ফটাঢোল

আকস্মিক বক্তৃতা চামুচ – বিকাশ শইকীয়া

আজি সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু শিক্ষা গুৰু সকল৷ জয়জয়তে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা ও সেৱা জ্ঞাপন কৰি আজিৰ আকস্মিক বক্তৃতাৰ মোৰ বিষয়টোৰ ওপৰত একাষাৰ ক’বলৈ ওলাইছোঁ৷
ভুল-ভ্ৰান্তি হ’লে গালি নিদিয়ে যেন৷ কিন্তু জোতা-চেন্দেল দিব পাৰে৷ দোকান দিব নোৱাৰিলেও নিজে পিন্ধিব পাৰিম৷ নাইবা দান দিম৷

মোৰ বিষয়টো হ’ল চামুচ৷ চামুচ এবিধ ঘৰচীয়া সামগ্ৰী৷ হেতাৰ পোনা অৰ্থাৎ বাচ্চাবোৰকে চামুচ বুলি কোৱা হয়৷ ইয়াৰ কেইবাটাও প্ৰজাতি দেখিবলৈ পোৱা যায়৷ যেনে – কাঠৰ চামুচ, বাঁহৰ চামুচ, ষ্টীলৰ চামুচ, প্লাষ্টিকৰ চামুচ, কাটা চামুচ আৰু সোণৰ/ৰূপৰ চামুচ৷

কাঠৰ আৰু বাঁহৰ চামুচ৷ এই দুই প্ৰজাতিৰ চামুচ বৰ্তমান বিলুপ্তিৰ পথত যদিও কেতিয়াবা কেতিয়াবা ফুট-পাথৰ ষ্ট্ৰীট ফুডৰ দোকান আৰু পিকনিক আদিত দেখিবলৈ পোৱা যায়৷

ষ্টীলৰ চামুচ সাধৰণতে সকলো বয়সৰ লোকে ব্যৱহাৰ কৰে৷ গতিকে এই প্ৰজাতিৰ চামুচৰ ভেমটো অলপ বেছি৷ লগতে অত্যন্ত গৌতম গম্ভীৰ স্বভাৱৰ (ক্ষমা কৰিব গুৰু গম্ভীৰ স্বভাৱৰ) হয়৷ ইয়াক ধুই বাৰে বাৰে ব্যৱহাৰ কৰা হয় যদিও হোটেলবোৰত প্ৰায়ে এবাৰ ধুই এশজন মান লোকে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ কেতিয়াবা ইয়াক পিছফালে টিকাত মোহাৰ এটা মাৰি ব্যৱহাৰ উপযোগী কৰি তোলা হয়৷ এই চামুচ তৈয়াৰ কৰা ফেক্টৰীবোৰ চীন দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক৷ অন্যহাতে “মেড্ ইন ইণ্ডিয়া“ মোহৰ থকা এই প্ৰজাতিৰ চামুচ ভাৰত তথা বিশ্বতে সৰ্বাধিক বুলি জানিব পৰা গৈছে৷

প্লাষ্টিকৰ চামুচ৷ এই বিধ চামুচ চেলিব্ৰেটিৰ দৰে৷ হিন্দী চিনেমাৰ নায়িকাৰ দৰে সুন্দৰ এটা সস্তীয়া দেহ আছে৷ লগতে বিভিন্ন ৰাজহুৱা স্থানতহে ইয়াক দেখিবলৈ পোৱা যায়৷ গতিকে , বৰ্তমান ইয়াক চেলিব্ৰেটি প্ৰজাতিৰ চামুচ বোলা হয়৷ তদুপৰি হিন্দী চিনেমাৰ নায়িকাৰ লগত ইয়াৰ আন এটা সাদৃশ্য আছে৷ চিনেমা শেষ হ’লে বা যৌৱন শেষ হ’লে নায়িকা বেলেগ কামৰ বাব উপযোগী হৈ নাথাকে৷ ঠিক তেনেদৰে খোৱা শেষ হ’লে এই বিধ চামুচৰ দৰকাৰ শেষ হয় আৰু পেলাই দিয়া হয়৷ নায়িকাৰ যৌৱনৰ দৰে এইবিধ চামুচৰো জীৱন বৰ ক্ষণস্থায়ী৷ অসমত ইয়াৰ দুটা নিক নেম আছে “পেলাচটিকৰ চামুচ আৰু পেলাই দিয়া চামুচ“৷

কাটা চামুচ৷ কাটা চামুচৰ জন্ম চীন দেশত হৈছিল বুলি শুনিবলৈ পোৱা যায়৷ কিছুমান খাৰখোৱাই কেটা চামুচ বুলিও কয়৷ চাওমিন জাতীয় খাদ্য খাবৰ বাবে বিশেষভাৱে উপযোগী৷ মানুহৰ ঘৰত এইবিধ চামুচ কমকৈ দেখাৰ পৰিবৰ্তে দামী আহাৰ গ্ৰহণৰ বাবে হোটেল ৰেষ্টুৰেণ্টত অধিক প্ৰচলিত৷ খাদ্য গ্ৰহণ কৰোঁতে লোৱা চেল্ফীবোৰত ইয়াৰ উপস্থিতি অনিবাৰ্য্য৷ এই দিশৰ পৰা ক’ব পাৰি যে কাটা চামুচ অভিজাত প্ৰজাতিৰ চামুচ৷

সোণ/ৰূপৰ চামুচ৷ এই বিধ দুস্প্ৰাপ্য প্ৰজাতিৰ চামুচ৷ বহুত কমলোকেহে ইয়াক দেখিবলৈ পাইছে৷ মুখত সোণ/ৰূপৰ চামুচ লৈ জন্ম হোৱা মানে ধনী লোকৰ ঘৰত জন্ম লোৱা বুজাই৷ কিন্তু কেঁচুৱাৰ মুখত চামুচ নাথাকে৷ গতিকে ইয়াক অদৃশ্য চামুচ বা যাদুকৰী চামুচ বোলা হয়৷ এইবিধ চামুচ থকা মানুহৰ ঘৰত চোৰ ডকাইত বেছি হয়৷ অথবা ঘৰখনৰ কোনো লোক চোৰ ডকাইত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ মুখা পিন্ধা ভদ্ৰলোকৰ অন্যতম প্ৰিয় সম্পদ সোণ/ৰূপৰ চামুচ৷

পুৱা মানুহ শুই উঠি চাহ খোৱাৰ পৰা চামুচৰ ব্যৱহাৰ আৰম্ভ হয়৷ আটাইতকৈ বেছি সন্ধ্যা ব্যৱহাৰ হয়৷ যেনে সন্ধ্যা চাহ, ম’ম’, চাওমিন আৰু সন্ধ্যা সুৰা পান কৰোঁতে চাকনাৰ লগত চামুচ বহুল ভাৱে ব্যৱহাৰ হয়৷ একেখন চামুচকে কেইবাজন বন্ধুৱে ব্যৱহাৰ কৰে৷ এনে সময়ত বন্ধুত্বৰ এনাজৰী অধিক সুদৃঢ় হোৱাত চামুচৰ ভূমিকা উল্লেখনীয়৷ ইয়াক পাকঘৰত বিশেষকৈ ব্যৱহাৰ কৰা হয় যদিও লিচিক পিচিক নাৰ্ছ বাইদেউসকলে ৰোগীক দৰৱ খুৱাবলৈ হস্পিতালতো ব্যৱহাৰ কৰে৷ ইয়াৰ আটাইতকৈ প্ৰয়োজনীয় কামটো হ’ল, চিধা আঙুলিত ঘিউ নাহিলে চামুচ ব্যৱহাৰ কৰিব লাগে৷

চামুচৰ বহুত ভাল গুণ থাকিলেও চামুচ পৰনিৰ্ভৰশীল আৰু আকাৰত সৰু৷ বৰ্তমান যুগত চামুচ ব্যৱহাৰ কৰা লোক বাঢ়ি আহিছে৷ ঠিক তেনেদৰে মানুহৰ বহুত ভাল গুণ থাকিলেও বৰ্তমান যুগত মানুহৰ মনটো চামুচৰ দৰে সৰু৷ অকণমান কথাতে চৰ, ঘোঁচা, লাঠি, বন্দুক আদি সকলো ব্যৱহাৰ কৰে৷ লগতে পৰনিৰ্ভৰশীল হৈ গৈছে৷ চান্দা ধান্দাৰে জীৱন কটাবলৈ লৈছে৷

টং টং টং টং টং… বেল পৰিল৷।

*****

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *