নুশুনি নগমি এদিন ভাবিলো
চৰু নধৰো আজি
“বুঢ়া বুঢ়ীৰ সাধুলৈ” মনত পেলাই
থাকিলো পেচ পাতি।
“দিনৰ দিনটো কি কৰি থাকানো
একো কামেই নাই দেখোন”
টিভি চাই মোবাইল টিপি টিপি
দিনটো কটোৱা মাথো।
চাৰ্টটোও আজি ইষ্ট্ৰি কৰি নথ’লা
বুটামটোও নথ’লা লগাই-
শাকখিনি আনিলো তাকো লেৰেলালা
নিসিজিল ভালকৈ হ’বপায়!
গৰু গাইৰ আজিকালি একোৱেই লেঠা নাই
নাই ঢেঁকী উৰাল,
তাৰ মাজতো তোমালোকৰ কামবোৰৰ
নাপাৱেই একো উমান!
ওফাইদাং মাৰি ময়ো দিলো উত্তৰ
আজিৰ নাৰী কিন্তু নহয় অবলা
ঘৰত বহিয়েই দেশ দেশান্তৰৰ
উলিয়াব জানে বতৰা।
ঘৰখনৰ এই সমস্ত কাম বন
কোনটো মেচিনে কৰে,
খবৰ ৰাখিছানে হয়নে সোণাই
নক’বা আনৰ আগে।
পুৱাতেই উঠি ভাত-ৰুটি -টিফিন
কৰিব পাৰিবা যদি
এই বুঢ়ীয়েও দেখিলেহে লেখিম
তেহে মানিম পতি।
এই ভাবিয়েই দেওবাৰে উঠি
কাম বন নকৰি
বহি আছো ওফোন্দ পাতি ,
চাওঁচোন কেনেকৈ আল মাৰে তেওঁ
শৃঙ্খলাবদ্ধ কৰি ।
চকুকেইটা মোহাৰি তিনিওটি আহি
বহিল খোৱাৰ মেজত,
মুখকেইখন দেখি সহিব নোৱাৰিলোঁ
দিলোহি চাহ, গাখীৰ মুখৰ আগত।

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *