সাহিত্য হ’ল মানুহৰ ভাব-অনুভূতি প্ৰকাশৰ প্ৰত্যক্ষ মাধ্যম৷ মানুহৰ বিপুল বৌদ্ধিক দক্ষতা বহুলাংশে সাহিত্যৰ মাজেৰেই প্ৰতিফলিত হৈছে বুলি ক’লেও, বোধহয় বঢ়াই কোৱা নহয়৷ সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা Nonsense Rhyme-বোৰ (অসমীয়াত বেবেৰিবাং পদ্য) তেনে সাহিত্যিক দক্ষতাৰে অন্যতম উদাহৰণ৷ এই নিবন্ধৰ আলোচ্য “লিমেৰিক“ (কাৰো কাৰো মতে “লিমাৰিক“) উল্লিখিত Nonsense Rhyme ৰে এটা বিশিষ্ট ভাগ৷ মূল আলোচনলৈ যোৱাৰ পূৰ্বে পোনতে “লিমেৰিক“ বিষয়টোৰ অভিধানগত অৰ্থ ফঁহিয়াই চোৱা যাওক৷ Concise Oxford Dictionary-ৰ মতে, লিমেৰিক হ’ল “…a kind of humorous verse, especially five line form often epigrammatic, or indecent with rhymes aabba.আকৌ New Book of Knowledge অনুসৰি “… The rhyme words are frequently distorted or else combine two or three words into one. The limerick is somewhat flexible, however in that lines one two and five may have from eight to eleven syllable each, and lines three and four from five-rarely four to seven syllables.“ পৰস্পৰ পৰিপূৰক এই দুটা সংজ্ঞা ফঁহিয়াই চাই লিমেৰিকৰ বৈশিষ্ট্যসমূহ এনেদৰে নিৰ্ধাৰণ কৰিব পাৰি-

(ক) লিমেৰিকত সাধাৰণতে পাঁচটা শাৰী থাকে;
(খ) শেষৰ শাৰীটো প্ৰথম শাৰীৰ সৈতে ছন্দোবদ্ধ হয়৷ আন কথাত প্ৰথম, দ্বিতীয় আৰু পঞ্চম তথা অন্তিম শাৰীকেইটাৰ অন্ত্যমিল থাকে;
(গ) চতুৰ্থশাৰীৰ অন্ত্যমিল ঘটে তৃতীয় শাৰীৰ লগত;
(ঘ) ছন্দোবদ্ধ শব্দবোৰ বিকৃত হ’ব পাৰে, কিম্বা দুটা বা ততোধিক শব্দ একাকাৰ হৈ এটা শব্দত পৰিণত হ’বও পাৰে;
(ঙ) তৃতীয় আৰু চতুৰ্থচৰণ দুটা বাকীকেইটাৰ তুলনাত চুটি হোৱা বাঞ্ছনীয়;
(চ) ইয়াৰ মূল সঞ্জীৱনী শক্তি হ’ল লঘু তথা বিমল হাস্যৰস (Humour); আৰু
(৭) ই সংক্ষেপ কিন্তু কেটেৰা (Epigrammatic) আৰু কেতিয়াবা অভব্য (Indecent) হ’ব পাৰে৷

এটা উদাহৰণ লোৱা যাওক-

A Sleeper from the Amazon
Put nighties of his gran’mazon
The reason that
He was too fat
To get his own pazamazon.

এই বিশেষ লিমেৰিকটোত ওপৰত দেখুৱাই অহা প্ৰায় আটাইবোৰ বৈশিষ্ট্যৰ প্ৰতিফলন ঘটিছে বুলি ক’ব পাৰি৷ মন কৰিবলগীয়া যে, লিমেৰিক ৰচোতাই ছন্দমিলৰ খাতিৰত বিকৃত বা আচহুৱা শব্দও ব্যৱহাৰ কৰিব পাৰে৷ ওপৰৰ উদাহৰণটোৰ ’gran’mazon’, ’pazamazon’ আদি তেনে আচহুৱা শব্দ৷ ডঃ মহেন্দ্ৰ বৰাৰ মতে, লিমেৰিক “…আৰু পাগত উঠে, শেষৰ চৰণটো যদি প্ৰথমটো চৰণৰে প্ৰায় পুনৰাবৃত্তি হয়৷” কিন্তু, এই বৈশিষ্ট্যটো অবিহনেও লিমৰিক ‘পাগত উঠিছে; অৰ্থাৎ উৎকৃষ্ট বুলি পৰিগণিত হৈছে, এতেকে ইয়াক লিমেৰিকৰ অপৰিহাৰ্য বিশেষত্ব বুলি ধৰি নোলোৱাই ভাল৷ এইবোৰৰ উপৰিও “A good Limerick should have a clever rhyme, rhyme that is exactly right, a plot and a surprise in the last line“ অৰ্থাৎ, উৎকৃষ্ট লিমেৰিকত ছন্দ-বিন্যাস থাকে৷ তদুপৰি এনে লিমেৰিকৰ অন্তিম চৰণটোত এক বিস্ময় বা আশ্চৰ্য লুকাই থাকে৷ অসমীয়া ভাষাত লিমেৰিকৰ প্ৰতিশব্দৰূপে কোনোৱে “বেবেৰিবাং“, কোনাৱে “পঞ্চপদী” আৰু আন কোনোৱে “আপদীয়া পদ্য“ শব্দ বা শব্দগুচ্ছ ব্যৱহাৰ কৰিছে৷

লিমেৰিক সম্বন্ধে এতিয়া পৰ্যন্ত যিখিনি কথা আলোচনা কৰা হ’ল তাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে, এইবিধ লঘু পদ্যৰ প্ৰধান উপজীৱ্য হৈছে ইয়াত নিহিত হৈ থকা কৌতুকময়তা৷ অন্তৰালৰ এই বৈচিত্ৰ্য উপলব্ধি কৰিব নোৱাৰিলে লিমেৰিকৰ ৰসাস্বাদন একোপধ্যেও সম্ভৱ নহয়৷ ছন্দ, অৰ্থাৎ অন্ত্যমিল ইয়াৰ অপৰিহাৰ্য অঙ্গ; কিন্তু “কাৰণ” অপৰিহাৰ্য নহ’বও পাৰে৷ তলৰ উদাহৰণটোলৈ লক্ষ্য কৰিলে কথাষাৰ অধিক স্পষ্ট হ’ব :

There was a young fellow of Perth
Who was born on the day of his birth
He was married they say On his wife’s wedding day
And he died when he quitted the earth.

উদাহৰণটোত উল্লেখ হোৱা ঘটনাবোৰৰ “কাৰণ” বিচাৰিলে নিৰাশ হোৱাই স্বাভাৱিক৷ ইয়াৰ বক্তব্য বিষয় ’Quite nonsense’৷ অথচ এইটো এটা উৎকৃষ্ট লিমেৰিক৷ ছন্দৰ বৈচিত্ৰ্য, নিমজ ভাষা আৰু বিমল হাস্যৰসৰ মাধুৰ্যই ইয়াক সুন্দৰ কৰি তুলিছে৷

আপাত দৃষ্টিত লিমেৰিক ৰচনা তেনেই উজু যেন লাগিলেও, উৎকৃষ্ট লিমেৰিকৰ সৃষ্টি অতিশয় কঠিন কাম৷ তাৰ বাবে আৱশ্যক বিশেষ কাব্যিক প্ৰতিভাৰ৷ সম্ভৱতঃ এনে কাৰণতে বিশ্বৰ বিভিন্ন ভাষাত আজিকোপতি ৰচিত অগণন লিমেৰিকৰ ভিতৰত যথাৰ্থ লিমেৰিক দুশমানো পাবলৈ টান হ’ব৷ একোটা ভাল লিমেৰিক দুবাৰমান পঠনতে পাঠকৰ কণ্ঠস্থ হয়৷ লিমেৰিকৰ উৎকৃষ্টতা নিৰূপণৰ মাপকাঠিও এইটোৱে৷

লিমেৰিকৰ পাতনি কোনে, ক’ত, কেতিয়া আৰু কিদৰে মেলিছিল তাৰ সদুত্তৰ পোৱাটো সম্ভৱ নহয়৷ এইবিধ পদ্যৰ বিকাশৰ ইতিহাস চৰ্চাকাৰীসকলৰ মতানৈক্যয়ো এই ক্ষেত্ৰত কিছু আহুকালৰ সৃষ্টি কৰিছে৷ বিষয়টোৰ উদ্ভৱ আক বিকাশ সম্বন্ধে ইতিপূৰ্বে আলোচিত তেনে কেতবোৰ মতকে আলোচনাৰ সুবিধাৰ্থে ইয়াত উল্লেখ কৰা হ’ল৷

প্ৰথমটো মত অনুযায়ী, লিমেৰিকৰ মাতৃ হ’ল আয়াৰলেণ্ডৰ পুৰণি চহৰ ’Limerick’-ত প্ৰচলিত এটি প্ৰাচীন গীত৷ এই গীতটো আৰম্ভ হৈছে- “will you come upto Limerick? – এই বাক্যটিৰে৷ তাৰে পৰাই কালক্ৰমত লিমেৰিক নামৰ লঘু-পদ্যবিধৰ উদ্ভৱ হয়৷ এই মতৰ প্ৰৱক্তাসকলৰৰ মতে আইৰিছ সৈন্য-বাহিনীত এই গীতটোৱে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল আক গীতটোৰ দ্বাৰা উদ্বুদ্ধ হৈ সৈনিকসকলে অসম্ভৱ ঘটনাচাতুৰ্য সম্বলিত দ্ব্যৰ্থবোধক নতুন নতুন পদ্যৰ সৃষ্টি কৰিছিল৷ সময়ৰ বিৱৰ্তনত চহৰখনৰ নাম অনুযায়ী সেই পদ্যবোৰেই লিমেৰিক ৰূপে খ্যাত হয়৷”

দ্বিতীয় এচামৰ মতে, লিমেৰিক আছিল ইংলণ্ডৰ (মতান্তৰে আয়াৰলেণ্ডৰ) ক্লাবঘৰকেন্দ্ৰিক এক বুদ্ধিনিষ্ঠ খেল৷ ক্লাবৰ মজিয়াত গোটখোৱা সদস্যসকলৰ এগৰাকীয়ে পোনতে এটা গীতৰ কলি উদ্ভাৱন কৰি গায় আৰু উপস্থিত অন্যান্য সদস্যসকলে সেই কলিটোৰ সৈতে ৰজিতা খোৱাকৈ পিছৰ কলিকেইটা জুৰি দিয়ে৷ এনেদৰে এটা সময়ত গীতটো সম্পূৰ্ণ হ’লে আটাইয়ে মিলি পৰম উলাহেৰে গায়: Will you come up to Limerick?“ সম্ভৱতঃ সমস্বৰ কণ্ঠৰ এই চৰণফাঁকিত থকা শেষৰটো শব্দানুসাৰে লিমেৰিক নামটোৰ উদ্ভৱ হয় আৰু পৰবৰ্তী সময়ত ই তদনুৰূপ পদ্যবিলাকক বুজাবলৈ লয়৷

তৃতীয় এদলৰ মতে লিমেৰিক মূলতঃ আৰালেণ্ডৰ অকণমানিহঁতৰ ওমলাঘৰৰ হে সম্পদ৷ লিমেৰিকৰ একনিষ্ঠ গৱেষক লেংফৰ্ড ৰীডেও অনুৰূপ ধাৰণাকে পোষণ কৰিছে৷ পদ্যবিধৰ অন্তৰ্নিহিত কৌতুকতালৈ চাই সেয়াই সম্ভৱ যেন লাগে৷ কোৱা বাহুল্য যে, এই তিনিওটা মতৰ প্ৰথমটোৰ বাহিৰে বাকীকেইটাত “লিমেৰিক“ শব্দটোৰ ব্যুৎপত্তিগত ব্যাখ্যা অনুপস্থিত৷

লিমেৰিকৰ তেনে কোনো ধাৰাবাহিক ইতিহাসো পাবলৈ নাই৷ এডোৱাৰ্ড লীয়েৰৰ ১৮৪৬ খ্ৰীষ্টাব্দত প্ৰকাশিত A Book of Nonsense-খনেই লিমেৰিকৰ প্ৰথম সংকলনৰূপে অদ্যাৱধি স্বীকৃত হৈ আহিছে৷ লিয়েৰৰ পূৰ্বে ১৮২০ খ্ৰীষ্টাব্দত প্ৰকাশিত Anecdotes and Adventure of Five Young Ladiesআৰু তৎপৰৰ্ৱতী সময়ৰ History of Sixteen Wonderful Women, Anecdotes and Adventures of Fifteen Gentlemen আদি লিমেৰিকৰ লক্ষণযুক্ত কেইখনমান উদ্ভট পদ্য পুথি পোৱা যায়৷ কিন্তু বিশুদ্ধ অৰ্থত লিমেৰিক বুলিলে আজিও লীয়েৰৰ উল্লিখিত পুথিখনলৈকে আঙুলিওৱা হয়৷ এনে কাৰণতে এডোৱাৰ্ড লীয়েৰক লিমেৰিকৰ প্ৰৱাদ পুৰুষ আখ্যা দিয়া হৈছে৷

এইখিনিতে লীয়েৰৰ বিষয়ে যৎকিঞ্চিৎ আলোচনা কৰা সমীচীন হ’ব৷ লণ্ডন চহৰত জন্ম লাভ কৰা লীয়েৰ আছিল আচলতে এজন ভাল কাৰ্টুনিষ্ট৷ পাছলৈ ডাৰ্বিৰ আৰ্ল পৰিয়ালে তেওঁক ব্যক্তিগত চিৰিয়াখানাত ছবি অঁকা কামত নিয়োগ কৰে৷ ইয়াতেই লীয়েৰৰ ভাগ্যচক্ৰই আন এফালে মোৰ সলায়৷ স্বভাৱ ধেমেলীয়া লীয়েৰ এটা সময়ত আৰ্ল পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে হৈ পৰে৷ আৰ্লগৰাকীৰ নাতি-পুতিহঁতক ওমলাবলৈ গৈ এটা সময়ত লীয়েৰে স্বতঃপ্ৰণোদিতভাৱে এইবিধ ৰসঘন পদ্যৰ আৱিষ্কাৰ কৰে৷ সৃষ্টি হয় A Book of Nonsense নামৰ বিখ্যাত সংকলনটিৰ৷ লীয়েৰৰ কাব্যিক প্ৰতিভাৰ প্ৰোজ্জ্বল স্বাক্ষৰ এই সংকলনটিৰ অন্যতম বিশেষত্ব হ’ল- প্ৰতিটো লিমেৰিকৰ লগত সন্নিৱিষ্ট একোখনি ব্যাখ্যাত্মক কাৰ্টুনৰ সংযোজন৷ অৰ্থাৎ লিমেৰিক আক কাৰ্টুন উভয়ে তেওঁৰ সৃষ্টিত হাতত ধৰাধৰিকৈ আগবাঢ়িছে৷ লীয়েৰৰ বেবেৰিবাং পদ্যৰ সাৰ্থকতাও সেইখিনিতে৷

লীয়েৰৰ পাছত আৰ্ণল্ড বেনেট, বাৰ্ণাৰ্ড শ্ব, কিপলিং, জুলিয়ান হাস্কলি, ডি. এচ. এলিয়ট, বেনেট চাফ আদি অমিত প্ৰতিভাধৰ কবি-সাহিত্যিকে লিমেৰিকৰ সাৰ্থক চৰ্চা কৰিছে আৰু অহৰহ অনুশীলন-পৰিশীলনৰ দ্বাৰা এইবিধ খুহুতীয়া পদ্যৰ মৰ্যাদা বৃদ্ধিত সহায় কৰিছে৷

অসমীয়া কাব্য-জগতত লিমেৰিকৰ চৰ্চা আজিও সণ্ঢালনীকৈ হৈছে বুলি ক’ব নোৱাৰি৷ এই সম্বন্ধে একক প্ৰচেষ্টাৰে চিন্তা-চৰ্চা কৰা ব্যক্তিগৰাকী হৈছে ডঃ মহেন্দ্ৰ বৰা৷ সম্ভৱতঃ অসমীয়া সাহিত্যলৈ এইবিধ পদ্যৰ আমদানি তেৱেই কাৰিছিল৷ ডঃ বৰাৰ নিম্নোক্ত উক্তিটোৱে সেই কথাকে প্ৰমাণ কৰে৷ তেওঁ লিখিছেঃ “অসমীয়া সাহিত্যলৈ লিমেৰিক বস্তুটো আনিবৰ মন গৈছিল৷ সেই কাৰণেই লিখিছিলো পোনতে এক ডজন লিমেৰিক, হয় যদি হওক নহ’লেও নাই বুলি৷“ এইখিনিতে পাঠকৰ জ্ঞানাৰ্থে ডঃ বৰাই লিখা লিমেৰিকৰ এটি উদাহৰণ উল্লেখ কৰা যাওক

ভুল কৰি কাশীধাম নামি
দেখে নৈনী হাওৰাত থাকি গ’ল সৰুজনী ঘৈণী
মচি উঠি জ্বৰ ঘাম
ল’লে তেওঁ ৰাম নাম
মুটিয়াই সুধিলেহি লাগে নেকি খৈনী৷

ডঃ বৰাৰ এইটো এটা অতিশয় উৎকৃষ্ট লিমেৰিক৷ নক’লেও চলে, লিমেৰিকটো এবাৰ বা দুবাৰ পঢ়িলেই পাঠকৰ কণ্ঠস্থ হয়৷ ডঃ বৰাই পৰৰ্ৱতী সময়তো লিমেৰিকৰ চৰ্চা অব্যাহত ৰাখিছিল৷ তাৰে কিছুসংখ্যক ইতিমধ্যে পুথি আকাৰে সংকলিত হৈছে৷ ডঃ বৰাৰ লগে লগে সুকবি নৱকান্ত বৰুৱায়ো ভালেমান লিমেৰিক লিখি থৈ গৈছে৷ অসমীয়া সাহিত্য জগতত এইসকল প্ৰতিভাশালী কবিৰ পদাংক অনুসাৰণ কৰি পৰৰ্ৱতী সময়ত কেইবাগৰাকী কবিয়ে লিমেৰিকৰ চৰ্চা অব্যাহত ৰখা দেখা গৈছে৷ তেওঁলোকৰ ভিতৰত ত্ৰিলোচন কাকতি, প্ৰৱীণ শইকীয়া, কণপাই গাঙ্গুলী আদিৰ নাম উল্লেখযোগ্য৷

চিৰ কৌতূহলী মানুহে প্ৰতিটো ক্ষেত্ৰতে বিচাৰে অভিনৱত্ব৷ অন্যথা মানুহৰ উৰ্বৰ মস্তিষ্ক ক্ষান্ত নহয়৷ মানুহৰ বৌদ্ধিক আৰু সাংস্কৃতিক জয়যাত্ৰাত অহৰহ নিত্য নতুন পৰীক্ষা-নিৰীক্ষা চলিবই লাগিছে৷ সম্ভৱতঃ মানৱ জাতি নিশ্চিহ্ন নোহোৱালৈকে এই যাত্ৰা অব্যাহত থাকিব৷ ইয়াৰ অৱশ্যম্ভাৱী পৰিণতি স্বৰূপে অন্যান্য জাগতিক উপাদানৰ দৰে সাহিত্যৰো গতি-প্ৰকৃতিৰ, অন্তৰঙ্গ-বহিৰঙ্গ ৰূপৰ প্ৰতিনিয়ত পবিৱৰ্তন ঘটিবই লাগিছে৷ সাহিত্যৰ এক বিশেষ অঙ্গ হিচাপে লিমেৰিকো ইয়াৰ ব্যতিক্ৰম নহয়, হ’ব নোৱাৰে৷ বৰ্তমান কালত ৰচিত লিমেৰিকবোৰ অকল বিমল হাস্যৰসৰ উৎস হৈ থকা নাই৷ হাস্যৰসৰ লগে লগে ইবোৰত ব্যক্তি অথবা ঠাই বিশেষৰ পৰা আৰম্ভ কৰি দৰ্শনৰ গভীৰ তত্ত্বলৈকে প্ৰায় সকলো বিষয়ৰে চাতুৰ্যপূৰ্ণ প্ৰক্ষেপণ ঘটিছে৷

সনাতনপন্থী ৰচকসকলে লিমেৰিকৰ ৰচনা-ৰীতিত বা তাৰ অঙ্গসজ্জাৰ ক্ষেত্ৰত আজিও এডোৱাৰ্ড লীয়েৰৰ ব্যাকৰণকে মানি চলা দেখা যায়; যেনে— প্ৰথম, দ্বিতীয় আক পঞ্চম চৰণৰ অন্ত্য়মিল; তৃতীয় আৰু চতুৰ্থ চৰণৰ অন্ত্য়মিল; তৃতীয় আৰু চতুৰ্থ শাৰী বাকী তিনিটাৰ তুলনাত কিছু চুটি হোৱা ইত্যাদি ইত্যাদি৷ কিন্তু, অতি সম্প্ৰতি নিয়ম ভঙাৰ নিয়ম মানোতাসকল পূৰ্বনিৰ্ধাৰিত কোনো এক নিৰ্দিষ্ট ৰূপৰ (Form)-ৰ গণ্ডীত লিমেৰিকক আবদ্ধ কৰিবলৈ ইচ্ছুক নহয়৷ তেওঁলোকে সেই সনাতন ৰূপ ভাঙি-ছিঙি লিমেৰিকক নতুন ৰূপত উপস্থাপন কৰিব বিচাৰে৷ বাংলা সাহিত্যৰ নিম্নোক্ত উদাহৰণটোলৈ লক্ষ্য কৰিলে কথাষাৰ স্পষ্ট হ’ব

বনলতা বক্সী
ক্লাছ দিয়ে প্ৰক্সী
ইনি উনি দুজনায় চলে যান
সিনেমায় মেট্ৰো বা বক্সী৷ (অমিতাভ চৌধুৰী)

সাম্প্ৰতিক সময়ত ৰচিত অসমীয়া লিমেৰিকতো এনে ব্যাকৰণদুষ্ট প্ৰয়োগ তেনেই সুলভ৷ বিশেষকৈ প্ৰথিতযশা কবি নৱকান্ত বৰুৱাই শেহতীয়াকৈ লিখি থৈ যোৱা কেইটামান লিমেৰিকত কেতবোৰ নতুন বৈশিষ্ট্যৰ প্ৰয়োগ লক্ষ্য কৰা গৈছে৷ এনে নতুন ৰীতি-নীতিৰ সম্পৰীক্ষাই লিমেৰিক নামৰ পদ্যবিধৰ বিশেষ কিবা ক্ষতি সাধন কৰিব বুলি ধাৰণা নহয়৷ কবি বৰুৱাই লিখা তলৰ লিমেৰিক দুটিলৈ মন কৰক

(১)
ভাগৱতী শ্ৰী ৰাধিকামোহন
ওখই পাখই অতি শোভন
তৰুণ কালত ব্যায়াম বীৰ
জীৱন বাণত যুধিষ্ঠিৰ
সম্পাদকীয় মেজত বহিও জ্ঞানৰ দুগ্ধ কৰে দোহন৷

(২)
হাজৰিকীয়া তিলক
যেয়ে যিমান গিলক
তেওঁ নিগিলে টোপ অথবা পিলক
খোজত গুৰি কৰি যায় বলে নোৱাৰা শিলক৷

নক’লেও চলে, এই দুয়োটা উদাহৰণতে লিমেৰিকৰ প্ৰচলিত বিধি-ব্যৱস্থা সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে৷ প্ৰথমটোৰ বিন্যাস-ৰীতিত পুৰণি পদ্ধতিকে কিছুদূৰ অনুসৰণ কৰা হৈছে যদিও, দ্বিতীয়টো এই ক্ষেত্ৰত সমূলি ব্যতিক্ৰম৷ দেখাত এই লিমেৰিকটোত পাঁচটা শাৰী থকা যেন লাগিলেও, প্ৰকৃতপক্ষেই চাৰিটা শাৰীত সম্পূৰ্ণ হৈছে৷ মাত্ৰ শেষৰ শাৰীটো ভাঙি দুটা যেনকৈ উপস্থাপন কৰা হৈছে৷

আগতেই উল্লেখ কৰি অহা হৈছে যে লিমেৰিকৰ প্ৰধান উপজীৱ্য হৈছে তাৰ অন্তৰালত নিহিত হৈ থকা হাস্যৰস, বা আন কথাত নিৰ্দোষ ধেমালি৷ পিছে সময়ৰ বিৱৰ্তনত লিমেৰিকৰ এই উদ্দেশ্যও ব্যাহত হোৱাৰ উপক্ৰম ঘটিছে৷ এইবিধ পদ্যত অকল বিমল হাস্যৰস বা নিৰ্দোষ ধেমালি বিচৰাসকল এতিয়া নিৰাশ হ’বলৈ বাধ্য৷ নিৰ্দোষ বা বিমল হাস্যৰস (Humour) যেতিয়া চাতুৰ্যপূৰ্ণৰূপে বিবৃত হয়, তেতিয়া সি নাম পায় বুদ্ধিনিষ্ঠ হাস্যৰস (Wit)৷ প্ৰকৃতপক্ষে এতিয়া লিমেৰিক বুদ্ধিনিষ্ঠ হাস্যৰসাশ্ৰয়ী বুলিলেহে অধিক খাপ খায়৷

এইখিনিতে আন এটা কথাও বিচাৰ্য৷ বুদ্ধিনিষ্ঠ হাস্যৰস হ’ল ব্যঙ্গ ৰচনাৰ উৎকৃষ্ট সমল৷ সাহিত্যত হাস্যৰস যেতিয়া ব্যক্তি-চৰিত্ৰৰ সংশোধন, সমাজ-সংস্কাৰ ইত্যাদিৰ অস্ত্ৰ হৈ পৰে, তেতিয়া সি ব্যঙ্গলৈ ৰূপান্তৰিত হয়৷ ভালদৰে বিচাৰ কৰিলে দেখা যায় এতিয়াৰ প্ৰায়বোৰ লিমেৰিক আচলতে ব্যঙ্গ সাহিত্যৰ অন্তৰ্ভুক্ত হোৱাৰহে যোগ্য৷ সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যত এনে ব্যঙ্গাশ্ৰয়ী লিমেৰিকৰ ৰচনাহে বেছিকৈ প্ৰত্যক্ষ কৰা যায়৷ বৰ্তমান সময়ত ব্যক্তি তথা সমাজৰ কোঁহে কোঁহে সোমাই পৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শাসন-শোষণ, ইত্যাদি বিষয়ক লৈ ভালেমান লিমেৰিক ৰচনা কৰা হৈছে৷ তাৰ লগে লগে এইবিধ ৰচনাৰ ছন্দসজ্জা তথা আঙ্গিকৰো বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিছে৷ তলত পাঠকসকলৰ অৱগতিৰ অৰ্থে তেনে দুটি উদাহৰণ দাঙি ধৰা হ’ল:

(১)
জমিছিল দিনবোৰ কৰিছিলো হাল্লা
হ’ম বুলি স্বাৱলম্বী ল’লো দগা-পাল্লা
একাৱন্নত দৃঢ়তাৰে গঢ়ি ল’লো কিল্লা
বিৰোধীক লপা-থপা আৰু গালি গাল্লা
কিনো হ’ল দৰদাম মস্ত এটা গোল্লা৷ (কণপাই গাঙ্গুলি)

(২)
তল পাকে হাত পাতি ঘটে ধন বিত
আই বোপাই ভাই ভনীৰ নুবুলিলে চিত
বৰ্খাস্তৰ নিউজ
পাই হ’ল ফিউজ
ঘৈণীয়েকে পেপাৰ চাই কোন চিনেমা হিট৷ ৷ (শ্ৰীমান চলিহা)

এতিয়া ওপৰত উল্লেখ কৰা ব্যঙ্গাত্মক পাঁচশৰীয়া পদবিলাকক লিমেৰিক বোলা হ’ব নে নাই, ই এক মৌলিক প্ৰশ্ন৷ শুচিবায়ুগ্ৰস্ত এচাম সমালোচকে ইতিমধ্যে তেওঁলোকৰ ধাৰণা বেকত কৰিছে যে, এইবোৰ আন কিবা হ’লেও লিমেৰিক নহয়৷ কিন্ত Epigrammatic আৰু Indecent প্ৰয়োগ যদি লিমেৰিকৰ বৈশিষ্ট্য হয়, তেন্তে সি ব্যঙ্গাত্মক হোৱাত বাধা ক’ত! সমাজ-জীৱনৰ মঙ্গলৰ বাবে লিমেৰিক ব্যঙ্গাত্মক সাহিত্যলৈ পৰ্যবসিত হোৱাত নিশ্চয় কাৰো আপত্তি নাথাকিব যদিহে সি নিতান্তই স্থুল প্ৰকৃতিৰ নহৈ ৰুচিসম্পন্ন আৰু কলাসন্মত ৰূপত উপস্থাপিত হয়৷ আন কথাত তেনে লিমেৰিকে সাহিত্য হোৱাৰ প্ৰাথমিক চৰ্ত পূৰণ কৰিব লাগিব৷ বুদ্ধিনিষ্ঠ হাস্যৰস আৰু সুচতুৰ বৰ্ণনা কৌশলৰ সুসংহত প্ৰয়োগৰে একালৰ মানুহৰ অৱসৰ বিনোদনৰ খেল লিমেৰিক বৰ্তমান বেবেৰিবাং(Nonsense) স্তৰৰ পৰা অৰ্থবিশিষ্ট স্তৰলৈ উন্নীত হৈছে৷ সংযত আৰু সংহত চিন্তাই ইয়াক অধিক মনোগ্ৰাহী কৰি তুলিব বুলি নিশ্চয় আশা কৰিব পাৰি৷

প্ৰসঙ্গ উল্লেখ:
১ The Concise Oxford Dictionary
২The New Book of Knowledge, Vol-xiii, p-273
৩ মহেন্দ্ৰ বৰা: সাহিত্য উপক্ৰমণিকা, পৃ-৭২
৪ Children’s Britannica, Vol-xi, p-48
৫ The New Book of Knowledge, Vol-xiii, p-276
৬ Children’s Britannica, Vol-xi, p-48
৭ The Concise Oxford Dictionary
৮ Children’s Britannica, Vol-x, pp-305-306
৯ মহেন্দ্ৰ বৰা: সাহিত্য উপক্ৰমণিকা, পৃ-১২ ১০ প্ৰা. উ. গ্ৰ
★★★★

Comments

  1. চাৰৰ এই লিখনীৰ পৰা যঠেষ্ট উপকৃত হ’লো৷ অতি দৰকাৰী কথা কিছুমান শিকিলো৷

      1. চকুত পৰাকেইটা ঠিক কৰি দিছো, এতিয়া চাবচোন ছাৰ

  2. অত্যন্ত দৰকাৰী কথাৰ উপস্থাপন। অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ চাৰ।

  3. উপযোগী লেখাটো আলোচনীখনৰ অন্যতম সম্পদ।
    লিমেৰিক চৰ্চাকাৰীসকল নিশ্চয় উপকৃত হ’ব।

  4. সময়ৰ নাটনি ভূৰোকাত ভৰাইছে হাতী
    বিমুদ্ৰা, জি এছ টি আৰু কত কি – জাতি মাটি ভেটি
    বোলো ভাঙে পাতে সকলো সময়ে
    সকলোৱে কয় কথায়ে কথায়ে
    ৰাইজৰ দুৰ্দশা যেনে আছিল তেনে থাকিল গুচিবনে বাৰু অমানিশা ৰাতি !

Leave a Reply

Your email address will not be published. Required fields are marked *