ফটাঢোল

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১)
বিত্ত সচিব দৌৰি আছে কান্ধত লৈ মোনা
চাৰিওফালে ধনেই ধন চপাবলৈ আন কোঢ়োনা
হাতত লৈ ৰচিদ বহী
ফটাফট কৰিছে চহী
দেউক দিবলৈও নোজোৰে পিছে চাউল এক দোণা৷

২)
দীঘলীপুখুৰীৰ পাৰত তোমালোকে কৰিলা প্ৰতিবাদ
ওকণি ভৰ্ত্তি চুলিহে আঁতৰালা নিদিলা ভাল সংবাদ
সংবাদ শীৰ্ষলৈ অহাৰ মন
পোৱা যদি নগদ ধন
কাপোৰ খুলিবলৈয়ো নকৰিবা হ’বলা অলপো লাজ৷
৩)
শিক্ষকক নিন্দা কৰাজন বৈৰী সমাজৰ
জাতি গঢ়োঁতাৰ বিৰুদ্ধে কথা বৰ বৰ
অভিভাৱক শিক্ষক ছাত্ৰ
ত্ৰিকোণীয়া প্ৰচেষ্টা মাত্ৰ
এজনে নোৱাৰে কৰিব তিনিও লগ হৈ কৰ৷
৪)
গংগাধৰ মহাশয় হাতত বহী, পাত
চাইকেল মাৰি পায়গৈ নিমাতী ঘাট
হাতত নাই ঘড়ী
তবো নহয় দেৰি
সমাজৰ নয়নমনি সবতে আছে হাত৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *