কাহিনীটো Whatsapp, Facebook, Orkut আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰ পৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সবল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ? বিফল প্ৰেম?
হয় আছিল৷ ঠিক হওঁ হওকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক৷
পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনী গৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো মূৰৰ তপন খুৰাৰ খুলখালী গীতিমা ফুৰিবলৈ আহিছিল৷ গীতিমাৰ ভাল নাচনী হিচাপে সুনাম আগৰ পৰাই আছিল৷ সাতে পাছে সকলো অংক মিলাই গীতিমা পুতুল খুৰাৰ বিহুদলৰ অংশ হৈ বিভিন্ন মঞ্চত পুৰস্কাৰ লাভ কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ ধৰিলে৷ এই সকলোৰে মাজতে পুতুল খুৰাৰ মনৰ মাজত প্ৰেমৰ নিজৰা এটি জীৱন্ত হৈ পৰিছিল, গীতিমাৰ নামেৰে৷ কিন্তু ক’ব খুজিও সাহসৰ অভাৱতে ৰৈ গৈছিল৷ ইফালে গীতিমাৰো যোৱাৰ দিন আহি পৰিছিল৷ এইখিনি সময়তে অঞ্চলটোৰ বিখ্যাত বিহু সন্মিলনীৰ দিন আহি পালে৷ পুতুল খুৰাই এই বিহুতে শ্ৰেষ্ঠা বিহুৱতীৰ সন্মান গীতিমাৰ হাতত আহি পৰাৰ পাছতেই মনৰ কথা গীতিমাৰ আগত কৈ দিয়াৰ সংকল্প ল’লে৷ সন্মিলনী উপলক্ষে জোৰদাৰ ৰিহাৰ্চেল হ’ল৷ আমি বোৰে জুম বান্ধি বান্ধি ৰিহাৰ্চেল চালোঁ৷ সকলোৱে প্ৰায় নিশ্চিত যে, এইবাৰ শ্ৰেষ্ঠা বিহুৱতীৰ সন্মান গীতিমাই পাব৷ অৱশেষত প্ৰতিযোগিতাৰ সেই ক্ষণটো আহি পালে৷ সকলোৱে প্ৰাণঢালি বিহু মাৰিছে, গীতিমাৰ গাত যেন বৰদৈচিলাৰ সকলো শকতি জমা হৈছে৷ শ্ৰোতা দৰ্শক প্ৰায় নিশ্চিত, পুৰস্কাৰ পুতুল খুৰাৰ দল আৰু গীতিমাৰ হাতলৈকে যাব৷ কিন্তু শেষ অংশ য’ত পুতুল খুৰাই পেঁপাটি বজাব লাগে, তেতিয়াই ঘটিল অঘটন৷ পুতুল খুৰাই জোৰ দিয়েহে দিয়ে, পেঁপা নাবজে৷ গাৰ সমস্ত শক্তিৰে জোৰ দি ফু মাৰোতে পেঁপাৰ ভিতৰৰ পৰা কিবা এটা গৈ বিচাৰকৰ আসনত থকা, কাঢ়া শিক্ষক বুলি খ্যাত প্ৰমোদ শৰ্মা ছাৰৰ কোলাত পৰিলগৈ৷ যেনেতেনে পেঁপা বজাই অনুষ্ঠান সামৰিলে যদিও পুতুল খুৰাৰ দলটোলৈ কোনো পুৰস্কাৰ নাহিল৷ পাছত গম পোৱা মতে পুতুল খুৰাৰ পেঁপাৰ পৰা বান্দৰ চাপ চাঁধাৰ পেকেট এটা মিছাইল টাইপ গৈ প্ৰমোদ শৰ্মা ছাৰৰ কোলাত পৰিছিল৷ ইয়াৰ পিছত আৰু বেলেগ ক’বলৈ একো নাই৷ কি কুক্ষণত চাঁধাৰ পেকেট পেঁপাৰ ভিতৰত গৈ সোমাল সেয়া যদিও এতিয়াও পুতুল খুৰাৰ কাৰণে সাঁথৰ কিন্তু ইয়াৰ পাছতে পুতুল খুৰাৰ জীৱনৰ পৰা গীতিমা আৰু চাঁধাই বিদায় মাগিলে৷

★★★★

Comments

  1. হুক হুন, বৰ দুখ ভৰী কাহিনী ৷ বঢ়িয়া লাগিল, দেৱজিত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *