেহ’লে চিৰিয়াখানালৈকে যাওক৷“
কুকুৰনেচীয়াই ক’লে, “আৰে তাতো ঠাই নাই, শুনিছো আজিকালি তাত মানুহো থ’বলৈ লৈছে৷“

বুঢ়া শিয়াল এইবাৰ যেন ধ্যানত মগ্ন হ’ল৷ এটা চকু বন্ধ কৰি, তলৰ ওঁঠটো দাঁতেৰে কামুৰি আনটো চকুৰে আকাশলৈ এনেধৰণে চাবলৈ ধৰিলে যেন ঈশ্বৰৰ লগতহে যোগাযোগহে কৰিছে৷
লাহেকৈ ক’লে, “মই সকলো বুজি পালো৷ মালিক, যদি পঞ্চায়তত আপোনালোকৰ মানে কুকুৰনেচীয়া সকলৰ বহুমত হৈ যায় তেতিয়া?“

কুকুৰনেচীয়াই বিৰক্ত হৈ ক’লে, “কি আকাশত চাং পতা কথা কৈছ? আৰে আমাৰ জাতিকুল ১০ বছৰীয়া, তাৰ তুলনাত ভেড়াৰ জাতিকুল ৬০ বছৰীয়া৷ সিহঁতে বাৰু আমাক কিয় নিৰ্বাচন কৰিব! ক’ৰবাত শুনিছনে জীৱনটোৱে নিজকে মৃত্যুৰ হাতত সমৰ্পণ কৰি দিয়া৷ অৱশ্যে যদি এনেকুৱা হ’লহেতেঁন তেনেহ’লে চিন্তাই নাছিল৷“

তেতিয়া বুঢ়া শিয়ালটোৱে ক’লে, “আপুনি ক্ষুণ্ণ নহ’বচোন, এদিনৰ সময় দিয়ক৷ কালিলৈকে কিবা উপায় এটা নিশ্চয় ওলাব, কিন্তু এটা কথা আপুনি মই কোৱা মতে কামবোৰ কৰিব লাগিব৷“

বিপদৰ সময়ত কুকুৰনেচীয়াই শিয়ালকে নিজৰ গুৰুৰূপে মানি, আজ্ঞা পালনৰ শপত ল’লে৷

পাছদিনা বুঢ়া শিয়ালটোৱে লগত আৰু তিনিটা শিয়াল লৈ আহিল, তাৰে ভিতৰত এটাক হালধীয়া, এটাক নীলা আৰু এটাক সেউজীয়া ৰং দি আনিছিল৷

কুকুৰনেচীয়াই সুধিলে, “এওঁলোক কোন?“
বুঢ়া শিয়ালে ক’লে, “এওঁলোকো শিয়াল মালিক, ৰঙীন শিয়াল আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাব৷“

কুকুৰনেচীয়া অলপ শঙ্কিত হ’ল আৰু ক’লে, “কিন্তু এওঁলোকৰ কথা শুনিব কোনে? এওঁলোক এনেয়ো ঠগ প্ৰবঞ্চনাৰ বাবে বদনামী৷“
বুঢ়া শিয়ালে কুকুৰনেচীয়াৰ হাত এখনত চুমা খাই ক’লে, “বহুত অজলা আপুনি মালিক, শুনামতে ৰূপ-ৰং সলনি কৰিলে হেনো মানুহো সলনি হৈ যায়, ইহঁতটো সাধাৰণ শিয়ালহে৷“

তাৰ পাছতেই বুঢ়া শিয়ালটোৱে কুকুৰনেচীয়াটোৰো ৰূপ সলনি কৰি পেলালে৷ কপালত তিলক, ডিঙিত মালা আৰু মুখত ঘাঁহৰ টুকুৰা লগাই দি ক’লে, “এতিয়া আপুনি সম্পূৰ্ণ সাধু হ’ল৷ চাৰিওটা শিয়ালে কুকুৰনেচীয়াৰ জয়জয়কাৰ কৰি ভেড়াৰ জাক এটাৰ ওচৰলৈ আহিল৷ বুঢ়া শিয়ালটোৱে আকৌ এবাৰ সাধু কুকুৰনেচীয়াৰ জয়ধ্বনি দিলে৷ ভেড়াখিনিয়ে তাকে দেখি চিঞৰিলে– “পলোৱা এইটো কুকুৰনেচীয়া৷“

লগে লগে বুঢ়া শিয়ালে সিহঁতক ক’লে, “ৰাইজ, এতিয়া আৰু ভয় নকৰিব, কুকুৰনেচীয়া এতিয়া সাধু হ’ল, তেওঁ হিংসা সমূলি এৰি দিলে, তেওঁৰ হৃদয় ‘পৰিবৰ্তন’ হ’ল৷ তেওঁ যোৱা সাতদিনৰ পৰা ঘাঁহ খাই জীৱন নিৰ্বাহ কৰিছে৷ ৰাতি দিন ভগবানৰ নাম লয় আৰু পৰোপকাৰ কৰে৷ তেওঁ তেওঁৰ সমস্ত জীৱন জীৱমাত্ৰৰ সেৱা উৎসৰ্গিত কৰি দিলে৷ এতিয়া তেওঁ কাৰো অন্তৰত কষ্ট নিদিয়ে, কাৰো গাৰ নোম এডালো নুচুৱে৷ ভেড়াবোৰলৈ তেওঁৰ বিশেষ মৰম আছে৷ আপোনালোকৰ জাতিটোৱে যিখিনি কষ্ট সহ্য কৰিছিল, সেইখিনি মনত পৰিলেই সাধুজনৰ চকুলো বৈ আহে, তেওঁৰ নিজৰ কুকুৰনেচীয়া জাতিটোৱে যিখিনি অত্যাচাৰ আপোনালোকৰ ওপৰত কৰিলে, সেইখিনিৰ বাবে সাধুজনে লাজতে মূৰ তুলিব পৰা নাই, এতিয়াও তেওঁ খুউব লজ্জিত৷ কিন্তু এতিয়া তেওঁ জীৱনৰ শেষৰ কালচোৱা আপোনালোকৰ সেৱা কৰি নিজৰ পাপৰ প্ৰায়শ্চিত কৰিব৷ আজি ৰাতিপুৱাৰে কথা – এটা ভেড়া পোৱালিৰ ভৰিত কাঁইট লাগিছিল আৰু সাধুজনে সেইডাল নিজৰ দাঁতেৰে উলিয়াইছিল৷ কিন্তু যেতিয়া সেই পোৱালিটো যন্ত্ৰণাত মৃত্যু ঘটিল, তেতিয়া সাধুজনে স-সন্মানেৰে পোৱালিটোৰ অন্ত্যেষ্টি-ক্ৰিয়া সমাপন কৰিলে৷ তেওঁৰ ঘৰৰ ওচৰত যিমানবোৰ হাড়ৰ দ’ম আছে, সেইখিনি দান দিয়াৰ কথা আজি ৰাতিপুৱাই তেওঁ ঘোষণা কৰে৷ এতিয়া তেওঁ সৰ্বস্ব বেয়া কৰ্ম ত্যাগ কৰিলে, এতিয়া তেওঁলৈ আপোনালোকে ভয় নকৰিব৷ তেওঁক নিজৰ ভাতৃ বুলি ভাবক৷
সকলোৱে মিলি কওঁক- সাধু কুকুৰনেচীয়াৰ জয়৷“

কুকুৰনেচীয়াটোৱে তেতিয়ালৈকে মূৰ তললৈ কৰি বিনয়ী প্ৰস্তৰ মূৰ্ত্তিটোৰ দৰে বহি আছিল৷ মাত্ৰ মাজে মাজে সন্মুখত থকা ভেড়াসমূহলৈ চায় আৰু লোভৰ পানী গিলে৷

বুঢ়া শিয়ালটোৱে পুনৰ ক’লে, “ৰাইজ মই কুকুৰনেচীয়া সাধুজনৰ ফালৰ পৰা প্ৰেম আৰু দয়াৰ বাৰ্তা দি প্ৰাৰ্থনা কৰিছো, তেওঁৰ হৃদয় প্ৰেমেৰে ভৰি আছে৷ তেওঁ আবেগিক হৈছে, সেইবাবেই তেওঁ বাকৰুদ্ধ হৈ পৰিছে৷ তেওঁ একো ক’ব পৰা নাই৷ এতিয়া আপোনালোকে এই তিনিবিধ প্ৰাণীলৈ চাওক৷ আপোনালোকে চিনি পাইছেনে, চিনি পাবনো কেনেকৈ? তেওঁলোক এই পৃথিৱীৰ নহয়, এওঁলোক স্বৰ্গৰ দেৱতা যিয়েই আমাক সৎ উপদেশ দিবলৈ পৃথিৱীলৈ আহিছে৷ হালধীয়াজন বিচাৰক, কবি তথা লেখক৷ নীলাজন নেতা আৰু স্বৰ্গৰ সাংবাদিক, আৰু সেউজীয়াজন ধৰ্ম্মগুৰু৷

এতিয়া কবিয়ে আপোনালোকক স্বৰ্গৰ সঙ্গীত শুনাব৷ কবি , হালধীয়া শিয়ালে “হোৱা হোৱা“ৰ বাহিৰেতো একো নাজানে, গতিকে হোৱা হোৱাকৈ চিঞৰি দিলে, তাকে দেখি নীলা শিয়ালটোৱেও হোৱা দিলে৷ বুঢ়া শিয়ালটোৱে আনটো শিয়ালক চকুৰ ইঙ্গিতেৰে হোৱা নিদিবলৈ কলে আৰু অতি চতুৰালিৰে পৰিস্থিতিটো এই বুলি কৈ চম্ভালি ললে যে, “ভাতৃ কবি মহাশয়ে কোৰাচতহে গীত গায়৷ কিবা বুজিলেনে আপোনালোকে? কেনেকৈনো বুজিব? আৰে, কবিৰ ভাষা যদি সকলোৱে বুজিয়ে পায়, তেনেহ’লে সেইজন কি কবি৷ তেওঁৰ কবিতাত আত্মাৰ সুৰ বিয়পি আছে৷ তেওঁ কৈছে যে, যেনেকৈ সৰগত পৰমাত্মা, তেনেকৈয়ে পৃথিৱীত কুকুৰনেচীয়া, কুকুৰনেচীয়া মহান৷ তেওঁলোক সৰ্ব্বব্যাপি, সৰ্ব্বশক্তিমান৷ প্ৰাতঃকাল আৰু সন্ধিয়া তেওঁ কপালত তিলক ধাৰণ কৰে৷ আবেলি হেঙুলীয়া আভাই তেওঁৰ মুখমণ্ডল চুম্বন কৰে, পৱন দেৱতাই তেওঁৰ দেহ শীতল কৰে আৰু ৰাতি তেওঁৰ শৰীৰৰ জ্যোতি লক্ষ লক্ষ খণ্ড হৈ আকাশত তৰা হৈ জিলিকি উঠে৷ হে মহান আপোনাৰ চৰণত এই ক্ষুদ্ৰমাত্ৰৰ প্ৰণাম৷“

তাৰ পাছত নীলা ৰঙৰ শিয়ালে ক’লে, “দুৰ্বলৰ ৰক্ষা বলবন্তই কৰিব পাৰে, ভেড়াসমূহ কোমল, দুৰ্বল আৰু নিজৰ ৰক্ষা নিজেই কৰিব নোৱাৰে৷ কুকুৰনেচীয়া বলবন্ত, সেইবাবে তেওঁৰ হাতত নিজৰ হিতখিনি এৰি দি নিশ্চিন্ত হৈ পৰক৷ তেওঁ আপোনালোকৰ ভাতৃ, আপোনালোক একে জাতিৰ৷ আপোনালোক ভেড়া আৰু এওঁ কুকুৰনেচীয়া, পাৰ্থক্য বহুত কম৷ আৰু মিছাকৈয়ে কুকুৰনেচীয়াই ভেড়া খায় বুলি বদনাম পাবলগীয়া হয়, খায় আন কোনোবাই আৰু হাড়খিনি সাধুজনৰ দুৱাৰমুখত থৈ যায়৷ তোমালোকেটো পঞ্চায়তত একো ক’বও নোৱাৰিবা৷ কুকুৰনেচীয়া বলবন্ত, যেতিয়াই তোমালোকৰ ওপৰত অন্যায় হব, তেতিয়াই এওঁ নিৰ্ভয়ে যুঁজ দিব৷“

তাৰ পাছত সেউজীয়া ৰঙৰ ধৰ্ম্মগুৰুৱে উপদেশ দিলে, “যিয়েই এই লোক ত্যাগ কৰিব, তেওঁ পৰলোকত স্থান পাব, যিয়েই ইয়াত দুখত ভুগিব, তেওঁ পৰলোকত সুখ পাব৷ যি ইয়াত ৰজা নিৰ্বাচন কৰিব, তেওঁ পৰলোকত ৰজা হব৷ যি ইয়াত ভোট দিব, তেওঁ তাত ভোট পাব৷
সেইবাবে সকলোৱে মিলি কুকুৰনেচীয়াক ভোট দিয়ক৷ দানী, পৰোপকাৰী, সাধু, মই তেওঁক প্ৰণাম কৰিছো৷“

এইটো মাত্ৰ এটা কুকুৰনেচীয়াৰ কথা নহয়, এইটো প্ৰত্যেক কুকুৰনেচীয়াৰ কথা৷ সকলো ঠাইতে একেদৰেই কুকুৰনেচীয়াৰ প্ৰচাৰ হৈ গ’ল যে কুকুৰনেচীয়াৰ বাহিৰে তেওঁলোকৰ বাবে হিতৈষী আৰু ৰক্ষাকাৰী কোনো নাই৷ যেতিয়া পঞ্চায়তৰ নিৰ্বাচন হ’ল তেতিয়া ভেড়াবোৰে নিজৰ ৰক্ষাৰ কুকুৰনেচীয়াক নিৰ্বাচন কৰিলে আৰু পঞ্চায়তত ভেড়াৰ হৈ হিতৈষী প্ৰতিনিধি হৈ গ’ল৷

আৰু পঞ্চায়তত কুকুৰনেচীয়াই ভেড়াৰ ভালৰ বাবে প্ৰথম আইন প্ৰণয়ন এইয়ে কৰিলে যে- “প্ৰত্যেকটো কুকুৰনেচীয়াক ৰাতিপুৱা জলপানৰ বাবে এটা ভেড়াৰ পোৱালি, দুপৰীয়া এটা গোটা ভেড়া আৰু ৰাতি স্বাস্থ্যৰ কথা ভাবি কম খাব লাগে, গতিকে ভেড়াৰ আধা অংশ এটা খাবলৈ দিব লাগিব৷“

★★★★

Comments

  1. আমিবোৰ সদায়ে ভেড়াৰ দৰে প্ৰতাৰিত হৈয়ে ৰমনে? ভাল মেচেজ এটা বহন কৰিছে ।

  2. বৰ ধুনীয়া লেখা এটাৰ সুন্দৰ অনুবাদ কৰিলা পূৰবী ৷ ভাল লাগিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *