লেভেন্দাৰ ফুলবোৰৰ মাজে মাজে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন উৰুৱাই গৈ আছে। সি বিমুগ্ধ দৃষ্টিৰে তাইক অনুসৰণ কৰিছে। লেভেন্দাৰৰ মিঠা সুবাস আৰু ৰিব ৰিব বতাহ জাকে ৰোমাণ্টিক কৰি তুলিছে পৰিবেশটো। দুয়ো চঞ্চল হৈ পৰিছে। এপাকত তাই বতাহত এৰি দিলে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন। বতাহত উৰি আহি দুপাট্টাখনে সাৱটি ধৰিলেহি তাৰ গালে মুখে….

: এনেকৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।পঢ়া শুনাৰটো নাম গোন্ধই নাই।হেৰৌ সময়মতে কলেজখনলৈকে যাচোন….

মাকৰ বকনি আৰু হাত সমানে চলিল।বকি বকি দেবু শুই থকা বিছনাখনৰ আঠুৱাখন খুলি দিলে। আঠুৱাখনে তাৰ গালে মুখে জপটিয়াই ধৰাত সি চিধাই লেভেন্দৰ গাৰ্ডেনৰ বেঙেনাবুলীয়া দুপাট্টাৰ আৱেশৰ পৰা আহি তাৰ বিছনাৰ জপটিয়াই ধৰা আঠুৱাখনৰ আঁত বিচাৰি বিচনাতে ঘূৰ্মুটিয়াবলৈ ধৰিলে।

: শুই থাকিবলৈ দিয়া হে নবাবজাদাক। বাপেকে ঘটি খুৱাই আছে কিহৰ চিন্তা। এইটো গতিত সি কলেজলৈ গৈ কি কচুপাত ফুলাব জানা আছে।…

বাহিৰৰ পৰা বাপেকৰ গালি কেইটাই এইবাৰ দেবুৰ আঠুৱাখনৰ আঁত বিচৰাত ইন্ধন যোগালে। গালি শুনি ল’ বেটাৰী ফুলচাৰ্জ হোৱাদি একেচাবে বিচনাৰ পৰা উঠি বাথৰুমত সোমাল। এই বুঢ়াডালৰ পৰা শান্তি নাই। অনবৰতে বকিয়েই থাকিব। কলেজলৈ যাবলৈ হ’লে বাইক এখন লৈ দিব নোৱাৰে। আজিৰ দিনতো সেই আধামৰা চাইকেলখন লৈ কলেজলৈ যাব লাগে। বাটেদি চলাই গ’লেও সেইখনৰ বে’লটোৰ বাদে বাকী চব বাজে। এনেকৈ হ’লে তাৰ ক’ত সন্মানটো থাকিবগৈ। কোনোমতে কালি তাৰ মনালিছাজনীৰ ওঁঠত হাঁহি অকণ দেখিছে। তাৰ এই ভগা বাহনখন এতিয়ালৈকে তাই দেখা নাই বুলিহে। মনালিছাৰ নামটো কি সি আজিলৈকে জনাই নাই। এইটো সি নিজেই দি লোৱা নাম হে। নামটো সুধিবলৈ সাহস গোটাবই পৰা নাই। তাৰ ফালে দেখোন কেৰাহিকৈও নাচায় তাই। পিছে কালি শৰ্মা চাৰৰ ক্লাছত হোৱা ঘটনাটোৱে তাৰ মনত অকণমান আশাৰ ধিমিক ধামাক চাকি এগছ জ্বলাইছে। সাধাৰণতে সি শৰ্মা চাৰৰ অসমীয়া ক্লাছটো নকৰেই। অসমীয়া বিষয়টো সি বৰ টান পায়। মানে এনে কথাও নহয় যে সি ইংৰাজী বা অন্য বিষয়ত বৰ ভাল বুলি। কিন্তু নিজৰ বুলি অসমীয়াক গুৰুত্ব দিয়াই নহ’ল। ফলশ্ৰুতিত সি হালৰো নহ’ল ফালৰো নহ’ল। এনেইও আজিকালি অসমীয়া নাজানো বুলি ক’ব পাৰাটোও গৌৰৱৰ বিষয়। তাতে আকৌ শৰ্মা চাৰে যিমান হে প্ৰশ্ন সুধি থাকে। কালি চাৰৰ ক্লাছটোত সি তাৰ ওচৰৰ বেঞ্চখনতে বহি থকা মনালিছা জনীলৈকে চাই আছিল। “তেজৰে কমলাপতি” বৰগীত ভাগ চাৰে পঢ়াবলৈ আৰম্ভ কৰিছিলহে। হঠাৎ অন্যমনস্ক হৈ থকা দেবুলৈ চকু গ’ল। তাক থিয় কৰাই সুধিলে..

: দেবু কচোন “নন্দ গেল বাথানে” মানে কি?..

হঠাৎ চাৰে তেনেকৈ প্ৰশ্ন সুধিব বুলি সি ভবা নাছিল। অপ্রস্তুত হ’ল যদিও মনালিছাৰ ওচৰত তাৰ সন্মানটো বচাবৰ বাবে থিয় হৈ আত্মবিশ্বাসেৰে উত্তৰটো দিলে…

: ছাৰ, নন্দ বাথৰুমলৈ গ’ল!

তাৰ অদ্ভুত উত্তৰটোত গোটেই ক্লাছৰুমটোতেই হাঁহিৰ খোৰাক উঠিল। সকলোৰে গিৰ্জনি মৰা হাঁহিৰ মাজতে সি মনালিছালৈ চায় পঠিয়ালে। তালৈ চায় হাঁহিলে নে তাক দেখি,তাৰ উত্তৰ শুনি হাঁহি উঠিল সি বুজি নাপালে। কিন্তু তাইৰ হাঁহিটোৱে তাৰ বুকুত কেইবাপাহিও গোলাপ ফুলালে…কথাবোৰ মনতে পাগুলি সি গাটো ধুই বাথৰুমৰ পৰা ওলাই আহি ঘড়ীটোলৈ চালে। চাৰে আঠ বাজিলচোন! ন বজাৰ পৰা শৰ্মা চাৰৰ ক্লাছ। ধুৰ….তাৰ মনালিছাৰ হাঁহিটোৱেই মিছ হ’ব এতিয়াচোন।

লৰালৰিকৈ ইউনিফৰ্মযোৰ গাত সোমোৱাই নাকে মুখে ভাত কেইটা গুজি সি কলেজলৈ সাজু হ’ল। বেগটো চাইকেলৰ কেৰিয়াৰত লৈ সি কলেজলৈ বুলি পোনালে। আকৌ বা এইখনে কি বিহু দেখুৱায়? আজিকালি আকৌ অলপ দূৰ গৈয়ে তাৰ চেইন পৰে। ব্ৰেক বুলিবলৈতো নায়েই। কোনোমতে ভৰিৰ টিপাতে ৰখাব পাৰে বুলিহে। চাইকেলখন লৈ সি লৰালৰিকৈ ওলাই গ’ল। হঠাৎ তিনিআলিটোৰ গুৰিতেই লাগি গ’ল নহয় গণ্ডগোলটো। বেঙেনাবুলীয়া দুপাট্টাখন উৰুৱাই সৌৱা ৰিক্সাত দেখোন তাৰ সপোন পৰী। হঁহাৰ দৰে মুখখন কৰি তালৈ যিটো বক্ৰ চাৱনি এৰি থৈ গ’ল,সেইপাত প্ৰেমবানে দেবুৰ কলিজা থকা-সৰকা কৰি পেলালে। মন্ত্ৰমুগ্ধৰ দৰে সি বেঙেনাবুলীয়া দুপাট্টাৰ অনুসৰণ কৰিবলৈ ধৰিলে। ঠিক সপোনত কৰাৰ দৰেই। কি ঠিক পুৱা দেখা সপোন বোলে ফলিয়ায়। আগে আগে তাৰ সপোন কুঁৱৰীৰ ৰিক্সা আৰু পাছে পাছে দেবুৱে তাৰ চাইকেল লৈ অনুসৰণ কৰিবলৈ ধৰিলে।

মাজতে তাৰ শৰ্মাচাৰৰ ক্লাছৰ মনালিছাৰ হাঁহিটোলৈ মনত পৰিল। ধুৰ…সন্মুখত কেট্ৰিনা কাইফ থাকোতে সি ক’ৰ মনালিছাৰ ৰহস্যময় হাঁহিৰ কথা চিন্তা কৰি আছে। ধুৰ চালা…কলেজ মাৰ গুলি। এইহেন জীৱন্ত কেট্ৰীনা হেন মোহিনীৰ বাবে হাজাৰজনী মনালিছা আৰু হাজাৰটা শৰ্মা চাৰৰ ক্লাছ বাদ দিব পাৰিব সি। এইজনীক পতাই ল’ব পাৰিলেটো তাৰ কথাই বেলেগ হৈ যাব। আগতে ঘৰৰ ঠিকনাটো লৈ লোৱা যাওঁক। লগৰ কেইটাক লৈ আবেলি এপাক মাৰিবও পাৰিব। আবেলিলৈ চাণ্টুৰ বাইক খনকে লৈ এবাৰ ট্ৰায়েল দিব লাগিব।লগৰ পাট্টা নিদিয়া কেইটাৰ আগত বুকু ফুলাই,কলাৰ উঠাই চিনাকি কৰি দিব পাৰিব। কি বুলি ভাবিছে সিহঁতে দেবুক…তাৰ চিন্তাত যতি পেলাই চলি থকা চাইকেলখন হঠাৎ ৰৈ গ’ল। ধুৰ..এইখনৰ আকৌ বেমাৰ লাগিল।ৰাস্তাৰ দাঁতিত ৰৈ সি চাইকেল খনৰ চেইনডাল তুলিবলৈ লাগিল।

লৰালৰিকৈ চেইনডাল তুলি আকৌ কেট্ৰিনাৰ ৰিক্সাখন অনুসৰণ কৰিবলৈ ধৰিলে। ধেৎ চালা…এইবাৰ ৰিক্সাখন ক’লৈ গ’ল। পিছফালে জন আব্ৰাহমৰ ছবি অঁকা ৰিক্সাখন। ভিৰৰ মাজত বেঙেনাবুলীয়া দুপাট্টাৰ অধিকাৰিনী ক’ত বা হেৰাল!নাই এনেকৈ তাৰ সপোন কুঁৱৰীক হেৰাবলৈ দিব নোৱাৰে। সি ব্যগ্ৰ হৈ জন আব্ৰাহমৰ ছবিখন বিচৰাত লাগিল। উস্! আজি নেদেখাজনেও তাৰ সংগ দিছে যেন পাওঁ। সৌখন জন আব্ৰাহমৰ ছবিখন। তাৰ পৰা আৰু দুখনমান ৰিক্সাৰ আগত থকা জন আব্ৰাহমৰ ছবিখনক অনুসৰণ কৰি ভিৰ ফালি সি চাইকেলৰ স্পীড বঢ়াই দিলে। এইবাৰ চহৰৰ ভিৰ ফালি কেট্ৰিনা কাইফৰ ৰিক্সাখন গলি এটাৰে সোমাই গ’ল।

ভিৰ কমাত দেবুৱেও ৰক্ষা পালে। নহ’লে বাৰেপতি পৰি থকা চাইকেলৰ চেইন তুলি ভিৰৰ মাজত জন আব্ৰাহমৰ ছবিখন বিচাৰি ওলিওৱা কামটোও বৰ সহজ নাছিল। কিন্তু সেই কলিজা কঁপোৱা মিঠা হাঁহিটোৱেই তাক এগালমান শক্তি দিলে। চুম্বকৰ দৰে আকৰ্ষণ কৰিলে সেই বেঙেনাবুলীয়া দুপাট্টাই। গলিটোৰে কিছুদূৰ গৈ পুৰণি আচাম টাইপ ঘৰ এটাৰ মুখত ৰিক্সাখন ৰৈ গ’ল। দেবুৱেও কিছু দুৰত্ব নিয়ন্ত্ৰণ কৰি অলপ আঁতৰত গছ এজোপাৰ তলত ৰৈ দিলে। ইমানদূৰ চাইকেল মাৰি তাৰ ভাগৰো লাগিছিল। তথাপিও সপোন কুঁৱৰীক এবাৰ দেখা পোৱাৰ বাসনাত সকলো ভাগৰ আওকান কৰি গছ জোপাৰ তলতে অপেক্ষা কৰিলে।

কিন্তু ই কি! ৰৈ থকা ৰিক্সাখনৰ পৰা প্ৰথমে এখন হাৱাই চেন্দেল আৰু ধুতি পিন্ধা ভৰি নামিল তাৰ পিছত আনখন ভৰি নমাই ৰিক্সাৰ তলত থোৱা দৈৰ টেকেলীটো লৈ ককা নামিল আৰু তাৰ পাছত ৰিক্সাৰ পৰা আন কাৰোবাক নমাবলৈ চেষ্টা কৰি আছে। এইবাৰ হাতত বজাৰৰ মোনাখন লৈ ককাৰ সহায়ত আইতা নামিল। তেনেহ’লে তাৰ সপোন কুঁৱৰীজনী ক’লৈ গ’ল! অ’, তাৰমানে ইমান পৰে জন আব্ৰাহামৰ ছবিখন চাই বুঢ়া-বুঢ়ীকে অনুসৰণ কৰি আছিল সি। ৰিক্সাৰ পিছফালে ছবি অঁকাটোৰ ওপৰতো তাৰ টিঙিচকৈ খঙটো উঠিল। হ’ল বুলি চবতেইনো একেখন ছবিকে কিয় আঁকিব লাগে। নাজানিলে নাআঁকিলেই হ’ল। এই বুঢ়া বুঢ়ী হালৰো কাম নাই এই বয়সত বজাৰ কৰিবলৈ যায়। যত চব সংসাৰৰ খং তাৰ এইবাৰ গৈ চাইকেলখনৰ ওপৰতেই উঠিল। প্ৰেমৰ নামত সি সদায় এনেকৈয়ে ঠগ খায়। প্ৰেম কিজানি এনেকুৱাই, আনে পেডেল মাৰি মাৰি ছোৱালী পতায় আৰু তাৰ এইহেন ফুটা কপাল, য’তেই দেখে সৰগৰ পৰী তাতেই এইখনৰ চেইন পৰি ঠিকনা হেৰায়।

 ☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *