নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয় আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷ হয়নে নহয়? মই যিদিনাৰ পৰাই আপোনালোকৰ এই ফে’চবুক গ্ৰুপত ভৰি দিছোঁ, সেইদিনাৰ পৰাই আপোনালোকৰ জয়জয় ময়ময় হৈছে৷ এইকথা আপোনালোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু মই জানো৷ আচলতে এই ফটহুৰ ’মিডাচ টাচ্চ’ৰ কামালয়েই সকলো৷ আপোনালোকৰ বহুতে ভাবে, ফটহু ৰিতুপৰ্ণ বৰাৰ মানসপুত্ৰ, তেৱেঁ মোক সৃষ্টি কৰিছে৷ অ’ হেল’উ! মই খোদ নিজে সৃষ্টি হৈছোঁ৷ মোক না কোনোবাই সৃষ্টি কৰিব পাৰে, না ধ্বংস৷ মই এই জন্ম, মৃত্যু, সৃষ্টি ধ্বংসৰ লেভেলৰ মানুহ নহয়েই৷ কথাবোৰ আপোনালোকে যিমান সোনকালে বুজি পাই সিমানেই মংগল৷
-“ৱেইটাৰ! আঠটা লাৰ্জ পেগ এটা বাল্টিত ঢালি পানী নিদিয়াকৈ লৈ আহা..কুইক! “
অঁ, মই কি কৈ আছিলো, য়েচ… মোৰ কথাই ক’ম অফ ক’ৰ্চ! কিন্তু দুখৰ কথা কি জানে? আপোনালোকে মোক চিনি পাই, ..মানে পাইছে .. কিন্তু আপোনালোকে মোৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু বংশগৌৰৱ- মোৰ পৰিয়ালৰ বিষয়ে একো নেজানে..আৰু জানিবলৈ চেষ্টাও কৰা নাই৷ হোৱাই? কিয়? এইটো কথাতে মোৰ অলপ দুখ লাগে!
কিন্তু আপোনালোকে নিবিচাৰিলে বুলিয়েই মই নক’ম নেকি? ফটাঢোল কোবোৱা মোৰ সাংবিধানিক মৌলিক অধিকাৰ৷ গতিকে মই ক’মেই ক’ম৷ আপোনালোকে পঢ়িলে পঢ়িব, নপঢ়িলে নাই৷ মোৰ কি আহে যায়? কিন্তু মই গেৰাণ্টি দি ক’ব পাৰোঁ, মোৰ আত্মজীৱনী পঢ়িলে আপনালোকৰ বুকু গৰ্বত উফন্দি উঠিব, গৰিলাৰ দৰে বুকুত চপৰিয়াই ক’ব পাৰিব, এয়া চোৱা আমাৰ ফটহু!
ফ….ট…..হু……হিপ হিপ হুৰেই!
লগতে মোৰ জৱানী.. আই মীন জীৱনী পঢ়ি …নতুন প্ৰজন্মই জীৱনৰ সঠিক পথ বিছাৰি পাব৷ গতিকে মই লিখিমেই …. হিয়েৰ আই গ’!
***

(১)

একেবাৰে আদিৰ পৰা নকওঁ, মাজৰ পৰাই আৰম্ভ কৰোঁ৷ তথাপিও ইংগিত এটা দি থওঁ, আপোনালোকৰ মাজৰ ক’লা আখৰ চিনি পোৱা কেইজনে ‘মিলাৰামৰ আত্মজীৱনী’ নিশ্চয় পঢ়িছে৷ বেজবৰুৱাই লিখিবলৈ চেষ্টা কৰিছিল, কিন্তু শেষ কৰিব নোৱাৰিলে৷ কেনেকৈ পাৰিব? এনে গৌৰৱোজ্জ্বল বংশাৱলী লিখা এলা পেচা কাম নহয়৷ তেখেতে মিলাৰামৰ দেউতাকলৈকে লিখি হাত দাঙি দিলে৷ কিয় হাত দাঙি দিলে নকওঁ, আপোনালোকে অনুমান কৰি লওক৷ লেভেলৰ কথা আছেতো৷ কিন্তু কথাটো হ’ল – সেই মহান মিলাৰামেই আমাৰ পুৰ্বপুৰুষ! মিলাৰামৰ দৈৱবংশীয় তেজ আজিও আমাৰ গাত বিৰাজমান৷ কওকচোন গৌৰৱ কৰিবলগীয়া কথা হয় নে নহয়?
মিলাৰামৰ সম্পূৰ্ণ জীৱনকথা নিলিখোঁ, লিখিবলৈ গ’লে সেইখন মহাভাৰত হ’বগৈ৷ চমুকৈ কৈ থওঁ‌- মহামতি মিলাৰাম মোৰ আজোককা৷ তেওঁৰ বিষয়ে যিমানেও কওঁ সিমানেই কথা ওলাই গৈ থাকে৷ তেওঁৰ দৰে বহল মনৰ আৰু পৰোপকাৰী মানুহ এই ধৰাত বিৰল৷ কিন্তু সকলো মহৎ লোকৰ লগত হোৱাৰ দৰে তেওঁৰ সৈতেও জীৱনে অন্যায় কৰিলে৷ খোদ ভগৱানে ঈৰ্ষাত জ্বলি পুৰি চাৰাখাৰ হৈ গ’ল৷ পদে পদে তেওঁৰ মানসিক শক্তিৰ পৰীক্ষা ল’লে৷ আৰু হাৰকিউলিছৰ দৰে মিলাৰামে সকলো পৰীক্ষাতে উত্তীৰ্ণ হ’ল- আৰু জীৱনৰ চৰম সফলতাৰ চিৰিত এদোপ দুদোপ কৈ আগুৱাই গ’ল৷
সেয়া আছিল ১৯৪৭ চনৰ আগভাগৰ কথা৷ আগতেই কৈছোঁ, মিলাৰামৰ অন্তৰ আছিল ভাদ মাহৰ ওন্দোলাই থকা কলীয়া ডাৱৰ ভৰা আকাশৰ দৰে বিশাল আৰু পেট চলা বুঢ়ী গৰুৰ গোবৰৰ দৰে কোমল৷ তেওঁৰ মৰম কেৱল মানুহৰ প্ৰতিয়েই সীমাবদ্ধ নাছিল, জীৱ জন্তু, ভঁ‌ৰালৰ গুটি ধান, গছৰ পকা তামোল আদি সকলো বস্তুকে তেও ‘কু্ক্কুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম’ বাণী সৰোগত কৰি চেনেহৰ চকুৰে চাইছিল৷ তেনে এটা দিনতে কাষৰখন গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত নতুনকৈ জগা গাখীৰতী গাই এজনী আৰু তাইৰ চেঁ‌উৰী পোৱালিটো আলৈ এথানি হৈ পৰি আছিল৷ কৃপণ গাওঁবুঢ়াই গাখীৰ খীৰাই খাইছিল ঠিকেই, কিন্তু গাইজনীক ঘাঁহ এমুঠা দিবলৈয়ো তেওঁ হুঁহোকা পিচলা কৰিছিল৷ তাকে দেখি মিলাৰাম আজোককাৰ মনে নসহিলে, ঈশ্বৰৰ সৃষ্টি অবোধ প্ৰাণীৰ ওপৰত জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ প্ৰতিৰোধ কৰোঁ বুলি তেওঁ‌ এদিন পুৱতি নিশাতে গৰুজনী পোৱালিৰে সৈতে লৈ আনি দেওবৰীয়া বজাৰত নামমাত্ৰ বৰঙনিৰ বিনিময়ত এজন উপযুক্ত পাত্ৰৰ হাতত গতাই দিলে৷ পিছে মানৱতাৰ মূল নুবুজা গাঁওবুঢ়াই কথাটো গম পাই থানাৰ দাৰোগাক মিছা অভিযোগ দিলেগৈ৷ দাৰোগাইয়ো আজোককাৰ গুণৰাশিৰ বিষয়ে নজনাকৈ নাছিল৷ গতিকে তেওঁ চিপাহী এসোপা লগত লৈ নিজে আমাৰ ঘৰলৈ আহি আজোককাক থানালৈ আদৰি নিলেহি৷ আদৰি নিয়াই নহয়, তেওঁ আমাৰ ঘৰটোৰ দুৰৱস্থা দেখি আজোককাই কষ্ট পাব বুলি এটা সুন্দৰ ৰঙা পকীঘৰত থকাৰ ব্যৱস্থা কৰি দিলে৷ তাতে ককাই সংগীসকলক ধৰ্মতত্ত্ব শিকাই কিছুদিন পাৰ কৰিলে৷
তেনেতে আহিল সেইবছৰৰ ১৫ আগষ্ট৷ হঠাতে পৰিস্থিতি সলনি হৈ গ’ল- আগতে যি পুলিচে আজোককাক নেজানি দুৰ্বব্যৱহাৰ কৰিছিলে, তেওঁলোকেই আন বহু সংগীৰ লগতে আজোককাক মুকলি কৰি দিলে৷ ৰঙাঘৰৰ বাহিৰত ক’ত কি হৈছে গম পাওঁ নৌ পাওঁতেই কোনোবাই আহি আজোককাৰ ডিঙিত ফুলৰ মালা এডাল পিন্ধাই দিলে, আৰু ককাক কান্ধত তুলি লৈ হৰ্ষোল্লাষেৰে শোভাযাত্ৰা কৰিবলৈ ধৰিলে৷ আজোককাই কথাটো বুজি নেপাই ৰঙাঘৰৰ সংগী এজনক সোধাত ক’লে বোলে ’দেশ স্বাধীন হ’ল’৷ আৰু সেয়ে ইংৰাজ চৰকাৰে অহেতুক ভাৱে বন্দী কৰি থোৱা আন্দোলনকাৰীসকলক চৰকাৰে মুকলি কৰি দিছে৷ আজোককাই তীক্ষ্ণ বুদ্ধিৰে তৎক্ষণাৎ বিশ্লেষণ কৰি ভটিয়নী সোঁতত নাও মেলি দিলে৷ অৱশ্যে ইয়াত একো দোষ নাই, আজোককা আন্দোলনকাৰী নাছিল যদিও ইংৰাজ চৰকাৰে তেওঁক অহেতুক ভাৱে ৰঙাঘৰত সুমুৱাই থোৱা কথাটো এশ শতাংশই সত্য আছিল৷
বাৰু সি যি কি নহওক, আজোককাক ৰাইজে আন এখন মিটিং পোৱালেহি৷ তাত আজোককাই আবেগিক ভাষাৰে ইংৰাজ চৰকাৰে তেওঁৰ ওপৰত কৰা অত্যাচাৰ আৰু নিজৰ দেশৰ প্ৰতি তেওঁৰ ত্যাগৰ কথা দোহাৰিলে৷ মহাত্মা গান্ধী কী জয়, ভাৰত মাতা কি জয় বুলি(নাম দুটা তেওঁ‌ ৰঙাঘৰতে শুনিছিল, কোনে কয় জ্ঞান আৰ্জনৰ বাবে পঢ়াশালিলৈ যাব লাগে বুলি৷ জ্ঞান আচলতে চাৰিওদিশে পৰি আছে, বুটলি ল’ব জানিলেই হ’ল৷ ) ধ্বনি তেওঁ যি আবেগিক কণ্ঠেৰে দিলে যে শুনোতাৰ চকুলো বৈ গ’ল৷
ইয়াৰ পাছতে আজোককাৰ জীৱনৰ চকৰি ঘূৰিল৷ তেওঁ স্বাধীনতা আন্দোলনৰ নেতা হিচাপে চিহ্নিত হ’ল৷ তাৰ দুবছৰৰ পাছত নিৰ্বাচন হ’ল – আজোককা আমাৰ অঞ্চলটোৰ পৰা দেশৰ প্ৰথমখন চৰকাৰলৈ নিৰ্বাচিত হ’ল৷ নিৰ্বাচিত হৈয়েই তেও ইংৰাজৰ ‘চামচা’ সেই গাঁওবুঢ়াজনক কঠোৰ শাস্তি দিয়ালে৷ আজোককাৰ জীৱন জয় জয় ময় ময় হৈ পৰিল৷ মিলাৰাম এমেলে বুলিলে গোটেই দেশত চিনি নোপোৱা মানুহ নাইকিয়া হ’ল৷
পিছে আজোককাৰ ভাগ্যৰ চকৰি আকৌ ঘূৰিল, নিজৰ মানুহেই শতৰু শালিলে৷ তেওঁৰ সহকৰ্মীসকলেই সেই গাঁওবুঢ়াজনৰ লগ হৈ ষড়য়ন্ত্ৰ কৰি আজোককাক গৰুচোৰ বুলি বদনাম দিলে৷ তেওঁৰ গাদীও গ’ল- টকা পইচাও শেষ হ’ল৷ সেই অপমান সহ্য কৰিব নোৱাৰি ১৯৫৫ চনৰ কাতি মাহৰ তেৰ তাৰিখে অমাৱস্যাৰ পৱিত্ৰ নিশা তেও স্বৰ্গগামী হ’ল৷
আজোককাৰ এজনেই পুতেক আছিল৷ তেওঁৰ নাম আছিল লীলাৰাম! ! !

(২)

আজোককাৰ এজনেই পুতেক আছিল৷ তেওঁৰ নাম আছিল লীলাৰাম! ! !
লীলাৰামৰ গাত দেউতাক মিলাৰামৰ ৰাজকীয় গুণ প্ৰায়বোৰেই আছিল, আনকি বহু ক্ষেত্ৰত তেওঁ দেউতাকতকৈয়ো আগৰণুৱা আছিল৷ তেওঁৰ জীৱনৰ আগছোৱাৰ কথা বৰ বিশেষ জনা নেযায়, কিছুমান প্ৰতিক্ৰিয়াশীল মানুহে তেওঁ সৰুকালতেই ঘৰ দুৱাৰলৈ পিঠি দি ভদ্ৰ সমাজত মুখ উলিয়াব নোৱাৰা কাম কিছুমান কৰি ফুৰিছিল বুলি ক’ব খোজে৷ কিন্তু এইবোৰ সকলো অপপ্ৰচাৰ৷ মোৰ মতে তেওঁ শৈশৱ আৰু যৌৱন কালটো তপস্যা কৰি জ্ঞান আৰ্জনৰ চেষ্টাতে কটাইছিল৷ নহ’লে তেওঁ কিদৰে ইমান গুনী জ্ঞানী হ’ল? আপোনালোকে নিজে ভাৱি চালেই উত্তৰ পাব৷
আজোককা মিলাৰাম এম এল এ হোৱাৰ পাছতে ককা লীলাৰাম গাৰ্হস্থ্য জীৱনলৈ ঘূৰি আহে৷ তেওঁৰ নিজৰ কোনো বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল, তেওঁ আছিল প্ৰকৃতিপ্ৰদত্ত জ্ঞানৰ অন্বেষণকাৰী৷ এম এল এ দেউতাকে তেওঁৰ অপৰিসীম প্ৰতিভাৰ উমান পাই তেওঁক ঠিকাৰ কামত লগাই দিয়ে, আৰু দ্বায়িত্বশীল পিতৃৰ তেওঁক সন্ধি বুদ্ধি কৰি কেইবাটাও ডাঙৰ ডাঙৰ কাম দিয়ে৷ তেতিয়াৰ পৰাই লীলাৰামৰ প্ৰতিভা দিনত দুগুণ আৰু ৰাতি চাৰি গুণ কৈ প্ৰকাশ পায়৷ তেওঁ যদিও অশিক্ষিত ঠিকাদাৰ আছিল, কিন্তু ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী ইঞ্জিনিয়াৰক তেওঁ বহুত অত্যাধুনিক প্ৰযুক্তিৰ কথা শিকাইছিল বুলি কথিত আছে৷ এবাল্টি চিমেণ্টত পচিশ বাল্টি বালি মিহলাই কিদৰে কেইবামহলীয়া অট্টালিকা সাজিব পাৰি, সেই প্ৰযুক্তিৰ পেটেণ্ট আজিও লীলাৰামৰ নামতে আছে৷ তদুপৰি একেগাড়ী শিলগুটিকে দিনত ৰাষ্টাত দি, ৰাতি উঠাই আকৌ আন এঠাইত দি কিদৰে ৫০ গাড়ী শিলৰ দাম উঠাব পাৰি, কলগছেৰে কিদৰে মাথাউৰি সাজিব পাৰি, এমাহতে বানপানীত উটি যোৱা কংক্ৰীটৰ দিচপ’জেবল দলং কেনেকৈ সাজিব পাৰি, একট্ৰাক কাঠৰ ৰয়েলিটি দি কিদৰে এখন সম্পূৰ্ণ জংঘল ধূলিসাৎ কৰিব পাৰি; এনে সকলো প্ৰযুক্তিৰ উদ্ভাৱক আছিল মোৰ ককা লীলাৰাম৷ আজিকালি বহুল প্ৰচলিত চিক্সটি ফৰ্টি নামৰ পৰম্পৰাও তেৱেঁই আৱিষ্কাৰ কৰিছিল৷ কিন্তু আপোনালোকৰ দৰে ’খাই পাত ফলা’ অসমীয়া ৰাইজে আজি ককাৰ অৱদানৰ কথা নেজানে, আৰু জানিলেও স্বীকাৰ কৰিব নোখোজে৷ সেইটো কথাত এই ফটহুৰ দুখ লাগিব নে নাই আপোনালোকেই কওক৷
এনে সাংঘাতিক কাৰিকৰী প্ৰতিভাৰ উপৰিও ককা লীলাৰামৰ অন্তৰ আছিল আজোককাৰ দৰেই বহল আৰু দুখীয়াৰ দুখত গলি পমি নৈ হৈ বৈ যোৱা ধৰণৰ৷ য’তেই তেওঁ কণ্ট্ৰেক্ট কৰিবলৈ গৈছিল, তাতেই দুখীয়াৰ দুখ দেখি তেওঁৰ কলিজাই কান্দি উঠিছিল৷ বিশেষকৈ সুন্দৰী মহিলা হ’লে তেওঁৰ অন্তৰৰ দুখ অতি বেছিকৈ উজাৰ খাই উঠিছিল৷ আৰু সেই দুখুনী মহিলাসকলক তেওঁ নিজৰ সুবিশাল অন্তৰত ঠাই দি তেওঁলোকৰ দুখৰ অৱসান কৰিছিল৷ তেওঁৰ গুণ দেখি হিংসাত জ্বলি পকি বহুতে তেওঁক চৰিত্ৰহীন বুলি আখ্যা দিব খুজিছিল যদিও ককা নিজৰ কৰ্তব্য পথৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিল৷ ১৫ খন লাইন বাছৰ মালিক ককাৰ কেইগৰাকী পত্নী আৰু কিমান সন্তান আছিল, সেয়া তেওঁ নিজেও নেজানিছিল বুলি বহুতে ক’ব খোজে৷ অৱশ্যে কথাটো সিমান বিশ্বাসযোগ্য নহয়, কাৰণ সেইবোৰ শত্ৰুৰ ৰটনা বুলি ককাই নিজ মুখে কৈ গৈছে৷ তাৰ এটা প্ৰমাণো আছে৷ তেওঁ আইতাক অতি মৰম কৰিছিল, কৰ্মব্যস্ততাৰ মাজত যেতিয়াই তেওঁ ঘৰলৈ আহিছিল, তেতিয়াই আইতাক নিজৰ সকলো সময় দিছিল৷ তাৰ প্ৰমাণ হ’ল তেওঁৰ এঘাৰটা সন্তান৷ বিয়াৰ তেৰ বছৰৰ ভিতৰতে এঘাৰটাকৈ সন্তান জন্ম দি ককা আইতাই যি দাম্পত্য প্ৰেমৰ উদাহৰণ সৃষ্টি কৰিছিল, সেই প্ৰেম শেষ হৈছিলগৈ পেটমোচা সন্তানটিৰ জন্মৰ সময়ত আইতাৰ মৃত্যুত৷ অসমীয়াৰ দৰে অশলাগী জাতিত জন্ম নোহোৱা হ’লে ককা আইতাৰ নাম চাহজাহান মুমতাজৰ দৰে ইতিহাসত অমৰ হৈ ৰ’লহেতেন৷
ককা আছিল এজন সফল পুৰুষ, সুবিশাল ব্যক্তিত্বৰ অধিকাৰী৷ ভগৱান শ্ৰীকৃষ্ণই যিদৰে ষোল হেজাৰ পত্নীৰ (মানে পোন্ধৰ হেজাৰ নশ নিৰান্নবৈ গৰাকী সতিনী) হাই-কাজিয়াৰ মাজতো সুন্দৰভাৱে দ্বাৰকা ৰাজ্য শাসন কৰিছিল, তেৱোঁ তেওঁৰ অলেখ পত্নী/বাকদত্তা/প্ৰেয়সীৰ জঞ্জাল মাৰিও হিচাপ নোহোৱাকৈ ধন সম্পত্তি অৰ্জন কৰিছিল৷ সেয়ে আমি সৰুকালত ৰাজকুমাৰৰ দৰে জীৱন কটাইছিলোঁ‌৷
কিন্তু এই সীমাহীন মানৱ প্ৰেমেই ককাৰ কাল হ’ল৷ ডেকা বয়সতে এক কঠিন, নাম লবলৈ লাজ লগা অসুখত ককা স্বৰ্গগামী হ’ল৷ কথাখিনি লিখোতে মোৰ চকুলো ওলাই আহিছে! ! ককা আছিল অসমীয়া জাতিৰ টাটা বিৰলা অম্বানী! তেওঁৰ পত্নীসকলে অসুবিধা নিদিয়া হ’লে আজি আপোনালোক “টাটা চাফাৰী“ত নহয়, “লীলাৰাম লেণ্ড ক্ৰু’জাৰ“ত উঠি ফুৰিলেহেঁতেন৷ ’ৰিলায়েন্স জিঅ’ ফ্ৰী ইণ্টাৰনেট ব্যৱহাৰ নকৰি ’মিলাৰাম আনলিমিটেড’ নেটৱৰ্কৰ সুবিধা পালেহেঁতেন৷
কিন্তু যি হ’ল হ’ল, সেয়া নিয়তিৰ বিধান আছিল৷ আজি দুখ কৰি কি লাভ? ককাৰ জীৱন সফল আছিল! কাৰণ তেওঁ এই মানৱ জাতিৰ কল্যাণৰ বাবে থৈ গৈছিল, তেওঁৰ নুমলীয়া সন্তান ফটিকেশ্বৰক! !
মোৰ দেউতা ফটিকেশ্বৰ, স্বনামধন্য দাৰ্শনিক আৰু মানৱদৰদী সমাজসেৱক! জাতি আৰু বংশৰ গৌৰৱ ফটিকেশ্বৰ!

(৩)

অপৰম্পাৰ ধন সম্পত্তি আৰু ৰাজনৈতিক ক্ষমতাধাৰী এটা পৰিয়ালত জন্ম হৈয়ো মোৰ দেউতা ফটিক আছিল আন সকলোতকৈ পৃথক৷ তেওঁৰ জন্মতেই নিজ মাতৃৰ মৃত্যুৰ হোৱাৰ বাবে তেওঁক সকলোৱে ’কুফা’ বা অমংগলীয়া বুলি ইতিকিং কৰিছিল যদিও, তেওঁৰ গাত কোনো দোষ নাছিল৷ অবোধ শিশু দেউতাই নো কি জানিছিল? কিন্তু নিজে নকৰা এক দোষৰ বাবে তেও সদায়েই সমাজৰ অৱহেলাৰ বলি হৈছিল৷ কিন্তু এই অৱহেলা আৰু ইতিকিঙে দেউতাৰ একো ক্ষতি কৰিব নোৱাৰিলে, বৰঞ্চ, তেওঁ হৈ পৰিল আধ্যাত্মিক শক্তিধাৰী প্ৰবাদপুৰুষ, সমাজক এক নতুন জীৱনপথ দেখুওৱা মহৎ লোক, চুটিকৈ কবলৈ গ’লে, মহাপুৰুষ৷
সৰুৰে পৰাই দেউতাৰ এই ধন সম্পত্তি, প্ৰতিপত্তি, সাংসাৰিক মায়ামোহ আদিৰ প্ৰতি কোনো আসক্তি নাছিল৷ দেউতাক ককা লীলাৰামে জোৰকৈ পাঠশালাত নাম লগাই দিছিল যদিও, ইংৰাজে শিকাই যোৱা এই তথাকথিত শিক্ষা ব্যৱস্থাৰ কেৰোণবোৰ তেওঁ সৰু কালতেই বুজি উঠিছিল৷ ভোগবাদী আধুনিক শিক্ষাক নস্যাৎ কৰি দেউতাই সন্ধান কৰিছিল আধ্যাত্মিক জ্ঞানৰ, যি জ্ঞান চকুৰ আগত পৰি আছিল, কিন্তু বিচাৰি বুটলি লওতা কোনো নাছিল৷ চতুৰ্থ মান শ্ৰেণীতে তেওঁ এৰাবাৰীৰ মাজত থকা এটা মন্দিৰত এজন সাধুবাবাক লগ পায়, আৰু সেই সাধুবাবাৰ দিক দৰ্শণত মহাদেৱৰ প্ৰসাদৰ সোৱাদ লয়৷ সেয়েই আৰম্ভণি, তাৰ পাছত দোপত দোপে জ্ঞানাৰ্জন কৰি দেউতাই বাদছাহ খানৰ দয়াত কানি আৰু শেষত দেৱভোগ্য সোমৰসত নিজকে সমৰ্পন কৰে৷ এই দেৱভোগ্য খাদ্যবোৰৰ প্ৰভাৱত সৰু কালৰ পৰাই দেউতাই এক অধিবাস্তৱিক মানসিক স্থিতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিল৷ তেওঁৰ চকু দুটা সদায় দেৱতাৰ দৰে উজ্জ্বল ৰঙা হৈ থাকিছিল৷
পুৱাৰ পৰাই পেটত পৰি থকা সোমৰসে দেউতাক সাধাৰণ মানুহৰ শাৰীৰ পৰা এক বিদগ্ধ দাৰ্শনিক মণিষীৰ স্তৰলৈ উন্নীত কৰিছিল৷ তেওঁৰ চিন্তা চৰ্চা সদায় সাধাৰণ মানুহতকৈ বিশ বছৰ আগুৱাই বা পিছুৱাই আছিল৷ ১৯৮৯ চনতে তেওঁ আমাৰ ঘৰৰ পিচ চোতালত বহি মানুহে মংগল গ্ৰহলৈ গৈ বসতি স্থাপন কৰাৰ পৰিকল্পনা কৰিছিল৷ বাৰিষা ঘৰৰ ফুটা চালেৰে পৰা বৰষুণৰ পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ আঁচনি তৈয়াৰ কৰিছিল৷ অশ্লীল চিনেমা বনাই দেশখন ধ্বংস কৰাৰ বাবে ৰাজ কাপুৰক দিনে ৰাতিয়ে গালি পাৰিছিল! ব্ৰহ্মপুত্ৰ নদীক উত্তৰলৈ বোৱাই নি বদমাছ চীনা বিলাকক বানপানীত ডুবাই মাৰিব খুজিছিল৷ গীতাৰ ভুল বিলাক শুধৰাই আকৌ নিজাকৈ লিখিছিল৷ ৰজাৰ বিষয় খোৱা বংশৰ মানুহ হৈয়ো দেউতাৰ কোনো অহংকাৰ নাছিল৷ ৰাতি য’তে টোপনি ধৰে তাতেই শুই থাকিছিল, খোৱা বোৱাত কোনো বাচ বিচাৰ নকৰিছিল, কাপোৰ কানিৰ কোনো বিলাসীতা নকৰিছিল আৰু আমাকো কৰিবলৈ নিদিছিল, ইমানেই সাম্যাবাদী ধাৰণাৰ মানুহ আছিল তেওঁ৷ তেওঁ বিয়াৰ পাছত মাক কপাহী কাপোৰ এজোৰো দি পোৱা নাই বুলি মায়ে কেতিয়াবা আপত্তি কৰিলে, বা আমি খাবলৈ নাই পোৱা বুলি কন্দা কটা কৰিলে, তেওঁ‌ কঠোৰ হাতেৰে এনে বিদ্ৰোহ দমন কৰিছিল৷ মায়ে প্ৰায় সদায়েই তেনে ভুল কৰাৰ বাবে মাৰ পিঠিখন ঔবখলীয়া ধৰণৰ হৈ পৰিছিল৷
আচলতে দেউতা এই সোমৰসত ব্ৰতী হোৱাৰ আঁৰতো এক মহৎ কাৰণ আছে৷ সেই সময়ত সমগ্ৰ ভাৰত জুৰি সুৰা নিবাৰণৰ ঢৌ উঠিছিল৷ প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইৰ নেতৃত্বত এক সুৰা বিৰোধী আন্দোলনে গা কৰি উঠিছিল৷ সুৰাৰ অপকাৰিতা সম্পৰ্কে সৰুৰে পৰা সোমৰস পান কৰি অভ্যস্ত হোৱা দেউতাতকৈ কোনেও ভালকৈ নেজানিছিল বুলি কমন চেন্সৰ পৰাই ক’ব পাৰি৷ দেশৰ নতুন প্ৰজন্মক যে সুৰাই শেষ কৰি দিব, সেয়া দেউতাই নিজৰ অভিজ্ঞতাৰ পৰাই বুজিছিল৷ গতিকে সমগ্ৰ অঞ্চলটোত যিমান সুৰা আছে সকলো নিজেই খাই শেষ কৰি নতুন প্ৰজন্মক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ দেউতা বদ্ধ পৰিকৰ হৈ পৰিছিল৷ দিনে নিশাই তেওঁ দেশী বিদেশী সুৰা পোৱা স্থানবোৰত থাকি সেই সুৰা খাই শেষ কৰিবলৈ যত্ন কৰিছিল৷ তাৰ বাবে তেও২ দেউতাকে দি যোৱা অপাৰ ধন-সম্পত্তি ব্যয় কৰিবলৈয়ো পিছ হুঁহোকা নাছিল৷
কিন্তু সুৰা সুৰাই, ই মানুহৰ হৃদয়ক জোখতকৈ বেছি বহল আৰু উদাৰ কৰি তোলে৷ এই সুৰা নিবাৰণৰ বাবেই দেউতাই ককাই ঘটি যোৱা ধন সম্পত্তি তিল তিলকৈ নিঃশেষ কৰি পেলাব লগা হৈছিল৷ কথিত আছে, মহান হৃদয়ৰ দেউতাই কেতিয়াবা মাজনিশা কেৱল এবটল সুৰাৰ বাবেই এপুৰা মাটি আনৰ নামত লিখি দিছিল৷ ইমানেই আছিল দেউতাৰ সুৰা নিবাৰণৰ প্ৰতি কমিটমেণ্ট৷
কিন্তু দেউতাৰ বাকী দহজন ককায়েক বায়েক আছিল নিতান্তই স্বাৰ্থপৰ আৰু হিংসাকুৰীয়া৷ তেওঁলোকে দেউতাৰ উদাৰ স্বভাৱ আৰু দেশসেৱাৰ মনোভাৱক বক্ৰ দৃষ্টিৰে চাইছিল, তেওঁলোক আছিল নিতান্তই নীচ মনোবৃত্তিৰ ধন-সম্পত্তি সৰ্বস্ব লোক৷ দেউতাৰ স্বভাৱক ধোঁৱাখুলীয়া মদাহী বুলি বদনাম দি তেওঁলোকে সম্পত্তি ভাগ কৰি দেউতাক অকলশৰীয়াকৈ এৰি দিছিল৷ দেউতাই কিন্তু সেই নিম্নস্তৰৰ লোকসকলক উপেক্ষা কৰি নিজৰ কৰ্মত লাগি থাকিছিল৷ তেওঁ বিবাহ কৰিছিল যদিও নিজৰ পৰিয়াল সন্তানতকৈ তেওঁ সামাজিক কৰ্মক সদায় আগস্থান দিছিল৷ তেওঁৰ এই বদান্যতাৰ বাবে শেষত এনে অৱস্থা হৈছিলগৈ যে আমি পেট ভৰাই এসাজো খাবলৈ নোপোৱা হৈছিলোগৈ৷
কিন্তু নিয়তি সদায় নিষ্ঠুৰ, যি সুৰা শেষ কৰি দিবলৈ দেউতাই দিনে ৰাতিয়ে সুৰাপান কৰিছিল, সেই সুৰাই নিজৰ প্ৰতিশোধ সাব্যস্ত কৰি দেউতাৰ প্ৰাণ ল’লে৷ ডেকা বয়সতে আমাক নিঠৰুৱা কৰি লিভাৰ চিৰ’চিচ হৈ দেউতা স্বৰ্গগামী হ’ল৷
দেউতাৰ পদাংক অনুসৰণ কৰি এই দেশ জাতিক উদ্ধাৰ কৰিবলৈ থাকি গ’লো আমি তিনিটা সন্তান, দাদা, বাইদেউ আৰু মই৷ দুখৰ কথা আমাৰ মায়ে দেউতাৰ মহৎ স্বভাৱক স্বীকৃতি নিদিছিল৷ ধনীঘৰৰ ছোৱালী হৈয়ো কদৰ্পকহীণ ঘৰখনত আমি তিনিটাক দুসাজ খুৱাবলৈ মায়ে আনৰ ঘৰত দিন ৰাতি কাম কৰিছিল৷ ত্যাগৰ মহিমাৰ কথা তেওঁ নুবুজিছিল, আৰু দেউতাক সদায় আমাৰ দুৰৱস্থাৰ বাবে দায়ী কৰিছিল৷ কিন্তু আমি বুজিছিলোঁ৷ দেউতাক নিজৰ কাম কৰিবলৈ এৰি দি আমি ভোক ভোক বুলি মাক সদায় আপত্তি কৰিছিলোঁ৷ মায়ে আমাক ন মাহ পেটত লৈ জন্ম দিছে গতিকে আমাক খুওৱা পিন্ধোৱা কেৱল মাৰ দ্বায়িত্ব বুলি আমি তেতিয়াই বুজিব পাৰিছিলোঁ৷ কিন্তু মা আছিল অবুজন বংশৰ মানুহ, গতিেক তেওঁ অতি সোনকালেই আমাক এৰি আঁতৰি গৈছিল৷
কিন্তু আমি হেৰাই নগ’লো, সংসাৰ নামৰ এই ৰণক্ষেত্ৰত হাৰ নেমানি এদিন আমি ডাঙৰ হ’লো, নিজৰ ভৰিত থিয় দিব পৰা হ’লো৷

(৪)

দেউতাৰ পাছত মোৰ ডাঙৰ ককাইদেউ, ফটিকেশ্বৰৰ জ্যেষ্ঠ সন্তান, ভিকহুৱে আমাৰ বংশৰ গৌৰৱ ধ্বজ্জ্বা নিজৰ সবল কান্ধত তুলি লৈছিল৷ পুথাও পুলিনৰ পৰম্পৰা ৰক্ষা কৰি ককাইদেৱে দেশ জাতিৰ কাৰণে নিজৰ মন প্ৰাণ উৎসৰ্গিত কৰিছিল৷ তেওঁ আছিল অসমৰ প্ৰথম ব্যৱসায় ভিত্তিক মানে প্ৰফেচনেল দেশপ্ৰেমিক৷ তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ’বৃহত্তৰ’ শব্দৰে আৰম্ভ হোৱা কিছুমান সংগঠনৰ যোগেৰে৷ ’বৃহত্তৰ বিৰুবাৰী’, ’বৃহত্তৰ আগীয়া’ আদি নামৰ সংগঠনবোৰে পতা এনে কোনো বিহু বা পূজা নাছিল য’ত ককাইদেউ ধনভঁৰালী বা সাংস্কৃতিক সম্পাদক নাছিল৷ চান্দা তোলাৰ অতুলনীয় দক্ষতাৰ বাবে ককাইদেউ নহ’লে এই সংগঠনবোৰ চলিব নোৱাৰিছিল৷ সোনকালেই ককাইদেউৰ এনে প্ৰতিভা ৰাইজৰ চকুত পৰে আৰু তেওঁ ’বৃহত্তৰ’ৰ পৰা ’সদৌ’ শব্দৰে আৰম্ভ হোৱা সন্থা বা পৰিষদ বোৰৰ এৰাব নোৱাৰা সদস্য হৈ পৰে৷
ককাইদেউ আছিল দুৰ্ঘোৰ জাতীয়তাবাদী মানুহ৷ বিদেশৰ পৰা আহি অসমৰ সম্পদ লুণ্ঠন কৰা বণিকগোষ্ঠীৰ পৰা তেওঁলোকৰ সম্পদ ৰিভাৰ্চ লুণ্ঠন কৰাবলৈ ককাইদেৱে কেতিয়াও পিচ হুঁহোকা নাছিল৷ বিহু, পূজাৰ চান্দাৰে বলে নোৱাৰিলে তেওঁ ’বৈপ্লৱিক অভিনন্দন’ লিখা চিঠিও ব্যৱহাৰ কৰিছিল৷ এইদৰেই অসীম কষ্ট আৰু ধৈৰ্যৰে তেওঁ আমাৰ ঘৰখনলৈ ৰস পম ঘূৰাই আনিবলৈ সক্ষম হৈছিল, লগতে ৰাইজৰো সেৱা কৰি গৈছিল৷ আমাৰ ঘৰলৈ গাড়ী আহিছিল, নিজে অফিচিয়েল বেকাৰ হৈয়ো ককাইদেৱে চৰকাৰী চাকৰি দিব পৰা হৈছিল৷ তিনিতোলা সোণৰ চেইন পিন্ধি ককাইদেউ যেতিয়া ৰাষ্টাৰে গৈছিল, তেতিয়া বাটৰুৱা ভয়তে পলাই ফাঁট মাৰিছিল৷ ককাইদেউৰ ওলোমা পেট আৰু কোৱাৰিয়েদি বৈ থকা পানৰ পিকে তেওৰ ৰূপত জেউতি চৰাইছিল৷
ককাইদেউৰ অসংখ্য বাকদত্তা আছিল যদিও তেওঁ দেশ সেৱাৰ পণ লৈ কেতিয়াও বিয়া নেপাতোঁ বুলি মনস্থিৰ কৰিছিল৷ তেওঁৰ শত্ৰুবিলাকে অৱশ্যে বিয়া পতাৰ কোনো দৰকাৰেই নাই বুলি তেওঁক বদনাম কৰিবলৈ চেষ্টা নকৰা নহয়৷ নিস্বাৰ্থ ভাৱে সমাজৰ কাম কৰা মানুহে সিমানখিনি সহ্য কৰিবই লগা হয়৷
ককাইদেৱে নিজে দেশৰ ৰাইজৰ বাবে কাম কৰাই নহয়, তেওঁৰ দৰে আন দেশ প্ৰেমিক সকলকো সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল৷ লাষ্ট গে’টত ধৰ্ণা দিয়াৰ পৰা আৰম্ভ কৰি গণেশগুৰি ফ্লাইঅ’ভাৰৰ তলত ব’ম ফিট কৰালৈকে সকলোধৰণৰ মেনপাৱাৰ চাপ্লাই চাৰ্ভিচ ককাইদেৱে প্ৰভাইড কৰিছিল৷ তাৰ বিনিময়ত ককাইদেৱে মাথো নামমাত্ৰ বৰঙনি লৈছিল৷ মুঠতে এনে এটা সময় আছিল যে ককাইদেউৰ সহায় নহ’লে কোনো অভাৰগ্ৰাউণ্ড বা আণ্ডাৰগ্ৰাউণ্ড সংগঠনে গুৱাহাটী মহানগৰীত খোজ এটাও দিব নোৱাৰিছিল৷ প্ৰফেচনেল দেশপ্ৰেমেৰে জীৱিকা নিৰ্বাহ কৰিব খোজাসকলৰ বাবে ককাইদেউ আছিল আদৰ্শস্বৰূপ৷
পিছে আমাৰ সেইকণ সুখো ভগৱানে নসহিলে, এদিন অসম দেশৰ পৰা লুণ্ঠন কৰা ধন কাঢ়ি আনিবলৈ যাওঁতে ককাইদেউক শোষণযন্ত্ৰৰ ভেৰোণীয়া পুলিচে আটক কৰিলে আৰু থানাত ইমানেই অত্যাচাৰ কৰিলে যে, ককাইদেউ বিছনাৰ পৰা উঠিব নোৱাৰা হ’ল৷ আৰু এদিন আমাক নিঠৰুৱা কৰি ককাইদেৱে ইহলীলা সম্বৰণ কৰিলে৷
ককাইদেউৰ মৃত্যুৰ পাছত আমি দুটা থাকি গ’লো, মই আৰু মোৰ বাইদেউ তিলোত্তমা৷ মোৰ বাইদেউ কেৱল নামতেই নহয়, ৰূপে গুণে তিলোত্তমা আছিল৷ সৰুৰে পৰা তেওঁৰ ৰূপ গুণৰ জেউতিৰ কথা চাৰিওফালে বিয়পি পৰিছিল৷ ইয়াৰ প্ৰমাণ স্বৰূপে ক’ব পাৰি অষ্টম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে বাইদেউৰ মুঠ ৬৭ জন প্ৰেমিক আছিল৷ তেওঁ ইমানেই প্ৰতিভাৱান আছিল যে আনকি অৱশ্যে মা -সৰস্বতীয়েও বাইদেউক কোনো দিনে বশ কৰিব পৰা নাছিল৷
আমাৰ বংশৰ সকলোৰে দৰে বাইদেউও আছিল পৰৰ দুখত কান্দিব জনা মানুহ৷ তেওঁ একাদশ শ্ৰেণীত পঢ়ি থাকোতেই আমাৰ ঘৰৰ সন্মুখৰ ৰাষ্টাটো সাজিবলৈ এজন কণ্ট্ৰেক্ট’ৰ আহিছিল৷ আদবয়সীয়া কণ্ট্ৰেক্ট’ৰজন বেহিচাপ ধনী আছিল যদিও তেওঁৰ জীৱন আছিল দুখেৰে ভৰা৷ তেওঁৰ পত্নী আৰু তিনিটা সন্তানৰ পৰা তেওঁ‌ কেতিয়াও মৰম চেনেহ আৰু সন্মান পোৱা নাছিল৷ তেওঁক লগ পোৱাৰ দুদিনতে বাইদেৱে তেওঁৰ মনৰ দুখৰ কথা গম পালে আৰু বাইদেউৰ দৰদী হৃদয় গলি পানী পানী হৈ গ’ল৷ তাৰে কিছুদিনৰ পিছতে কণ্ট্ৰেক্ট’ৰজনৰ পত্নীৰ আচৰতি ধৰণে মৃত্যু হ’ল৷ সেই বেয়া মানুহজনীৰ কৱলৰ পৰা মুক্তি পাই তেখেতে লগে লগে বাইদেউক নিজৰ জীৱন আৰু গৃহলৈ আঁদৰি নিলে৷ বাইদেৱেও নিজৰ স্বাৰ্থ পাহৰি সেই ভাঙিবলৈ ধৰা পৰিয়ালটোৰ ধৰণী ধৰিলে৷ পোন প্ৰথমতেই তেওঁ তেখেতৰ ল’ৰা-ছোৱালী কেইটাৰ স্বভাৱ চৰিত্ৰ শুধৰাবলৈ সিহঁতক ঘৰৰ পৰা বাহিৰ কৰি দিলে৷ কাৰণ তেওঁ জানিছিল, তেওঁৰ স্বামীৰ অপৰম্পাৰ ধন সম্পদে ল’ৰা ছোৱালী কেইটাক বিপথে নিব পাৰে৷ তেওঁলোকে অভাৱ কি বস্তু বুজি নেপালে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে৷ ল’ৰা-ছোৱালী কেইটাক নিষ্ঠুৰ সংসাৰৰ লগত মুখামুখি কৰাৰ ইমান মহান উদ্দেশ্যৰে কৰা কামটো কিন্তু সমাজে কেতিয়াও ভাল ভাবে নল’লে৷ আমাৰ পৰিয়ালক কেতিয়াও কোনেও বুজিবলৈ চেষ্টা নকৰিলে৷
বাৰু যি কি নহওক, ইমান দ্বায়িত্বৰ মাজতো বাইদেৱে কিন্তু আমাৰ ঘৰখনৰ কথা পাহৰি যোৱা নাছিল৷ তেওঁ আমাৰ ঘৰখনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে ঠিকাদাৰৰ আলমাৰিৰ পৰা নানান মূল্যৱান বস্তু মাহেকে পষেকে ঘৰলৈ পঠাই আছিল৷ সেই কেইবছৰ আমিও ঘৰ চলাবলৈ একো চিন্তা কৰিব লগা হোৱা নাছিল৷
পিছে সকলো দিন সমানে নেযায়৷ কিছুবছৰ পাছত ঠিকাদাৰ কু-সংগত পৰিল৷ শত্ৰুৰ চলাহী কথাত ভোল গৈ তেওঁ নিজৰ ল’ৰা-ছোৱালী কেইটাক ঘৰলৈ ঘূৰাই আনিলে৷ আৰু যি বাইদেৱে তেওৰ পৰিয়ালৰ বাবে নিজৰ সকলো ত্যাগ কৰিছিল সেই বাইদেউক নানান অপমান কৰি আকৌ আমাৰ ঘৰলৈ ঘূৰাই পঠালে৷ অৱশ্যে বাইদেউ পৰিমৰা ধৰণৰ ব্যক্তি নাছিল৷ ঠিকাদাৰৰ ঘৰৰ পৰা অহাৰ সময়ত তেওঁ‌ আদালতৰ সহায়ত ইমানেই ধন সম্পত্তি লৈ আহিলে যে আমাৰ অহা তিনি পুৰুষলৈ থকা খোৱাৰ চিন্তা কৰিব নেলাগে৷ নিজৰ পৰিয়ালৰ প্ৰতি ইমান কৰ্তব্য পৰায়ণতাৰ পৰিচয় দিয়া নাৰী সমাজত বিৰল৷
কিন্তু দূখৰ কথা যে পৰৰ উপকাৰৰ কথা চিন্তা কৰোঁতে কৰোঁতে বাইদেউৰ লাহে লাহে মূৰৰ বিকৃতি ঘটিল৷ ভায়েক হিচাপে তেওঁৰ প্ৰতি মোৰ দ্বায়িত্বৰ প্ৰতি মই সদায় সচেতন আছিলো৷ গতিকে মই তেওঁক উন্নত চিকিৎসাৰ বাবে মানসিক চিকিৎসালয়ত ভৰ্তি কৰি দিলোঁ‌, আৰু তেওঁৰ ধন সম্পত্তিখিনি চোৱা চিতা কৰাৰ দ্বায়িত্ব কান্ধ পাতি ল’লোঁ৷ ব্যস্ততাৰ বাবে মই যোৱা পাঁচ বছৰে বাইদেউৰ খবৰ খাতি কৰিব পৰা নাই যদিও, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু সন্মান সদায় অটুত আছে আৰু ভৱিষ্যতেও থাকিব৷
তাৰ পাছত কোন? আৰে ময়েই দেখোন! ! ৰাইট! ! ফটাঢুলীয়া বংশৰ ভোটাতৰা, সৰ্বগুণেৰে পৰিপূৰ্ণ, বিৰল ব্যক্তিত্বৰ অধিকাৰী, হেণ্ডচাম হাংক……….. মই! ! য়েচ.. ফটহু! ! দা বেষ্ট, দা ফেণ্টাষ্টিক! ! দা ফেণ্টা ফেবুলাচ! ! কলিৰ কৃষ্ণ! ! লেডী কিলাৰ! !
মোক দেখোন কোনেও কোনো ফালে পেলাব নোৱাৰে! চেহেৰা, স্মাৰ্টনেছ, জ্ঞান, বুধি, ধন-সম্পত্তি, বংশ গৰিমা, …………… কিন্তু নাই নাই৷ নিলিখোঁ‌ মই! ! অহংকাৰ কৰা হ’ব৷ আৰু অহংকাৰেই পতনৰ মূল৷ মই মোৰ পতন হবলৈ দিব নোৱাৰো৷ না না… ইয়াতকৈ আগলৈ আৰু মই নিলিখোঁ৷ দৰকাৰ হ’লে আনক পইচা দি লিখাম৷ কিন্তু নিজে অহংকাৰৰ পাপ নকৰোঁ৷ আৰু এবাৰ যেতিয়া মই কমিটমেণ্ট কৰি লওঁ, তাৰ পাছত…………..
সমাপ্ত

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *