নিয়ৰৰ ৰূপোৱালী আঁচলত ধৰি আকৌ আহিল হেঁপাহৰ শৰত৷শৰত মানেই উৎসৱৰ বৰ্ণময় মেলা ৷ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে আমাৰ অসমতো প্ৰাচীন কালৰেপৰাই বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰাৰ নিয়ম চলি আহিছে৷ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ৷ চুকে-কোণে দেৱী দশভূজাৰ বন্দনাৰ ঢাক-ঢোলৰ লগতে লক্ষ্মী পূজা,দীপাৱলী,কাতি বিহুৰ প্ৰস্তুতি চলিছে৷

বুৰঞ্জীয়ে ঢুকি পোৱা কালৰ বহু আগৰেপৰাই অসমত নানা জাতি-জনজাতিয়ে বাস কৰি আহিছে৷ অসমৰ এটা অন্যতম জনজাতি “তিৱা জনজাতি”৷ বৈচিত্ৰ্যময় সমাজ-সংস্কৃতিৰ অধিকাৰী তিৱাসকল বিভিন্ন আচাৰ-অনুষ্ঠান,লোক-উৎসৱ,পাৰম্পৰিক ফূজা ( পূজা) আদিৰে প্ৰচুৰ চহকী৷

পৃথিৱীৰ পৰা অপায়-অমংগল, দুখ-দুৰ্দশা দূৰ কৰি এখন শান্তিময় জগতৰ প্ৰাৰ্থনা কৰি সকলোৱে দেৱী মাক অৰ্চনা কৰাৰ বতৰতে তিৱাসকলেও নিজ দেৱতা বা পূৰ্বপুৰুষক সুঁৱৰি অপায়-অমংগল নাশ কৰিবলৈ পাৰম্পৰিক পূজা-পাতল কৰে ৷ বছৰৰ চেপ্তেম্বৰ-অক্টোবৰৰ মাহত পতা তেনে এটা পূজা হ’ল “লাংখুন ফূজা”৷

’লাংখুন ফূজা’ উৎসৱ তিৱাসকলৰ অন্যতম আকৰ্ষনীয় লোক উৎসৱ ৷ বিজুলী বাঁহক গুৰিৰ পৰা এক বা ডেৰ মিটাৰমান বাদ দি সিফালৰ আগলৈকে প্ৰত্যেকটো পাবৰ গাঁঠিলৈকে মিহি মিহি ছাঁছি থোপা থোপাকৈ চোঁছ উলিওৱা বাঁহ ডালকে লাংখুন বুলি কোৱা হয় ৷ প্ৰবাদমতে অভাৱ-অনাটন,আলৈ-আহুকালৰ পৰা ৰক্ষা পাবলৈ বুঢ়া ৰামছা দেৱতাক সন্তুষ্ট কৰিবলৈ কৰা পূজাকেই লাংখুন মিছাৱা বুলি কোৱা হয় ৷ লাংখুন মিছাৱাক বনদেৱতাৰ পূজা বুলিও তিৱাসকলে কয় ৷ উক্ত পূজা বা উৎসৱ অনুষ্ঠিত কৰাৰ পিছতহে তেওঁলোকে জলকীয়া , হালধী,বাঁহ গাজৰ শুকান খৰিছা কৰিব পাৰে ৷
এই পূজাৰ গীত-মাতবোৰত গোৱা হয় হে সাতোকূল বাৰকূলৰ ডেকা-গাভৰুহঁত,ব’ল আমি বিজুলী কুঁৱৰীক মাক-বাপেকৰ পৰা খুজি আনো৷ তাৰপিছত পাহাৰত এজোপা বিজুলী বাঁহ বিচাৰি বিজুলী বাঁহৰ গৰাকী দেও চালজা ৰজাক বিজুলী বাঁহ কটাৰ অনুমতি বিচাৰিব ৷ তাৰপিছত ওঠৰডাল পোন বাঁহ কাটিব৷ বাঁহৰ লগতে কটা হয় মদাৰ গছৰ ৬/৭ ফুট দীঘলকৈ ওঠৰটা ডাল৷ সেইবোৰ চামাডি(ডেকাচাং)লৈ আনি বাঁহ আৰু মদাৰৰ ডালবোৰ ওলোটাকৈ চাচি চুচবোৰক বিভিন্ন ৰং বুলাব,এঙাৰ,হালধি আৰু বিভিন্ন গছৰ পাত খুন্দি বেলেগ বেলেগ ৰং উলিয়াই চুচবোৰ ফুলাম কৰি তোলা হয় ৷
লাংখুন পূজাৰ দিনা অৰ্থাৎ মঙলবাৰে দোকমোকালিতে নৃত্য-গীত সামৰি ডেকাসকল চামাদিৰপৰা নামি আহে৷ লগতে চামাদিৰ কাষতে পুতি থোৱা বাঁহ বা লাংখুন আৰু মদাৰৰ মালবাৰীবোৰ হাতত লৈ প্ৰতি গৃহস্থৰ ঘৰত কোবাই ভূত প্ৰেত,অসূয়া-অমংগল খেদে ৷কিছু নৃত্য-গীতৰ পিছত তেনেদৰেই এই পূজাৰ সামৰণি হয়৷তিৱাসকলৰ মতে প্ৰকৃতিৰ পৰা কিবা এটা লোৱাৰ আগতে জধে-মধে লোৱাতকৈ প্ৰকৃতিৰ দেৱতাৰ পৰা অনুমতি ল’লে তেওঁ ৰুষ্ট নহয়,বৰং পূজা-পাতলত তুষ্ট হৈ আগতকৈ উভৈনদীৰে নিজক ওপচাই দিয়ে ৷
সকলো উৎসৱৰ দৰে এই উৎসৱ বা পূজাই সমাজলৈ কঢ়িয়াই আনে জীয়াই থকাৰ উন্মাদনা আৰু ঐক্য-সম্প্ৰীতিৰ ভাৱ৷

★★★★

Comments

  1. সুন্দৰ মান্তা। ফটো থকা কথাবোৰ পঢ়িলো।

  2. মান্তা, তোমাৰ জৰিয়তে টিৱা জনগোষ্ঠীৰ বিষয়ে জানিব পাৰিম বুলি আশা ৰাখিলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *