ৰসগোলা নামৰ চমৎকাৰী মিঠাইবিধৰ লগত মোৰ সম্পৰ্ক বৰ এটা সন্তোষজনক নহয়৷ বৰঞ্চ, অভিজ্ঞতাৰ মোনাটো জোকাৰি দিলে মোনাটোৰ পৰা কেইটামান নীৰস আৰু নিৰ্দয় ‘গোল্লা’হে সৰি পৰে আৰু চকুৰ সমুখতে সিহঁতকেইটাই অতিকায় ৰূপ ধাৰণ কৰি মোক তৌবা-তৌবা সোঁৱৰায়৷ তাৰ পিছমুহূৰ্ততে পেটৰ ভিতৰৰ পৰা ভয় আৰু আতংক নামৰ বিপুলাকৃতিৰ দানৱদুটা ‘টাইফুন’ৰ লেখীয়া দুৰ্বাৰ গতিত উৰি আহি মন-মগজুত গপচত বহি লয় আৰু ভৱিষ্যতে ৰসগোল্লা দেখিলেই পলাই পত্ৰং দিবলৈ একপ্ৰকাৰে কঠোৰ সতৰ্কবাণী শুনাই দিয়ে৷

ল’ৰালিকালৰ এটা বিশেষ ঘটনালৈ মনত পৰিছে৷ কোৱা বাহুল্য-সেইয়াই আছিল ৰসগোলাৰ ‘নেতিবাচক দিশ’টোৰ লগত মোৰ প্ৰথমটো মুখামুখি সংঘৰ্ষ৷

শাৰদীয় বতৰ৷ ঘৰৰ পৰা নাতিদূৰৈত অৱস্থিত দৈনিক বজাৰত হোটেল এখনে জন্মগ্ৰহণ কৰিছে৷ নাম ৰখা হৈছে-‘খাওকনা’৷ নাম শুনিলেই ‘সোমাই যাওঁ, দিনৰ দিনটো বহি বহি খাওঁ’ যেন লগা হোটেলৰ মালিক পদ্মখুৰা৷ অঞ্চলৰ প্ৰথিতযশা ‘হেবাং’-শ্ৰীপদ্মপাণি তালুকদাৰ৷ পিছে খুৰা ‘হেবাং’ হ’ল কি হ’ল-তেখেতৰ সুযোগ্যা পত্নী মাধৈমালতী তালুকদাৰ এগৰাকী চতুৰ গৃহিনী, এগৰাকী বিচক্ষণ কূতনীতিবিদ আৰু এগৰাকী সূক্ষ্মানুভূতিশীল পৰচৰ্চাকাৰী৷ যিটো বিশেষ চমৎকাৰী গুণে খুৰীক আন একাংশ অসমীয়া মহিলাৰ পৰা পৃথক কৰিছে; সেইটো হ’ল তেওঁৰ মগজুৰ অঞ্চলে-অঞ্চলে বিয়পি থকা প্ৰচুৰ ব্যৱসায়িক জ্ঞান আৰু একেটা বিভাগতে বিৰাজমান তেওঁৰ প্ৰচণ্ড শক্তিশালী ‘প্ৰেজেঞ্জ অৱ মাইণ্ড’৷ খুৰাৰ ‘খাওকনা’ হোটেলৰ সফলতাৰ আঁৰতো মুখ্য পৃষ্ঠপোষক আৰু উপদেষ্টাৰ ভূমিকাত আছিল তেওঁৰ ধৰ্মপত্নী৷ খুৰীৰ ভাষাতেই কওঁ-“কেঁচুৱাকালতেই সপোন দেখিছিলো-মই এখন হোটেল খুলিম৷ হোটেলত দেশ-বিদেশৰ মানুহে চাহ-মিঠাই খাবলৈ আহিব৷ খাই উঠি সকলোৱে মোক বাহ্-বাহ্ দিব৷ মই পিছে বাহ্-বাহ্ শুনি ভোল যোৱা মানুহ নহওঁ৷ দস্তুৰমত পইচা ল’ম৷ ” অতবছৰে লালন-পালন কৰি থকা স্বপ্নটোৱে যেনিবা এইবেলি পূৰ্ণতা পালে৷ হোটেলখন খোলা হ’ল৷ অকল খোলাই নহয়, হোটেলৰ ‘আনকমন’ নামটোৰ পৰা আৰম্ভ কৰি হোটেলত শোভাবৰ্দ্ধন কৰিবলগীয়া ৰঙ-বিৰঙৰ মিঠাইৰ আকাৰ-আকৃতি, পৰিসীমা, ৰস-গুণ আৰু মূল্যৰ ‘ষ্টেণ্ডাৰ্ড’ তালিকাখনো প্ৰস্তুত কৰিলে খুৰীয়ে৷ খুৰীৰ প্ৰভাৱশালী ব্যক্তিত্ব, অসাধাৰণ কৰ্মদক্ষতাক জনা-বুজা হোৱাৰেপৰা ‘ঈশ্বৰৰ আৰ্শীবাদ’ হেন জ্ঞান কৰি অহা খুৰায়েও বিনাবাক্যব্যয়ে পত্নীৰ প্ৰস্তাৱিত তালিকাত হাঁহি-হাঁহি অনুমোদন জনালে৷

এতিয়া আচল কথালৈ আহো৷ পদ্ম খুৰাৰ লগত দেউতাৰ ভাল বন্ধুত্ব৷ গতিকে সেই বন্ধুত্বৰ জোৰতেই বুধিয়ক পিতাশ্ৰীয়ে খুৰাৰ হোটেলৰ পৰা আবেলি সৰকাই আনিলে দহটা বৃহদাকৃতিৰ ৰসগোলা৷ মায়ে আগবঢ়াই দিয়া ষ্টিলৰ থালখনত আলফুলেৰে ৰসগোলাকেইটাক জিৰাবলৈ দিয়া হ’ল৷ মই কাষ চাপি গৈ ৰসগোলাকেইটালৈ তীক্ষ্ন দৃষ্টিৰে চোৱাত লাগিলো৷ ‘বাবা, সোণ-অকণ আঁতৰি দেচোন৷ গোলাকেইটাই উশাহ-নিশাহত কষ্ট পাব৷ ’ মোৰ জিভাৰ পৰা অন্তহীন গতিৰে বৈ থকা বোৱতী নদীখনক সম্পূৰ্ণ উপেক্ষা কৰি পৰমপিতা পৰমেশ্বৰে ৰায়দান দিলে৷ ৰসগোলাৰ ৰসাল জগতৰ পৰা মই বাস্তৱ পৃথিৱীলৈ ঘূৰি আহিলো৷ কিন্তু এইয়া কি! যিটো বিশেষ বাণী শুনাই দেউতা ঈশ্বৰে মোক ৰসগোলাৰ ৰূপ-সৌন্দৰ্য চোৱাত বাধাপ্ৰদান কৰিলে, সেইটো বাণী দেখোন চৰম মিথ্যাচাৰ আৰু ‘ব্যংগ’ৰহে ‘দুছৰা নাম’৷ ‘ৰসগোলাই হ’বলা উশাহ লয়! ’ মই বিদ্ৰোহ কৰি উঠিলো৷ দেউতাই হাঁহিলে আৰু ক’লে-“নলয়৷ কিন্তু তই যেনেকৈহে ৰসগোলাকেইটালৈ চাই আছ, তোৰ জিভাৰ পানীৰে পাকঘৰৰ মজিয়া উপচি পৰিব আৰু তাতকৈয়ো ডাঙৰ কথা হ’ব-তোৰ জিভাখন শুকাই কৰকৰীয়া মাৰিব৷ ” কাষতে বহি তামোল কাটি থকা মাতৃয়ে দেউতাৰ কথা শুনি ধেকধেকাই হাঁহিলে৷ ‘আপুনিও যে আৰু! ’ এক বিশেষ কায়দাৰে, নিমজ-কোমল ভাষাৰে মাতৃয়ে সংলাপটি আওঁৰালে৷ এইধৰণৰ সংলাপে দেউতাক বিভোৰ আৰু আৱেগিক কৰি তোলে হ’বলা৷ হয়তো যৌৱনৰ সোণোৱালী ইতিহাসৰ ৰূপালী পৃষ্ঠা লুটিয়াই দেউতা মুহূৰ্ততে ‘দুৰন্ত প্ৰেমিক’ হৈ পৰে আৰু পলকতে মাৰ দুচকুত দুচকু থৈ বহুত কিবা-কিবি কৈ পেলায়৷ চাৰি চকুৰ ভাষা- মোৰ দৰে নিৰ্বোধ আৰু কোমলীয়া মনৰ বালকে বুজিব নোৱাৰে৷ তেনেকৈয়ে কেইটিমান মুহূৰ্ত পাৰ হ’ল৷ সেই কেইটিমান মুহূৰ্ততে মোৰ খঙে গৈ মূৰৰ ওপৰত উঠিল৷ মোৰ সৰলতাক যে দুৰ্বলতা বুলি ভবা হৈছে আৰু এপাট-দুপাটকৈ ব্যংগাস্ত্ৰ এৰি মোক ক্ষত-বিক্ষত কৰাৰ আয়োজন চলিছে-মোৰ আৰু বুজিবলৈ বাকী নাথাকিল৷ গতিকে..৷ গতিকে যাৰ যি ইচ্ছা –কৈ থাকা, মই কাৰো কথা শুনাত নাই৷ এইবুলি থালত থকা বিয়াগোম ৰসগোলা এটা দিলোগৈ মুখত ভৰাই৷ কিন্তু ভগৱানৰ কি মহিমা! খঙৰ ভমকত ৰসগোলাটো মুখত ভৰাই ৰসপান কৰি থাকোতেই ‘ৰস’-এ গৈ মোৰ ডিঙিত চহা মাৰি ধৰিলে৷ ৰসগোলাটোৰ তেতিয়ালৈকে মাত্ৰ বিশ শতাংশহে পেটলৈ গৈছিল৷ বাকী আশী শতাংশ ৰসগোলা মুখগহ্বৰৰ পৰা ততালিকে উলিয়াই মজিয়াতে পেলালো৷ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল৷ সেপ গিলিব নোৱাৰা হ’লো৷ কোৱা বাহুল্য যে মৃত্যুভয়ৰ প্ৰভাৱ আছিল অপৰিসীম৷ সন্তানক সংকটাপন্ন ৰূপত দেখি পিতৃ-মাতৃয়েও তৎপৰতা দেখুৱালে আৰু উধাতু খাই মোৰ ফালে দৌৰি আহিল৷ গিলাচত থকা পানীকণ মায়ে খাবলৈ দিলে৷ ত্ৰস্ত-সন্ত্ৰস্ত পিতৃয়ে মোৰ পিঠিত মালিচ কৰিবলৈ ধৰিলে৷ নিজৰ ফালৰ পৰাও অন্তহীন চেষ্টা চলোৱা হ’ল-সাধাৰণ অৱস্থালৈ ঘূৰি অহাৰ৷

ভগৱানৰ মহিমা বুজা টান৷ অলপ আগতে যিজন ভগৱানক উদ্দেশ্যি বক্ৰোক্তি কৰিছিলো, এতিয়া সেইজন ভগৱানকে ধন্যবাদ দিব লগাত পৰিছে৷ মোৰ জীৱনটো বাচিল৷ পিতৃ, মাতৃ আৰু মোৰ ব্যক্তিগত প্ৰচেষ্টাত সেপ গিলিব পৰা হ’লো৷ দেউতাই দীঘল নিশ্বাস এটা এৰিলে আৰু ক’লে-“এইবাৰৰ পৰা ৰসগোলা খালে গোলাটোক ৰ’দত শুকোৱাই ৰসখিনি নাইকিয়া কৰি ল’বি৷ ” পুতেকৰ এনে দুৰ্বিসহ অৱস্থাতো পিতৃয়ে সূক্ষ্ম কৌতুকবোধৰ পৰিচয় দিবলৈ এৰা নাই৷ প্ৰৱণতাটো দেখি বিস্ময়াভিভূত হ’লো৷

তাৰপিছত ভালেমান দিনলৈ গোলাকৃতিৰ মিঠাইবিধৰ লগত সম্পৰ্ক নাই৷ চকামকাকৈ দেখিলেও দূৰতে সাত-আঠটা জাঁপ মুহূৰ্ততে পলাই ফাট মাৰো৷ আলহি-অতিথিয়ে যিমানেই লোভ দেখুৱাই ‘আহা সোণটো, গোলা এটা খোৱাহি’ বুলি মৰমসনা মাতেৰে নামাতক কিয়, মই লৰচৰ নকৰো৷ যেন মোৰ গাত বজ্ৰহে পৰিল৷ বিয়া-সবাহত ৰসগোলা দিয়াটো আমাৰ সমাজত ধৰাবন্ধা কথা৷ পিছে ৰসগোলাটোৱে যাতে মোৰ পাতখন স্পৰ্শ কৰি ত্ৰাস আৰু আতংক সৃষ্টি কৰিব নোৱাৰে-তাৰ কাৰণে মই ভোজনালয়ত খোজ পেলোৱাৰপৰাই সতৰ্ক আৰু সচেতন৷ মুঠৰ ওপৰত ৰসগোলাৰ লগত মোৰ দুৰন্ত শত্ৰুতা পূৰ্ণগতিত চলি থাকিল, কেইমাহমানলৈকে৷

পিছে… পিছে দিন যোৱাৰ লগে লগে ভয়ৰ মাত্ৰা কমি আহিল৷ ৰসগোলাটোক ‘মিছ’ কৰিবলৈ ধৰিলো৷ কিবা এটা মৰমো উপজিল বেচেৰালৈ৷ এদিন পিতাদেৱে ক’লে-“ তই ৰসগোলা খাবলৈ বাদ দিয়াৰে পৰা সিহঁতৰ মন-চন বেয়া৷ আজিকালি চেপি থাকিলেও ৰসগোলাৰ ৰসেই নোলায়৷ ” ধেমালিৰ চলেৰে কোৱা কথাটো মোৰ দেখোন সঁচা যেন লাগিল৷ ক্ৰমাৎ অনুভৱ কৰিলো-ৰসগোলাৰ ৰস পান কৰিবলৈ মই যেন মানুহটো খুব আতুৰ আৰু বিহ্বল হৈ পৰিছো৷ সেয়ে এদিন ভাল দিন-বাৰ এটা চাই ৰসগোলাৰ লগত পুনৰ সম্পৰ্ক স্থাপনৰ দিহা কৰিলো৷ ইতিহাসৰ তিক্ততা, বুৰঞ্জীৰ সত্যতা সকলোকে উপেক্ষা কৰি মই সাজু হ’লো ৰসগোলাৰ ৰসাল পুখুৰীত জোবোৰা মাৰিবলৈ৷ এইবাৰ কপাল ফুলিল৷ ভাগ্যদেৱীৰ শুভদৃষ্টি আৰু পিতৃ-মাতৃৰ যুটীয়া উদ্যোগত এইবাৰ অঘটন নঘটিল৷ বাটত কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নকৰাকৈ ৰসগোলাটোৱে পাকস্থলীত প্ৰৱেশ কৰিলেগৈ৷ মনটো বৰ ভাল লাগিল৷ শুভ আৰম্ভণি যেতিয়া হৈ গ’ল-ৰৈ থকাত নাই৷ তাৰপিছত কেইবাদিনলৈকে কলি যুগৰ বকাসুৰটো হৈ দিনে-ৰাতিয়ে কেৱল ৰসগোলাকে ভক্ষণ কৰিবলৈ ধৰিলো৷ নাই, কোনোধৰণৰ যান্ত্ৰিক বিজুতি নাই৷ সকলো অকে৷

আহি আহি মহাবিদ্যালয়ত ভৰি দিলোহি৷ মহাবিদ্যালয় পাৰ হৈ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত নাম লগালো৷ ৰসগোলাৰ লগত মোৰ সম্পৰ্ক মোটামুটি চলি আছে৷ ফাৰ্ষ্টক্লাছ নচলিলেও থাৰ্ডক্লাছ নহয়৷ পিছে সেইদিনা… সেইদিনা ভাৰত-পাকিস্তানৰ এখন শ্বাসৰুদ্ধকৰ খেল চলি আছিল৷ টি-টুৱেণ্টিৰ বিশ্বকাপৰ ফাইনেল৷ ক্ৰিকেট বুলি ক’লেই ‘পাগল’ আমি পাঁচ-ছটা ল’ৰাই নখ-দাঁত কামুৰি হোষ্টেলৰ মালিকৰ ঘৰতে বহি খেল চাই আছিলো৷ হোষ্টেলখন আমাৰ কলেজৰ কাষতে৷ মালিকজনো বৰ দয়ালু আৰু পৰোপকাৰী মানুহ৷ তাতকৈও সন্তোষৰ কথা-মানুহজন এজন নিৰ্ভেজাল ক্ৰিকেট-প্ৰেমী৷ গতিকে আমি খেল চাবলৈ গ’লে মানুহজনে ভালেই পায়৷

বাৰু যি কি নহওক-ভাৰতে প্ৰথমে বেটিং কৰি বিছ অ’ভাৰতে ১৫৭ ৰাণ কৰিলে৷ পাকিস্তানে বেট ধৰিবলৈ আহি দুই ৰাণতে প্ৰথমটো উইকেট হেৰুৱালে৷ ৰাইজ উৰুলিকৃত হ’ল৷ খেল চলি গ’ল৷ পাকিস্তানে ৰাণ কৰিছে যদিও সমান্তৰালকৈ উইকেটো হেৰুৱাইছে৷ এসময়ত পাকিস্তানৰ ৰাণ হ’লগৈ ১০৪৷ উইকেট গ’ল সাতটা৷ ক’ত পাৰিব আৰু! আশা নাই৷ আমাৰ আনন্দ চৰম সীমাত৷ খেলৰ শেষত ‘বিশুদ্ধ স্বদেশপ্ৰেম’ৰ চানেকি দাঙি ধৰিবলৈ বোমা ফুটাব লাগিব৷ সেয়ে এজন বোমা-বাৰুদ আনিবলৈ গ’লেই৷ আৰু মাত্ৰ কেইটিমান মুহূৰ্ত, তাৰপিছতেই ভাৰতৰ হাতলৈ আহিব টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰথমটো ট্ৰফি৷ পিছে.. পিছে… এইয়া কি! মিছবাহ উল হকে দেখোন ভাল খেলিবলৈ আৰম্ভ কৰিছে! ভয়ৰ কোনো নাম-গোন্ধ নাই৷ একদম নিৰ্লিপ্ত, নিৰ্বিকাৰ হৈ খেলি আছে৷ ষ্ট্ৰাইকটো হাতলৈ আহিলেই ছয়-চাৰি মৰাৰ ধাণ্ডা লগায়৷ ই বেটা দেখিছো, কম নহয়৷ ১৮.৫ অভাৰত উমৰ গুল আউট হোৱা সময়ত পাকিস্তানৰ ৰাণ হ’লগৈ ১৪১৷ বাকী আছে সাতটা বল৷ কিন্তু এই মিছবাহে কি কৰি ঠিক নাই! এখেত থাকিলে আমাৰ বিপদ হ’ব৷ বাহুত প্ৰচণ্ড জোৰ থকা মানুহ৷ দুটা ছয় কোবাই দিলেই আমাৰ ভাৰতৰ ফালে আধ্যা৷ মুহূৰ্ততে এশ কোটি মানুহৰ চিন্তাৰ কাৰণ হৈ পৰিল এই মিছবাহ উল হক৷ ভূতৰ ওপৰত দানহ পৰাদি অন্তিম অ’ভাৰত ধোনীয়ে বল দিবলৈ সাদৰেৰে নিমন্ত্ৰণ দিলে যোগীন্দৰ শৰ্মাক৷ এইবোৰ কি হৈছে! আমি দিশহাৰা হৈ পৰিলো৷ যিজন বলাৰক পাকিস্তানে ধোবাই কাপোৰ ধোৱাদি ধুই-মেলি আদায় কৰিলে, আকৌ সেইজনকে বল দিবলৈ মতাই অনাৰ কি যুক্তিডাল আছে! আমি খেঙখেঙাই উঠিলো৷ “ছেছ, ধোনীৰ এইটো ডিছিছনৰ কাৰণেই আজি ভাৰত হাৰিব৷ ” নানান গালি-তিৰষ্কাৰেৰে ধোনী আৰু যোগীন্দৰক আমি মুহূৰ্ততে উপচাই পেলালো৷ সীমাহীন চাপ আৰু সাগৰসদৃশ উৎকণ্ঠা চাৰিওপিনে৷ কমাৰ নামেই নলয়৷ ব্যাপক টেনছন আমাৰ৷ মালিক খুৰাই সুযোগ বুজি টেনছন কমোৱাৰ বড়ি খাই আহিল৷

এই দুৰ্ঘোৰ টেনছনৰ মাজতেই মোৰ লাগিল প্ৰস্ৰাৱ কৰিব৷ এতিয়াহে আৰম্ভ হ’ল আচল কাহিনী৷ দেখহ, শুনহ৷ টিভি ৰুমৰ কাষতে মালিকৰ পাকঘৰটো৷ পাকঘৰত তেতিয়া কোনো নাছিল৷ পাকঘৰটোৰ মাজেৰে যোৱা ৰাস্তাটোৰ মূৰতেই সুসজ্জিত প্ৰস্ৰাৱাগাৰটো৷ তৰানৰা ছিঙি মই প্ৰস্ৰাৱাগাৰলৈ লৰ মাৰিছিলো যদিও পাকঘৰৰ ঘূৰণীয়া টেবুল এখনৰ ওপৰতে থৈ দিয়া বিশেষ থালখনলৈ মোৰ চকু নোযোৱাকৈ থকা নাছিল৷ কিয়নো থালখনৰ ওপৰতে আৰামত বহি আছিল কমেও পোন্ধৰটা ৰসগোলা৷ ৰসেৰে পৰিপূৰ্ণ, চেহেৰাই-পাতিয়ে আকৰ্ষণীয়, অতুলনীয়৷ ৰসগোলাকেইটাৰ লগত প্ৰথম দৰ্শনতে প্ৰেম হ’ল-যিজাতীয় প্ৰেমক দৰাচলতে ‘লোভ’ বুলি কোৱায়েই সমীচিন হ’ব৷ বাৰু, প্ৰস্ৰাৱাগাৰত থাকোতেই সিদ্ধান্তটো লৈ পেলালো-বাটেৰে গৈ থাকোতেই থাপ মাৰি এটা ৰসগোলা তুলি মুখত ভৰাই ল’ম৷ মালিক খুৰা নিজৰে মানুহ৷ বেয়া নাপায়৷ আগতেও তেনেকৈ থাপ মাৰি বস্তু সৰকোৱাৰ ৰেকৰ্ড আছে৷ গতিকে সেয়াই হ’ল৷ খৰধৰকৈ মূত্ৰবিসৰ্জন কৰি(হাত-পাত ধুইছিলোনে, মনত পৰা নাই) আহি থালখনৰ পৰা এটা ৰসগোলা ক্ষীপ্ৰগতিৰে তুলি মুখলৈ ঠেলি দিলো৷ লাগিল নহয় লেঠা! ভাৰত-পাকিস্তানৰ খেলখনৰ উত্তেজনাৰ বাবেই হওক নাইবা ৰসগোলাৰ ৰসেৰে শৰীৰ জীপাল কৰাৰ তীব্ৰ তাগিদাতেই হওক-গোলাকাৰ শুভ্ৰবৰণৰ পদাৰ্থবিধে ডিঙিত বৰ ভয়ংকৰধৰণে চহা মাৰি ধৰিলে৷ মই বোলো-এইবাৰ শেষ৷ এইবাৰ নাবাচো৷ মোৰ হৃদস্পন্দন অভাৱনীয় হাৰত বৃদ্ধি পালে৷ ভয় আৰু আতংকত থৰকাছুটি হেৰুৱাই কাষতে থকা ষ্টিলৰ খালী প্লেটখন মজিয়াত সশব্দে পেলালো৷ শব্দ শুনি বন্ধুহঁত বেগাই দৌৰি আহিল৷ পিছে পিছে দৌৰি আহিল মালিক৷ শোৱনি কোঠাত চুলি ফণিয়াই থকা মালিকনীও ‘পাকঘৰত চোৰ সোমাল’ বুলি লৰি আহিল৷ “সৰ্বনাশ, ৰসগোলা খাই ল’ৰাই কেঁকাব লাগিছে৷ ”মোক চিৰিয়াছ কণ্ডিছনত দেখি ৰাইজ আতংকিত৷ এটা বন্ধুয়ে লগেলগে পানী এগিলাচ দিলে৷ আন এটাই পিঠিত মালিচ দিবলৈ ধৰিলে৷ মোৰ সিপিনে যোৱা-থোৱা অৱস্থা৷ পিছে.. পিছে.. আকৌ বিগ থেংকছ টু অলমাইটি৷ ভগৱানৰ কি উদাৰতা! মোক তেওঁ বচালে৷ মৰমৰ বন্ধুহঁতৰ তৎপৰতাই মোক ৰক্ষা কৰিলে৷ “ৰসগোলা খাই মৃত্যমুখত পৰিল কলেজীয়া যুৱক”-এনেকুৱা এটা বাতৰিৰ বিষয়বস্তু হোৱাৰ পৰা সেইবাৰলৈ কথমপি ৰক্ষা পৰিলো৷ কিন্তু মোৰ দৰে চফল ল’ৰা এটাৰ বাবে পৰম লজ্জাৰ কথাটো হ’ল-এই সমগ্ৰ কাণ্ড দুৱাৰডলিত ৰৈ স্বচক্ষে প্ৰত্যক্ষ কৰি থাকিল মালিকৰ জীয়েকে৷ অকল প্ৰত্যক্ষ কৰি থকাহেঁতেন, ভালেই আছিল৷ কিন্তু তাই দুৱাৰডলিত ৰৈ মোৰফালে চাই যিহে মিচিক-মাচাক হাঁহি আছে, তাকে দেখি মোৰ নাৰ্ভাছনেছে পাৰাস্তমভ অতিক্ৰম কৰি গ’ল৷ ৰং সলাব পৰাহেঁতেন চুলিকেইডালো চাগে ৰঙা হৈ গ’লহেঁতেন৷ ‘ৰসগোলাও যে কাৰোবাৰ বাবে ইমান বিপদজনক হ’ব পাৰে-আজিহে জানিলো’৷ মোৰ জীউ উভতি অহাৰ ক্ষণিক পাছতেই তাই এইদৰে কটাক্ষ কৰি গুচি গ’ল৷ জীৱনত অসমীয়াটোকে বিশুদ্ধ ৰূপত ‘অসমীয়া’ বুলি কৈ নোপোৱা ছোৱালীজনীয়ে এনেহেন মাৰাত্মক খাঁটি অসমীয়া কিদৰে উচ্চাৰণ কৰিব পাৰিলে-সেইয়া মোৰ বাবে আজিও পৰম কৌতূহলৰ বিষয়৷ বাৰু থাকক সেইবোৰ৷ মুঠৰ ওপৰত সেইবাৰলৈও মই ৰক্ষা পৰিলো৷ পিছে এইখিনিতে আৰু এটা দুখৰ কথা ভগাবলৈ মন গ’ল৷ মোৰ ‘ৰসগোলা-কাণ্ড’ ঘটি থাকোতেই ভাৰত-পাকিস্তানৰ খেল শেষ হ’ল, জিৰ’ বুলি ভাবি থকা যোগীন্দৰ শৰ্মা হিৰ’ হৈ গ’ল আৰু নাটকীয়ভাৱে ভাৰত খেলখনত জিকিল৷ চৌদিশে ৰাইজৰ পৰম উল্লাস৷ পিছে আমাৰ বন্ধুহঁতে মোৰ লগত লাগি থাকোতেই ঐতিহাসিক খেলখনৰ ক্লাইমেক্স ‘মিছ’ কৰিলে৷ গতিকে সেইদিনাৰ পৰা প্ৰায় এসপ্তাহমানলৈ সিহঁতৰ লগত মোৰ পুৰা ‘কাট্টি’৷ এতিয়া লগ পালেও কয়-‘তোৰ কাৰণেই সেই সাংঘাতিক খেলখন মিছ কৰিলো৷ তোক জীৱনত মাফ নকৰো৷ ’

শ্ৰদ্ধাৰ ৰাইজ, অতীতৰ এই পেনপেনীয়া বকলাখন মেলিবলগীয়া হ’ল, কাৰণ এইমুহূৰ্তত মই জীৱনৰ এটা চৰম সংকটজনক মুহূৰ্তত বন্দী৷ আজিৰপৰা প্ৰায় এমাহৰ পিছতে যিগৰাকীৰ সৈতে “আমাৰ সংসাৰ” নামৰ নাটকখন মোকলাব লাগিব, সেইগৰাকী ‘মৃগনয়নী’ৰ ঘৰতে সৃষ্টি হৈছে এক অভাৱনীয় সংকটৰ৷ মোৰ সমুখত দুটা প্ৰকাণ্ড ৰসগোলা থম থম মদন গোপাল হৈ বহি আছে৷ কাষতে একাপ চাহ৷ চাহকাপৰ সমুখত কইনাৰ পিতৃ আৰু মাতৃ৷ মোৰ ফালে চাই দুয়ো মিচিক-মাচাক হাঁহিব লাগিছে৷

“আজি বৰ অসময়ত আহিলা, একেবাৰে মিনিষ্টাৰে ছাদেন ভিজিট দিয়াৰ দৰে৷ ঘৰত একোৱেই নাই৷ একেবাৰে তলি উদং৷ বিস্কুট এটাও নাই৷ এইদুটাকে খোৱা৷ ”-মাকে দুখেৰে ক’লে৷

এইখিনিতে কৈ থোৱা ভাল, তেওঁলোকৰ ঘৰলৈ এইয়া মোৰ তৃতীয় ভ্ৰমণ৷ আগৰ ভ্ৰমণকেইটাত ৰসগোলা নামৰ উপাদানবিধৰ অনুপস্থিতিত যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰিছিলো৷ খোৱাত মোৰ লাজ নাই৷ এইটো জন্মগত প্ৰতিভা৷ গতিকে গৃহস্থই যি দিয়ে লাজ-মান সকলো একাষৰীয়া কৰি টপাটপ গিলি পেলাওঁ৷ পিছে, এইবাৰ অলপ দোমোজাত পৰিলো৷ ৰসগোলাটো খাম হয়, কিন্তু অতীতৰ ভয়াৱহ স্মৃতিয়ে হেঁচা মাৰি ধৰে, পলে পলে নিৰুৎসাহিত কৰে-“নাই, নাই তই ৰসগোলা নাখাবি৷ খালেই তোৰ সমস্ত ইজ্জত মাটিৰ লগত মিহলি হৈ যাব৷ দিনৰ পোহৰৰ দৰে উজ্জ্বল হৈ পৰিব ‘ৰসগোলা দেখিলে পেটতে হাত-ভৰি লুকোৱা’ তোৰ ভয়াতুৰ চৰিত্ৰটো”৷ পৰিসংখ্যায়েও মোক সমৰ্থন নকৰে৷ বিগত এটা বছৰত ৰসগোলা নামৰ এই আতংক-সৃষ্টিকাৰী মিঠাইবিধৰ লগত হোৱা তেৰটা সাক্ষাতৰ আঠটায়েই চৰম তিক্ততাপূৰ্ণ৷ যাক ক’ব পাৰি-জোলোকা জোলোকে পানী খোৱা অভিজ্ঞতা৷ তেনেস্থলত- আজিৰ এনেহেন গুৰুত্বপূৰ্ণ ক্ষণত মই এই ‘ৰিস্ক’টো লৈ দুঃসাহস প্ৰদৰ্শন কৰাটো উচিত হ’বনে? অকল্পনীয় টেনছনত পৰিলো৷ মনত পৰিল-এবাৰ ভাবীপত্নীৰ আগত মৰা ঐতিহাসিক দম্ভালিটোলৈ৷ তেওঁ মোক “তুমি ভয় কৰানে? ” বুলি সুধিছিল, মই সলসলীয়াকৈ নেওতা মতাৰ দৰে কৈ গ’লোঁ- ‘ভয় আৰু মই! ! হঁহুৱালা দেই৷ এই অমুকাই কাকো ভয় নকৰে৷ চোৰ-ডকাইত-আতংকবাদীৰ পৰা আৰম্ভ কৰি ভূত-যখিনী, প্ৰেতাত্মা-কাকোৱেই ভয় নকৰোঁ৷ তুমি টেনছন-ফ্ৰী হৈ থাকা৷ মই বৰ ডেম কেয়াৰ মানুহ৷ ’ তেওঁ হাঁহি এটা মাৰি গবা মাৰি ধৰিলে৷ ‘ইউ আৰ মাই ৰিয়েল হিৰ’’ বুলি কৈ গালতে টপহকৈ চুমা এটাও খালে৷ পিছে, তেওঁৰ সেই হিৰ’জন যে ৰসগোলা খাবলৈ ভয় কৰা এজন ‘ৰিয়েল জিৰ’- বুজাব কোনে? অৱশ্যে বুজাব নালাগে৷ এতিয়া নিজে নিজেই ফান্দত ধৰা দিম।

“খোৱা, খোৱা, কি ভাবিবলৈ লাগিলা? ”-দেউতাকৰ সপ্ৰশ্ন চাৱনি৷ পিছমুহূৰ্ততে মিচিকিয়া হাঁহি৷

“হয়, হয়৷ খাম৷ ”-ৰসকণ চেপি লওঁ নেকি, মনতে গুণা-গঁথা কৰিলোঁ৷ নাই, নোৱাৰি-এইবোৰ বৰ ল’ৰামতীয়া কাৰবাৰ হ’ব৷ এপাকত ভাবিলো-চুগাৰ আছে বুলি ফাঁকি মাৰি দিওঁ নেকি! সেইটোও নোৱাৰি৷ কাৰণ; মোৰ দেহত ক’ত, কি বেমাৰ আছে-সেইয়া ‘তেখেত’ৰ নখদৰ্পণত৷ ৰসগোলা এৰি প্লেটৰ অইন কিবা বস্তু খোৱা বিকল্পটোৰো মুদা মৰিল৷ কাৰণ, প্লেটত ৰসগোলাকেইটাৰ বাহিৰে অইন একো নাই৷ মহা মস্কিলত পৰিলো৷ উত্তেজনা, উৎকণ্ঠা, চাপ, আতংক ইত্যাদিবোৰে মোক ঘেৰি ধৰিছে৷ দুটোপাল ঘামো বৈ মজিয়াত পৰিল৷ তেনেতে..
“কালি ভাদ মাহৰ নাম-সামৰণি আছিল যে৷ তোমাক দিয়া লাৰুকেইটা সেই নামৰে৷ ”
মাকৰ মুখৰ পৰা যেন মৌহে সৰি পৰিল৷

মই বিজুলী-বেগেৰে সুধিলো-
“তাৰমানে এইকেইটা ৰসগোলা নহয়!”

“তোমাক কৈছোৱেই দেখোন-তলি উদং৷ আজি ঘৰত একো এটা নাই৷ ক’ৰপৰা ৰসগোলা আনিবা৷ ”

“লাৰুকেইটা ইমান বগা আৰু গোলাকাৰ যে-লাৰু বুলি ধৰিবই নোৱাৰি৷ মই ৰসগোলা বুলিহে ভাবি আছিলো৷ ” পৰম আনন্দৰে লাৰুকেইটা স্পৰ্শ কৰিলো৷ হয়, লাৰুৱেই সঁচা৷ কিন্তু ইমান বগা! লাৰু বুলি কোনোপধ্যেই ধৰিব নোৱাৰি৷ মই মনে মনে লাৰুৰ সৃষ্টিকৰ্তাৰ ‘সৃজনীশীল প্ৰতিভা’ক চেল্যুট দিলো৷

“লাৰুটোলৈ মৰম লাগিছে নেকি! হেহেহেঃ”-লাৰুটো আঙুলিৰে লিৰিকি-বিদাৰি থকা দেখি দেউতাকে হাঁহিলে।

“হেহেহেঃ৷ হয় ঠিকেই কৈছে৷ সাংঘাতিক মৰম লাগিছে৷ ”- লাৰুটোত একামোৰ দি মই হাঁহি হাঁহি দেউতাক ক’লোঁ৷ ৷

জীৱনত হয়তো কোনো বস্তু খায়েই ইমান তৃপ্তি পোৱা নাছিলো, যিমান তৃপ্তি আৰু আনন্দ লাভ কৰিছো এই লাৰুটো খাই – “ৱাহ কি তৃপ্তি! কি সোৱাদ!”

এন্ধাৰৰ লাখুটিস্বৰূপ লাৰুটোৰ অনন্য সোৱাদে মোক অন্য এক পৃথিৱীলৈ লৈ গ’ল৷ য’ত ৰসগোলা নামৰ আতংকবাদীটোৰ কোনো চিন-মোকাম নাছিল৷ আছিল কেৱল মানসিক প্ৰশান্তি আৰু নিৰাপত্তা…৷

*****

 

 

 

 

 

 

 

 

 

 

 

 

 

Comments

  1. ঈশানৰ ওপৰত এটাই অভিযোগ, বৰ কমকৈ তোমাৰ লেখা পঢ়িবলৈ পাওঁ‌।

    তোমাৰ ইউনিক ব্যংগশৈলীৰ আজি পাঁ‌চবছৰমান আগৰে পৰাই ফেন। খুব ভাল লাগিল পঢ়ি

Leave a Reply

Your email address will not be published. Required fields are marked *