(১)
হাঁহবোৰেতো নাজানে সংসাৰ যে অনিত্য
সিহঁতৰ জীৱন মাথোঁ পণ্য- এয়াই সত্য
পানীত আছে আনন্দ
পাৰত মৃত্যুৰ ছন্দ
হাঁহৰ সভাত আকৌ শিয়ালৰে পৌৰোহিত্য৷
(২)
মুখে টপটপাই ভাদমহীয়া ৰাতি
চিতলৰ সৈতে পুঠি
ইলুটি-সিলুটি
কেঁকোৰা ওফৰা জেং
শ’ল-বৰালিৰ লেং
চেপাত বজি হ’ল মহানন্দৰ ইতি৷
(৩)
বগলী বাই জপং জপং খোজ দি ক’লৈবা যায়
বানে ধোৱা পথাৰত কিনো বিচাৰি কৰে হায় হায়
কেঁকোৰাই দিলে ঠেঙত চেপা কাষত ৰৈ আছে লুভীয়া হেঁপা
তপস্যা কৰিও মাছ-পুঠিৰ
দেখোঁ মুখ দেখা নাই৷
(৪)
সাহটো খাই বাকলিটো বান্দৰে দিলে দলি মাৰি
হতভম্ব সিয়ান্ সখিৰ মনটিও গ’ল মৰি
গছত উঠি মলুৱাৰ ৰগৰ
অনাই-বনাই বৃকৰ চফৰ
সন্ধিয়া আহি ৰাউচি জুৰিলে উগ্ৰমূৰ্তি ধৰি৷
(৫)
বাঘে দেখায় প্ৰভূত শক্তি
ভয়তে প্ৰজাৰ ভাব-ভক্তি
অৰণ্যৰ বৰ ৰজা
উৰুৱাই জয়ধ্বজা
পহুৰ লগত কৰে চুক্তি৷

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *