ফটাঢোল

আজি ১২ তাৰিখ -প্ৰতিভূ দত্ত

পুৱা তেতিয়া ১০ বাজিছে ৷ অফিছত বহি আছো ৷ মোবাইলটো বাজি উঠিল ৷ চাই দেখিলো শ্ৰীমতীৰ ফোন ৷ সাধাৰণতে এই সময়ত তেওঁ ফোন নকৰে ৷ গাটো বাজিল ৷ কিবা অঘটন ঘটিল নেকি আকৌ !
ভয়ে ভয়ে মাত দিলো, ‘‘অঁ কোৱা৷’’

‘‘আজি কি তাৰিখ ?’’, শ্ৰীমতীৰ তেনেই চুটি তথা পোনপটীয়া প্ৰশ্ন ৷

আজি ১২ তাৰিখ বুলি জানো যদিও সন্মুখৰ কেলেণ্ডাৰখনলৈ এবাৰ চাই ক’লো, ‘‘আজি ১২ চেপ্টেম্বৰ !’’
তাৰ পাছত মই একো ক’বই নাপালো ৷ শ্ৰীমতীয়ে ফোনটো কাটি দিলে ৷ সাংঘাতিক চিন্তাত পৰি গ’লো ৷ আজি আছিল কি ?
মোৰ জন্মদিন? … না সেইটো নহয়
এওঁৰ জন্মদিন ?…. নাই সেইটোও নহয়
ছোৱালীৰ জন্মদিন ?…নাই সেইটোলৈ ২০ দিনমান আছে
আমাৰ এনিভাৰছেৰী ?…. নাই সেইয়া ডিচেম্বৰত
আজি তেওঁক বিয়াৰ প্ৰস্তাব দিছিলো ? … না তেতিয়া মৰ ঠাণ্ডা আছিল ৷ প্ৰস্তাব দি ঠাণ্ডাৰ মাজতো ঘামি যোৱা মনত আছে যদিও তাৰিখটো পাহৰিলো ৷

তেনেহ’লে মোৰ জেশাহু, জেঠেৰী, শালপতি, খুলশালি… কাৰোবাৰ জন্মদিন, এনিভাৰচেৰী ?? …. না হ’ব নালাগে ৷ সেইবোৰ আজি অত দিনে মনত নাই যে আজি মোৰ মনত াকিব বুলি আশা কৰিব ৷
তেনেহ’লে আজি ১২ চেপ্টেম্বৰত আছিল কি ?
গেছ বুক কৰিবলৈ আছিল ?? .. সেইয়া ১০ তাৰিখেই কৰিলো ৷
প্ৰিমিয়াম দিবলৈ আছিল ??…. বেংকত ECS কৰা আছে… নিজে নিজে হৈ থাকে ৷
ইলেক্ট্ৰিচিটি বিল … নাই পেন্ডিং নাই ৷
উফ্ পাগল হৈ যাম এতিয়া !

‘‘আজি ১২ চেপ্তেম্বৰ’’ বুলি কোৱাৰ লগে লগেই ফোন কিয় কাটি দিলে বাৰু ???
দিনটো কোনো মতে অফিছত বহি থাকিলো ৷
ফোন কৰি সুধিবলৈকো সাহস হোৱা নাই কি কথা বা পাহৰিলো ৷
অফিছত যিমান কেইখন কেলেণ্ডাৰ আছে সকলোতে ১২ চেপ্তেম্বৰ তাৰিখটোত ৰঙা চিঞাহীৰে গোল গোল দাগ মাৰি দিলো ৷
‘‘চাল্লা জীৱনত নাপাহৰিম ১২ চেপ্তেম্বৰ !’’

এনেয়ে মই আহি ঘৰ পাওঁতে পলম হয় ৷ সন্ধিয়া ৮ মান বাজে ৷ আজি ৬ নৌ বাজোতেই আহি ঘৰ পালো ৷ ঘুৰি আহোতে সামান্য বজাৰো কৰি আনিলো
এটা কেক — তাত মাথো লিখাই ল’লো with warm wishes,
টাইটানৰ এটা হাতঘড়ী,
এটা নতুন মোবাইল ৷
মোৰ মতে সিমানখিনি দি কাম হৈ যাব ৷
লাগিলে আকৌ বজাৰলৈ যাম ৷ কিন্তু তাৰ আগেয়ে জানিবলৈ মন গৈ আছে ‘‘১২ চেপ্তেম্বৰৰ দিন’’টো কিয় ইমান বিশেষ !

বজাৰ কৰা বস্তু কেই পদ লুকাই লুকাই ঘৰ সোমালো ৷
শ্ৰীমতী মোক দেখি অবাক, ‘‘আজি ইমান সোনকালে যে !’’
মই শ্ৰীমতীক দেখি অবাক ৷ অবাক নহৈ কি হ’ম ?
শ্ৰীমতীৰ মুখত দেখোন খঙৰ চিনমোকাম নাই ৷ তাৰ মানে ঘটনা গুৰুতৰ ৷
মই জানো যিদিনা খং উঠি থকাৰ পাছত ভালকৈ মাত দিয়ে সেই দিনা…..
হে ভগবান আজি কি আছে নো ? কি আছিল নো ?

‘‘মই চাহ বাকিবলৈ লৈছো ৷ তুমি হাত মুখ ধুই লোৱা ৷ একে লগেই খাওঁ দিয়া ৷’’, শ্ৰীমতীয়ে চাহ বাকিবলৈ যোজা কৰিলে ৷

মই বজাৰ কৰি অনা টোপোলা কেইটা শ্ৰীমতীৰ হাতত তুলি দি ক’লো,‘‘এনেয়ে তোমালৈ লৈ আনিলো আজি !’’

‘‘ঔ মা ! থেংক ইউ ৷ কিয় ইমানবোৰ বস্তু আনিলা? আজি কিবা আছে নেকি? কি আছে নো?’’, শ্ৰীমতীয়ে আনন্দতেই কৈছে নে মোক ঠাট্টাই কৰিছে ধৰিবকেই পৰা নাই ৷

‘‘ঔ মা ! নতুন মোবাইল আনিলা ?? থেংক ইউ ছঅঅঁঁঅঁঅঁ মাচ্ছা ! আজি মোৰ মোবাইলটো কিবা বেয়া হৈ গ’ল ৷ সব ওলট পালট হৈ থাকিল ৷ টাইম ডেট একো নোলোৱা হৈ গ’ল ৷ অথনি যে তোমালৈ ফোন কৰিছিলো তেতিয়া কেনেবাকৈ ডেটটো set কৰিব পাৰো নেকি চাই আছিলো ৷ আজিৰ ডেট কিবা 01/01/2005 দেখুৱাই আছিল ৷ Thank you so muchhhhh!”

টোকাঃ শ্ৰীমতীৰ হাতলৈ মন কৰিলে দেখিব ‘এটা নতুন মোবাইল’ । Risk বেছি নলওঁ আজি কালি!

*****

One comment

  • কেলেণ্ডাৰত গোল দাগ মাৰিনো কি হব ! এনেও এবছৰীয়া কেলেণ্ডাৰত ১২ চেপ্তেম্বৰ বছৰত এবাৰহে আহিব ! এনিৱে বেছ ৰস পালো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *