ফটাঢোল

গুৰুবাণী – হেমন্ত কাকতি

মোৰ মৰমৰ শিষ্যগণ, ভক্তবৃন্দ আৰু অতিকৈ মৰমৰ সুন্দৰীসকল-

প্ৰথমতে, মোৰ আশ্ৰমলৈ সকলোকে হিয়াভৰা আদৰণি জনালোঁ৷ মনত অতিকৈ শুভ চিন্তাৰ উদয় হোৱা হেতুকে তোমালোকে এনে এখন কৰ্মশালাত ভাগ লোৱাৰ সুবিধা পাইছা৷

ভক্তগণ শুনা, হয়তো পূৰ্বজন্মৰ কোনো পুণ্যৰ বাবেই এইহেন ভাৰত বৰিষত জন্ম লোৱাৰ সুবিধা পাইছা আৰু কিবা extraordinary কামৰ ফলস্বৰূপে এই আসাম মূলুকত৷ কিন্তু জানাই নহয়, সময় বৰ কঠিন। শক্তিপীঠৰ এই মূলুকত অজস্ৰ শক্তি চাৰিওফালে বিয়পি থকাৰ পিচতো আমাৰ spirits আজি all-time low কিন্তু outrage আজি all-time high. কিয় জানানে? আছলতে সুখ এবিধ ৰহস্যময় মাদকতা৷ সন্তুষ্টিৰ কোনো নিশ্চয়তা নাই আৰু যিবিলাক লৈ আজি তুমি সুখী কালিলৈ সেয়া ইতিহাস হৈ যাব৷ তোমালোক হ’লা মুখহীন শিপাহীন জাক এটাৰ কিছু অংশ, যিয়ে বুকুত চিৰবহ্নিমান, চিৰপ্ৰবাহমান ভয় এটা লৈহে জীয়াই আছা যে পাপ পুণ্যৰ বিচাৰ হ’ব আৰু কৰ্মফল ইয়াতেই ভোগ কৰিবা৷ হে সাধাৰণ মনুষ্য, এই সকলো মিছা নহ’লেও অসাৰ!

এতিয়া আচল সত্য উপলব্ধি কৰিবলৈ ওলাইছা, মোৰ কথাখিনি ভালকৈ মনোযোগেৰে শুনা৷ ফেইচবুকত কবিতা লিখি দুখ উজাৰিবলৈ এৰা৷ এই জ্ঞান প্ৰাপ্তিৰ পিচত স্কুল-কলেজৰ ডিগ্ৰীৰ প্ৰয়োজনেই নহ’ব নাইবা কোনো ভগবান প্ৰদত্ত গুনৰ অধিকাৰী হোৱাৰোঁ বাসনা নেৰাখিবা৷ মাত্ৰ এটাই কথা শিকা কেনেকে মানুহক মুৰ্খ বনাব পাৰি৷ এই কলাটোৰ ষোল অনা শিকি লোৱাৰ পিচত তোমালোকে গম পাবা যে, তুমি যিয়েই কৰিছা তাকেই তোমাৰ ভক্তবৃন্দই ঢোলে-দগৰেৰে জোৰদাৰ আদৰণি জনাব৷ যেনেকৈ এখন চিনেমা চুপাৰহিট হোৱাৰ ঘোষণা হয়, যেনেকৈ চৰকাৰৰ কাম-কাজৰ ঢোল-পেপা বজোৱা হয় ঠিক তেনেদৰেই৷

এতিয়া মূল আৰু গুৰুত্বপূৰ্ণ কথাটো শুনা৷ সমগ্ৰ পৃথিৱীতে এটা ব্যৱসায় জোৰদাৰ গতিত ফেনে-ফোটোকাৰে ভৰ বাৰিষাৰ নৈ যেন কৈ বাঢ়ি উঠিছে৷ এয়া হৈছে মানুহৰ বিশ্বাসক লৈ কৰা ব্যৱসায়৷ পৃথিৱীত মুৰ্খৰ কেতিয়াও কম নহয়, এটা বিচাৰিবা হেজাৰটা পাবা৷ তেওঁলোকেই এয়া বিশ্বাস কৰিবলৈ ৰখি থাকে যে তেওঁলোকৰ অৱস্থিতি কোনো ভূত-প্ৰেত, অশৰীৰী আত্মা কিম্বা অশুভ শক্তিৰ পাল্লাত পৰি বিপদাপন্ন হৈ পৰিছে৷ সিহঁতেই হৈ পৰিব তোমাৰ প্ৰথম চিকাৰ! সেই ভয় আৰু বিশ্বাসৰ পৰা পৰিত্ৰান দিব পৰা শক্তিমান হৈ পৰিব লাগিব তুমি৷ যদি সিহঁতৰ ভয় নাইও, তাক সৃষ্টি কৰা৷ সিহঁতৰ ভিতৰত এয়া সুমুৱাই দিয়া যে সিহঁত সকলো অপশক্তিৰ কৱলত৷ এবাৰ যেতিয়া বিশ্বাসত আনি ল’বা লাহে লাহে দেখিবা সিহঁত তোমাৰ হাতৰ মুঠিত৷ লাহে লাহে সিহঁতৰ জীৱনৰ প্ৰত্যেক গতিবিধিৰ বাঘজৰীডাল তোমাৰ হাতত আহি যাব৷ এদিন দেখিবা তুমি হৈ পৰিলা সিহতৰ spiritual গুৰু, ফেমিলী কাউনচেলৰ৷ কপাল ভাললৈ আহিলে দুই-চাৰি সুন্দৰীক সন্তান প্ৰদান কৰিবলৈ বীৰ্য্যদানো দিব পাৰিবা৷

মনত ৰাখিবা, এয়া হৈছে ফটাফট বনোৱা মেগীৰ যুগ, ফটাফট ধনী হোৱাৰ যুগ, ফটাফট যশস্যা লাভৰ যুগ। যদি এটা ডাঙৰ পাপ কৰিবলৈ দুই মিনিট নেলাগে মোক্ষ প্ৰাপ্তিৰ বাবে জীৱনভৰৰ সাধনা অযুক্তিকৰ নহয়জানো? নিজকে ভগবান হিচাবে আত্মপ্ৰকাশ কৰাৰ এইটোৱেই সুৱৰ্ণ সুযোগ৷ পাপী মনুষ্যক সকলো প্ৰকাৰৰ ৰোগ ব্যধি নিৰাময় কৰিবলৈ সো-শৰীৰে দৰ্শন দিব পাৰা৷ তুমি আৰু তোমাৰ আশ্ৰম হ’ব সকলো অশুভ শক্তিক একে চাটে দূৰতে বিদুৰ কৰিব পৰা “ওৱান ষ্টপ শ্বপ“৷

সমাজত যুগ যুগ ধৰি লাঞ্ছিত, বঞ্চিত, শোষিত, নিষ্পেষিত হাজাৰজনে মানি লৈছে যে, এয়া তেওঁলোকৰ কপালত লিখা আছে৷ ৰাহুল গান্ধীয়ে কোৱাৰ দৰে Jupiter ৰ escape velocity নাপালে তেওঁলোকৰ অৱস্থাৰ পৰিবৰ্তন হোৱাতো ’মুচকিলে’ই নহয়, ’না-মুমকীন’৷ সেই সকল লোক তোমাৰ সামান্য সহায়ৰ হাতখনৰ বাবে এই বিশ্বাসতে কেইবাযুগ ধৰি ৰখি আছে যে এদিন সিহঁতৰ messiah আহিব উদ্ধাৰ কৰিবলৈ, আন্ধাৰ জগত খনত পোহৰ বিলাবলৈ৷ হয়, ঠিক ধৰিছা, ভগবান হোৱাৰ জয়যাত্ৰাত সিহঁতেই হ’ব তোমাৰ প্ৰথম টাৰগেট গ্ৰুপ৷
দ্বিতীয় কথাটো হ’ল, সিহঁতৰ অন্তৰত বাস কৰা এই তেত্ৰিশ কোটি দেৱ-দেবীৰ পৰা হাত সাৰিব লাগিব৷ এই তেত্ৰিশ কোটি হ’ব তোমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিদ্বন্দী। তোমাৰ ভক্তগণৰ মনৰ পৰা এই দেৱ-দেবী সকলৰ নাম গোন্ধ উলিয়াই দি একমাত্ৰ তুমিয়েই যে আচল দেৱদূত, তোমাৰ লগত পৰম ব্ৰহ্মৰ কিবা হট লাইন বা প্ৰত্যেক্ষ সংযোগ আছে, তাক পতিয়ন নিয়াব লাগিব৷

অসম্ভৱ যেন লাগিছে? ভক্তগণ, নিশ্চিন্ত থাকা৷ মই আছোঁৱেই, প্ৰতি পদে পদে সহায় কৰিবলৈ৷ এতিয়া ৰ’বলৈ সময় নাই, মিছনৰ উদ্ঘাটন সোনকালে কৰিব লাগে৷ এই উচ্ছাকাঙ্খিত মিছনৰ বাবে দৰ্কাৰ হ’ব কিছু ইতিমধ্যে প্ৰতিস্থিত তথাকথিত গন্য-মান্য ধনী ’ফলৌৱাৰ’, যিয়ে তোমাৰ আশ্ৰমৰ বাবে টকা-পইচা আৰু মাটি দি তোমাক প্ৰতিস্থিত কৰিব৷ আৰু তেওঁলোকক বিচাৰি উলিওৱাটো তেনেই ভাতৰ লগত পানী খোৱাৰ দৰেই উজু৷ এবাৰ যেতিয়া তেওঁলোকে গম পাব যে, লাগ বুলিলেই মাৰ্ডাৰ, ক’লা তন্ত্ৰ-মন্ত্ৰ, জালিয়তি, ধন দাবী, অপহৰণ আদিত তোমাৰ গেঙৰ বুৎপত্তি আছে, বছ জাকে জাকে দৌৰি আহিব৷ মনত ৰাখিবা, দুৰ্নীতিয়ে দুৰ্নীতিক টানে৷
তোমাৰ আশ্ৰমখন হ’ব এনে এখন অবাধ বিচৰণ ভূমি, য’ত দিনে নিশাই তোমাৰ এচলু আশীৰ্বাদ বিচাৰি ভক্তৰ সোঁত ব’ব৷ সমাজে বান্ধি দিয়া নিয়ম-নীতিক বুঢ়া আঙুলি দেখুৱাই নিজৰ নিয়ম বলবৎ কৰা৷ এই কেট’ল ক্লাচটোৰ কিছু লোকক তোমাৰ আশ্ৰমত আটা-ময়দাৰ লাৰু, গো-মূত্ৰৰ টেমা অথবা কোনো অচিন উদ্ভিদৰ ৰস চেপি উলিওৱা কামতো লগাব পাৰা৷ এবাৰ যেতিয়া বিশ্বাসত ল’ব, তোমাৰ বাবে জান-প্ৰান দিবলৈও ৰেডী হ’ব সিহঁত৷ লাহে লাহে তাৰ পৰা বাছি বাছি উলিওৱা তোমাৰ চিকাৰ সমূহক৷ সুন্দৰী শয্যা সংগীনিকো তাতেই পাবা৷ কিন্তু মনত ৰাখিবা তাহাতে যাতে তোমাক গুৰু ভজি সমৰ্পন কৰিবলৈ বাধ্য হয়৷ কোনো নাৰী যদি আগতে কাৰো দ্বাৰা কুকাৰ্য্যৰ চিকাৰ হৈছে, আৰু তাক তোমাৰ আগত বিবৰি কৈছে তাক ৰেকৰ্ডিং কৰি ব্লেকমেইলিঙৰ পন্থাও তোমাৰ হাতত আছে৷ দৰ্কাৰ হলে কোনো ভক্তৰ সহায় লৈ তেওঁৰ অতীতৰ কিছু গোপন ৰহস্য জানি লোৱা৷ এদিন নহয় এদিন সেও মানিবই৷

বজাৰত তোমাৰ বিষয়ে এনে কিছু মনোৰঞ্জক কাহিনী বিয়পাই দিয়া যেনে, তুমি তোমাৰ জন্ম মাতৃগৰ্ভৰ পৰা হোৱাই নাই, কোনো পাহাৰ বা জুৰিৰ পাৰত ভক্ত সকলে তোমাক পাইহে এই আশ্ৰমত স্থাপিত কৰিছে৷ তুমি হাতেৰে চুই শৰীৰৰপৰা সমস্ত পাপ ভাপলৈ পৰিৱৰ্তিত কৰিব পাৰা৷ “বিশ্বাসে মিলয় তুমি, তৰ্কে বহুদূৰ।” তোমাক ফুল সমৰ্থন দিবলৈ স্বয়ং শ্ৰীহৰিয়ে সৃষ্টি কৰি থৈছেই৷ ইয়াৰ সদ ব্যৱহাৰ কৰা৷ তুমি কাম, ক্ৰোধ, লোভ, মোহ আদি ৰিপুৰ পৰা নিজকে মুক্ত বুলি দম্ভালি মাৰা। কেৱল কেইজন মান অতি বিশ্বাসী ভক্তই জানক যে, ৰাতিৰ চিকাৰ কোন হ’ব! তোমাৰ ওচৰত আত্মসমৰ্পন কৰা ভকত-ভকতনী সকলৰ লগত এটা কথা নিশ্চিত কৰিবা যাতে, সিহঁতে নিজৰ মগজুটো আশ্ৰমৰ বাহিৰত ৰাখি আহে৷ এবাৰ যেতিয়া নিশ্চিত হ’বা যে, সিহঁত মগজুহীন জম্বিলৈ পৰিবৰ্তিত হৈছে, তোমাৰ কাম শেষ৷ তাৰ পিচত যি ধৰণে বিচৰা ব্যৱহাৰ কৰা৷ তাহাতে তোমাৰ বাবে মৰিব আৰু মাৰিবলৈ সাজু!

অভিনন্দন! তুমি নৈশ ৰজা আৰু দিন-প্ৰাননাথ৷ দিব্যদৃষ্টি সম্পন্ন জগত গুৰু হোৱাৰ প্ৰথম পৰ্য্যায় পাৰ কৰিলা৷
এটা দশক তোমাৰ ৰাজত্ব চলাৰ পিচত তুমি লাহে লাহে নিজৰ ভয়ঙ্কৰ অতীতৰ কথা পাহৰি যাবা৷ মানে এক কথাত ৰত্নাকৰ বাল্মিকী হৈ গ’লা৷ কেতিয়াবা কোনো দুৰ্বল মুহূৰ্তত দোষী দোষী ভাব এটাই তোমাক হেঁচা মাৰি ধৰিলেও কোনো বিশেষ বিদেশী মদিৰাৰ গিলাচত সোহা মাৰি দোষী দোষী “ফিলিং“টোক ওচৰৰ ড্ৰেইনটোতে জলাঞ্জলি দিয়া৷ তুমি নিজেই নিয়ম। এতিয়া, কোনো আদালতৰ কাঠগড়া বা ন্যয়পালিকাই তোমাৰ নোম এডালো লৰাব নোৱাৰিব, কাৰণ দৰ্কাৰ পৰিলেই তোমাৰ ৰাতিক দিনলৈ পৰিৱৰ্তন কৰিবলৈ লাখ লাখ ভক্তই তোমাক সুৰক্ষা দিব৷

আৰু এটা কথা, তোমাৰ ভক্তগণে তুমি উঠ বুলিলেই উঠিব, বহ বুলিলেই বহিব। তুমি হৈ পৰিবা এজন হট কেক্! ৰাজনৈতিক নেতাৰ সোঁত ব’ব তোমাৰ আশ্ৰমলৈ৷ ভগবান কৃপাদৃষ্টি অলপ বেছি পৰিলে তোমাৰ আশ্ৰমতে ৰচনা হ’ব চৰকাৰ ভঙা পতাৰ খেল, অথবা ৰচনা হ’ব বহু ৰাজনীতিৰ চক্ৰবেহু৷ তোমাৰ লগত থকা ভোটবেঙ্ক হ’ব তোমাক জয়জয় ময়ময় কৰাৰ অমোঘ অস্ত্ৰ৷ তোমাৰ শক্তিৰ আগত বহু ৰাজনৈতিক মহীৰূহ হৈ পৰিব ভিজা মেকুৰীৰ দৰে দুৰ্বল৷

যদিও ৰাজনৈতিক নিৰাপত্তা সুনিশ্চিত, তথাপি আধুনিক সাজ-সজ্জাৰে নিজৰ সৈন্যবাহিনী এটাও গঠন কৰি থ’বা৷ বিপদ কোনফালৰ পৰা আহিব ঠিকনা নাই৷ এই ৰাজনীতিৰ ধুৰন্ধৰবোৰক ব্যৱহাৰ হে কৰিবা, বিশ্বাসত নল’বা৷ তোমাতকৈ ডাঙৰ বাবাও থাকিব পাৰে। তোমাৰ সৈন্যবাহিনীয়েহে নিশ্চিত কৰিব যে বিপদৰ সময়ত তুমি ভিআইপি হেলীকপ্টাৰেৰে নিজৰ সুৰক্ষিত স্থানলৈ কেনেকৈ পলায়ন কৰিবা৷ তোমাৰ বিৰুদ্ধে চকুচৰহা কোনোবা সৰৱ হ’লেও এটা ষ্টেটমেণ্ট তোমাৰ কামত আহিব – “I am a victim of larger conspiracy.”

নিৰাপদ দূৰত্বৰ পৰা কাকো ঘেণ্টা কেয়াৰ নকৰিলেও আচল ‘ভগবান’জনক যিয়ে নীৰৱ হৈ ওপৰৰ পৰা চাই আছে, তেওঁৰ ওপৰত অলপ বিশ্বাস ৰাখিবা আকৌ৷
(এইটো সম্পূৰ্ণ কল্পনাপ্ৰসূত ব্যংগাত্মক ( satire) লেখা৷ ব্যংগ নুবুজা বোৰে চিৰিয়াচলি নল’ব।)

*****

Leave a Reply

Your email address will not be published. Required fields are marked *