ফটাঢোল

আপদীয়া পদ্য – বিস্মিতা শৰ্মা

(১)
জোৰ যাৰ মুলুক তাৰ
বান্দৰেও পিন্ধে মুকুতাৰ হাৰ
সাধাৰন জনতাৰ হাহাকাৰ
চৰকাৰী কৰে দিছে মূৰত মাধমাৰ
দিব নোৱাৰাৰ টেটুলৈকে ধাৰ ৷
(২)
দেখাক দেখি উদক থয় ভেটা ৰখীয়া পাতি
পৰক চপাই আনি বৰ ঘৰত দিয়ে পীৰা পাৰি
বানপানী গৰাখহনীয়াই মাৰে খেতি
তাৰ পিছতো বিদেশীক গতাব লৈছে মাটি ভেটি
এনেকৈয়ে নিঃশেষ হ’বগৈ এটা বীৰৰ জাতি ৷
(৩)
ম’বাইল টিপি ডিজিটেল প্ৰেমত হাবাথুৰি
ডেকা কি গাভৰু, বাদ পৰা নাই আনকি খুড়া খুড়ী
লাইক কমেন্টৰে হয় চেলিব্ৰেটি
অনলাইন বিছাৰে বিয়াৰ পাত্ৰ পাত্ৰী
ব্লক কৰিলেই ঘটে প্ৰেমৰ পৰিসমাপ্তি ৷
(৪)
ধৰ্মক লৈ কৰে আজিৰ দিনত ৰাজনীতি
সাধু সন্যাসীৰো কি চাবা লেটি পেটি
উন্নয়নৰ কামৰ নামত ফুটুকাৰ ফেন
পাৰ কৰিব পাঁচটা বছৰ যেন তেন
আকৌ আহিব ৰাইজ বুৰ্বক সজোৱাৰ নতুন প্লেন ৷
(৫)
গাৱে ভূঞে কলেজ হ’ল
উচ্চ শিক্ষিতও বহুত হ’ল
শিক্ষাৰ মানদণ্ড হে দিনে দিনে কমি গ’ল
ৰীতি নীতি আদৰ্শ মানৱতা শিষ্টাচাৰ
দেশপ্ৰেম উন্নয়ন চৌদিশে ভ্ৰষ্টাচাৰ ৷
৷(৬)
চিৰ চেনেহী মোৰ আইৰ ভাষা
সন্তানক হে পিছে ইংৰাজী মাধ্যমত পঢ়োৱাৰ আশা
ঠিকা শিক্ষকৰ লগত চৰকাৰে খেলিছে পাশা
হেতা লৰোৱা শিক্ষকৰো কিনো কম দশা
কাগজে কলমে সফল হ’ল দেশত সৰ্ব শিক্ষা ৷

★★★★

One comment

  • বিজিত নাথ

    ফটাঢোলত এতিয়া লিমাৰিকৰ জ্বৰ
    যিদৰে এদিন আছিল মোদী হৰ হৰ
    কৰে দিছে মাধমাৰ
    কিযে হব এইবাৰ
    লাইক কমেন্টেৰে হয় চেলিব্ৰিটি যদিহে
    মাৰিব পাৰে সময়ত শৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *