ফটাঢোল

উৰাবাতৰি – বিকাশ শইকীয়া

আকাশবাণী কেন্দ্ৰ, ফটা-ঢোল৷

-৩৩১.১ মিটাৰত এইয়া উৰা বাতৰি পঢ়িছোঁ যোগ-বিয়োগ শইকীয়াই৷

আজিৰ প্ৰধান বাতৰি সমূহ হ’ল…

>>>>

কালি ৰাতি জিলাৰ প্ৰধান অগ্নি নিবাৰ্পক বাহিনীৰ কাৰ্য্যালয়ৰ চৌহদত অগ্নি সংযোগ হৈ কেইবাখনো অগ্নিনিৰ্বাপক যান জুইত জাহ যায়৷ মাজৰাতি ফেইচবুক কৰি থকা স্থানীয় লোকে জুই দেখি হুৱা-দুৱা লগাই৷ লগে লগে বহু লোকৰ সমাগম হয় আৰু বহু চেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়৷ কিছুসংখ্যকে জুইৰ লগত চেল্ফী তুলি লগে লগে ফেইচবুকত আপল’ড কৰে৷ অগ্নি নিৰ্বাপক বাহিনীৰ মু্খ্য সচিবে ঘৰত ফেইচবুক কৰি থাকোঁতে ফেইচবুকৰ জৰিয়তে ঘটনাৰ খবৰ পায় আৰু লগে লগে চৰকাৰী ঘোঁৰাত উঠি “জেড প্লাছ চিকিউৰিতি“ লৈ অৰ্থাৎ ৰাম কুকুৰ, চাইমুৱা কুকুৰ, ক’লীকুকুৰ আদি সহ ঘটনাস্থলীত উপস্থিত হয়৷ ৰাইজৰ ৰোষত পৰাৰ ভয়ত সুৰক্ষা লৈ অহা সচিবজনে কাৰ্যালয়ৰ ভিতৰত সিংহপুৰুষৰ দৰে প্ৰবেশ কৰি সেই সময়ত কৰ্মৰত থকা কৰ্মচাৰী কোন আছিল বিচাৰ কৰিবলৈ আৰম্ভ কৰে৷ এনেতে ভিতৰৰ পৰা “পি পু ও শু“ শব্দ শুনিবলৈ পায়৷ কেনেকৈ অগ্নি সংযোগ হ’ল জানিবলৈ তেওঁ কৰ্মচাৰীসকলক সোধ-পোছ কৰে যদিও এই পৰ্যন্ত জানিব পৰা হোৱা নাই৷

সোঁ পন্থী দলে বাওঁ পন্থী দলৰ চক্ৰান্ত বুলি অভিহিত কৰিছে আৰু বাওঁ পন্থী দল সমূহে ব্যৰ্থ চৰকাৰৰ শ্ল’গান অব্যাহত ৰাখিছে৷ আনহাতে চৰকাৰে ঘটনাৰ তদন্তৰ বাবে এখন তদন্তকাৰী সমিতি গঠন কৰিছে৷ তদন্তকাৰী সমিতিয়ে অনিৰ্দিষ্ট কাললৈ তদন্ত অব্যাহত ৰাখিব বুলি ফটা বিজ্ঞপ্তিৰ যোগে জানবলৈ দিয়ে৷

>>>>

বাণিজ্যৰ বাতৰি:-
শাৰদীয় দূৰ্গা পূজাৰ প্ৰাকক্ষণৰে পৰা দেশীয় সুৰা আৰু বিদেশী সুৰাৰ বিক্ৰী সৰ্বাধিক বুলি জানিব পৰা গৈছে৷ অধিক ৰাজহ আদায় কৰি বন্ধপ্ৰদেশ চৰকাৰে সুৰাৰ বেপাৰীক প্ৰশংসা কৰে আৰু ভৱিষ্যতেও তেওঁলোকে অধিক ৰাজহ আদায় দিব বুলি আশা প্ৰকাশ কৰে৷ আগন্তুক দিনত ইয়াৰ চাহিদা আৰু বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ সুৰাৰ দোকানৰ সন্মুখত বুট, মটৰৰ দোকান দি নিবনুৱাসকল স্বাৱলম্বী হোৱাৰ সম্ভাৱনা আছে বুলি অৰ্থনীতিবিদ সকলে মত প্ৰকাশ কৰিছে৷

>>>>

খেলৰ বাতৰি:-
সদৌ বন্ধ প্ৰদেশ ভিত্তিত “ধীনদয়াল উপাধ্যায়“ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা আয়োজন কৰা বাতৰি আমালৈ আহিছে৷ বুৰঞ্জীবিদ, ৰাজনৈতিকবিদ আদি লোকে এই তৰ্ক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব৷ কোনো কোনো ঠাইত প্ৰতিযোগীয়ে শাৰীৰিক শক্তি প্ৰয়োগ কৰা সম্ভাৱনাও আছে৷ ফেইচবুকত প্ৰতিযোগিতাখনিৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব বুলিও জানিব পৰা গৈছে৷

“স্বৰচিত বৰগীত“ প্ৰতিযোগিতাৰ এতিয়াও সামৰণি হোৱা নাই বুলি আজি আহ্বায়ক সমিতিয়ে জানিবলৈ দিছে৷

>>>>

বতৰৰ বাতৰি:-
“বিকেন্দ্ৰীয় বতৰ বিজ্ঞান লিমিটেডৰ“ সকলো বিষয়া পূজা শ্বপিংত ব্যস্ত থকাৰ বাবে বতৰৰ অগজাননীৰ পৰিৱৰ্তে পিছৰ জাননী দিয়া হ’ব বুলি জানিবলৈ দিছে৷ গতিকে ৰ’দ বা বৰষুণ কিবা এটা হ’ব বুলি ধৰি লৈ ৰাজ্যৰ প্ৰধান কৰ্মসমূহ যেনে – পেট পূজা, সমালোচনা, প্ৰতিবাদ, পথবন্ধ আদি সকলোবোৰ কাম কৰি যাবলৈ ৱাটছএপৰ যোগেদি আহ্বান জনাইছে৷ লগতে অতি বেছি দৰকাৰ হ’লে গুগুল কৰিব পাৰিব বুলি তেওঁলোকে বিনামূলীয়া পৰামৰ্শ আগবঢ়াই৷

আজিৰ বাতৰি ইমানতে শেষ হ’ল৷ পৰৱৰ্তী বাতৰি মন গ’লে প্ৰচাৰ কৰা হ’ব৷ নমস্কাৰ৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *