বিলাসিতাৰ সুখ

-পৰিস্মীতা গগৈ

মূল-বিলাসিতা কি সুখ

লেখক- অৰবিন্দ সৰস্বত।

যেতিয়াই অন্য বিকশিত ৰাষ্ট্ৰৰ সুখ সুবিধাবোৰৰ কথা ক’ৰবাত পঢ়োঁ বা শুনিবলৈ পাওঁ‌ তেতিয়াই মোৰ হৃদয়ৰ পৰা দুখবোৰ নিমিষতে অন্তৰ্ধান হৈ যায়। মোৰ এই কথাষাৰ শুনি আপোনালোকে আকৌ ভাবি নল’ব যে আনৰ সুখ সুবিধা দেখিলে মোৰ জ্বলন হয়। এচিকুটো আত্মপ্ৰৱঞ্চনা নকৰাকৈ যদি কও মই আকৌ এনেকুৱা সুখ সুবিধাবোৰ তেওঁলোকৰ দুভাগ্য বুলিহে ভাবোঁ‌।

সুখ সুবিধাৰ যি মায়াজাল আমাৰ দেশত আছে, সেয়া আন ক’ৰবাত আছে বুলি মোৰ বিশ্বাস নহয়। এতিয়া আপোনালোকেই কওকচোন, সেই সুখ সুবিধাৰ কিয়েবা প্ৰয়োজন যিয়ে আপোনাক বন্দী কৰি থয়। শুনিবলৈ পোৱা মতে আমেৰিকাত বিজুলী থকা নথকাৰ সমান। যদি সঁ‌চাকৈয়ে কথাটো সঁ‌চা, তেন্তে তাৰ ঘৰতে থকা মানুহখিনিয়ে এক বা দুটা প্ৰয়োজনীয় কাৰণতহে বাহিৰলৈ ওলাবলৈ সুবিধা পায়। এতিয়া আমাৰ ইয়াত চাওক, দিনটোৰ দহঘন্টায়ে বিজুলী নাথাকে। বিজুলী থাকিলেও প্ৰায়ে জলদেৱতা গৈ ক’ৰবাত লুকাই থাকেগৈ। গতিকে এনেকুৱা পৰিস্থিতিবোৰত মানুহবোৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আহি চাৰিআলিবোৰত জুম বান্ধেহি। দিনটোৰ চৌবিশ ঘন্টাৰ প্ৰায় ষোল্ল ঘন্টাই মানুহবোৰে বাহিৰত আনন্দ উপভোগ কৰে; আৰু এনেকুৱা মুহুৰ্তবোৰত মনুষ্যন্দ্ৰিয় মুখ আৰু শ্ৰৱণ যন্ত্ৰই যি সুখ আৰু আনন্দ লাভ কৰে সেইবোৰ সেই পাশ্চাত্য দেশবোৰত ক’ত পায়। আমাৰ ইয়াততো পুৰুষেই হওক বা স্ত্ৰীয়ে হওক অন্তৰত পুঞ্জীভূত হৈ থকা জগতৰ সমস্ত বিদ্বেষবোৰ বাহিৰ কৰিবলৈ এনেকুৱা মুহূৰ্তবোৰৰ সদ ব্যৱহাৰ কৰে। পৰচৰ্চা কৰাৰ যি সুখ সেই সুখ জানো পঞ্চতাৰকা হোটেলত অনুভৱ কৰিব পাৰিব! এতিয়া আপুনিয়েই কওকচোন, এনে সুখ সুবিধা নথকা দেশত আকৌ কিহৰ বিকাশ।

ট্ৰেফিক নিয়মৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ বিশেষত্ব দেখিবলৈ পোৱা যায়। বিকশিত ৰাষ্ট্ৰবোৰত বি এম ডব্লিউ, মাৰ্চিডিছৰ দৰে ইমান উচ্চশ্ৰেণীৰ শক্তিশালী গাড়ীবোৰো সেই এধানিমান ৰঙা লাইটটোৰ আঙুলিৰ মূৰত নাচে। আমাৰ ইয়াত আকৌ লাখটকীয়া অট’ ৰিক্সাইও এসোপামান ক’লা ধোঁ‌ৱা উৰুৱাই ট্ৰেফিক নিয়মক বুঢ়া অঙ্গুঠা দেখুৱাই বীৰদপে গমন কৰে। ডাঙৰ ডাঙৰ গাড়ীবোৰৰ কথা নক’লোৱেবা। সিহঁতে আকৌ যেতিয়াই ইচ্ছা তেতিয়াই ৰাষ্টাত, ফুটপাথত দৌৰি থাকে।

বিদেশত মডাৰ্ণ আৰ্টৰ বৰ ডিমাণ্ড আছে। কিন্তু তাত ইয়াৰ উচিত প্ৰাপ্য দিয়া দেখা নাযায়। আমাৰ ইয়াততো মানুহে মুখৰ ভিতৰতে ব্ৰাছ- ব্ৰাছ লৈ ফুৰে। য’তেই অন্তৰত আৱেগৰ জোঁ‌ৱাৰ উঠিল ওঁ‌ঠ দুটা জোঙা কৰি ফিচ………ফিচকাৰি মাৰি দিলে আৰু বচ দেৱালত মডাৰ্ণ আৰ্ট তৈয়াৰ। ইফালে বিদেশত হেনো ৰাষ্টাত থু পেলালেও জৰিমনা ভৰিব লাগে। এইয়া বাৰু অন্যায় নহয়নে? সম্ভৱতঃ এই সকলোবোৰৰ বাবে তাৰ প্ৰশাসনেই দায়ী!

আমি নিজৰ বিকাশৰ প্ৰাথমিক স্তৰটোও পাহৰা নাই।সেয়েহে সেই সময়ৰ আমাৰ বৈশিষ্ট্যবোৰ মাজে মাজে সংসদত প্ৰদৰ্শণ কৰি গোটেই দেশতে প্ৰচাৰ কৰাৰ লগতে আমাৰ বাস্তৱিক পৰিচয় শিশু সকলৰ হৃদয়তো জন্মা-জন্মান্তৰৰ বাবে স্থায়ীকৈ স্থাপন কৰি দিওঁ‌। আমি আমাৰ শাৰীৰিক ক্ষমতা বা একেৰাহে কৈ থাকিব পৰা যি দক্ষতা তাৰ সঠিক প্ৰদৰ্শন সংসদত মাইক, চকী-মেজ ভাঙি অথবা ধৰ্ণাৰ সহায়ত চিঞৰ বাখৰ কৰি কৰোঁ‌। যেতিয়াই আমাৰ মনত ক্ষোভ উৎপন্ন হয় তেতিয়াই আমি চৰকাৰী বস্তু যেনে-বাছ, ট্ৰেইনৰ কাঁ‌চ, টিন, গ্ৰীল আদি ভাঙি তাৰ বৰ্হিপ্ৰকাশ কৰোঁ। এতিয়া আপুনিয়ে কওকচোন এইবোৰ কি বিদেশত সম্ভৱ!

তাত মানুহবোৰে ভয়তে ৰাতি ঘৰৰ ভিতৰত শুৱে। কিন্তু, আমাৰ ইয়াত! আমাৰ ইয়াততো সাধাৰণ জনতাই ৰাতি বুটমাহ চোবাই পানী গলধঃকৰণ কৰি কৰি গ্ৰহ নক্ষত্ৰৰ গতি বিধি নিৰিক্ষণ কৰি নিঃচিন্তকৈ মুকলি আকাশৰ তলত ৰাতিটো পাৰ কৰে।

বিদেশত মানুহবোৰে সপ্তাহান্তিক প্ৰক্ৰিয়াৰ হিচাপতে চলে। আমাৰ ইয়াততো চৰকাৰী কৰ্মাচাৰীয়ে যেতিয়াই মন যাই তেতিয়াই কাৰ্যালয়তে সপ্তাহান্তিক উদযাপন কৰি আনন্দ উপভোগ কৰিব পাৰে।

এতিয়া কথা হ’ল, এনেকুৱা ইমানবোৰ বিসংগতি থকাৰ পিছতো তাৰ মানুহবোৰে নিজকে বিকশিত বুলি যদি ভ্ৰম পুহি ৰাখে তেন্তে আমি কেৱল মুখ টিপি হঁ‌হাৰ বাহিৰেনো আৰু কি কৰিব পাৰোঁ

★★★★

Comments

  1. সুন্দৰ অনুবাদ | একেই আকাশ একেই বতাহ,হাঁহি কান্দোনৰ একেই প্ৰকাশ | ইউনাইটেড উই ষ্টেন্ড |সুভেচ্ছা থাকিল

  2. বৰ ধুনীয়া অনুবাদ পৰিস্মীতা ৷ আমি যে কেতিয়া সভ্য হবলৈ শিকিম?

    1. আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে কাকতিদা। তাকেহে সভ্যতা যেন এতিয়াও আমাৰ পৰা বহু যোজন দূৰৈত।

Leave a Reply

Your email address will not be published. Required fields are marked *