পোন্ধৰ মিনিটমান হ’ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেয়ে ইফালে সিফালে ঘূৰি আছোঁ‌৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছোঁ‌,যমদূতৰহে তেতিয়াৰপৰা একো খা খবৰ নাই৷

বৈদ্য কামোৰ খাইছোঁ‌৷ আটাইতকৈ ডাঙৰ ভেজালটো হৈছে যে মৰাৰ পিছত ফ্ৰি জিঅ’ চিমখনে কাম কৰা নাই৷ এনেই এইখিনিত এয়াৰটেলৰ নেটৱৰ্ক বেয়া নহয়৷ পিছে সেইখন ৰিচাৰ্জ কৰা বাদেই দিলোঁ নহয়, কাম কৰিলেহেঁতেন যদিও এতিয়া জনাৰ একো উপায়েই নাই৷ এতিয়া যমদূত নহালৈ বতাহত ভাহি ফুৰাৰ বাদে মোৰ বেলেগ একো কাম নাই৷ আত্মাৰ ওজন ইমান কম বুলি ভবাই নাছিলোঁ৷ এতিয়া ইচ্ছা কৰিলেও মাটিত নামি পিটপিটাই ফুৰাৰ অপশ্যন নাই৷

আধা ঘন্টা পাৰ হৈ গ’ল৷ বতাহত কিবা এটা দেখিলোঁ

ভালকৈ চালোঁ, যমদূত নহয়৷ আৰে! এইখন দেখোন এম্ এছ্ এক্সেল ৱৰ্কশ্বীট৷ সেইখনে আকৌ কথাও কয়৷

” আহি গ’লোঁ‌”, কৈয়েই মোক জপটিয়াই ধৰিলে৷

– আৰে আপুনি হয় কোন? আহিয়েই মোক জপটিয়াই ধৰিলে যে?

– নক’ব দাদা, গুগল মেপত লোকেচনটো অলপ গণ্ডগোল হৈ আছে আপোনাৰ৷ আপুনি বুলি বেলেগ এজনক নিব ওলাইছিলোঁ৷ ভালকৈ চাওতেহে গম পালোঁ৷

– মানে?

– মানে আপোনাক নিবলৈ আহিছোঁ‌ আকৌ৷ আজি আপোনাৰ নামৰ এগাল কে’চ আছে৷ ‘ভি লুক আপ’ মাৰিহে আপোনাক বিছাৰি পাইছোঁ‌৷ বলক বলক, একদম টাটকা হৈ আছে আপুনি৷ গৈ মজা পাব৷

– আৰে কি পাগলামি৷ আপোনাৰ লগত মই কিয় যাম? সেই শিং থকা যমদূতটো নাহিল যে?

– ধেই আপুনিও কিবা সত্যযুগৰ মানুহৰ দৰে কথা কৈ আছে৷ শিং থকা কেইটাক ১৯৯২ত ভি আৰ এছ দিছে৷ সেই মনমোহন সিং ফাইনেঞ্চ মিনিষ্টাৰ হোৱাৰ পিছতেই৷

– কি কয়?

– সোনকালে বলক৷ পলম হ’লে নৰকৰ দুৱাৰ বন্ধ হৈ যাব৷ আজি বন্ধ হৈ গ’লে আপোনাক আকৌ পাইভ’ট টেবুল মাৰি লুকুৱাই ৰাখিব লাগিব৷ বৈদ্য কামোৰ কাৰবাৰ৷

– নৰক? স্বৰ্গত চৰ্টলিষ্ট নহ’লো নেকি ৰে এক্সেল দা?

– জীৱনটো প্ৰমোচনৰ লোভতেই দৌৰিছে৷ এনেকৈ স্বৰ্গ যাব পাৰি নেকি? জিভাখন আয়নাত ভালকৈ চাওক৷ এতিয়াও আপোনাৰ বছৰ জোতা পালিছৰ ৰঙ লাগিয়েই আছে৷ তাতোকৈ ইম্পৰ্টেন্ট, আপুনি দেশভক্তও নহয়৷ আপোনালোকৰ দেশৰ পৰা যোৱাবোৰৰ সেইটো কোটা অলপ অচৰপ চলে৷

– এহ, এইবোৰ কথা ইমান জোৰে জোৰে ক’ব লাগেনে? কৰ্পৰেটত চলেই আৰু সেইবোৰ৷

– ব’লক এতিয়া৷

– বাৰু এটা কথা সোধোঁ‌৷ নৰকত এতিয়া ট্ৰেণ্ডিং কি চলি আছে বাৰু? গৰম তেলৰ কেৰাহী? পাপীবোৰক ডিপফ্ৰাই কৰেনে পানী দি উতলাই?

– ধেই আপুনি কি যুগত আছে? কেৰাহী- হেতা এতিয়া মিউজিয়ামত৷ এতিয়া নৰকত চাৰিওফালে লেপটপ৷

– কিয়?

– নৰকৰ প্ৰাইভেটাইজেচন হৈ গ’ল নহয়৷ এতিয়া গোটেই নৰকত লেপটপেই লেপটপ৷ গোটেইবোৰ পাপী বহি লৈ দিন ৰাতি এক্সেল আৰু পাৱাৰপইন্টত ব্যস্ত৷ এতিয়া পাৱাৰপইন্টৰ কাম বেছি৷ দিন ৰাতি প্ৰেজেন্টেচন তৈয়াৰ কৰাত সকলো ব্যস্ত৷

– আকৌ সেইবোৰ? হোৱাট্ দা হেল!

– নৰক দিনে দিনে টাফ হৈ গৈছে দাদা৷ কি ক’ব এইবোৰ৷

– স্বৰ্গত পিছে কি চলি আছে এক্সেল ভাই?

– ৰোমান্টিক আবেলি, গোটেই পথটোত কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ…… অনুপমৰ গান৷ গলিটো পাৰ হৈয়েই ম’ম’ ঘৰ, গগৈদাৰ হোটেল৷ অ’ আৰু পাহৰিছিলোৱেই…… ফ্ৰি চল্টেড বাদাম আৰু লগত ডিউটী ফ্ৰি…

– আহ! স্বৰ্গ মই ভবাতকৈও সুন্দৰ৷

– সেইবোৰ বেছি ভাবি লাভ নাই দাদা৷ মন বেয়া হ’ব৷ মইতো ফ্ৰি তণ্ডুৰী আৰু পেপচিৰ কথা আপোনাক কোৱাই নাই৷

– ব’লক ব’লক৷ গোটেই ৰাতি পাইভ’টত সোমাবৰ মন নাই৷ পাৱাৰপইন্টতেই লাগোগৈ৷ ৰক্ষা নাই দিয়ক, বুজি গ’লোঁ‌!

*****

Comments

  1. বঢ়িয়া অমিতাভ, তোমাৰ লেখা পঢ়ি পঢ়ি এতিয়া লিখকৰ নাম নেদেখিলেও এইটো অমিতাভৰ লেখা বুলি ক’ব পৰা হৈ গ’লো

  2. অমিতাভ দাৰ লেখাবোৰ বৰ মৌলিক। চিন্তাবোৰো।

Leave a Reply

Your email address will not be published. Required fields are marked *