ফটাঢোল

অসমীয়া চিনেমাত ভবিষ্যতে বিখ্যাত হ'ব লগীয়া কেইটামান ডায়লগ… – মনজিত

(১)
গ্ৰিন্দা স্বামী , মোক জোকাই লৈ তই ভাল কাম নকৰিলি| তই হয়টো নাজান ! wonders armyত ৰাকু দাৰ গুলি খাই গুন্দা কেইটাৰ যি খিনি তেজ ওলাই, সেই তেজক টমেট চচ বনাই ভেজ ৰ’ল বা ভেজ মম’ খোৱা মানুহ মই| জীয়াই থকাৰ ইচ্ছা আছে যদি মাফ খুজি ফেচবুকত tag কৰ মোক|

(২)
গ্ৰিন্দা স্বামী, মোৰ ইনবক্সত ব্লু হোৱেল গেমৰ লিংক দি বৰ ভাল কাম নকৰিলি| তই হয়তো মোক ইনডাইৰেক্টলি চেলেঞ্জ কৰিব পাৰ? কিন্তু তোৰ ভালৰ বাবে কৈ থওঁ ! মই নীলা তিমি মাছ জালুক নহৰুৰ স’তে পাতত দি পিটিকা কৰি পঁইতা ভাতৰ লগত খোৱা মানুহ হয়| বিশ্বাস নহ’লে তোৰ ভেঞ্চাৰ ইচকুলৰ চকীদাৰ খুড়াক সুধিবি , কৈ দিব মই আচলতে কিমান পানীৰ মাছ হয়| “মা কি আঁখ” বেয়া হ’লে কবি, লাইয়ন্স ক্লাবৰ চিনাকী মানুহ আছে ফ্ৰীতে অপাৰেচন কৰাই দিম৷

(৩)
গ্ৰিন্দা স্বামী, তই ঘুচিয়াই মোৰ দাঁত সৰুৱাই দিলি| কামটো বৰ ভাল নকৰিলি| তই হয়টো নাজান; মই ব্লু টুথেৰে টন্দুৰি চিকেনৰ লেগ পিচ টনা মানুহ| চাই ল’ম তোক৷

(৪)
গ্ৰিন্দা স্বামী , লোড শ্বেডিংত ইনভাৰটাৰৰ পৰা পোৱা পোহৰেৰে ঘৰ পোহৰাই, ছাগলি মাংসৰে ডিনাৰ কৰাৰ ফটোত মোক টেগ কৰি ভাল নকৰিলি| তই হয়টো নাজান আমাৰ ফালে লাইট গ’লে জালিম লোচনে নিজেই আহি হাঁহি দিয়ে আৰু চোতালত গোটেই গালে হাঁহ মাৰি খাওঁ ।

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *