অসহ্য গৰমৰ পৰা কিছু হ’লেও মুক্তি পোৱাৰ দৰে লাগিছে৷ ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিললৈ দিনকেইটা মুটামুটি ঠিকেই আছে৷ কিন্তু এই মে’ৰ পৰা আগষ্ট লৈকে দিনকেইটা মই বৰ এটা ভাল নাপাওঁ৷ বিশেষকৈ জুনৰ পৰা আগষ্ট লৈকে মহা অশান্তি৷ পিছে অকল মই কিয়; কোনেও এইকেইটা দিন পচন্দ নকৰে৷ ঘৰত অকলে আছিলো৷ দুদিন হ’ল৷ পৰিয়াল গ’ল মাক আৰু মোমায়েকৰ ঘৰলৈ৷ বিয়া এখন আছে৷ মই ব্যস্ততাৰ বাবে নগ’লো৷ গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খিচিৰিয়েই চলিছে৷ খিচিৰিৰ কাৰবাৰটো সহজ পাওঁ৷ চাউল, ডাইল, আলু, কচু, নিমখ, হালধি য’ত যি আছে প্ৰেচাৰ কুকাৰটো ত একেলগে বহাই দুটা হুইছেল মাৰি দে৷ বচ৷ কাম খতম! তাৰ পাছত ভোক লাগিলেই খাই থাক! নিশালৈ অৱশ্যে জিভা আৰু পেটে কৈ উঠে… “দাদা, বেলেগ কিবা চলিব নেকি! “ …. কিবা এখন লিখি আছো৷ আৰ্জেণ্ট লাগে৷ গতিকে কি খাইছো কি বৈছো সেয়া মগজলৈ তেনেকৈ অহা নাই৷ মোৰ এতিয়া প্ৰধান উদ্দেশ্য লিখাটো সোনকালে শেষ কৰিব লাগে৷ গতিকে দিনে নিশাই টেবুলত বহি পৰিশ্ৰম কৰিছো৷ …টক…টক…টক.. এনেতে বাহিৰৰ প্ৰধান দুৱাৰত কোনোবাই টুকুৰিওৱা যেন পালো৷ কাৰেণ্ট নাই৷ ইনভাৰ্টাৰ আছে যদিও কলিংবে’লৰ লগত সংযোগ নাই৷ মই অদৰকাৰী ভাৱে সকলো লাইট জ্বলাই থোৱা নাই৷ মোৰ ৰূমৰ লাইটতো, ফেনখন আৰু বাহিৰৰ লাইটতো জ্বলাই থৈছো৷ ৱাল ক্লকটোলৈ চালো৷ নিশা এঘাৰ বাজো বাজো৷ কোন আহিব পাৰে এই নিশা…..! __….টক…টক…টক…অ’ দাদা, ঘৰত আছেনে… আকৌ দুৱাৰত টোকৰৰ লগতে কাৰোবাৰ মাত এটাও শুনা পালো৷ মাতটো চিনাকি চিনাকি লাগিল৷ বাসুৰ দৰে লাগিল মাতটো৷ __ কো…ও…ও…ন..? অলপ জোৰকৈয়ে চিঞৰি সুধিলো৷ __ …বাসু…বাসু…মই বাসু…দাদা.. __ বাসু..! কলম কাগজ সামৰি চকীখন ঠেলি ওলাই আহিলো৷ __ কোন? …বাসু? __ অঁ দাদা৷ শুলেই নেকি? বাহিৰৰ পৰা তাৰ মাতটো আহিল৷ __ নাই…নাই…কিবা কিবি কামত এনেয়েই আৰু…. দুৱাৰৰ খিলিটো খুলি খুলি তাক ক’লো৷ পাল্লা এখন খুলি দিয়াৰ লগে লগে সি ভিতৰলৈ সোমাই আহিল৷ __ এই লাইটতোৱে যে খাই দিছে… সি কব লাগে কাৰণে কোৱাৰ দৰে ক’লে৷ __ নকবি আৰু…বহ..বহ..৷ ক’ৰ পৰা ওলালিহি এই ৰাতিখন… __ …কিন্তু দাদা এটা কথা৷ …এইযে আপুনি ঘপককৈ দুৱাৰখন খুলি দিলে…তেনেকুৱা কাম কেতিয়াও নকৰিব…কি ঠিক আছে… __ নাই..নাই ময়ো অচিনাকি মানুহক ফটকৈ দুৱাৰ খুলি নিদিও…তোকো প্ৰথমে কনফাৰ্ম কৰিহে লৈছো… __ হ’লেও দাদা আজিকালি একো কথাই বিশ্বাস কৰিব নোৱাৰি…আপোনাৰ সোঁহাতখনে আজিকালি বাঁও হাতখনক বিশ্বাস নকৰে….এই ইন্দিৰা কলিতাৰ কেছ টোৰ পিছত মই এইবোৰ ক্ষেত্ৰত বৰ সাৱধান….! __ কি ইন্দিৰা কলিতাৰ কেছ অ’ বাসু..? বাসুৱে মোৰ প্ৰশ্নটোৰ কোনো গুৰুত্ব নিদি চোফা এখনত বহিল৷ __ পানী এগিলাচ দিয়কনা দাদা..বৰ পিয়াহ লাগিছে… __ পানী খাবি? ৰ..ৰ..আনিছো বহচোন তই.. মই বাসুৰ কাৰণে পানী আনিবলৈ ভিতৰলৈ গ’লো৷ যোৱাৰ সময়ত ভাবি গ’লো; …এই ইন্দিৰা কলিতাৰ কে’ছটো বা কি! …বাসুৰ পৰা শুনিব লাগিল…..৷ ৷ বাসু হঠাতে আহি ওলোৱাৰ কাৰণে অলপ ৰোমাঞ্চিতো হৈছিলো৷ কাৰণ এই একেৰাহে লিখি লিখি হাত, মূৰ, ককাঁল, পিঠি, গলধন আটাইবোৰৰ বিষ এটা হৈছিল৷ বাসুৰ দৰে মানুহ এটা অহাৰ বাবে সেয়ে ভাল লাগিছিল৷ আড্ডা মাৰিলে মনটোও ফ্ৰে’চ হৈ যায়৷ তাকো বাসুৰ দৰে লোকৰ লগত৷ পিচে সি এই নিশাখন অহাৰ বাবেহে অলপ আচৰিত হৈছিলো৷ __ মই গম পাওঁ আপুনি যে অকলে আছে৷ মোৰ হাতৰ পৰা পানীৰ বটলটো লৈ বাসুৱে ক’লে৷ __ তই গম পাৱ? __ ওঁ৷ বৌ হঁতক শতাব্দীত উঠা দেখি আহিছো নহয়৷ হাতত যি মস্ত চুটকে’চটো দেখিলো তেতিয়াই বুজিলো বৌ অন্ততঃ এসপ্তাহৰ চুটিত গৈছে…! সি কথাখিনি কৈ কোঁট কোঁটকৈ বটলেৰে পানী খাই গ’ল৷ __ আচ্ছা…. তইও কম নহয়…! সকলো খবৰ তোৰ নখৰ আগত! পিছে তই এই ৰাতিখন আহিলি ক’ৰ পৰা? __ চেকেণ্ড শ্ব চাই দিলো৷ মিচন চাইনা! সি পানী খোৱা শেষ কৰি এটা সৰু উগাৰ মাৰি বটলতো চেণ্টাৰ টেবুলৰ ওপৰত থ’লে৷ __ অ’…দিলে নেকি সেইখন..? কেনেকুৱা হৈছে অ’ চিনেমাখন? __ ভাল হৈছে৷ চাব৷ আজিৰ পৰা চলিছে৷ __ ওঁ চাবই লাগিছিল…সময়টোৱেই মিলাব পৰা নাই… __ ময়ো ভাবিলো দাদাক বহুদিন লগ পোৱা নাই এবাৰ লগ কৰি যাওঁ….. __ ভাল কৰিলি…ভাল কৰিলি…পিছে তোক চাহ-তাহহে একো দিব নোৱাৰিম…খালে খিচিৰিকে অলপ খাব পাৰ..৷ ৰাতিপুৱাই বনোৱা খালি….! __ হেই হেই নালাগে…একো নাখাওঁ…মই যাওঁৱেই….৷ এনেই মন গ’ল সোমাই দিলো…..৷ কিন্তু দাদা এটা কথা….; আপুনিতো খিচিৰিকে বনাই খাই৷ মই অকলে থাকিলে চিধা জগদীশ হোটেলতে খাঁও৷ __ এৰা অ’..এই ভাত বনোৱা আৰু বাচন ধোৱা কামটো বৰ এলাহ লাগে৷ …..আচ্ছা বাসু, ….কিবা তই ইন্দিৰা কলিতাৰ কেছ নে কিবা এটা কৈছিলি….কিনো কথাটো….? মই সুযোগ বুজি তাক সুধি উঠিলো৷ __ কেলেই সেই কেছ টোৰ কথা নাজানে..? মই আকৌ জানে বুলিহে….! পেপাৰ, টিভি চবতে ওলাইছিল দেখোন…সেই যে অখিল…অখিল! …অখিল কলিতা..! কলিতা চুবুৰীৰ প্ৰথম গলিৰ বাওঁহাতৰ পাঁচ নম্বৰ ঘৰটো…নতুনকৈ বিয়া পাতিছিল যে…এবছৰো হোৱা নাই…অখিল..অখিল….! __ ..ওঁ….ওঁ..! গম পালো…! __ গম পালে..? __ ওঁ..গম পালো! মই আচলতে এনেয়েই মিছা মাতিলো৷ মই কবলৈ গ’লে কোনো অখিল কলিতাক চিনিও নাপাওঁ… কোনোবা অখিল কলিতাৰ কিবা নিউজ পেপাৰে পত্ৰই, টিভিয়ে চিভিয়ে ওলাইছিল যদিও মন কৰা নাই….আৰু কলিতা চুবুৰী বুলি ইয়াত ক’ৰবাত ঠাই এখন আছে বুলিও নাজানো! এইবোৰ উৰহী গছৰ ওৰ বিচাৰি ফুৰাতকৈ বাসুৰ মুখৰ পৰা কাহিনীটো শুনাহে মোৰ মূল উদ্দেশ্য! মই জানো৷ বাসুৱে ইন্দিৰা কলিতাৰ যিটো কাহিনী ক’ব; সেইটো ৯৯% মিছা হোৱাৰ সম্ভাৱনাই বেছি! কিন্তু বাসুৰ মুখৰ পৰা কাহিনী শুনাৰ মজাটোৱেই বেলেগ! সেইটো আৰু আপোনালোকক নতুনকৈ কি ক’ম! ….. __ সেই কলিতাৰ ঘৰতেই আক’! বাসুৱে কৈ উঠিল৷ __ কি হৈছিলনো কলিতাৰ ঘৰত..? __ নক’ব আৰু…অখিলে বিয়া কৰোৱা এবছৰ পাৰ হৈছিল মাত্ৰ৷ ব্যৱসায়ী মানুহ৷ অসমৰ বাহিৰলৈ মাজে মাজে গৈ থাকিব লগা হয়….. __ আচ্ছা…. বাসুৱে আৰম্ভ কৰিলে৷ ময়ো ভালদৰে বহি ললো৷ __ সেইবাৰো অখিল কিবা ব্যৱসায়ৰ কামত দিল্লীলৈ গ’ল তিনিদিনৰ কাৰণে৷ ঘৰত ইন্দিৰা কলিতা অকলে৷ লগত অৱশ্যে সৰু কাম কৰা ছোৱালী এজনী আছিল৷ __ আচ্ছা…. __ যিদিনা কলিতা ঘৰলৈ ঘূৰি অহাৰ কথা; সেইদিনা আকৌ কাম কৰা ছোৱালীজনীক মাক বাপেকে দুদিনৰ কাৰণে বুলি ঘৰলৈ লৈ গ’ল৷ ইন্দিৰাইও একো নক’লে৷ নিশালৈতো অখিল আহি পাবই৷ দিনটোহে আৰু… ….নিশা ইন্দিৰাই কি কৰিম কি নকৰিমকৈ টিভি চাই, হোৱাটচ এপ্, ফে’চবুক কৰিয়েই সময়বোৰ পাৰ কৰি আছে৷ ভাত পানী ৰেডিয়েই আছে৷ অখিল আহিলেই একেলগে খাব আৰু…৷ মাজে মাজে ইন্দিৰাই অখিললৈ ফোন কৰে৷ মোবাইলৰ চুইছ অফ৷ ….তাৰমানে প্লেনখন আহি পোৱাহিয়েই নাই…..দহ বজাত পোৱাৰ কথা…অৱশ্যে দহ বাজিবলৈ এতিয়াও পাঁচমিনিট বাকী…. ….দহ বাজি পাঁচ মিনিট গ’ল…পোন্ধৰ মিনিট গ’ল….চাৰে দহটা হ’ল…কিন্তু অখিলৰ মোবাইলৰ চুইচ অফ…! __ তাৰপাছত….? __ ইন্দিৰাৰতো টেনচন্ বাঢ়ি গ’ল….মানুহটোৰ মোবাইলৰ চুইচ কিয় অফ..! প্লে’নখন আহি পোৱাহি নাই নেকি…! নে মোবাইলৰ বেটাৰী দাউন…! এনে বিভিন্ন দুশ্চিন্তাৰে তাই বে’ড ৰূমটোতে পায়চাৰী কৰি থাকিল৷ নিশা যিমানেই গভীৰ হৈ আহিছে; নিৰ্জনতাবোৰেও ইন্দিৰাক সিমানেই খেদি আহিছে আৰু দুশ্চিন্তাবোৰেও চূড়ান্ত ৰূপ লৈছে…. …কিলি..লুং…কিলি..লুং.. এনেতে ইন্দিৰাৰ মবাইলটো বাজি উঠিল৷ এটা হোৱাটচ্ এপ ভিডিঅ কল৷ তাইৰ মনটো আনন্দত নাচি উঠিল৷ অখিলৰ কল! তাই লগে লগে ৰিচিভ কৰিলে কলটো৷ ম’বাইলৰ স্ক্ৰীনত অখিলক দেখা গৈছে৷ অখিলে তাইলৈ চাই হাঁহি আছে৷ সি আহি থকা টেক্সিখনৰ পিছফালৰ চিটটোৰে সৈতে পিছফালৰ গ্লাছখন দেখা গৈছে৷ পিছফালে আৰু দুখনমান গাড়ীৰ হেড লাইটৰ পোহৰ দেখা গৈছে৷ __ কি হ’ল তোমাৰ…? চুইচ অফ ৰাখিছা কিয়….! ! __ এইমাত্ৰ লেণ্ড কৰিছোহে..! প্লেন আহোতেই এঘণ্টা লে’ট…! কি হ’ল..ভয় খালা..? ? হাঃ…হাঃ..হাঃ.. __ অ’হ গড…! কেনেকুৱা টেনচনত আছিলো মই….ফোন মাৰি আছো..মাৰি আছো… __ আগতেই ঠিক আছিল…আজিকালি এই মবাইল, নেট এইবোৰ ওলাই মানুহবোৰক হাইপ্ৰেচাৰ পেচেণ্ট বনাই দিলে…. __ হ’ব হ’ব দিয়া৷ তোমাৰ কিমান দেৰী হ’ব? মই ভাত খাবলৈ ৰৈ আছো কিন্তু…. __ এতিয়াও ভাত খোৱা নাই…! কি ছোৱালী তুমি…! __ কেনেকৈ খাম…ভোক চোক চব উৰি গ’ল… __ হ’ব হ’ব৷ ভাত ৰেডি ৰাখা৷ আধাঘণ্টাত পাই আছো… __ ok…ok.. __ আৰু শুনা… __ কি? __ তুমিও ৰেডি থাকিবা… __ কি..ই..ই..? __ তুমিও ৰেডি থাকিবা… __ ব…দ…মা…চ…হ…! ! __ হাঃ…হাঃ..হাঃ…. ইন্দিৰাই ফোনটো কাটি দিলে৷ এটা যেন গধুৰ বোজা মূৰৰ পৰা আতৰি গ’ল৷ মনটো মুকলি মুকলি লাগিল তাইৰ৷ তাই পাগঘৰৰ ফালে গীতৰ কলি এটা গুণগুণাই আগবাঢ়িল৷ আহাৰ খিনি কিছু গৰম কৰাৰ দৰকাৰ.. …কিচ্ ….কিচ্….কিচ্….কিচ্..কিচ্…. কলিংবে’লটো বাজি উঠিল৷ কিছুদেৰিৰ পাছতে৷ ইন্দিৰাই মুখত গীতৰ কলি এটা লৈ প্ৰধান দুৱাৰৰ ফালে আগবাঢ়িল৷ তাই দুৱাৰত থকা মেজিক আইটোৰ মাজেৰে বাহিৰলৈ চাই পঠিয়ালে৷ লাইটৰ পোহৰত দেখিলে বাহিৰত অখিল হাতত ব্ৰীফকে’চটো লৈ ৰৈ আছে৷ ইন্দিৰাই দুৱাৰখন খুলি দিলে৷ __ উঃ! এয়াৰপ’ৰ্টত বহি বহি কেনেকুৱা ব’ৰ হ’লো আজি… অখিলে ব্ৰীফকে’চটো চোফা এখনৰ ফালে দলিয়াই থোৱাদি থৈ ক’লে৷ __ গাটো ধুই ল’বানে…পানী গৰম কৰা আছে… __ ওঁ৷ গা ধুবই লাগিব….বৰ লেতেৰা লেতেৰা লাগিছে৷ তুমি ভাত বাঢ়াগৈ যোৱা৷ মই ওলামেই৷ অখিল পোনেই বাথৰূমৰ ফালে আগবাঢ়িল৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ….কিলি…লুং..কিলি..লুং..কিলি..লুং… হঠাত ইন্দিৰা সাৰ পাই গ’ল৷ নিশা এটামান বাজিছিল কিজানি৷ কাষত থৈ দিয়া মোবাইলটো বাজি উঠিছে৷ সিহঁত বিছনাত পৰা প্ৰায় দুঘণ্টা মানেই হৈছিল৷ তাই শোৱাৰ পৰাই মবাইলটোলৈ বিৰক্তিৰে চালে৷ এটা হোৱাটচ এপ ভিডিঅ’ কল৷ কাষলৈ চালে তাই৷ অখিল নাক ঘোৰঘোৰাই ওপৰলৈ মুখ কৰি শুই আছে৷ অলস ভাবে তাই হামি এটা মাৰি মবাইলটো উঠালে৷ হঠাতে তাই উচপ খাই উঠিল৷ ই কি! এয়াচোন অখিলৰ ভিডিঅ’ কল! এয়া কি সম্ভৱ…! ! তাই আকৌ কাষলৈ চালে৷ অখিল তাইৰ কাষতে নাক বজাই দোৰ্ঘোৰ টোপনিত…..! তাই কৰো নকৰোকৈ কলটো ৰিচিভ কৰিলে৷ স্ক্ৰীনত অখিলৰ মুখখন দেখিলে তাই৷ সি তাইলৈ চাই হাঁহি আছে…চিটটোৰে সৈতে টেক্সিখনৰ পিছফালখন দেখা গৈছে…পিছফালৰ গ্লাছেদি পিছে পিছে আহি থকা দুখনমান গাড়ীৰ হেড লাইটৰ পোহৰ দেখা গৈছে… __ তুমি চাগে বহুত টেনচনত আছা ন? কি ক’বা…প্লেন তিনিঘণ্টা লেট…বেয়া বতৰ…তাতে মবাইলৰ বেটাৰীও বহি গ’ল…কোনোমতে এই টেক্সিখনত চাৰ্জ দি তোমাৰ লগত কথা পাতিছো…ছৰি ভাই…ছৰি….হেৰি কৰা…মই এই পাঁচ মিনিটৰ ভিতৰত ঘৰ পামগৈয়ে… ইন্দিৰাৰ আৰু একো শুনাৰ ধৈৰ্য্য নাছিল৷ তাই এটা শিলৰ মূৰ্ত্তিৰ দৰে থিয় হৈ থাকিল…তাইৰ হাতৰ পৰা নিজে নিজেই ম’বাইলটো মজিয়াত খহি পৰিল…তাই ভয়ে ভয়ে বিছনাখনলৈ চালে৷ অখিলে বাগৰ সলাই ইফালে মুখ কৰি কাতিকৈ শুই আছে…. …কিছ্ ….কিছ্ ….কিছ্ …. তাই উচাপ খাই উঠিল৷ কলিং বে’লটো বাজি উঠিছে…বুকুখন তাইৰ ঢিপিংকৈ মাৰিলে…তথাপিও দুৰু দুৰু কঁপা বুকুৰে প্ৰধান দুৱাৰখনৰ ফালে লাহে লাহে আগবাঢ়িল…৷ দুৱাৰখনৰ কাষত ৰৈ তাই ভয়ে ভয়ে মেজিক আইটোৰ মাজেদি বাহিৰলৈ চালে৷ তাই যেন অচেতন হৈ লুটি খাই পৰিব এতিয়া…! তাই লাইটৰ পোহৰত স্পস্তকৈ দেখিলে বাহিৰত হাতত ব্ৰীফকে’চটো লৈ অখিল থিয় হৈ আছে..! ! ….কিছ্…কিছ্ …কিছ্ ….ইন্দিৰা দুৱাৰ খোলা….ইন্দিৰা…কিছ্..কিছ্..কিছ্ কিছ্… বাহিৰৰ পৰা অখিলৰ তাইক নাম ধৰি চিঞৰা শুনা গ’ল৷ এনেতে তাই অনুভৱ কৰিলে তাইৰ বাউসীত কাৰোবাৰ স্পৰ্শ..! তাই চক খাই উঠিল৷ __ কি হ’ল ইন্দিৰা! কোন আহিছে? কোনে কলিং বে’ল বজাইছে..! অখিলে দুৱাৰখনৰ ফালে চাই ইন্দিৰাক সুধিলে..! ….কিছ্…কিছ্…কিছ্…খট…খট..খট…ধম…ধম…ধম…ইন্দিৰা…দুৱাৰ খোলা….ইন্দিৰা…ইন্দিৰা…. কিছ্…কিছ্…কিছ্…কিছ্…. বাসু এইবাৰ ৰৈ গ’ল৷ ময়ো দীঘলকৈ উশাহ এটা সলালো৷ __ তাৰপাছত…! ! __ তাৰপাছত আৰু কি হ’ব৷ উপায় নাপায় অখিলে দুৱাৰ ভাঙি ভিতৰ সোমাল৷ __ তাৰপাছত… __ অখিলে গৈ দেখিলে ইন্দিৰাৰ মৃতদেহটো বে’ডৰূমৰ চিলিং ফেনখনত ওলমি আছে.. __ কি! এই বাসু…! কি ধৰণৰ কাহিনী ক’লি আজি তই মোক…! একো আগ গুৰি উলিয়াব পৰা নাই… __ সেইকাৰণেই ক’লো৷ নিশা দুৱাৰ চুৱাৰ খুলি দিলে অতি সাৱধান হ’ব লাগে আজিকালি৷ …কৈছোৱেই নহয় আজিকালি সোঁহাতখনে বাঁও হাতখনক বিশ্বাস কৰিবলৈ টান হ’ল…৷ আচ্ছা দাদা গুদ নাইট! বহুদেৰি হ’ল৷ বাৰটাই বাজিব এতিয়া৷ আজিলৈ উঠো দিয়ক… মোৰ প্ৰতিক্ৰিয়ালৈ বাসুৱে বাট নাচালেই৷ সি দুৱাৰখন ঠেলি লাহে লাহে বাহিৰলৈ ওলাই গ’ল৷ ময়ো জলকা লগাৰ দৰে তাৰ কাহিনীটোৰ আগ গুৰিবোৰ মিলাই ভাবি থাকিলো৷ হঠাতে মই অনুভৱ কৰিলো ই বাসুৱেটো আজি মোক কাহিনীৰ নামত ভেল্কীবাজী মাৰি থৈ গ’ল! ….চাল্লা ই বাসুৱে ইন্দিৰাই অকলশৰে ঘৰত কি কৰি আছিলে কেনেকৈ জানিলে…! ! যিটো কথা গিৰীয়েক অখিলেই আজিলৈকে নাজানিলে…! ! ! তাক এই কথাটো কেতিয়াবা সুধিব লাগিব….৷ মহা গাজাৰী এই বাসুটো… মই লাহেকৈ বহাৰ পৰা উঠিলো৷ দুৱাৰখন জপাই চিটকানিটো লগাই পাগঘৰৰ ফালে আগুৱালো৷ যাওঁ৷ অলপ ভোক ভোক লাগিছে৷ খিচিৰি দুটামান খাই বিছনাতে পৰোগৈ…. ….টিং…টুং….টাং…টিং…. এনেতে মোৰ ম’বাইলটো বাজি উঠিল৷ স্ক্ৰীন খন চালো৷ বাসুৰ কল৷ হোৱাটচ এপ ভিডিঅ’ কল! ফোনটো ৰিচিভ কৰিলো৷ তাৰ মুখখন স্ক্ৰীনত জিলিকি উঠিল৷ পিচফালে উজ্জ্বল লাইটৰ জকমকিয়া পোহৰ৷ __ ক বাসু৷ __ দাদা কি খবৰ ভালনে? বহুদিন লগ পোৱা নাই৷ ভাৱিলো খবৰ এটাকে লওঁ…. __ কি কৱ বাসু! তই এইমাত্ৰ মোৰ ইয়াৰ পৰা উঠি গৈছ..! ! __ মই..? আপোনাৰ তাৰ পৰা? ? ..কি কয় দাদা..? ? ? মইটো এতিয়া মুম্বাইত আছো! পৰহিয়েই আহিলো..! চলিহা দা ইয়াৰ এখন হস্পিতাললৈ কিবা চেক আপৰ কাৰণে আহিছে৷ মোক লগ ধৰিলে৷ গুছি আহিলো৷ ভাৱিলো চাঞ্চতে মুম্বাইখন এবাৰ চাই লওঁ! ….. বাসুৱে কৈ উঠিল৷

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *