শৰতৰ নিৰ্মল আকাশ, শেৱালিৰ সুকোমল সুবাস, দূবৰিত নিয়ৰৰ মুকুতা মালাই যেন বতৰা দিয়ে শাৰদীয় দুৰ্গা পূজাৰ৷ দেৱীৰ আগমনে উজ্জ্বলাই তোলে সকলোৰে মন৷ ৰং-বিৰঙী বেলুনৰ সমাহাৰ, পেঁপা, পুতলা আদিৰে ভৰপূৰ এক জাক জমকীয়া পৰিবেশে জীৱন সজীৱ কৰি তোলে৷

হিন্দু ধৰ্মত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ৷ ই কেৱল এটি উৎসৱেই নহয়; ই ধৰ্মীয় বিধি, আধ্যাত্মিকতাৰ অনুভূতি, সংস্কৃতি,বৈচিত্ৰ,, সামাজিক প্ৰীতি, সমন্বয় আৰু শান্তিও প্ৰকাশ কৰে৷ উচ্চ-নীচ, ধনী-দুখীয়াৰ ভেদাভেদ পৰিহাৰ কৰি দেৱী দুৰ্গাৰ আগমনৰ আনন্দত এক হয় সকলো৷
শাস্ত্ৰ মতে, আহিন মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়৷ চ’ত অৰ্থাৎ বসন্ত কালৰ এই পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামেৰে জনা যায়৷ ভাৰতবৰ্ষৰ একাধিক ৰাজ্য, যেনে- পশ্চিম বংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদিত অধিক আড়ম্বৰপূৰ্ণ ভাৱে দুৰ্গা পূজা পালন কৰা হয়৷

পুৰণি কালত অনুষ্ঠিত বাসন্তী দুৰ্গা পূজাতকৈ বৰ্তমান শাৰদীয় দুৰ্গা পূজাৰ পয়োভৰ বেছি দেখা যায়৷ শাৰদীয় দুৰ্গা পূজা আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন অৰ্থাৎ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত পালন কৰা হয়৷ এই পাঁচদিন ক্ৰমে দুৰ্গা ষষ্ঠী, মহা সপ্তমী, মহা অষ্টমী, মহা নৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত৷ এই পক্ষটোক দেৱী পক্ষ বুলি কোৱা হয়৷ পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱী পক্ষ আৰম্ভ হয়৷ ইয়াক “মহালয়া“ বোলা হয়, আৰু পূৰ্ণিমাৰ দিনা “লক্ষ্মীপূজা“ৰ দিন হিচাপে পালন কৰা হয়৷ আহিন মাহৰ শুক্লা প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত ন দিন দেৱী দুৰ্গাৰ নটা ৰূপক অৰ্চনা কৰা হয়৷ ইয়াক “নৱৰাত্ৰি“ নামেৰে জনা যায়৷

বহু বছৰৰ আগৰেপৰাই দেৱী দুৰ্গাক পূজা অৰ্চনা কৰি অহা হৈছে বুলি জনা যায়৷

দুৰ্গা পূজাৰ ইতিহাস বহু পুৰণি৷ ব্ৰহ্ম বৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসৰি – এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ৷ দ্বিতীয়বাৰ দুৰ্গাক আৰাধনা কৰিছিল ব্ৰহ্মাই৷ মধু আৰু কৈতক দৈত্যদ্বয়ৰ নিধনৰ বাবে ব্ৰহ্মা দেৱীৰ শৰণাপন্ন হৈছিল৷ ত্ৰিপুৰাসুৰৰ সংগত যুদ্ধ কালত সংকটাপন্ন অৱস্থাত মহাদেৱ শিৱই তৃতীয়বাৰ দুৰ্গাপূজা কৰিছিল৷ এবাৰ দুৰ্বাসা মুনিৰ শাপত ভ্ৰষ্ট হৈ দেৱৰাজ ইন্দ্ৰই চতুৰ্থ বাৰ দুৰ্গা পূজা কৰিছিল৷

দেৱী ভাগৱত পুৰাণ অনুসাৰে, ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি দেৱী দুৰ্গাক আৰাধনা কৰিছিল৷ মায়াৰ বন্ধনৰ পৰা মুক্তি পাবলৈ ঋষি মাণ্ডব্যই, হেৰোৱা ৰাজ্য পুনৰুদ্ধাৰৰ বাবে ৰজা সুৰথে আৰু বৈৰাগ্য লাভৰ বাবে সমাধি বৈশ্যই, কাৰ্তাবিৰ্জাজুনক বধৰ বাবে বিষ্ণুৰ অৱতাৰ পৰশুৰামে দেৱী দুৰ্গাৰ আৰাধনা কৰিছিল বুলি জনা যায়৷

কৃত্তিবাস ৰামায়ণৰ মতে, ৰাক্ষস ৰজা ৰাৱণৰ বিনাশৰ বাবে শ্ৰীৰামচন্দ্ৰ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল৷ তেতিয়া আছিল শৰৎকাল৷ বৃহদ্ধৰ্ম পুৰাণত শ্ৰীৰামৰ এই অকাল বোধনৰ বিস্তৃত বৰ্ণনা পোৱা যায়৷ এই পুৰাণ মতে, কুম্ভকৰ্ণৰ নিদ্ৰা ভংগৰ সময়ত ৰামচন্দ্ৰৰ অমংগলৰ আশংকাত দেৱতাসকল শংকিত হৈ পৰিছিল৷ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰামৰ্শত শ্ৰীৰামচন্দ্ৰই দেৱী দুৰ্গাক পূজা কৰি সন্তুষ্ট কৰাৰ সংকল্প লৈছিল৷ তেতিয়া আছিল শৰৎকাল, সূৰ্যৰ দক্ষিণায়ন, দেৱতাসকলৰ নিদ্ৰাৰ সময়৷ সেয়েহে ৰামচন্দ্ৰই অকাল বোধনেৰে দেৱীক আমন্ত্ৰণ জনাই পূজা কৰি ৰাৱণ বধৰ আশীৰ্বাদ বিচাৰিছিল৷ তেতিয়াৰ পৰাই শাৰদীয় দুৰ্গা পূজাৰ প্ৰচলন হ’ল বুলি জনা যায়৷

মহাভাৰতত বৰ্ণিত আছে, শ্ৰীকৃষ্ণৰ ৰাজত্ব কালত দ্বাৰকা নগৰীত কুলদেৱী হিচাপে দেৱী দুৰ্গা পূজিত হৈছিল৷ যুদ্ধক্ষেত্ৰত পাণ্ডৱ পক্ষৰ অৰ্জুন আৰু প্ৰদ্যুন্মই দেৱী দুৰ্গাক পূজা কৰিছিল৷

দেৱী দুৰ্গা বা দুৰ্গা পূজা সংক্ৰান্তীয় কাহিনীসমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় আৰু লোকমান্য কাহিনী হ’ল দেৱীমহাত্ম্যত বৰ্ণিত কাহিনীটি৷ দেৱীমহাত্ম্য প্ৰকৃততে মাৰ্কেণ্ডেয় পুৰাণৰ এটি অংশ৷ সাতশ শ্লোক বিশিষ্ট এই দেৱীমহাত্ম্য হৈছে শ্ৰীশ্ৰীচণ্ডী গ্ৰন্থ৷ চণ্ডীপাঠ দুৰ্গোৎসৱৰ এটি অবিচ্ছেদ্য অংগ৷

দেবীমহাত্ম্য পুৰাণৰ কাহিনী অনুসৰি, পুৰণি কালত মহিষাসুৰ নামৰ এক প্ৰবল শক্তিশালী অসুৰে দেৱগণৰ লগত প্ৰায় এশ বছৰ জুৰি যুদ্ধ কৰিছিল আৰু যুদ্ধত দেবতাসকলক পৰাস্ত কৰি স্বৰ্গৰাজ্য দখল কৰিছিল৷ অসুৰৰ অত্যাচাৰত দেৱগণ অতিষ্ঠ হৈ পৰিছিল৷ স্বৰ্গৰাজ্যৰ পৰা বিতাৰিত হৈ আৰু অসুৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি দেৱগণ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ ওচৰ চাপে৷ দেৱতাসকলৰ দুৰ্দশাৰ কাহিনী শুনি তেওঁলোক অত্যন্ত ক্ৰোধান্বিত হয়৷ ইয়াৰ ফলত তেওঁলোকৰ মুখমণ্ডলৰ পৰা মহাতেজ নিৰ্গত হ’বলৈ ধৰে৷ ইন্দ্ৰাদি অন্যান্য দেবতাসকলৰ দেহৰ পৰাও সুবিপুল তেজ নিৰ্গত হৈ সেই মহাতেজৰ লগত মিলিত হয়৷ সুউচ্চ হিমালয় পৰ্বত স্থিত ঋষি কাত্যায়নৰ আশ্ৰমত সেই বিৰাট তেজপুঞ্জ একত্ৰিত হৈ এক নাৰী মূৰ্তি ধাৰণ কৰে৷ এয়াই দুৰ্গা৷ দৈত্য, বিষ্ম, ৰোগ, পাপ, ভয় আৰু শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে, তেওঁৱেই দুৰ্গা৷

ঋষি কাত্যায়নৰ আশ্ৰমত আৱিৰ্ভাব হোৱা বাবে দেৱী কাত্যায়নী নামেৰে অভিহিতা হ’ল৷
এই মহাশক্তি নাৰীৰ দেহৰ অংগ-প্ৰত্যংগ দেৱতাৰ দিব্যশক্তিৰ পৰা সৃষ্টি হ’ল৷ ভগৱান শিৱৰ তেজৰপৰা দেৱীৰ মুখমণ্ডল, বিষ্ণুৰ তেজৰপৰা দহখন হাত, ব্ৰহ্মাৰ তেজৰপৰা ভৰি, চন্দ্ৰৰপৰা স্তনযুগল, যমৰাজৰপৰা চুলি, সূৰ্যৰ তেজৰপৰা ভৰিৰ আঙুলি, অগ্নিৰপৰা ত্ৰিনয়ন, কুবেৰৰপৰা নাক, বায়ুদেৱৰপৰা কাণ আদি বিভিন্ন দেৱতাৰ শক্তিৰ পৰা মহাশক্তি দেৱী দুৰ্গাৰ আৱিৰ্ভাৱ হ’ল৷ অনিন্দ্য সুন্দৰী, মহাশক্তি দেৱীক দেৱতাসকলে বিভিন্ন অস্ত্ৰ- শস্ত্ৰৰেও সুশোভিত কৰে৷

ভগৱান শিৱই ত্ৰিশূল, শ্ৰীবিষ্ণুৱে সুদৰ্শন চক্ৰ, বৰুণদেৱে শংখ, ইন্দ্ৰদেৱে বজ্ৰ, বিশ্বকৰ্মাই কুঠাৰ, যমৰাজে খড়্গ, বায়ুদেৱে ধনুকাঁড়, ব্ৰহ্মাই কমণ্ডলু, জলদেৱীয়ে পদুমৰ মালা, হিমালয় পৰ্বতে পশুৰাজ সিংহক বাহন হিচাপে দিয়াত দেৱী শক্তিময়ী আৰু ঐশ্বৰ্যময়ী ৰূপে প্ৰকটিত হয়৷ সুসজ্জিত সিংহবাহিনী দেৱী দুৰ্গাই অসীম পৰাক্ৰমেৰে মহিষাসুৰৰ লগত যুদ্ধত লিপ্ত হৈ মহিষাসুৰক বধ কৰি দেৱতাসকলৰ মংগল সাধন কৰে৷ দেৱীয়ে বিভিন্ন সময়ত চণ্ড-মুণ্ড, শুম্ভ-নিশুম্ভ, মধু-কৈতক আৰু দুৰ্গাসুৰক বধ কৰে৷
মাৰ্কণ্ডেয় পুৰাণ মতে, দুৰ্গম নামৰ অসুৰক বধ কৰাৰ বাবে দেৱীৰ নাম দুৰ্গা হয়৷ ভাৰতৰ বহু ঠাইত দেৱীক দশভূজা ৰূপত পূজা কৰা হয়৷ দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি দেৱতাসকলক স্বৰ্গৰাজ্য ঘূৰাই দি শান্তি সৃষ্টি কৰিছিল৷ সেইবাবেই তেওঁক বোলা হয়, “দুৰ্গতিনাশিনী“৷ দেৱী দুৰ্গা শক্তিৰ প্ৰতীক হিচাপে পৰিচিত৷

“যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা,
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ৷ ৷ “
দেৱী দুৰ্গাক বহু নামেৰে পূজা যায়- দুৰ্গতিনাশিনী, দশভূজা, মংগলময়ী, শক্তিদায়িনী, পৰমা প্ৰকৃতি, আদ্যশক্তি আৰু স্নেহময়ী ৰূপত৷

চণ্ডীত দেৱীৰ স্তৱত কোৱা হৈছে– “স্বৰ্গপবৰ্গ দেৱী নাৰায়ণী নমস্তোতে“- অৰ্থাৎ ভোগৰ স্থান স্বৰ্গ লাভ কৰা বাবে হে দেৱী নাৰায়ণী তোমাক প্ৰণাম৷

মাৰ্কণ্ডেয় পুৰাণ আৰু গীতাত দেৱীক মাতৃৰূপে আৰাধনা কৰাৰ কথা কোৱা হৈছে– “যা দেৱী সৰ্বভূতেষু মাতৃৰূপেন সংস্থিতা৷ “
আদ্যশক্তি দেৱী দুৰ্গাৰ অপাৰ মহিমা আৰু অপৰিসীম শক্তিৰ মহিমা ভাৰতীয় সাহিত্যত বিভিন্ন ৰূপ কল্পনাৰে প্ৰকাশ হৈ আহিছে৷ তেওঁক বহু নামেৰে জনা যায়– চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণৱী, মহিষাসুৰ সংহাৰিণী, নাৰায়ণী, মহামায়া, কাত্যায়নী ইত্যাদি৷
পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হৈছে– যি দুৰ্গসম দুৰ্যোগ নাশ কৰিব পাৰে, যাক পৰাস্ত কৰাতো অসম্ভৱ৷ দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী৷ বৈষ্ণৱ ধৰ্মত তেওঁক ভগবান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়ে৷ শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়৷ ঋগবেদত দুৰ্গা দেৱীৰ বৰ্ণনা নাই যদিও ঋগোক্ত দেৱী সুক্তক দুৰ্গা দেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়৷ ইয়াৰ উপৰিও বেণুপৰিষদত বৰ্ণিত হৈমাৱতীক দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে৷ ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে৷

এইসমূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়৷ দেৱী দুৰ্গাই বিভিন্ন সময়ত ভিন ভিন অৱতাৰ লৈ দুষ্টক দমন কৰি শান্তি স্থাপন কৰি আহিছে৷ কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী আদি দেৱীৰেই অনন্য ৰূপ৷ তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা বা দুৰ্গোৎসৱ ভাৰতৰ এক অন্যতম ধৰ্মীয় উৎসৱ৷
দেৱী দুৰ্গাৰ মহাশক্তি তেওঁৰ দেহত অন্তৰ্নিহিত৷ দেৱীৰ দহখন হাত হৈছে দশোদিশ (আঠটা দিশ, আকাশ আৰু পৃথিৱী) ৰক্ষা কৰাৰ প্ৰতীক৷

দেৱী ত্ৰিনয়নী- এটি চকু চন্দ্ৰ স্বৰূপ, এটি সূৰ্য স্বৰূপ আৰু তৃতীয়টি অগ্নি স্বৰূপ৷ তেওঁৰ ত্ৰিনয়নৰ ইংগিততেই নিয়ন্ত্ৰিত হয় ত্ৰিভুৱন৷ দেৱীৰ হাতৰ অস্ত্ৰবিলাকৰো তাৎপৰ্য আছে৷ জপমালা- ধৰ্মৰ প্ৰতীক, কমণ্ডলু- বৈৰাগ্যৰ প্ৰতীক, দণ্ড- সংযমৰ প্ৰতীক, ত্ৰিশূল- স্বতঃৰজঃতমঃ গুণৰ প্ৰতীক৷ ধনু, অসি, খড়্গ, কুঠাৰ, বজ্ৰ, চক্ৰ প্ৰভৃতি সংহাৰ অস্ত্ৰ অজ্ঞান, অবিদ্যা আৰু পাশৱ প্ৰবৃত্তি নাশ কৰাৰ প্ৰতীক ৰূপে পৰিচিত৷

দেৱী সিংহবাহনা৷ পশু শক্তিৰ অধিপতি পশুৰাজ সিংহ তেওঁৰ বাহন৷ আমাৰ মনো পশু৷ মন শক্তিশালী হৈ শুদ্ধ হয়৷ এই শুদ্ধ শক্তিশালী মনেই অজ্ঞানৰূপী পশুক পৰাভূত কৰিবলৈ সক্ষম হয়৷ সেইবাবেই দেৱী সিংহবাহিনী৷ মহিষাসুৰৰ দেহ প্ৰবল ৰিপুৰ প্ৰতীক৷ কাম, ক্ৰোধ, লোভ, মোহ আদি ছয় ঘনীভূত ৰিপুৰ প্ৰতিমূৰ্তি মহিষাসুৰ৷ মহিষাসুৰ দমনে ছয় ৰিপু দমনৰ কথা সূচায়৷ শিৱ সৰ্বত্ৰ ব্যাপী; মংগল আৰু স্থিৰতাৰ প্ৰতীক৷ দেৱীৰ সোঁকাষে থকা লক্ষ্মী ধন আৰু ঐশ্বৰ্যৰ প্ৰতীক৷ গণেশ জনগণৰ অধিপতি, সিদ্ধিদাতা, ধনশক্তি বা শূদ্ৰশক্তিৰ প্ৰতীক৷ বাওঁকাষে থকা সৰস্বতী- জ্ঞানশক্তি বা ব্ৰহ্মণ্যশক্তিৰ প্ৰতীক৷ কাৰ্তিক- ক্ষত্ৰিয় শক্তিৰ প্ৰতীক৷ এই শক্তিসমূহ অনুভূতিহে মাত্ৰ, অনুভূতিৰ আকাৰ নাই৷ কেৱল মানুহৰ বুজাৰ সুবিধাৰ বাবেহে বেলেগ বেলেগ আকাৰ দিয়া হৈছে৷ সকলো শক্তিয়েই ব্ৰহ্মশক্তি৷ সাধকৰ সুবিধাৰ বাবেই এই ব্ৰহ্মশক্তিৰ নানান ৰূপ কল্পনা কৰা হৈছে৷

অসমৰো বিভিন্ন জনগোষ্ঠীৰ লোকসকলে প্ৰাচীন কালৰে পৰাই শক্তিক আৰাধনা কৰি আহিছে বুলি জনা যায়৷ অসমৰ বিভিন্ন স্থানত থকা দ’ল, দেৱালয়, দেৱী মন্দিৰসমূহে আৰু সংগৃহীত দেৱী মূৰ্তিসমূহে বহু যুগৰে পৰা প্ৰচলিত শক্তি পূজাৰ প্ৰমাণ দিয়ে৷ অসমৰ বিখ্যাত শক্তি স্থান সমূহ- কামাখ্যা, উগ্ৰতাৰা, দীৰ্ঘেশ্বৰী, কাকগোঁসানী থান, মহামায়া থান আদিয়ে এই ধাৰণা দৃঢ় কৰি তোলে৷

দুৰ্গা পূজা হ’ল অশুভ, অন্যায়, পাপ, পংকিলতাৰ বিৰুদ্ধে ন্যায়, পূৰ্ণ সত্য, শুভ আৰু সুন্দৰৰ যুদ্ধ৷ দুৰ্গতিৰ পৰা ৰক্ষা, বিভেদ, বিবাদ, অনৈক্য, সাম্প্ৰদায়িকতা, ক্ষুদ্ৰ স্বাৰ্থবোধ আৰু সংকীৰ্ণতা প্ৰবৃত্তি নাশ কৰাৰ বাবে দেৱীক আৰাধনা কৰা হয়৷ আত্মশক্তিৰ উত্থান, প্ৰাণশক্তিৰ জাগৰণ, ছয় ৰিপুৰ গ্ৰাসৰ পৰা মুক্তিৰ বাবে আদ্যাশক্তি মহামায়াৰ কৃপা লাভৰ বাবে ভক্তগণে দেৱীক পূজা-আৰাধনা কৰে৷

দুৰ্গোৎসৱে যেন সামাজিক বন্ধন সুদৃঢ় কৰে, সৌহাৰ্দ্য, হিংসা, বিদ্বেষ, কলুষতা নাশ কৰি সমাজত প্ৰেম-প্ৰীতি, সদ্ভাৱ অটুট ৰাখে তাৰবাবে সকলোৱে দেৱীৰ চৰণত আশীৰ্বাদ বিচাৰে৷ প্ৰতিবছৰে যেন দেৱী দুৰ্গা মৰ্ত্যলৈ আহি মানুহৰ লগতে জীৱ জগতৰ কল্যাণ সাধন কৰি শান্তি প্ৰতিষ্ঠা কৰে, তাৰেই কামনা কৰিলো৷

“শৰণা গতদিনাত্ৰং পৰিত্ৰাণ পৰায়নে
সৰ্বসাত্ৰী হৰে দেৱী নাৰায়ণী নম: স্তোতে৷ ৷ “
“সৰ্ব মংগল্যে মংগল্যে
শিৱে সৰ্বাৰ্থ সাধিকে
শৰণ্যে ত্ব্যম্বোকে গৌৰী
নাৰায়ণী নম: স্তোতে৷ “

★★★★

Comments

  1. যথেষ্ট অধ্যয়ন কৰা তুমি প্ৰণীতা । ভাল লাগিল পঢ়ি ।

  2. সুন্দৰ আৰু সাৱলীল বৰ্ণনা৷ সৰুতে সাধুকথা হিচাপে এনেবোৰ কথাই শুনিছিলো আৰু কিছু পঢ়িছিলো৷ আজিকালিৰ কিছুমান প্ৰবন্ধত বহু জটিল আৰু বিতৰ্কিত তথ্যৰে ভৰি থাকে বাবে বহুসময়ত পঢ়ু্ৱৈসকল বিবুধিত পৰে৷ কিন্তু এই লেখাটোৰ মেদহীন বৰ্ণনাই লেখাটো পঠনযোগ্য কৰি তুলিছে৷

    আপোনাক ধন্যবাদ জনালো৷

  3. বহুত নজনা কথা অতি সুন্দৰকৈ লিখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *