কেইমাহমান আগতে মোৰ শাহুআয়ে এটা ম’বাইল ফোন ল’লে৷ নতুন ফোন, নতুন নং৷ গতিকে খুলশালী আৰু চিৰচেনেহী মোৰ ভাষা জননী, অহ ছ’ৰি, চিৰচেনেহী মোৰ পত্নী জনীয়ে মোৰ লগত অলপ ধেমালী কৰাৰ মানস কৰিলে৷ কাজেই সংসাৰবোৰত এতিয়া ধেমালী-ধুমুলা নোহোৱা হৈ পৰিছে৷ কি পত্নী, কি পুত্ৰ সকলো মায়া এই ‘মুখপুথি’ৰ ওচৰত হাৰ মানি গৈছে৷ সেইবাবেই হয়তো গতানুগতিকতা এৰি অলপ মোৰ লগতেই ধেমালী কৰোঁ বুলি ভাবিলে৷ কিন্তু ইয়াৰ মাজত যদি ‘কেঁচু খান্দি সাপ উলিওৱা’ৰ দৰে কিবা ন্যস্ত স্বাৰ্থ আছিল, তেন্তে সেয়া মোৰ সৰলচিতীয়া মানুহটোৱে বুজাৰ সাধ্য নাছিল৷
দুয়ো মিলি মোলৈ মেচেজ পঠিয়ালে – “হাই নয়ন, তুমি মোক পাহৰি গ’লা, কিন্তু মই আজিও তোমাক পাহৰিব পৰা নাই৷ “
বুকুখন চিৰিংকৈ উঠিল৷ কোন হব পাৰে! স্মৃতিৰ চকা যিমান পাৰি ওলোটাকৈ ঘূৰালোঁ৷ বৰ দেখনিয়াৰ নহ’লেও স্কুল কলেজত ময়ো কম ৰাসলীলা কৰি থৈ অহা নাই৷ এইফালে গাঁৱতো আছিল দুজনীমান, ‘নয়নদা’ বুলি মাতষাৰ দি যিটোহে হাঁহি মাৰিছিল, কলিজাৰে মদনৰ কামবান ইফাল-সিফাল হৈ ওলাই গৈছিল৷ সিহঁতৰে নেকি কোনোবা এটা! কিবাকৈ হয়তো মোৰ নংটো কৰবাত পালে, বিৰহৰ কোনো আকুল মুহূৰ্তত, মন চঞ্চলা নদী হৈ যোৱাৰ পৰত ৰ’ব নোৱাৰি হয়তো বিৰহী বাৰ্তাখিনি এছ.এম.এছ কৰি পঠিয়াই দিলে! একোবাৰ ভাব হ’ল, নহয় নহয়, এয়া নিশ্চয় মোৰ দগাবাজ লগকেইটাৰে কোনোবা হ’ব! লগকেইটাৰ কথা মনত পৰাৰ লগে-লগে মনৰ পৰা সকলো ৰোমাণ্টিক ভাববিলাস ফুঃ মাৰি নুমাই দিয়া টিপচাকিৰ দৰে নুমাই গ’ল৷ হয়, সেই ধুৰন্ধৰ কেইটাৰে কোনোবা এটা হ’ব৷ কিন্তু যদি নহয়! যদি গাঁৱৰে সেই মধুমিতাজনী হয়, যিয়ে জাপ-জাপ চিঠি লিখি মোক প্ৰেমৰ আদিপাঠ শিকাইছিল!
ধে..ই, কিবোৰ যে ভাবি আছোঁ মই! বিয়া-বাৰু কৰোৱা মানুহ মই৷ এইবোৰ কি ভাব যে মনলৈ আনিছোঁ! শ্ৰীবিষ্ণু শ্ৰীবিষ্ণু! মনলৈ এটা গহীন ভাব আনিলোঁ৷ ‘তুমি কোন’ বুলি মেচেজ এটা টাইপ কৰিলোঁ, পিছত আকৌ ডিলিট কৰিলোঁ৷ অসমীয়াত লিখা মেচেজবোৰত একেবাৰে ‘স্মাৰ্টনেছ’ ফুটি নুঠে৷ ইংৰাজীত লিখিলোঁ “হু আৰ ইউ, ডু ইউ ন’ মি? “ বঢ়িয়া, এতিয়া অলপ গহীন-গম্ভীৰ টাইপ হ’ল৷ পঠিয়াই দিলোঁ৷ মুহূৰ্ততে ৰিপ্লাই দিলে “তোমাক চিনি নাপালে আকৌ মেচেজ দিম নেকি! তুমি বহুত সলনি হ’লা৷ “ বুজিলোঁ, সেইফালে ইংৰাজীত কেঁচা৷ নহলে ইংৰাজী মেচেজৰ ৰিপ্লাই অসমীয়াত নিদিয়ে৷ ইচ, মইনো কোনচাম ডক্টৰেট! কিবাকৈ দুটামান লাইন শিকি লেভেল মিলাই চলা মানুহ৷ ময়ো উত্তৰ দিলোঁ “নক’লে তোমাক কেনেকৈ চিনি পাম? “ সেইফালৰ পৰা মেচেজ আহিল, “নালাগে দিয়া মোক চিনি পাব, মোৰ লগত কিমান বছৰ প্ৰেম কৰিলা, এতিয়া মোকেই চিনি নপোৱা হ’লা! মাত্ৰ মনত ৰাখিবা আই লাভ ইউ৷ “
হয়, মধুমিতাই হয়৷ খাটাং৷ ইচ্, তাইৰ লগত মোৰ কিমান কি যে ঘটি গৈছে৷ এতিয়া মনত পৰিলে লাজেই লাগে৷ এজাক ছোৱালীৰ মাজত থাকিলেও তাই কিমান বুদ্ধি কৰি যে চিঠিখন দি থৈ যায়৷ সেই চিঠি লৈ লেমৰ পোহৰত মোৰ দিন নাযায়, ৰাতি নুপুৱায়৷ কিমান বছৰ যে পাৰ হৈ গ’ল! কিন্তু তাই মোক এতিয়াও মনত ৰাখিছে৷ এতিয়া মানে তাই চাগে দুটা-তিনিটামান ল’ৰা-ছোৱালীৰ মাক হ’ল৷ হওক, তাই মোক কেনেকৈ পাহৰিব! প্ৰথম প্ৰেমক পাহৰা কি ইমান সহজ কথা! মোৰ মনটো মধুমিতাৰ কাষলৈ উৰি গ’ল৷ তাইৰ মাতটো শুনিবলৈ মই ব্যাকুল হৈ উঠিলোঁ৷ নাই, আৰু মেচেজ মেচেজ নহ’ব, এইবাৰ ডাইৰেক্ট ফ’ন৷ ফোন লগালো, বুকুখন অচিন উত্তেজনাত ঢপ্-ঢপাই উঠিল৷ বয়স যেন মোৰ কুৰি বছৰ কমি গ’ল৷ ফোনটো ৰিং হৈ আছে৷ নাই, তাই ফোনটো ৰিচিভ নকৰিলে৷ হয়তো কাষত গিৰিয়েক আছে৷ হয়তো কেঁচুৱাক গাখীৰ খুৱাই থাকিবও পাৰে! নাই নাই মোৰ বেয়া লগা নাই৷ মই যেন নিজকে কৈ উঠিলোঁ, “মধুমিতা, ময়ো তোমাক পাহৰিব পৰা নাই, মই ফোন কৰিয়ে থাকিম তোমাক৷ “
সঁচাকৈয়ে পিছদিনা আকৌ ফোন কৰিলোঁ৷ নাই সেইদিনাও ৰিচিভ নহ’ল৷ এখন ভৰা ঘৰৰ বোৱাৰী তাই৷ শাহুৱেক, গিৰিয়েক, দেওৰেক থকা ঘৰৰ বোৱাৰীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ লগত ম’বাইলত কথা পতা কি ইমান সহজ কথা! গতিকে মই হতাশ নহ’লো৷ কিন্তু মোলৈ মেচেজ অহা হলে বন্ধ নহ’ল৷ দুদিন পিছত আকৌ মেচেজ আহিল, “এটা মুহূৰ্তৰ বাবেও মই তোমাক পাহৰিব পৰা নাই নয়ন৷ “ কালবিলম্ব নকৰি লগে-লগে ফোন লগালো, কিন্তু নাই ৰিচিভ নকৰে৷ এদিন-দুদিনৰ মূৰে মূৰে কেৱল মেচেজ আহি থাকিল, ‘আই ল’ভ ইউ, আই মিছ ইউ’ ইত্যাদি ইত্যাদি৷ মই ফোন কৰোঁ, কিন্তু সেইফালে ফোন ৰিচিভ নকৰে৷ কিন্তু এদিন মোৰ ধৈৰ্য-শৈৰ্যৰ বান্ধ চিঙি গ’ল৷ মই মেচেজত সুধি পেলালোঁ, “তুমি মধুমিতা হয়নে? “ অলপ সময় নীৰৱ৷ তাৰপিছত সেইফালৰ পৰা উত্তৰ আহিল ‘হয়’৷ মন মোৰ চঞ্চলা পখী হৈ পৰিল৷ মই আকুল আবেগেৰে ৰিপ্লাই দিলো “মধু, ময়ো তোমাক পাহৰিব পৰা নাই৷ “
সেইদিনা শ্ৰীমতী আৰু মই বজাৰত৷ দোকান এখনত এওঁ কাপোৰ চাই আছে আৰু মোৰ মগজুৰ পৰা গৰম তাঁৱাৰ পৰা ওলোৱাদি ধোৱা ওলাই আছে৷ অহাৰ পৰত ময়ে ক’লো বোলে “ভোক লাগিছে, কিবা এটা খাওঁ ব’লা৷ “ দুয়ো সোমালো ‘মিডটাউন’ বোলা ধুনীয়া ৰেষ্টুৰেণ্ট এখনত৷ অৰ্ডাৰ দি অপেক্ষা কৰি বহি আছোঁ এনেতে বাজিল ফ’ন৷ চাই দেখোঁ, সেইটোৱে নং৷ বুকুখন ধহমহাই উঠিল৷ মধুমিতাৰ নং৷ মৰতীয়ে ফোন কৰিবলৈ সময় নাপালে আৰু৷ মন মোৰ আকৌ পুৰণি দিনলৈ গুচি গ’ল৷ এওঁক অলপ গহীনাই ক’লো, “অফিচৰ বচে ফোন কৰিছে, মই বাহিৰত অলপ কথা পাতি আহো দেই৷ “ ওলাই আহিয়ে মাতটো যিমান পাৰি কোমল কৰিলোঁ আৰু “যেন অভিমানত মই এতিয়াই কান্দি দিম“ তেনে মাত এটা উলিয়াই ক’লো “মধুমিতা, অৱশেষত ফোন কৰিবলৈ সময় পালা ন? “ সেইফালৰ পৰা গলত কফ বজি থকা যেন মহিলা এগৰাকীৰ গেৰগেৰীয়া মাত ভাহি আহিল, “বাবা মই কৈছোঁ দিয়া৷ “ কোন! মধুমিতাৰ শাহুয়েক নেকি! বুঢ়া মানুহ, ক’ৰবাত মাৰোতে চাগে ক’ৰবাত লাগিল৷ : ‘হয় কওঁকচোন, কোনে কৈছে আপুনি? “ “বাবা মই কৈছোঁ, মোক চিনি পোৱা নাই? “: ‘কোননো? ’ এইবাৰ মাতটো অলপ চিনা চিনা লাগিল৷ : “বাবা, মই কৈছোঁ দিয়া, তোমাৰ শাহুয়েৰা৷ “ ধুপুচকৈ যেন মই তাতে হামখুৰি খায় পৰি যাম৷ কোনোবাই যেন প্ৰকাণ্ড হাতুৰী এটা লৈ মোক খেদি আহিছে!
“হেল্ল বাবা, শুনিছানে? “ ‘অ’ অ’ মা, কওঁকচোন, নতুন ফোন ল’লে নেকি? “ “অ’ তোমাৰ ঘৈনীয়েৰাই দেখোন ফোনটো দিছে৷ তোমাক কোৱা নাই নেকি? তাইক কিমানবাৰ ক’লো বোলে মোক এই দামী ফোনবোৰ নিদিবি, মই একো তলা-নলা নাপাওঁ৷ কিবাকৈ হে তোমাৰ নম্বৰটো উলিয়াইছোঁ৷ কথাটো হ’ল মোৰ ডাইবেটিছৰ টেবলেটকেইটা শেষ হৈছে৷ দুয়োজনী ছোৱালীকে ফোন কৰি আছোঁ, এটাটো হ’লে নালাগে৷ তুমি টেবলেটকেইটা লৈ আহিবাচোন৷ নাপাহৰিবা ..৷ “ মোৰ আৰু কাণেৰে একো নোসোমাল৷ নংটো তাৰাতাৰি মই ‘শাহুআই’ বুলি ‘চেভ’ কৰি দিলোঁ৷ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই দেখিলোঁ ‘বয়’টোৱে একপ্লেট ‘চিকেন বিৰিয়ানি’ দি থৈ গৈছে আৰু সন্মুখত বহি আছে মোৰ এতিয়াৰ ‘মধুমিতা’৷ গাঁৱৰজনী ইতিমধ্যে মৰি-হাজি ভুত হৈ গৈছিল৷ বিৰিয়ানিখিনিলৈ চাই মনতে ক’লো “হা দৈ আজিয়ে খাই ল, কাইলৈ ৰজাই কি কৰে ঠিক নাই! “
সেইদিনা ৰাতিয়ে মোৰ ঘৰত চীন-ভাৰতৰ যুদ্ধ এখন নহ’লেও, মোটামোটি ‘ডোকলাম’ৰ দৰে উত্তেজনাপূৰ্ণ পৰিস্থিতি এটাৰ সৃষ্টি হ’ল৷ মই কল্পনাও কৰিব পৰা নাছিলোঁ যে শাহুআইৰ নতুন ফোনটোৰে পত্নী আৰু খুলশালীজনীয়ে মোৰ লগত এইখন যুদ্ধৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে৷ অৱশেষত পত্নীৰ ৰঙাচকুৰ সন্মুখত মধুমিতা কি ক’ত কিয় বিখ্যাত তাৰ এটা চমু আভাস মই দাঙি ধৰিলোঁ৷ পত্নীৰ ৰঙা চকুৰ পৰা এইবাৰ চীনে খুলি দিয়া বান্ধৰ পানীৰ দৰে হো-হোৱাই বানপানী নামি আহিল৷ অৱশেষত “তোমাৰ লগত ৰিস্তা মোৰ শেষ, নাথাকোঁ আৰু এই ঘৰত“ বুলি পত্নীয়ে একেচাতে খুলশালীৰ স্কুটিৰ পিছত বহি ‘ডোকলাম’ ত্যাগ কৰি গুচি গ’ল৷ ‘এতিয়া অকলে ক’ত মৰ মৰ’, কপালে-মূৰে হাত দি মই বহি থাকিলোঁ৷ এইফালে ৰাতিও হৈ আহিল৷ ভালেখিনি পৰ পিছত মোৰ যেন মোক্ষপ্ৰাপ্তি হ’ল৷ লগে-লগে মই ফোন উঠালোঁ আৰু সেইফাললৈ প্ৰায় আদেশৰ সুৰতেই ক’লো, “প্ৰশান্ত, হাফ এটা লৈ আহ, আজি অমলা মাকৰ ঘৰত গ’ল৷ “ মাকৰ ঘৰত যোৱাটোনো কি ডাঙৰ কথা, ক’তবাৰ গ’ল! খুব বেছি দুদিন, তাৰপিছত “ঘৰৰ মানুহ ঘৰলৈ গুচি আহিব৷ “ এইবিলাক কথা লগৰ কেইটাই জানেই, গতিকে সিহঁতক আৰু বেছি একো ক’ব লগা নহ’লেই৷ একান্ত বাধ্য ছাত্ৰৰ দৰে প্ৰশান্তই হনুমন্তই সাগৰ পাৰ হোৱাৰ দৰে একেজাপে আহি মোৰ ঘৰ ওলাল৷ হাতত তাৰ কাগজেৰে মেৰিওৱা সেই বিশেষ সুগন্ধি দ্ৰব্যবিধ৷ মই তাক গিলাছ-বাতি সকলো যতনাই দি ক’লো বোলে ‘তই ৰেডি কৰ, মই সাউতকৈ ভৰিদুখন ধুই আহো’৷ ফ্ৰিজত যে কেইটুকুৰমান ভজা মাছ আছে, সেইটোৱো তাক মনত কৰি দিবলৈ নাপাহৰিলোঁ৷
ভৰি-হাত ধুই সুৰৰ নামত অসুৰ এটা মুখেৰে সুহুৰিয়াই আহি দেখো আন এটা অসুৰ, মানে য’ৰে বটল ত’তে পৰি আছে আৰু প্ৰশান্তই মোৰ মবাইলটো পিটিকি আছে৷ অভদ্ৰ মদাহীকেইটাৰ লগত এয়াই সমস্যা, ‘প্ৰাইভেচী’ কি বস্তু সেয়া নাজানে৷ সি এইবাৰ মোৰ মুখলৈ চালে৷ তাৰ মুখত মই আন এজন ৰণোন্মাদ চীনা সৈনিকক হে যেন দেখা পালোঁ৷ চকু পকাই সি মোক সুধিলে, “সঁচা কথা ক শাহুআই কোন? “ বুজিলোঁ শাহুআই নামেৰে চেভ কৰি থোৱা মেচেজ সি সোপাকে পঢ়িলে৷ “কোন হ’ব আৰু শাহুআই শাহুআয়ে“ মই খাৰাংখাচকৈ কৈ দিলোঁ৷ “শাহুআয়ে তোক ল’ভ ইউ, কিচ্ ইউ মেচেজ দিব৷ “ “সঁচাকে সেইটো শাহুআইৰ নং অ, বিশ্বাস কৰ৷ “ “বিশ্বাস কৰিম, তোক মই আৰু বিশ্বাস কৰিম! কলেজত তই ধনশ্ৰীৰ নামটো ধনেশ্বৰ, লতিকাৰ নামটো লখেশ্বৰ কৰি ‘চেভ’ কৰি থোৱা নাছিলি? তোৰ এতিয়াও স্বভাৱ সলনি হোৱা নাই ন! এনেয়ে অমলা ঘৰলৈ গুচি যোৱা নাই৷ “ “ধেত্‍ তেৰী, তই কথাখিনি শুনচোন মোৰ, মই বৰ অনুনয়েৰে তাক ক’লো৷ “ “একো কথাই নুশুনো তোৰ৷ “ গুৰুগম্ভীৰ স্বৰেৰে প্ৰশান্তই মাত লগালে, “অকল অমলাই নহয়, আজি ময়ো তোক এৰিলোঁ৷ তোৰ নিচিনা বন্ধু মোক নালাগে৷ মই মদাহী হব পাৰোঁ, কিন্তু বেইমান নহয়৷ গুড বাই দোস্ত, বটলটো তয়ে ডিঙিলৈকে খাই বাগৰি থাক৷ “ কথখিনি কৈয়ে সি আৰু নৰ’ল৷ হনুমন্তৰ দৰেই সি বাহিৰৰ আন্ধাৰত নোহোৱা হৈ গ‘ল৷
ৰাতি বহুত হৈ আহিল৷ পত্নী গ’ল, প্ৰশান্ত গ’ল৷ ঘৰখনত ময়ে একমাত্ৰ প্ৰাণী হৈ প্ৰাণ বচাই থাকিলোঁ৷ য’ত সব এই শাহুআইৰ নতুন মবাইলটোৰ বাবেই হ’ল৷ শাহুআইলৈ খঙত দাঁত-মুখ কৰচি উঠিল৷ কিন্তু আৰু উপায় নাই, ইতিমধ্যে প্ৰলয় হৈয়ে গ’ল৷ বৰ অকলশৰীয়া অনুভৱ কৰিলোঁ মই৷ এনেতে টেবুলৰ ওপৰত থকা বটলটোলৈ চকু পৰিল৷ সি মোলৈ চাই যেন ঢেকঢেকাই হাঁহি উঠিছে৷ তাৰ হাঁহিত এইবাৰ গোটেই ঘৰখনে কঁপি উঠিল৷ সিও যেন মোক কৈছে “এতিয়া পাইছানে মজাটো? “ প্ৰিয় পাঠক, বধ দিছোঁ, অচিনাকি নম্বৰৰ পৰা মেচেজ আহিলে ৰিপ্লাই নকৰিব, হ’ব পাৰে সেইজন আপোনাৰেই সহধৰ্মিনী ….

★★★★

Comments

  1. তামাম নয়ন! আগতে পঢ়িছিলো, আকৌ এবাৰ পঢ়িলো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *