ফটাঢোল

অফিচে ঘৰে বাহিৰে – ভাস্কৰ জ্যোতি দাস

(খণ্ড-১)

ডাবুলি

২০০৯ চনৰ লোকসভাৰ নিৰ্বাচন৷ Manpower Management Cell ৰ দায়িত্ব কিছু অমুকাৰ হাতত৷ ইলেকশ্যনৰ ডিউটি কৰিবলৈ মানুহৰ যোগাৰ কৰিব লাগে৷ প্ৰথম পৰ্যায়ৰ ট্ৰেইনিঙৰ বাবে মানুহলৈ চিঠিবোৰ গ’ল৷ তাৰ পাছত অমুকৰ অসুখ, কিডনীৰ সমস্যা, মানুহজনীৰ অপাৰেশ্যন, চকুৰে মণিবলৈ দিগদাৰ-অপাৰেশ্যন যোৱা মাহত হৈ গৈছে… ইত্যাদিবোৰ শুনি থকাৰ ফেজ এটা আহে৷ তাৰ মাজতে ঘটা ঘটনা এইটো৷

সময় চাৰিমান বাজিছে৷ মানুহ এজন আহিছে সোমাই৷ বাওঁহাতত এটা কাপোৰৰ টোপোলা৷ দেখাতেই গঞা ৰাইজৰ অনুষ্ঠান৷ সোঁহাতত থকা কাগজখন দেখি বুজিলো যে এইজনায়ো সমস্যা এভাগ লৈ আহিছে৷ বাৰু শুনা যাওক৷

মই- “কওকচোন“
তেওঁ- “মোৰ নাম অমুক গগৈ৷ মই ONGC ত কৰোঁ৷ মোৰ লিখা পঢ়া নাই তেনেকে৷ অফিচত জেনেৰেটৰ চলাও৷ সিমানেই কাম“

এপইণ্টমেণ্ট লেটাৰখন চালো৷ অমুক গগৈ, Executive Engineer. মই এই কথাটো জানো যে অ’এন.জি.চি.ত এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰমোচন হৈ থাকে৷ আমাৰ Data Entry Operator এ Executive Engineer দেখি Presiding Officer হিচাবে এণ্ট্ৰি কৰিছে৷ সেইমতে গগৈয়ে অৰ্ডাৰ পাইছে৷

মই- “আপুনি সমস্যাবোৰ লিখি আৱেদন এখন দিয়ক৷ কিবা এটা কৰিব লাগিব“
তেওঁ লিখাপঢ়া কৰিব নাজানে বাবে মোৰ সহায় বিচাৰিলে৷ মই কোনোবা তৰণীৰ হতুৱাই লিখাই আনিবলৈ ক’লো৷ সেইমতে আনি মোৰ হাতত তুলি দিলে আৱেদনখন৷ তৰণীয়ে ঠিকেই লিখিছে৷ ইতি মহোদয়ৰ বিশ্বাসীলৈকে লিখি দিছে৷ মই তেওঁক চহী কৰিবলৈ ক’লো৷ তেওঁ কিবাকৈ অসমীয়াতে নামটো লিখিলে আৰু মোক আৱেদনখন দিলে৷

মই আকৌ ক’লোঁ – “ডেজিগনেশ্যন লিখক“

বাপু নৰ’লেই৷
নামটোৰ কাষতে কমা এটা দি তলত লিখি দিলে এনেকৈ৷
অমুক গগৈ,
ডাবুলি৷

(খণ্ড ২)

টু টুৱাণ্টি

কাহিনীটো অফিচৰ মনু চেতিয়াৰ মুখেৰে শুনা৷ নামবোৰ সলাই দিয়াৰ লগতে অলপ যোগ-বিয়োগ কৰি লিখিছো৷

মনু চেতিয়াৰ দূৰ সম্পৰ্কীয় খুড়াক দেবেশ্বৰ চেতিয়া৷ চেতিয়া জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক৷ জিলাখনক প্ৰাপ্তবয়স্কক শিক্ষা দিয়া বিভাগটোৰ এক দায়িত্বপূৰ্ণ পদৰপৰা অৱসৰ লৈছে৷ এতিয়া এই বিভাগটোৰ বিশেষ কাম নাই৷ চেতিয়াৰ নিজৰ গাঁও মানে বেতবাৰীৰ মানুহবোৰে চেতিয়াক ভালদৰে মানে৷ হ’লে কি হ’ব৷ নিজৰ ল’ৰা ছোৱালীকেইটা বুঢ়াৰ মতে নচলে, মাকৰ মতেহে চলে৷ মাক মানে পুহেশ্বৰীৰ (গাঁৱৰ প্ৰচলিত নাম পুহিতা) শিক্ষা-দীক্ষা নাই৷ পাঁচজনীয়া পৰিয়ালটোক (বুঢ়ী শাহুৱেকক ধৰি) পুহিতাই একপ্ৰকাৰে শাসনেই কৰে৷ আগতে এনেকুৱা নাছিল৷ কিন্তু যোৱাটো পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ হিচাবে জিকাৰ পাচত এলেকাটোৰ সভা-সমিতি সকলোতে পুহিতা ডাইচতহে বহে৷ মুঠতে তাই এতিয়া ওপৰৰ মানুহ৷ গতিকে ঘৰতো শাসনতো কৰিবই লাগিব৷ কিন্তু সেই শাসনেও পুতেক জীয়েকহঁতক পোনাব পৰা নাই৷ আজিকালিৰ বাঁহ৷ কুমলীয়াতে বেঁকা৷

চাৰিদিনমানৰ পৰা জীয়েক চেতিয়াই পুহিতাক কামোৰ দি আছে৷ বোলে- “লগৰ চবেই টিউশ্যনলৈ চুৰিদাৰ আৰু লেগিন্স পিন্ধি যায়৷ মোৰো মন যায়৷ দুটা লেগিন্স কিনি দিব নোৱাৰনে! বুঢ়াক পইচা বিচাৰিলে কিতাপ পঢ়ি দেখুৱাই”৷ পুহিতাও কম নহয়৷ নহ’বও কিয়৷ গাঁৱৰ ছোৱালীয়ে ভৰিৰ পিত্‌কেইটা জিলিকি যোৱা লেগিন্স নে ফেগিন্স পিন্ধিলে মানুহে কি বুলি ক’ব! এইধৰণৰ খজুৱা-কামোৰাবোৰ কিছুদিন চলাৰ অন্তত উপায়ন্তৰ হৈ পুহিতাই জীয়েকক এটা লেগিন্স কিনি দিয়াৰ কথা দিলে৷

মাক চেতিয়া আৰু জীয়েক চেতিয়া গৈ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ফেশ্যন কৰ্ণাৰৰ কাষৰ কাপোৰৰ হ’লচেল মাৰ্কেট পালেগৈ৷ জীয়েকক পুহিতাৰ প্ৰথম সকিয়নি- “এটাতকৈ বেছিলৈ হাত নেমেলিবি৷ হাত ভাঙি দিম”৷

জীয়েক নীৰৱ৷ ডাঙৰ দোকান এখনত সোমালগৈ দুয়ো৷
জীয়েকে আৰম্ভ কৰিলে- “দাদা, ব্লেক কালাৰৰ লেগিন্স আছে নেকি?”

দোকানীয়ো আছে বুলি কৈ দুই-তিনিটামান ভেৰাইটিৰ ব্লেক লেগিন্স উলিয়াই দিলে৷ মাকে তাৰ মাজৰে এটা থাপ মাৰি তুলি আনি সুধিলে- “হেৰেউ দোকানী৷ এইটো কি দেখুৱাইছ! ইমান দীঘল এইটো!”

জীয়েক চেতিয়াই মুখখন মেলিলে- “মাই অ’, এইবোৰ এনেকুৱাই থাকে৷ চেণ্ডেলৰ ওপৰত কোঁচাই লৈ পিন্ধে আকৌ৷”

পুহিতা- “জানো পায়৷ আজিকালিৰ ছোৱালীমখাই এইবোৰ কি পিন্ধে৷“

অৱশেষত জীয়েক চেতিয়াই এটা লেগিন্স পচন্দ কৰিলে৷ তেতিয়ালৈ মাক চেতিয়া আন এটা কোণত চাদৰ এখন পিটিকি থকাত ব্যস্ত৷ জীয়েকে মাকক মাতিলে৷

পুহিতাই দোকানীক সুধিলে- “এইটো কেই টকা?”

“বাইদ’, এনেই ৰেটটো থ্ৰী হানড্ৰেডেই আছে৷ আপনি ল’লে লাষ্ট টু টুৱেণ্টি দিব পাৰিব”- দোকানীৰ উত্তৰ৷

পুহিতাৰ খঙ উঠি গ’ল- “কি কৈছ! তহঁত মাউআই বোৰে আমাক লুটিবলৈ আহিলি৷ দোকান চলাবলৈ আহিছ! একো টু-টুৱাণ্টি, ফু-টুৱাণ্টি নহয়৷ টকা আঢ়ৈশ দিছো৷ দিলে দে, নহ’লে বাদ দে৷”

জীয়েক চেতিয়াই ‘মা…’ বুলি কিবা এষাৰ ক’বলৈ লৈছিলহে৷ পুহিতাই ধমকি দি আকৌ ক’বলৈ ধৰিলে- “এটাই পাবি৷ আৰু বেছি মুখ নেমেলিবি৷ দোকানীক আঢ়ৈশ টকাটো দি পুহিতাই জীয়েকক একপ্ৰকাৰে চোঁচৰাই উলিয়াই লৈ আহিল৷ ”

ৰিক্সাত উঠি টেম্পু ষ্টেণ্ডৰফালে গৈ থাকোতেও পুহিতাৰ ভোৰভোৰণিবোৰ চলি থাকিল- “বাপেৰে পইচা বিচাৰিলে কাৰেণ্টৰ তাঁৰত কাউৰী-শালিকা গণি দেখুৱায়! পইচা গছত নালাগে৷ ঘটিলেহে গম পাবি”
নাইনত নে টেনত পঢ়া জীয়েক চেতিয়া তেতিয়ালৈ বোবা৷

(খণ্ড-৩)

মেকডুল

আমাৰ মহন কাই অফিচৰ প্ৰচেছ চাৰ্ভাৰ৷ মহন-দেওধাই-বাইলুং; এই তিনিঠালৰ মাজৰে এটা ঠালৰ৷ খাচ আহোম৷ পিছে, মুখত অবাইচষাৰ লাগিয়েই থাকে৷ নিৰ্বাচনী শাখাৰ দায়িত্বত থাকোতে এবছৰমান পাইছিলোঁ৷ পুতেকে মেট্ৰিক পাছ কৰি দুবছৰমান গেঁৰা মাৰি পঢ়াশুনা তাতে এৰিলে৷ এতিয়া জাতীয় সংগঠন কৰি ক’লা পেণ্ট, বগা চাৰ্ট, ক’লা বুলেট- Ray Ban ৰে এজন লেখত ল’বলগীয়া পাইটাৰ৷

যোৱাবছৰ দুৰ্গাপূজাৰ এসপ্তাহমানৰ আগৰ কথা৷ অফিচত কাৰেণ্ট গ’ল৷ জেনেৰেটৰৰ বেটেৰীটো বেয়া হ’ল৷ কোম্পানীৰ মানুহ অহা নাই৷ ভিতৰত গৰম পাই সকলোৱে বৰপুখুৰীৰ হাৱা খাওঁ বুলি অফিচৰ আগৰ চোতালত ঘুৰণীয়া মেজমেল পাতিছে৷ অমুকায়ো অলপ পলমকৈ আহি বহিলোহি৷ অলপ পাছতে মহনকাই ক’ৰবাত চিঠি দি আহি আমাৰপৰা অলপ আঁতৰত চকী পাৰিলেহি৷

কথাবতৰা কিছুমান চলি আছে৷ খুচুৰা কথা, দেশৰ কথা, উঠি অহা চামৰ কথা৷ মাজতে মহন কাইয়ে ক’বলৈ ধৰিলে -“বুইছে ছাৰ, এতিয়াৰ হময় বেলেগ৷ দম চে দুনীয়া৷

মই- কেনেকৈ?
মহনকাই – মোৰ ল’ৰালৈ চাওক৷ মোক আজিকালি পইছা নিবিচাৰে৷ নিজৰ দমত @#$% এমাহমানৰ আগতে বুলেট নে কি সেইখন কিনিছে৷ এতিয়া দম চে দুনীয়া৷ মোৰ লৰাৰ দম আছে৷ এই কামিজটো দেখিছে? এইটো সি দিয়া৷
মই – ! (মনৰ ভিতৰতে)
পূজালৈ দুদিনমান আছে৷ মহন মোৰ ৰূমলৈ লেঙেৰীয়াই লেঙেৰীয়াই সোমাই আহিল আৰু ক’লে – “ছাৰ, ডাক্তৰৰ ওচৰলৈ যাব লাগে৷ মোক আজি ছুটী দিয়ক৷
মই – কি হ’ল?
মহনকাই – নক’ব আৰু ছাৰ৷ এই জহন্নামে যোৱাবোৰক কিহৰ খাটিকে জন্ম দিলো জানো! বাপেককো হন্মানকন কৰিব নেজানে৷
মই – মানে?
মহনকাই – কালি গধূলি নৰকত পঁচাটোৱে ১০০০ টকা বিচাৰিলে৷ মই নাই বুলি ক’লো৷ তাৰ পাছত দুষাৰমান কৈছিলোঁহে৷ সি মই বহি থকাতে মোক এক গোৰ দিলে নহয়! আয়ৌ, এই জহন্নামে যোৱাবোৰ গাড়ীৰ তলত পৰি মৰিব লাগে৷
মই – তুমি বাপেকটো হৈ তাকহে ধৰি দুপিটনমান দিব লাগিছিলোঁ৷ দম চে দুনীয়া নহয়জানো?
মহনকাই – গৈছিলোৱেই৷ মুঢ়াটোতে উজুটি খাই পৰিলোং নহয়৷
মিছা নো কি ক’ম! বহুদিনৰ মুৰত “মেকডুল“ অকমান খাইছিলোঁং৷

(খণ্ড-৪)

ৰিফেন

তিনিমাহমানৰ আগৰ কথা৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত খেলিমেলি৷ উপায়ুক্তই মাতি নি ক’লে যে মই অতিৰিক্তভাৱে কিছুমান কাম চাই দিব লাগে৷ সেই অফিচটোৱে দিনকেইটাত ফ’ৰলেন কেলেংকাৰীৰ পৰা আৰম্ভ কৰি অজস্ৰ কাহিনীৰে জিলাখনৰ হাৱাপানী গৰম কৰি ৰাখিছে৷

তাৰ মাজতে হৰিশংকৰ ব্ৰহ্মৰ ৰিপোৰ্ট অনুযায়ী খিলঞ্জীয়া ভূমিহীন লোকক মাটি আৱণ্টনৰ প্ৰমাণপত্ৰ দিব লাগে৷ চৰকাৰেও দেশৰ নাগৰিক সকলৰ বাবে বিভিন্ন জনকল্যাণমুলক আঁচনি ৰূপায়ন কৰি আহিছে যদিও অসমৰ এই খিলঞ্জীয়া লোকসকলৰ মূলতঃ নিজৰ নামত মাটি নথকাৰ বাবেই এই আঁচনিসমূহে প্ৰদান কৰা সুবিধাবোৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে৷ গৃহহীন লোকক এটি গৃহ দিয়াৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিছে যাতে ২০২২ চনৰ ভিতৰত দেশৰ সকলোবোৰ কেঁচা আৱাসগৃহক পকীঘৰলৈ ৰূপান্তৰিত কৰিব পৰা যায়৷ কিন্তু আমাৰ ৰাইজ সচেতন নহয়৷ আজি অত বছৰৰ আগতে আহি নৈৰ পাৰত বহিল যি বহিল৷ মাটি অকমান নিজৰ নামত বিচাৰিবলৈ আহৰি নাই৷ বা যিসকলে আহৰি পালে তেওঁলোকক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰটোৱে থৰকাচুতি হেৰুৱাই যোৱাকৈ খেদিলে৷ আৰু নগ’ল৷ এতিয়া কাৰবাৰটো ওলোটা হ’ল৷ মণ্ডল নিজে যাব লাগিব আৰু মানুহক মাটি দিবলৈ প্ৰস্তাৱ প্ৰস্তুত কৰিব লাগিব৷ ডিচেম্বৰৰ ভিতৰত ১০০% কাভাৰ কৰিব লাগে৷ সেইমতে ভূমিহীন খিলঞ্জীয়াক মাটি দিয়াৰ কাম এটা আৰম্ভ হ’ল৷

পাংগিং লাট মণ্ডল৷ ঘৰ এজাৰগুৰিত৷ এই এজাৰগুৰিতে গোছকটা, গটঙা, চিতলডুবি ইত্যাদিবোৰ গাঁৱৰ লগতে এজাৰগুৰিৰ লোকক তিনিমাহমানৰ আগতে মাটি দিয়াৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিল৷ পিছে এজাৰগুৰি গাঁৱৰ মণ্ডল বেলেগ৷ পাংগিং নহয়৷ কিন্তু পাংগিং তাৰে উন্নয়ন সমিতি এখনৰ সৈতে জড়িত৷

অনুষ্ঠানটোৰ আয়োজনৰ বিষয়ে পাংগিংৰ লগত কথা পাতিলোঁ৷ সি ল’কেল মানুহ৷ তাক জনালো- “অফিচে খৰচ বহন কৰিব৷ আয়োজনখিনি কৰ৷“ সি উন্নয়ন সমিতিয়ে কৰিব বুলি জনালে৷ “ৰাইজৰ ইচ্ছা এয়ে যে প্ৰশাসন নিজে ঘৰলৈ আহি মাটি দিছে৷ গতিকে প্ৰশাসনক খৰচ কৰিবলৈ নিদিয়ে৷” উপায়ুক্তক জনোৱা হ’ল৷ তেওঁ সন্মতি দিলে৷

অনুষ্ঠানটোৰ আগদিনা গাঁওবুঢ়াজনে মোলৈ ফ’ন কৰিলে- “ছাৰ, ই পাংগিঙে খেলিমেলি কৰিছে৷ প্ৰগ্ৰামটোৰ কাৰণে এশ টকা তুলিছে আৰু পট্টা পোৱা মানুহৰ পৰা ৫০০-১০০০ যিমান পাৰে৷ সি মানুহবোৰক কৈ আছে যে তাৰ কাৰণেৰে মানুহবোৰে পট্টা পাইছে৷

মোৰ খঙটো টিঙিচকৈ উঠি আহিল৷ পৰ্যবেক্ষক কাননগোহ দত্তক ফ’ন কৰি মোক অনুসন্ধান কৰি জনাবলৈ ক’লো৷ তেওঁ ল’কেলি অনুসন্ধান কৰি জানালে৷ কথাটো মিছা নহয়৷ মই আকৌ ফ’ন কৰিলোঁ – “এতিয়াই ফ’ন কৰি য’ৰপৰা যি বুটলিছে সেয়া ঘূৰাই দিবলৈ কওক৷ নহ’লে কাইলৈ তাৰ “বলি” হোৱাতো নিশ্চিত৷ পাছৰখিনি ফ’লআপ কৰা নহ’ল৷ সময়ত দেখা যাব৷

পিছদিনা সময়ত উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ ৰাজহ-কৰ্মচাৰী সময়মতে এজাৰগুৰি পালেগৈ৷ তাত পাংগিং আগৰেপৰা ৰৈ আছে৷ গামোচা পিন্ধোৱাৰ কাম পাৰ হোৱাৰ পাছত তাক এমূৰলৈ মাতি আনি সুধিলো-“কি শুনিছো এইবোৰ!”

পাংগিং- চব কালি ৰাতিয়েই “ৰিফেন” কৰিলো৷ এটা ইপাৰলৈ গৈছে৷ সি আহিলেহে মৰিলো আৰু ছাৰ৷
তাৰ ভাগ্য ভাল৷ সেইদিনা সিপাৰলৈ যোৱাজন নাহিল৷ অন্যথা তাক মিটিঙতে ভাল “ৰিফেন (refund)” কৰিলেহেঁতেন৷

*****

 

Leave a Reply

Your email address will not be published. Required fields are marked *