ফটাঢোল

এদিন এনেকৈয়ে – দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

ছমাহ মানৰ আগৰ কথা। কিতাপ এখন প্ৰকাশ কৰি উলিয়াম বুলি যো-জা চলাইছিলোঁ। প্ৰায় ত্ৰিশটামান কবিতা গোট খাইছিলও। কিতাপখনৰ নামটো কি দিম ভাবি উলিয়াব নোৱাৰি বন্ধু এজনক ফোন কৰিছিলোঁ।

-“শুনচোন, মই মানে নামটো ‘তোমাৰ হিয়াত মোৰেই ছবি’ ধৰণৰ নাম এটা ভাবি থৈছোঁ। চলিব নে?”

সুধিছিলোঁ তাক। ‘খেকখেক’কৈ বহুদেৰি শব্দ এটা শুনি থাকিলোঁ। যেন বন্ধু নহয়, ক’ৰবাৰ পৰা মলুৱা এটাইহে ফোনটো ধৰি আছে, হাঁহি আছে।

-“ঐ কি হ’ল? নাহাঁহিবি…”

-“আজিকালি একো নচলে বন্ধু!”

সি ক’লে।

-“মানে?”

-“মানে আকৌ কি! এই ‘হিয়া’, ‘প্ৰেম’, ‘বনৌষধি পাঠক’- সকলো পুৰণি হ’ল। পিচে, এখন কিতাপৰ অভাৱ মানুহে আজিও অনুভৱ কৰে। যদি তেনে নামৰ কিতাপ মানুহে দেখে, ‘দৌৰি দৌৰি যাম, মিছন চাইনা চাম’ ধৰণত মানুহে দৌৰিব আৰু কিতাপ কিনিব। ‘নাৰীৰ মন বুজা এশ এটা উপায়’ – নামটো যদি এনেকুৱা দিব পাৰ, তেনেহ’লে তোৰ কিতাপ চলিব। নহ’লে ফুউউউচ!”

-“মই নিকিনো তেনে নামৰ কিতাপ, হ’ল? ঠাট্টা কৰিব আহিছ? একেবাৰে আণ্ডাৰএষ্টিমেট কৰ ভাই মোক”

মোৰ খং উঠিল। মই নাৰীৰ মন বুজি পাওঁ বুলি ডাঠি ক’ব নোখোজোঁ যদিও অকণমান হ’লেও পাওঁ বুলিয়েই সান্ত্বনা লভোঁ। শ্ৰীমতীৰ মনটো মই কিমান বুজি পাওঁ, ভাবিবলৈ ধৰিলোঁ।

পাছদিনা দেওবাৰ। ৰাতিপুৱা শুই উঠি অসমীয়া ছেনেলটো লগাই ভৰি দুখন ছোফাত তুলি বহিছিলোঁহে, শ্ৰীমতীয়ে পাকঘৰৰপৰা মাত লগালে

-“হেৰি, এটা কণীও নাই। কেইটামান আনকগৈচোন বজাৰৰ পৰা।”

মই লগে লগে ভাবিবলৈ আৰম্ভ কৰিলোঁ কি ভাবি তেওঁ মোক কণী আনিবলৈ কৈছে! নিশ্চয় ব্ৰেকফাষ্টত লুচী আৰু কণী-আলু ভাজি! নহ’লে হয়তো অমলেট কৰিব, বা সিদ্ধ কৰি ফ্ৰায়ো কৰিব পাৰে। তেনেকৈ ভজা কণী মোৰ প্ৰিয়। শ্ৰীমতীৰ মনত নিশ্চয় দেওবাৰে পুৱাতেই মোক সু-স্বাদু কিবাকিবি খুৱাই হিয়াত কিলবিলাই থকা মৰমবোৰ দেখোৱাৰ প্লেন আৰম্ভ হৈ গৈছে! মই শ্ৰীমতীৰ মনটো বুজি পোৱাৰ সুখতে একে জাপে ছোফাৰপৰা উঠি বহি বজাৰলৈ যাবলৈ ওলালোঁ। এনেতে মোবাইলত এছ.এম.এছ এটা আহিল। সেইটো পঢ়ি মই হাঁহি ৰখাব পৰা নাই।

-“হেৰা শুনাচোন, জমনি কথা এটা…ভগৱানেই হেনো বুজি নাপায়, আমিনো কোন কূটা? শুনিবা?”

এওঁক চিঞৰিলোঁ।

-“কি শুনাব কওঁক? আৰু ভগৱানেনো কি বুজি নাপায়?”

-“শুনি যোৱা, মই মাতি যাওঁ…..অসমৰ ল’ৰা এজন গোৱালৈ ফুৰিবলৈ আহিল। গোৱাৰ ৰূপত মুগ্ধ হৈ সি ভাবিলে যদি সঁচাকৈয়ে ভগৱান থাকিলহেঁতেন এটি বৰ খুজিলেহেঁতেন। এনেতে আবিৰ্ভাৱ হ’ল ভগৱান বিষ্ণুৰ। ভগৱানে ক’লে, ‘তোৰ মনৰ এটি ইচ্ছাৰ কথা ক, মই পূৰণ কৰিম’। ল’ৰাজনেও হাতযোৰ কৰি মাত দিলে, ‘হে ভগৱান, গোৱাৰ কি মনোমোহা ৰূপ! কিন্তু অসমৰপৰা ইয়ালৈ আহিবলৈ বহুত সময় লাগে। আপুনি যদি এখন অসমৰপৰা গোৱালৈকে ডাইৰেক্ট ফ্লাই-অ’ভাৰ নিৰ্মাণ কৰি দিয়ে, মই ফুল স্পীডত গাড়ী চলাই যেতিয়া মন যায়, আহিব পাৰিলোঁহেতেন!’ ভগৱানে অলপপৰ ৰৈ কিবা ভাবি বৰ দুখমনে ক’লে, ‘তোৰ মনৰ ইচ্ছা মই পূৰণ কৰিম কিন্তু অসম আৰু গোৱাৰ মাজৰ দূৰত্ব বহুত অ’। মাজত বহুত নদ-নদী আছে। গতিকে ইয়াৰ বাবে বহুত শিল-বালি-চিমেন্ট আৰু শ্ৰমৰ প্ৰয়োজন, কিছুদিন লাগি যাব।..তই বেলেগ ইচ্ছা এটাৰ কথা কৈ দে, লগে লগে পূৰণ কৰিম’। ল’ৰাজনে অলপ পৰ ভাবি ক’লে, ‘ভগবান, মোক যোৱা তিনিবছৰত চাৰিজনী প্ৰেমিকাই এৰি গুচি গ’ল। সিহঁতে যাওঁতে কৈ যায় মই হেনো তেওঁলোকৰ মন বুজিবলৈ চেষ্টাই নকৰিলো। নাৰীয়ে মনে মনে থাকিলে, মুখখন ফুলালে, চকুদুটি চলচলীয়া কৰিলে কি বুজিম বাৰু? আপুনি মোক এনে এটা বৰ দিয়ক যাৰ দ্বাৰা মই মুখ দেখিলেই নাৰীৰ মন পঢ়িব পাৰোঁ আৰু বুজিব পাৰোঁ নাৰীৰ….।’ ভগৱানে লগে লগে তাক ৰ’বলৈ ইংগিত দিলে, ‘হেৰি নহয় বোপাই, তই কি কৈছিলি? ফ্লাই-অ’ভাৰ?? দুটা লেন থকা লাগিব নে চাৰিটা লেন থকা লাগিব??’

-“…………হেৰা, বুজিলা নে?”

মই এছ.এম.এছটো পঢ়ি আকৌ হাঁহিলোঁ। পৰিবাৰে মুখখন বেঁকা কৰিলে।

-“হেঃ হেঃ মই বজাৰলৈ যাওঁ দিয়া..লুচীৰ কাৰণে আটা-ময়দা আছে নহয়? নহ’লে কণীৰ লগতে একেলগে আনিম গৈ”
সুধিলোঁ তেওঁক।

-“লুচী? ভাবিছিলোঁ ভাজিম বুলি..এতিয়া মন সলনি হ’ল। কিয় তোমাৰ ভগৱান, তুমি – কোনেওতো নাৰীৰ মন বুজিবই নোৱাৰা..। কণী আনিবা, দুপৰীয়া চুলিত লগাম আৰু শ্বেম্পু কৰিম..। মোৰ এতিয়া ভোক নাই…. তোমাৰ মন গ’লে মেৰি বিস্কুটেৰে ব্ৰেকফাষ্ট কৰা…”

ভেঁকাহি মাৰি পৰিবাৰ আনফালে গ’লগৈ। উফ্ নাৰীৰ মন!

আবেলি কাম এটাত বাহিৰলৈ ওলালোঁ। কামটো কৰি ঘৰলৈ উভতি আহোঁতে চাৰিআলিটো পাইছোঁ মাত্ৰ, দেখিলোঁ ছোৱালী এজনীয়ে হাত জোকাৰি মোৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে, মানে ইংগিত দিছে। চাৰিআলিটোৰ পৰা ঘৰলৈ প্ৰায় দুই কিল’মিটাৰ বাট। ছোৱালীজনীক বোধকৰো ‘লিফ্ট’ লাগে। মই গাড়ীৰ গতি অলপ লেহেমীয়া কৰিলোঁ। ছোৱালীজনী দেখাত বেয়া নহয় যেন অনুভৱ হ’ল। ছোৱালীজনীক চিনাকি চিনাকি যেনো লাগিল। ক’ৰবাত আগতে যেন দেখিছোঁ!

-“অকলশৰীয়া ছোৱালীক লিফ্ট নিদিবা দেই। মিঠা মিঠা কথাৰে ভুলাই আজিকালি ডকাইতি কৰিবলৈ দলবোৰে ধুনীয়া ছোৱালী ব্যৱহাৰ কৰে, তাতে তুমি যিহে বেলবুং…।”

শ্ৰীমতীয়ে প্ৰায়ে কোৱা কথাষাৰ মনলৈ আহিল। যদি এইজনীক লিফ্ট দিওঁ আৰু কিবা এটা অঘটন ঘটিবলৈ পায়! শ্ৰীমতীয়ে ক’বলগীয়া কথাষাৰ মনতে ভাবিলোঁ,

-“ছোৱালী দেখিলেই পাগল হৈ যোৱাতো, এতিয়া পাইছা নহয় মজা!”

সৌভাগ্যৱশতঃ একো নঘটিলেও, ‘সিদিনা কোন ছোৱালীক গাড়ীত বহুৱাই নিছিলা, বৰুৱানীয়ে দেখিছে নহয়’, ‘হুহ, ছোৱালী দেখিলেই ৰ’বই নোৱাৰে, উপযাচি লিফ্ট দিয়ে। ক’ৰ ছোৱালী আছিল? কি নাম? কি কৰে? কোৱা..কোৱা..কোৱা…’।’ বুলি হিন্দী ছিৰিয়েলবোৰত দেখুওৱাৰ দৰে মূৰটো পাঁচবাৰমান ঘূৰাই শ্ৰীমতীয়ে কোৱা কথাখিনি ‘ইকো’ হৈ মোৰ দুকাণত বাজি উঠিল। ধুৰৰ…কাম নাই আৰু মোৰ! নলগা জেঙত লাগি মৰোনো কিয়! মই গাড়ীখন নৰখালো। মিৰৰত দেখিলো ছোৱালীজনীয়ে ভৰি এখন ওপৰলৈ উঠাই মাটিতে জোৰেৰে মাৰি খঙ প্ৰকাশ কৰিছে যেন সেইখিনি মাটি নহয় মোৰ দুগালহে! ঘৰ আহি পাই দেখোঁ দুৱাৰত তলা। আমাৰ দুবছৰীয়া সন্তানটিক এই সময়ত কাম কৰা ছোৱালীজনীয়ে অলপ ফুৰাবলৈ লৈ যায়। পিচে শ্ৰীমতী বা ক’লৈ গ’ল! ফোন এটা কৰোঁ বুলি ম’বাইলটো উলিয়াওতে দেখিলোঁ শ্ৰীমতীৰ মিছ কল- ওঠৰটা। সৰ্বনাশ! লগে লগে ফোন লগালোঁ। বাৰে বাৰে কাটি দিয়ে শ্ৰীমতীয়ে— এবাৰো সঁহাৰি নিদিলে। সম্ভৱতঃ ওচৰতে আছে বা ছিৰিৰে ওপৰলৈ উঠি আছে, গতিকে ৰিচিভ নকৰি পতিদেৱৰ ত্ৰিশ পইচা বচাইছে! তিৰোতাবোৰে যে পইচাৰ হিচাপ ক’ত কেনেকৈ কৰি থাকে, একেবাৰে বুজি নাপাওঁ। মই ফ্ৰেচ হৈ চাহ একাপ খালোঁ। কিছুসময় পিছত কলিং বেলটো বাজি উঠিল। কী’-হোলটোৰে চাই দেখিলোঁ ছোৱালী এজনী। হাৰে! এইজনী দেখোন সেইজনীয়েই, অলপ দেৰি আগেয়ে ‘লিফ্ট’ বিচৰাজনী! কেনেকৈ মোৰ পিছ লৈ ঘৰলৈকে আহি পালে! মোৰ অলপ টেনচন হ’ল। মই দুৱাৰ খুলি দিয়া নাই। কলিং বেলটো আকৌ দুবাৰমান বাজিল। এইবাৰ মোৰ ম’বাইলত ৰিং হোৱাৰ শব্দ শুনা পালোঁ। দেখিলোঁ শ্ৰীমতীৰ ফোন।

-“বুৰ্বকৰ দৰে মাজে মাজে কিয় কি-হোলটোৰে চাই আছা, দেখিছোঁ নহয়। দুৱাৰ নুখুলা কিয়? কিহৰ ধেমালি…”
মই একে জাপে খুলিলোঁ দুৱাৰখন। সন্মুখত এক নতুন ৰূপত মোৰ শ্ৰীমতী! দীঘল কেঁকোৰা চুলি চুটি আৰু চিধালৈ ৰূপান্তৰ হৈছে। মুখখনো উজলি উঠিছে। মোৰ কান্ধৰ পৰা ছয় ইঞ্চিমান তলত থকা শ্ৰীমতী চেণ্ডেলৰ দৰে ওখ কিবা এযোৰৰ সহযোগত মোৰ নাকলৈ উঠি আহিছে। বাপ্‌ৰে.. কি পৰিৱৰ্তন!

-“আৰে কচম চে, তোমাক একেবাৰে চিনি পোৱা নাছিলোঁ মই…।”

-“পুৱাই কোৱা নাছিলোঁ জানো, আজি পাৰ্লাৰলৈ যাম, শ্বপিং কৰিম আৰু আহোঁতে তোমাৰ লগত আহিম।”

শ্ৰীমতীয়ে পুৱা কোৱা কথাখিনি এতিয়াহে মনত পৰিল। কথাৰ বিস্ফোৰণৰ মুখামুখি হ’বলৈ মই সাজু হ’লোঁ। কিন্তু ভাগ্য ভাল, সেই সময়তে কণমানিটোক লৈ ঘৰত বন কৰা ছোৱালীজনী আহি পালে। কণমানিটো টোপনি গৈছে। তাইৰ আগত মোক ডাঙৰকৈ কথা শুনাই মোৰ ইজ্জতটো কেতিয়াও কম হ’বলৈ নিদিয়ে শ্ৰীমতীয়ে, সেইটো তেওঁৰ বৰ ভাল অভ্যাস। শ্ৰীমতীয়ে হাত-মুখ ধুই গোসাঁইৰ আগত সন্ধিয়াৰ চাকি গচি দিবলৈ গ’ল। আগদিনা অফিচতে এজনে কৌতুক এটা কৈছিল। মনত পৰি মোৰ হাঁহি উঠিল।

-“হেৰা, এটা আল্টিমেট কৌতুক শুনিবা? এজনী আদবয়সীয়া তিৰোতাৰ এবাৰ হাৰ্ট এটেক হ’ল। যোৱা-থোৱা অৱস্থা। হাস্পতাললৈ লৈ যোৱা হ’ল। ৰাতি যমৰাজ আহিল। আহিয়েই তিৰোতাজনীক ক’লে—’ছেহ, কিবা ভুল হৈছিল আমাৰ। তোৰ আয়ুস এতিয়াও চল্লিশ বছৰৰ বাকী আছে। ছ’ৰি। কাইলৈ সকলো বেমাৰ ঠিক হৈ যাব। তই নিশ্চিন্ত থাক। চল্লিশ বছৰৰ পিছত আহিম দেই নিবলৈ। টিল দেন এনজয়!’ তিৰোতাজনী লগে লগে আৰোগ্য হ’ল। আনন্দতে দুপাক ‘শীলা কি জৱানী’ বুলি গাইও নাচিলে। ভাবিলে, ইমান বছৰ আছে জীয়াই থাকিবলৈ, প্ৰথমতে নিজৰ ৰূপটোকে অলপ সলনি কৰা যাওক। হাস্পতালৰ পৰা ওলায়েই বিউটি পাৰ্লাৰত সোমাল। চুলি ষ্ট্ৰেইটেনি, ফেচিয়েল, পেডিকিউৰ, মেনিকিউৰ আদি সকলো এপ্লাই কৰিলে। পাৰ্লাৰৰ পৰা নাচি-বাগি ওলাওতেই ট্ৰাক এখনে খুন্দিয়ালে। লগে লগে মৃত্যু হ’ল তিৰোতাজনীৰ। ওপৰ পায়েই যমৰাজক চিঞৰিলে – ‘ছিটিং..ছিটিং..আৰু চল্লিশ বছৰ জীয়াই থাকিম বুলি মিছা কৈছিলি তই? মিছলীয়া অধম ক’ৰবাৰ।’ যমৰাজে তিৰোতাজনীৰ ভৰিৰপৰা মূৰলৈ ভালকৈ চাই ক’লে—’আৰে…তইহে নেকি? ছৰি, ভুল হৈ গ’ল। হ’ল বুলি আৰু ৰূপটো ইমানো চেঞ্জ কৰি পেলাব লাগে নে? চিনিয়েই নাপালোঁ নহয় তোক’। কৌতুকটো কৈ মই আকৌ এবাৰ হাঁহিলো। শ্ৰীমতীয়ে চকুদুটা ঘোপা কৰি চালে মোলৈ। বুজি পাই খং কৰিলে নে একো নুবুজি মুখখন বেঁকা কৰিলে – মই হ’লে বুজি নাপালোঁ। এনেতে কণমানিটোৱে সাৰ পালে। টোপনিৰ পৰা উঠি মাকক নেদেখিলে সি কন্দা-কটা লগায়। শ্ৰীমতীয়ে দৌৰি গ’ল তাৰ ওচৰলৈ। তাক কোলাত ল’লে। সি কান্দিবলৈ ধৰিলে। শ্ৰীমতীয়ে চুমা খাই মৰমতে কিবাকিবি ক’লে। কিন্তু তাৰ কান্দোন কমাৰ একো চিন নাই। মই ওচৰলৈ গৈ হাত দুখন মেলি দিলোঁ। সি জাপ মাৰি মোৰ ওচৰলৈ আহিল। কান্দোন বন্ধ হ’ল তাৰ।

-“ভোকতে কান্দিছে চাগে…”

শ্ৰীমতীৰ কথা শুনি মোৰ আকৌ এবাৰ কৌতুকটোলৈ মনত পৰি গ’ল। এইবাৰ মই হাঁহিলো খুব জোৰেৰে!
ভাবিলোঁ, ৰাতি বন্ধুক ফোন কৰিব লাগিব। ‘নাৰীৰ মন বুজাৰ এশ এটা উপায়’ নামটোৰেও কাম নিদিব, তাৰ লগতে ‘নাৰীৰ প্ৰকৃত চেহেৰা চিনি পোৱাৰ দহটা উপায়’ যোগ কৰি নিদিলে, মোৰ কিতাপ ফ্ল’প, ছিউৰ। ভুক্তভোগী লাখত ওলাব, সেইটোও হাণ্ড্ৰেড পাৰ্চেন্ট ছিউৰ!

*****

12 Comments

  • অসমী গগৈ

    মাজৰাতিও হাহিঁআছো দেই।

    Reply
  • juri

    ভট্ট

    Reply
  • Nayan

    মজা লাগিল ৷

    Reply
  • ডাঙৰকৈ হাঁহিলো। ইমান ৰস লগাকৈ লিখিছা।

    Reply
  • অঞ্জলি

    মানিলোঁ কিন্তু

    Reply
  • ৰিণ্টু

    সাংঘাতিক দিগন্ত। এইবোৰ কাৰণতে প্ৰত্যেকবাৰে তোমাৰ লেখাৰ বাবে প্ৰতীক্ষা কৰি থাকো

    Reply
  • Pradyumna Hazarika, jamugurihat

    লেখাটো পঢ়ি ভাল লাগিল ।

    Reply
  • বিকাশ শইকীয়া

    ফটাঢোলত আধা পঢ়িছিল। সম্পূৰ্ণ পঢ়িলোঁ আজি।

    Reply
  • বঢ়িয়া লাগিল দিগন্ত ৷ লাইফ টোৱেই হোৱাটচ এপ হৈ গৈছে আৰু ৷

    Reply
  • চাহিন জাফ্ৰি

    ৱাহ!! তামাম হঁহুৱালে দেই..☺☺

    Reply
  • Papari Barman

    হাঁহি ভাল পোৱা মানুহৰ বাবে । ন , দিগন্ত দা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *