(দিনৰ ১১ বাজিছে৷ যম ৰজাৰ অফিচৰ বাহিৰত কোলাহল৷ চিত্ৰগুপ্ত কম্পিউটাৰত ব্যস্ত, যম ৰজাৰ আসন খালী।)

চিত্ৰ:- আস নোৱাৰি আৰু দেই৷ কেৰাণী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে? (এনেতে ঘামি-জামি যমৰাজ সোমাই আহে৷ )

যম:- উফ নকবা বুজিছা, অলপ দেৰিহৈ গ’ল৷

চিত্ৰ:- দেৰি মানে? এঘাৰ বাজিল, এইটো আপুনি কি অসমৰ চৰকাৰী কাৰ্যালয় বুলি ভাবিছে নেকি? ২৪×৭ অফিচ হয় এইটো, ইমান দেৰিকৈ আহিলে মই অকলে কেনেকৈ কাম চলাম কওকচোন? আৰু মই টেট পাছ কৰা নাই নহয় যে, অকলেই এখন এল পি স্কুল চলাম৷ নতুন এপইণ্টমেণ্টো বন্ধ কৰি ৰাখিছে আপুনি, এৰিয়াৰ নাই, ডি এ বঢ়োৱা নাই, কিমান নানা কুৰি সমস্যাত যেন তেন অফিচটো চলাই আছোঁ। আপুনি কি বুজিব?

যম:- হেৰা ৰ’বাচোন ৰ’বা। এই পুৰণি কেচেটখন কিমান আৰু বজাই থাকা হে? কিবা এটা কৰিম ৰ’বা৷ এনেই দেৰিনো ক’ত হয় মোৰ? পোৱালি কেইটাক টিউচনৰ পৰা আনি স্কুলত থৈ আহি ভাত কেইটা খাওঁ মানেই ১০ বাজেই, তাতে যোৱা কেইদিন মানৰ পৰা ম’হ আই মিন মোৰ বাহনটোৰো গা ভাল নহয়৷

চিত্ৰ:- সেইকাৰণেইতো মই চিঞৰি থাকোঁ বোলো, এই বনৰীয়া ম’হটো এৰক। প্ৰেজটিজ বুলিওটো কিবা বস্তু এটা আছে৷ নতুন বাহন এখন লওক, পূজা অফাৰৰে মাৰকেট ভৰি আছে৷ আনৰ ওচৰত মুখ দেখাবলৈকে লাজ লগা হৈছে আৰু৷ ইমান ডাঙৰ ডিপাৰ্টমেণ্ট এটাৰ অফিচাৰ হৈ ম’হ গুৱালৰ দৰে আত্মা বিচাৰি ঘূৰি ফুৰে৷ এডুকেশ্চন ডিপাৰ্টমেণ্ট চাওক, এলাৰ্জি চৰি এনাৰ্জি ডিপাৰ্টমেণ্ট চাওক বছৰত এবাৰ ভিজিত দিয়ে তথাপি মৰ্ত্তৰ মানুহে ডেইলি পূজা দিয়ে৷ আৰু আপোনাক? আজি কালি আঙ্গু পাঙ্গু সকলোৱেই ক’লা গ্লাচৰ গাড়ীত ঘূৰে আৰু আপুনি ক’লা ম’হত৷ সেই কাৰণেই ৰেচপেক্ট নিদিয়ে কোনেও আপোনাক৷ আজিৰ যুগ হৈছে শ্ব’-বাজিৰ যুগ৷ এনেকৈ হ’লে দুদিন মান পিছত যম বুলি ক’লে সৰু পোৱালি এটাইও ৰ’ তোক বান্ধি থম বুলি ক’ব।

যম:- হেৰা, কথাবোৰ ময়ো নভবা নহয়, কিন্তু কৰিবা কি? “জন্ম মৃত্যু পঞ্জীয়নৰ” কাৰ্য্যালয়ৰ দৰে আমাৰ লালবাতি জ্বলা ডিপাৰ্টমেণ্ট, দৰমহাৰ পইচা কেইটাৰে মাহটোৱেই নোজোৰে, গাড়ীৰ কথা কি ভাবিবা হে? আৰু ই এম আই দিব নোৱাৰিলে যদি গাড়ী টানি লৈ যায়, কাৰ বোকোচাত উঠি মৰ্ত্যলৈ যাবা?

চিত্ৰ:- সেইবোৰ আপুনি মোৰ ওপৰত এৰি দিয়ক, চাব এমাহৰ ভিতৰত আপোনাক বনাই দিম৷ মই মাজতে অসমত গৈ ট্ৰেইনিং লৈ আহিছোঁ নহয়!

যম:- যি কৰা সোনকালে কৰা৷ টাৰ্গেটৰ কথা আছে৷

চিত্ৰ:- তেনেহলে চাৰ বাহিৰত ৰখি থকা কেইটাক মাতি দিওঁ। (বাহিৰত কোলাহল কৰি থকা আত্মাবোৰক এটা এটাকৈ মাতিবলৈ লাগিল)। মাষ্টৰ কেৰপাই তামুলী আহিব লাগে।

(কেৰপাইৰ প্ৰবেশ)

কেৰপাই:- নমস্কাৰ চাৰ৷ পিছে যমনো কোনজন? ইমানদিনে নামটোহে শুনি আছিলোঁ, দেখা সাক্ষাৎ হোৱাই নাছিল নহয়৷ তাতে আপোনালোকৰ ফ’ট’-চ’ট’ও পাবলৈ নাই যে৷

যম:- ঘোৰ অপমান, ঘোৰ অপমান। দেখিছা চিত্ৰ, কিবা ধেৎতেৰি ধেৎতেৰি লাগি গৈছে৷ শিৱ-বিষ্ণুকে আদি কৰি সকলোৰে ফ’ট’ ঘৰে ঘৰে কিন্তু আমাৰ? আমাৰ পূজা পাতলতো নকৰে নকৰেই, আনকি নমৰালৈকে বেটাহঁতে আমিনো দেখিবলৈ কেনেকুৱা দেখাই নাপাই৷ ইয়াৰ কেচ কি?

চিত্ৰ:- ছাৰ, কেচ গহীন, মানে চুইচাইড৷

যম:- পিচে কেৰপাই,
কাৰ প্ৰেমত চুইচাইড কৰা হ’ল? চিত্ৰ, ইয়াৰ ফেইচবুক একাউণ্ট চাৰ্চ কৰা৷ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা মালটো ইয়েই নহয়তো? ইয়াক নৰকত প্লেচ কৰা ইমিডিয়েট৷

চিত্ৰ:- (কেৰপাইৰ কাণত ফুচফুচাই)শুনিলিতো, এতিয়াও সময় আছে, মই মেনেজ কৰি দিম কিবা এটা কৰ।

কেৰপাই:- চাৰ, কিবা এটা কেনেকৈনো কৰো? লোকৰ পোৱালি মানুহ কৰা চাকৰি, মানে মাষ্টৰৰ চাকৰি কৰিছিলোঁ, তাকো প্লেনৰ। চৰকাৰে চাকৰি নিয়মীয়া কৰিম বুলি কোৱাৰে পৰা বাকী দোকানিও বাকী নিদিয়া হ’ল, বোলে আগৰ বাকী মাৰ, পিছত নতুন খাটা খুলিবি৷ দৰমহাৰ পইচা পাম পাম বুলি দুবছৰ হ’ল, শেষত উপায় নাপাই হিমন্তৰ ঘৰৰ কুঁৱাৰ ৰচী
ডালেৰেই……

চিত্ৰ:- হ’ব হ’ব, চাৰ। এখেতে বৰ ভাল কাম কৰি আহিছে। বিনা পইচাত স্বৰ্গতেই দি দিওঁ, এনেও যোৱা বহু বছৰ ধৰি তাত প্লেচমেণ্ট দিবই পৰা নাই৷ স্বৰ্গত বহি গান্ধীৰ লগত অহিংসা, অনশন আৰু অসহযোগৰ ওপৰত বেকাৰ ডিচকাচ কৰি থাকক৷ বুজিছে চাৰ প্ৰথমটো কেচ পুণ্য কৰোতেই গ’ল৷ আজি কাৰ মুখ দেখি আহিছিলোঁ ঠিক নাই, বহনিয়ে বেয়া!

যম:- চিন্তা নকৰিবা পিচৰ কেইটাক মাতা।

চিত্ৰ:- ছাৰ, এইবাৰ টাগৰা মাল এটা আহিছে। মিনিষ্টাৰ এটা, বম ব্লাষ্টত মৰা, পি এ সহ মুঠ ৫টা

(এনেতে বাহিৰত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়, আৰু নাম মতাৰ আগতেই উৰ্মিলা নামৰ মহিলা এগৰাকী হাতত জাপি আৰু গামোচা লৈ সোমায় আহে।)

উৰ্মিলা:- এচকিউজ মি, আই এম উৰ্মিলা, উৰ্মিলা কাশ্যপ, পি এ টু মিনিষ্টাৰ৷ আপোনালোকৰ লগত চিনাকি পিছে পৰে হ’ম৷ মাত্ৰ আপোনালোকে এই জাপি আৰু গামোচাখন লওক আৰু চাৰ সোমাই আহিলে পিন্ধাই দিব দেই, অ’ আৰু এটা কথা। চাৰ বৰ বিজি মানুহ কিবা ক’বলগীয়া থাকিলে এপ্লিকেশ্যন মোৰ হাতত দি দিলেই হ’ল। মানে জানেইতো এইবোৰ মইয়ে হেন্দেল কৰো৷ আমাৰ চাৰ ফুলাম গামোচা আৰু জাপি নাপালে ক’লৈকো নাযায়৷ ইয়াত বাৰু ফিউজ লাইভ আৰু বাই ডি বাই ৩৬৫ আছেনে? মানে ৰিপৰ্টাৰ নাথাকিলে কথা কৈ লাভ নাইতো!

চিত্ৰ:- (অলপ খঙেৰে)হেৰি, পি এ টু মিনিষ্টাৰ। আপুনি বৰ্তমান নিজৰ সমষ্টিত নাই যম ৰজাৰ আদালতত আছে৷ আৰু এই খন চকুত ক’লা কাপোৰ বন্ধা আদালত নহয়৷ আপোনাৰ চাৰে কেতিয়া কাৰ পকেট মাৰিছিল, কিমানক চাকৰি আৰু ঠিকা দিম বুলি কিমান হাজাৰ পকেটত ভৰাইছিল, কিমান গৰাকী মহিলাক…..নকওঁ আৰু দিয়ক, সকলো দিন-বাৰ মিনিট হিচাপ কৰিম আমি, ইয়াত নাটক দেখুৱাই লাভ নাই৷

(এনেতে মুখত হাঁহি আৰু নমস্কাৰ জনাই আগে আগে মিনিষ্টাৰ আৰু পিছে পিছে তিনিটা মানে চাৰৰ জিন্দাবাদ গাই সোমায় আহে।)

চিত্ৰ:- অই নেঙুৰ ধৰা কেইটা, ইয়াত জিন্দাবাদ নেচেল৷ তহঁতৰ জিন্দাবাদত চাৰ এতিয়া জি নুঠে, কেতিয়াবাই মুৰ্দাবাদ হ’ল৷ মনে মনে থাক, মনে মনে থাক৷

মিনিষ্টাৰ:- নমস্কাৰ ৰাইজ, যোৱা পাঁচ বছৰে মই কি কৰিলোঁ, কি নকৰিলোঁ সেইটো একো ডাঙৰ কথা নহয়…..কথা হৈছে মোৰ উন্নতিৰ কথাটো (উৰ্মিলাই চিকুট্ মাৰি দিয়ে।)…..ক্ষমা কৰিব, মোৰ মানে মোৰ দেশৰ উন্নতিৰ কথাটো৷ যোৱা পাঁচ বছৰে আমাৰ দেশৰ সৰু সৰু ল’ৰা বোৰে সৰগতে যোৱাকৈ (উৰ্মিলাই চিকুট মাৰি দিয়ে), মানে সহজতে পোৱাকৈ স্বৰ্গীয় ফুৰ্টি পানীকনৰ মই ব্যৱস্থা কৰি দিছো৷ য’তে ত’তে পৰি থকা মৃতদেহ বোৰক মই অসম চৰকাৰৰ ব্যবস্থা কৰি দিছো(উৰ্মিলাই চিকুট মাৰি দিয়ে)ক্ষমা কৰিব অসম চৰকাৰ নহয় অন্তিম সৎকাৰৰ ব্যবস্থা কৰি দিছোঁ৷ আৰু মই বঁটা দিছো মানে কথা দিছোঁ আপোনালোকে মোক ভোট দিলে অহা পাঁচ বছৰত মই এই খন দেশেই নাইকিয়া কৰি দিম। (উৰ্মিলাই বোলে চাৰ)মানে এই খন দেশৰ সমস্যাই নাইকিয়া কৰি দিম৷

যম:- হেৰা চিত্ৰ, এইটোক বন্ধ কৰা৷ কটা নিধক, পাপী, নৰাধম, অসভ্য, অভদ্ৰ, ফক্কৰ, ফটুৱা, নিৰক্ষৰ। হেৰা চিত্ৰ আৰু দুটামান গালি কোৱাচোন। ইয়াতকৈ বেচি মই আৰু নাজানো।

চিত্ৰ:- চাৰ, মই জনা কেইটা পাব্লিক প্লেচত ক’ব নোৱাৰোঁ৷ চাৰ, এইটোক কি কৰোঁ? অলপ কিবা লৈ স্বৰ্গ দি দিওঁ নেকি?

যম:- নিদিবা নিদিবা, বাদ দিয়া তোমাৰ টেবুলৰ তলৰ টকা। এইটোক ৰৌ ৰৌ নৰকত দিয়া, তেহে মই শান্তি পাম।

চিত্ৰ:- মিনিষ্টাৰ, তোমাক আৰু ৰহিমলা, মানে উৰ্মিলা তোমালোকক নৰকত প্লেচমেন কৰা হৈছে, তাতগৈ ভাষণ দি থাকা, যোৱা৷ নৰকত থকা পাপী বোৰৰ বাবে তোমালোকৰ ভাষণো এটা ভাল শাস্তিয়েই হ’ব৷

মিনিষ্টাৰ:- একো নাই, মোক মাত্ৰ য’তেই ভোটাৰ বেছি তাতেই দিলে হ’ল৷ মোৰ নিজৰ স্বৰ্গ মই নিজেই বনাই ল’ম৷ মাত্ৰ ডি ভোটাৰ বেছি থাকিলে অলপ সুবিধা হয়৷

(গোটেই কেইজন নৰকলৈ যায়।)

চিত্ৰ:- ছাৰ এইটোৱো বহনি ন’হল, পিছৰটোক মাতো নেকি? পিছে আপুনি অলপ সাবধান৷ (মিচ দিবাকৰ ডাৰ্লিং আহিব লাগে)

যম:- হেৰা চিত্ৰ, তুমি মতা মানুহটোক মিচ বুলি মাতিলা যে?

চিত্ৰ:- ছাৰ নক’ব, ব্ৰহ্মাদেৱে স্ৰজোতে মতাই আছিল, পিছে হঠাতে কিহে উকালে নাজানো যন্ত্ৰপাতিবোৰ সলনি কৰি পেলালে৷

মিচ দিবাকৰ ডাৰ্লিং:- ইচ কেনেকৈ চাইছে চা! ইয়াৰ আগতে ধুনীয়া ছোৱালী দেখা নাই নেকি? অ’ মা আপুনি যম নেকি? ইম্মান কিউট৷ মই মৰি যাওঁ!

যম:- হেৰা কি কৰা, কি কৰা হে! ভাকূট-কুটাইছে, কি লেটি পেটি খন কৰিছা! হেৰা মই বিবাহিত। হে ভগৱান বচোৱা! হেৰা, তুমি কথাই প্ৰতি মৰি যাওঁ মৰি যাওঁ কৰি থকা কাৰণেহে মাৰি আনিলোঁ৷ হেৰা চিত্ৰ, কি হে এইপাত? এই পনিয়া মেটেলটোক চিধা নৰকত দিয়া। ই ব্ৰহ্মাদেৱৰ যন্ত্ৰ পাতি মেনুপুলেত কৰাৰ দোষত নৰকত দিয়া৷ আৰু কোন ক’ত আছে একেলগে মাতা৷

(বাকী বোৰ আত্মাক এটা এটাকৈ মাতি স্বৰ্গ আৰু নৰকৰ প্লেচমেন কৰি থাকোতে অলপ আগতে নৰকলৈ বুলি পঠোৱা মিনিষ্টাৰ, উৰ্মিলা, চামচা কেইটা আৰু দিবাকৰ ডাৰ্লিং খঙত টিঙিৰি তুলা হৈ নৰকৰ পৰা ওভতি আহে আৰু যমক যা তা গালি দিব ধৰে৷)

মিনিষ্টাৰ, উৰ্মিলা, চামচা কেইটা আৰু দিবাকৰ। ডাৰ্লিং:- আপুনি আমাক কথা দিছিল। এতিয়া যে নৰকত দিছে, কিন্তু আপোনাক ইলেকচনৰ আগত কথা দি পিছত কথা নৰখা মন্ত্ৰী এম এল এৰ দৰে কাম কৰিব বুলি ভবা নাছিলোঁ৷ নে ইয়াতো অসমৰ দৰে পৰিৱর্তন আহিল?

চিত্ৰ:- তহতৰ হ’ল কি, বুজাই ক?

উৰ্মিলা:- কি হ’ল মানে আপুনি নৰকত পঠালে কিন্তু গৈ গৈ আমি গুৱাহাটী পালোঁ৷

যম:- হাঃ হাঃ হাঃ হাঃ, যিখন দেশত শিক্ষকে খাবলৈ নাপাই ৰাষ্টাত আহিব লগা হয়, চুইচাইড কৰিব লগা হয়৷ যিখন দেশত বানপানীত ককবকাই থকা মানুহ, খিলঞ্জীয়াই সংস্থাপনৰ বাবে ভূমি পট্টা নাপাই, কিন্তু বাহিৰৰ কোটিপটি বেপাৰীৰ বাবে মাটি চৰকাৰে আবন্তন দিব পাৰে, যি খন দেশত পোহৰৰ বাতি নোহোৱাকৈ অন্ধকাৰত থাকিব লাগে, ফুটপাথ বুলি মেনহ’লত সোমাই মানুহ মৰে৷ যি খন দেশত কৃটিম বানত উটি অহা মল-মূত্ৰৰ লগত সহবাস কৰিব লাগে, যি খন দেশত আন্দোলন নকৰাকৈ একো এটা সমস্যাই সমাধান নহয়! যি খন দেশত চোৰক জেলত এচি ৰূম দিয়ে আৰু নিৰ্দোষীয়ে আদালতৰ সন্মুখে সন্মুখে ন্যায় বিছাৰি দৌৰি ফুৰিব লগা হয় সেইখন কি?

★★★★

Comments

  1. সুন্দৰ সুন্দৰাৰ সুন্দৰেষ্ট ।
    .
    মজা উপস্থাপন ।

  2. একদম ফাটাফাটি হৈছে বন্ধু। সময়োপযোগী। মন ভৰি পৰিল। থেংকু দেই।

  3. ফাটাফাটী দেবজিত এজ অলৱেইজ! বিৰাট ধুনীয়া হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *