আবেলি বাৰাণ্ডাতে বহি আছিলো। ডিঙি মেলি মেলি ৰাস্তাৰ ফালে চাই আছিলো। কোনোবা এজনক পোৱা হ’লে। বহুদিন ভালদৰে কথা ক’ব পৰা নাই। কিমান কথাই যে মনত ঠাহ খাই আছে। কাৰোবাক ক’বৰ মন যায়। মনটো পাতলাবৰ মন যায়।

চাহৰ কাপ দুটা লৈ কাষত শ্ৰীমতী। একাপ মোৰ ফালে আগবঢ়াই দি নিজেও একাপ লৈ কাষতে বহিল।
মই বোলো- “হেৰা, আজি দেখোন তুমি মোৰ কাষত বহিলা? এনেয়ে দেখোন আঁ‌তৰি আঁ‌তৰি ফুৰা?”

“ডিঙি মেলি মেলি কাক চাইছা?”

“কোনোবা চিনাকি মানুহ আহে নেকি চাইছোঁ।”

“সেইকাৰণেই মই বহিলো। ৰাস্তাৰ মানুহ এজন মাতি ব’ৰ কৰাতকৈ মোকেই কৰা। আজিকালি এইটো ৰাস্তাৰে দিনে-পোহৰে চিনাকি মানুহ যাবলৈ বাদেই দিলে, তোমাৰ উৎপাতত। হেৰিৰ নেজ বান্ধি থ’লেও পোন নোহোৱাৰ দৰে তোমাৰো স্বভাৱৰ সলনি নহয়। এতিয়া কোৱা।”

“মই এটা কথা ভাবিছোঁ। আচলতে এই কথাটোৰ ওপৰত ভালদৰে গৱেষণা হোৱাৰ প্ৰয়োজন।”

” কি কথা?”

“আমাৰ অসমীয়া মানুহবোৰ ইমান অশান্তিপ্ৰিয় কিয়? অসমীয়া মানুহ
ইমান আন্দোলনপ্ৰিয় কিয়? আচলতে মই ভাবো অসমীয়া মানুহৰ জিনত কিবা এটা আছে, যিটো পৃথিৱীৰ আন জাতিৰ মানুহৰ গাত নাই। ভালদৰে গৱেষণা কৰিলে ওলাব।”

শ্ৰীমতীয়ে মোৰ মূৰৰ পৰা ভৰিলৈকে চালে।

সঁ‌চাকৈয়ে আমাৰ মানুহবোৰ অশান্তিপ্ৰিয়। লগতে আন্দোলনপ্ৰিয়। একেলেথাৰিয়ে এটা সপ্তাহো শান্তিত বহি থাকিব নোৱাৰে। কিবা এটা বিষয় লৈ, কিবা এটা ইছ্যু লৈ গণ্ডগোল এখন লগাবই। তাকে লৈ আন্দোলন। কোনোবাই একেলেথাৰিয়ে এটা সপ্তাহ অসমৰ ক’ৰবাত বন্ধ নোহোৱাকৈ, পথ বন্ধ নোহোৱাকৈ, টায়াৰ নজ্বলোৱাকৈ, জুমুঠি নজ্বলোৱাকৈ, সমদল, ধৰ্ণা নোহোৱাকৈ থকা শুনিছেনে? শুনা নাই। তিনি বা চাৰিদিন একো এটা নঘটিলেই গাত পিৰপিৰণি উঠে। কি কৰোঁ, ক’লৈ যাওঁ‌ লাগে।

অসমীয়াৰ গাত আন্দোলনৰ বীজাণুটো সোমাইছিল ৬০ চনতে। কিছুদিন চিকিৎসাৰ পিছত যেনিবা অলপ সুস্থ হ’ল। ৭২ত আকৌ বেমাৰ। এইবাৰ বেছ কিছুদিন ভুগিবলগা হ’ল। বেজ, ওজাৰ চিকিৎসাত যেনিবা এইবাৰো কোনোমতে সুস্থ হ’ল। সুস্থ মানে কোনোমতে চলিব, ফুৰিব পৰা হ’ল। কিন্তু কেইদিন? ৭৯ ৰ পৰা যি বেমাৰ লাগিল, যোৱা প্ৰায় চাৰিটা দশকে কোনোমতে গা টঙাব পৰা নাই। টঙাব পৰাৰ আশাও নাই। কি যে বিষাক্ত বীজাণু। শেহতীয়া বেমাৰটো হ’ল দীনদয়ালাইটিছ।

শ্ৰীমতীয়ে বোলে – হেৰা, দীনদয়ালৰ বিষয়ে অলপ কোৱাচোন।
মই বোলো – মই বৰ দুখীয়া হৈ জন্ম ল’লো।
শ্ৰীমতীয়ে আকৌ ক’লে – বোলো দীনদয়ালৰ বিষয়ে অলপ কোৱা।
মই বোলো – ইমান পঢ়া-শুনা কৰিও ধনী হ’ব নোৱাৰিলো।
শ্ৰীমতী খেংখেঙাই উঠিল। ক’লে – হেৰা, মই তোমাক ধনী-দুখীয়াৰ কথা সোধা নাই।
মই বোলো – ময়ো তোমাক টকা-পইচাৰ ধনী-দুখীয়াৰ কথা কোৱা নাই। মই কৈছোঁ বৌদ্ধিক দীনতাৰ কথা। সঁ‌চাকৈয়ে কৈছোঁ, মই বৌদ্ধিকভাৱে দীন। এতিয়া কাকতে-পত্ৰই পঢ়ি-শুনি কিবাকিবি অলপ জানিছোঁ যদিও সৌ সিদিনালৈকে মই তেওঁৰ বিষয়ে একোৱেই জনা নাছিলো। এয়া মোৰ বৌদ্ধিক দীনতা। মিছা ক’লে কি হ’ব।
এতিয়া চাৰিওফালে কেৱল দীনদয়ালেই দীনদয়াল। বাতৰি কাকতখন মেলিবই নোৱাৰি – কেৱল দীনদয়ালৰ ওপৰত লেখা। টিভিৰ আলোচনা চাবই নোৱাৰি- দীনদয়ালৰ ওপৰত আলোচনা। বিভিন্ন বুদ্ধিজীৱীৰ বিভিন্ন মত। বেছিভাগেই মন্ত্ৰী ছাৰৰ বিৰুদ্ধে। মুঠতে দীনদয়াল দীনদয়াল বুলি পানী ঘোলা।

মন্ত্ৰী ছাৰক কোনোবাই ভাল পাওক বেয়া পাওক, সঁ‌চা কথা ক’বই লাগিব। তেওঁক মানুহে অহংকাৰী, দাম্ভিক, অভদ্ৰ, শিষ্টাচাৰহীন-বিভিন্ন নাম দিছে। কিন্তু ভাবি চালে আটাইতকৈ ভদ্ৰলোক তেৱেঁ‌ই। কেনেকৈ? এই যে গোটেই অসমৰ পানী ঘোলা, তেওঁ কাৰোবাক কৈছে নেকি ঘোলা পানীৰ মাছ বুলি? কোৱা নাই। শিষ্টাচাৰ ৰক্ষা কৰি তেওঁ কৈছে একুৱাৰিয়ামৰ মাছ বুলি। একুৱাৰিয়ামৰ পানী কিমান পৰিষ্কাৰ, স্বচ্ছ। গতিকে তেওঁ কি বেয়া উপমা দিলে? শিষ্টাচাৰৰ অভাৱ হ’লে তেওঁ ঘোলাপানীৰ মাছ বুলিও কাৰোবাক ক’ব পাৰিলেহেঁ‌তেন।

দীনদয়ালৰ নামেৰে কলেজ হওক তাত আপত্তি কৰিবলগীয়া কি আছে মই বুজি নাপাওঁ‌। নামটোত কি আহে যায়, শিক্ষাৰ সুবিধা দিয়াটোহে আচল কথা। তাতে আকৌ তেওঁ ৰাইজৰ পৰা একো নলয়। নিজৰ পইচাৰে কৰিব খুজিছে কৰক। আপুনি আপোনাৰ পইচাৰে কিবা এটা কৰিব খুজিলে কোনোবাই বাধা দিলে ভাল পাব? মন্ত্ৰী ছাৰে খোলোচাকৈ কৈয়েই দিছে – “কলেজ মই বনাম, দৰমহা মই দিম, খৰচ মই বহন কৰিম। তাতে দীনদয়াল নাম দিওঁ‌ নে কোনোবা চোৰ-ডকাইতৰ নাম দিওঁ‌, সেইয়া মোৰ সিদ্ধান্ত।” উত্তৰ দিয়ক এতিয়া পাৰে যদি। তেওঁ ঘৰৰ পৰা টকা আনি কলেজ পাতিছে, আমি মাতিবলৈ কোন?

আগতেও মতা নাছিলো, এতিয়াও মতা নাই। চাৰিওফালে ৰাজীৱেই ৰাজীৱ, ইন্দিৰাই ইন্দিৰা আছিল, তেতিয়া মাতিছিলো জানো? মতা নাছিলো! মোৰ কি আহে যায়! গুৱাহাটীৰ পৰা ঘৰলৈ যাওঁ‌তে জালুকবাৰীৰ ৰাজীব চ’কেৰে পাৰ হৈ যোৱা নাই জানো? সেইয়া ৰাজীব চ’কেই হওক, দীনদয়াল চ’কেই হওক, মই পাৰ হৈ যাব পৰা নাই জানো। গৈছোঁ। ওৰাঙেই হওক বা ৰাজীবেই হওক – অভয়াৰণ্যখন চাবলৈ যোৱা নাই জানো। গৈছোঁ। তাতে জীৱ-জন্তু থকা নাই জানো, আছে। কটনত আমি পঢ়া নাই জানো। কটনত পঢ়ি গৌৰৱবোধ কৰা নাই জানো। কটন দেখোন সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইংৰাজ আছিল। তেহেলৈ কথাটো একেই। তাতে আকৌ ছাৰে নিজে ঘৰৰ পৰা টকা আনি খৰচ কৰিব, দৰমহা দিব। আমি মাতিবলৈ কোন।

শেহতীয়াভাবে নগাঁও চহৰত হোৱা ঘটনা এটাৰ বাবে ৰাজ্য উত্তাল। চান্দা তুলিবলৈ যোৱা কেইজনমান ডেকা ল’ৰাক কেইজনমান ব্যৱসায়ীয়ে উত্তম-মাধ্যম দিলে। বাতৰি কাকত, টিভি, ছ’চিয়েল মেডিয়া গৰম। মূল কথা, তোমালোক মাৰিবলৈ কোন? আমাৰ ঘৰৰ ল’ৰা, গালি পাৰিব লাগে, মাৰিব লাগে, শাসন কৰিব লাগে – আমি কৰিম। তোমালোকে কৰিবলৈ কোন? চাৰিওফালে উত্তাল প্ৰতিবাদ। আলফা হওক, ছালফা হওক- আমাৰ ঘৰৰ ল’ৰা আমি চম্ভালিম। ছ’ৰি, ছালফা শব্দটো উঠাই লোৱা ভাল হ’ব। কাৰণ তেওঁলোকে ভাল নাপায়। যি হওক, ৰাজ্য উত্তাল কৰি অসমীয়াই যি একতাৰ পৰিচয় দিলে, তাৰ পৰা কেইটামান কথা পৰিষ্কাৰ হয়। যেনে- আলফা হওক, ছালফা হওক (আকৌ ছ’ৰী), তেওঁলোক আমাৰ প্ৰাণৰ আপোন। তেওঁলোকে ইচ্ছামতে চান্দা তুলিব পাৰে, মানুহ মাৰিবও পাৰে। অসমখন ৰক্ষাৰ দায়িত্ব আমি তেওঁলোকক দি থৈছোঁ। মানুহে ৰাজপথত আলফা জিন্দাবাদ, পৰেশ বৰুৱা জিন্দাবাদ বুলি চিয়ঁ‌ৰিছে। অৰ্থাৎ অসমীয়া ৰাইজে সোণৰ অসম গঢ়াৰ দায়িত্ব এতিয়াও যে তেওঁলোকৰ কান্ধতে ৰাখিছে, সেইয়া ধুৰুপ। শেষত উল্লেখযোগ্য কথাটো হ’ল, ইচ্ছা কৰিলেই তেওঁলোকে বাকচত সোমোৱাই থৈ দিয়া পিষ্টল, বন্দুক, বোমা-বাৰুদবোৰ উলিয়াই আনিব পাৰে।

অস্, ইমানদিনে ভুল ভাবি আছিলো। ভাবিছিলো, চাৰেণ্ডাৰ কৰিছে। এতিয়াহে বুজিলো, তেওঁলোকে মানে মানুহ কেইজনেহে চাৰেণ্ডাৰ কৰিছে, বন্দুক-বাৰুদবোৰ চাৰেণ্ডাৰ কৰা নাই। তেওঁলোকৰ হাতত বন্দুক-বাৰুদবোৰ যে আছে, সেইয়াও সত্য, বাকচত যে সুমুৱাই থৈছে, সেইয়াও সত্য আৰু দৰকাৰ পৰিলে যে উলিয়াই আনিব সেয়াও সত্য। মই কোৱা নাই, তেওঁলোকে কৈছে।

শুনা মতে চৰকাৰে হেনো গুৱাহাটীৰ মাজ-মজিয়াত থকা এখন ঠাই সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিব। ঠাইখন হেনো বৰ বেয়া। অসমত হৈ থকা যত যিমান বেয়া কাম, আন্দোলন, সমদল, তৰ্ক-বিতৰ্ক, উচটনি, লেং মৰা আদি তাৰ পৰাই নিয়ন্ত্ৰিত হৈ থাকে। ঠাইখিনি চৰকাৰে অধিগ্ৰহণ কৰি সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিব আৰু এক বিশেষ শ্ৰেণীৰ লোকৰ বাবে তাত প্ৰবেশ নিষেধ হ’ব।

ঠাইখিনি হ’ল দীঘলীপুখুৰীৰ পাৰ। কথাটো ভাবি চালে মিছাও নহয়। এই যে বুদ্ধিজীৱী নামৰ প্ৰাণী কেইটা, তেওঁলোকৰ ঘৰত কাম-বন নাই নেকি? কাম নাই, বন নাই, ৰাতিটো পুৱালেই চাহ একাপ খায়েই, প্ৰাতঃকৰ্মখিনি কৰা হ’ল কি নহ’ল, ঘৰৰ পৰা ওলাই আহি দীঘলীপুখুৰীৰ পাৰ পালেই। তাতেই আলোচনা, তাতেই ভাষণ, তাৰপৰাই সংবাদমেল, তাৰপৰাই সমদল। প্ৰতিবাদ-ধৰ্ণা সকলো তাতেই। গোটেই অসমখন নিয়ন্ত্ৰণ কৰিব খোজে দীঘলীপুখুৰীৰ পাৰৰ পৰাই। তাতকৈ লেঠা মাৰি থোৱাই ভাল – সংৰক্ষিত এলেকা, বুদ্ধিজীৱীৰ প্ৰবেশ নিষেধ। কেনে মজা।

কেইবাদিনো আগৰ কথা। ৰাইজে ৰাস্তাই-ঘাটে চিয়ঁ‌ৰি-চিয়ঁ‌ৰি সমদল উলিয়াইছিল, মাইকত গীত বাজিছিল, সেই একেটাই গীত, চাৰিওফালে – সকলোৰে আনন্দ, সৰ্বানন্দ। দিন পাৰ হৈ গৈ থাকিল। আনন্দ লাহে লাহে নিৰানন্দ হৈ আহিল। জাতিৰ মাটি আৰু ভেঁ‌টিত কঁ‌পনি উঠিল। কাৰণ কি? কাৰণ আছে।

সিদিনা এজনে ক’লে – এটা কথা জানেনে, লক্ষ্মী আৰু সৰস্বতী একেলগে নাথাকে। মই বোলো জানো। য’ত লক্ষ্মী থাকে তাত সৰস্বতী নাথাকে। আৰু ভাইচ ভাৰ্চা। লক্ষ্মী হৈছে ধন-সম্পত্তি আৰু সৰস্বতী হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী। অৰ্থাৎ খোলাখুলি ভাবে ক’বলৈ হ’লে টকা-পইচা, ধন-সম্পত্তি হ’লে বিদ্যা নহয়, বিদ্যা হ’লে ধন-সম্পত্তি নহয়। তেওঁ ক’লে- কাৰণটো সেইখিনিতেই। কাৰণ নুবুলি কেৰোণ বুলিও ক’ব পাৰি। মই আচৰিত হৈ তেওঁৰ ফালে চালো। তেওঁ ক’লে – আমাৰ সোণোৱাল মন্ত্ৰীসভাত লক্ষ্মী আৰু সৰস্বতী একেলগে। অৰ্থাৎ একেজনেই বিত্ত মন্ত্ৰীও, শিক্ষা মন্ত্ৰীও! গণ্ডগোল নহ’ব কিয়? তাৰ মাজতে আকৌ স্বাস্থ্য!

পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এইকাৰণেই শ্ৰেষ্ঠ যে পৃথিৱীৰ যিমান অৱতাৰী পুৰুষ, ভগৱান, বাবা আছে, প্ৰায়বোৰেই ভাৰতবৰ্ষত জন্ম। ভাৰতবৰ্ষত ভগৱানসদৃশ বাবাৰ সংখ্যা গণি শেষ কৰিব নোৱাৰি। অলপতে তেনে এগৰাকী ভগৱান জে’ললৈ যাব লগা হ’ল। দুগৰাকী মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত মুঠতে বিছ বছৰৰ কাৰাদণ্ড। ভগৱানে জানো বলাৎকাৰ কৰিব পাৰে? অৱতাৰী পুৰুষে ধৰ্ষণ-বলাৎকাৰ কৰিব নোৱাৰে। সেইকাৰণে তেওঁৰ সমৰ্থনত লাখ লাখ ভক্ত ৰাজপথলৈ ওলাই আহিল। গাড়ী-মটৰ জ্বলালে, দোকান-পোহাৰ জ্বলালে। দুকুৰি মানুহ মৰিল। এয়াও ভগৱানৰে মহিমা।

সঁ‌চাকৈ বিচিত্ৰ দেশ ভাৰতবৰ্ষ। কোনোবা পুৰুষে কোনোবা নাৰীক বলাৎকাৰ কৰিলে সেই নাৰীৰ সমৰ্থনত আমি মমবাতি জ্বলাই মৌন সমদল কৰো। কিন্তু যদি বলাৎকাৰীক শাস্তি দিয়ে আমি মৌন হৈ নাথাকো। আমি উত্তাল হৈ পৰো, মমবাতিৰ সলনি গাড়ী জ্বলাওঁ‌, দোকান-পোহাৰ জ্বলাওঁ‌।

এইখন গান্ধীজীৰ সপোনৰ ৰামৰাজ্য। সেইবাবেই বেছিভাগ অৱতাৰী পুৰুষৰ নাম ৰাম। ৰামৰাজ্যত ৰামৰ তাণ্ডৱ নহৈ কাৰ হ’ব! ৰাম-ৰহিম, আশাৰাম, ৰামপাল। লাইনত যে আৰু কত ৰাম খাৰা হৈ আছে।

গান্ধীজীয়ে মৃত্যুৰ সময়ত কৈছিল – হে ৰাম। স্বতঃস্ফূৰ্তভাবে মুখৰ পৰা ওলাই অহা এটা বাক্য। গান্ধীজী যদি জীয়াই থাকিলহেঁ‌তেন। ৰামৰ তাণ্ডৱত গান্ধীজীয়েও লাজ পালেহেঁ‌তেন। কি ক’লেহেঁ‌তেন? হয়তো ক’লেহেঁ‌তেন- হে ৰাম, Sorry ।

ইমান সময়ে মোৰ কথা শুনি থকা শ্ৰীমতীৰ হঠাতে প্ৰশ্ন – “হেৰা, এটা কথা সোধো?”

“সোধা।”

“তোমাৰ জন্ম কি মাহত, কি বাৰত?”

“পুহ মাহ, শনিবাৰ।”

“হে প্ৰভু ভগৱন্ত! ভগৱানে জন্ম দিবলৈ বাৰ, মাহ বিচাৰি নাপালে। আই-পিতাইয়েও মোক বিয়া দিবলৈ মানুহ বিচাৰি নাপালে! বিয়াৰ আগতে তোমাৰ কোষ্ঠীখন লৈ এবাৰ চাব নোৱাৰিলেনে? নে নকল কোষ্ঠী যোগান ধৰিছিলা?”

“কিয়, কি হ’লনো?”

“পুহ মাহ, তাতে শনিবাৰ। কিযে অমংগলীয়া ভাবি চোৱাচোন। কোনেও শুভ কাম পুহ মাহত নাপাতে। পুহমাহৰ শনিবাৰেতো নাপাতেই। মনত নাই, ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটৰ দ্বিতীয় দলঙখন পুহ মাহত মুকলি নকৰিলে। এমাহ পিছুৱাই মাঘ মাহত কৰিলে। আমাৰ ডাঙৰ ছাৰ দুজনৰ কঁ‌পালত ফোঁ‌ট, হাতত চাৰি-পাঁ‌চটাকৈ আঙুঠি। তেওঁলোক বুৰ্বক নহয় নহয়। তেওঁলোকে জানে। নহ’লেনো দলং মুকলি কৰাৰ দিন পিছুৱাই দিয়ে নে? জানে পুহ মাহ অমংগলীয়া। তুমিও পুহমহীয়া। সেইকাৰণে ইমান বকি মৰা।”

হঠাতে মন কৰিলো, মই যে ইমান সময় কথা কৈ আছোঁ, শ্ৰীমতীয়ে শুনি আছে। আগে-পিছে এনেদৰে মোৰ কাষত বহি একান্তমনে শুনি নাথাকে। আজি কি হ’ল? সুধিলো – “হেৰা, মই কথা এটা সোধো?”

“সোধা।”

“আজি যে এনেদৰে মোৰ কথা একান্তমনে শুনি আছা, কাৰণ কি?”

শ্ৰীমতী বহাৰ পৰা উঠিল। ক’লে – “মোবাইলত নেট নাছিল। নেট থকাহেঁ‌তেন মই এনেদৰে হোৱাটচএপ, ফেচবুক এৰি তোমাৰ ওচৰত বহি ভকতনী নহওঁ‌। এতিয়া নেট আহিছে। তুমি বকি থাকা, মই যাওঁ‌।”

মই ঠাইতে বহি থাকিলো।

 ☆★☆

Comments

  1. তপতে তপতে পঢ়িলো।তেখেতৰ লিখনি অনন্য ।ভাল লাগিল ।

  2. আপোনাৰ প্ৰতিটো লেখাতে অনন্য সোৱাদ পাওঁ।
    ভৱিষ্যতলৈও ফটাঢোলত আপোনাৰ লেখা আশা কৰিলোঁ।অশেষ ধন্যবাদ।

  3. ছাৰৰ প্ৰকাশিত গ্ৰন্থ ‘দৈনন্দিন’ৰ আটাইকেইটা খণ্ড পঢ়িলোঁ ৷ লেখাবোৰ ভাল লাগে ৷ দীঘল হ’লেও কম সময়তে শেষ হৈ যোৱা যেন লাগে ৷

  4. অন্যতম প্ৰিয় লিখক।

    ই-আলোচনীত আপোনাৰ লেখা পঢ়িবলৈ পাই আপ্লুত হ’লো চাৰ

  5. প্ৰান্তিকৰ পৰা ফটাঢোল…. বৰ আনন্দ পালো এই মঞ্চত তেওঁৰ লেখা প-্ঢ়ি..

  6. অসমীয়াৰ চৰিত্ৰ বৰ ব্যংভাৱে উন্মোচন কৰিলে। বৰ ভাল লগিছে।

  7. পঢ়ি বৰ ভাল পালোঁ‌।
    এখেতৰ লেখাত হাস্য আৰু ব্যংগ একেলগে অনুভৱ কৰিবলৈ পাওঁ‌। হহুৱাই হহুৱাই কন্দুৱাই দিব পৰা বা মগজুত খোঁ‌চ এটা মাৰি দিব পৰা এখেতৰ লেখাৰ বিশেষত্ব। প্ৰকৃত অৰ্থত হাস্য-ব্যংগ লেখা।

Leave a Reply

Your email address will not be published. Required fields are marked *