ফটাঢোল

কুইক জুক – উৎপলা কৌৰ

যোৱাবাৰ এনেকুৱা দিনতে কাকতিদাৰ গাড়ীখন এক্সিডেন্ট হৈ বহুদিন গেৰেজত আছিল। গৰমৰ বন্ধৰ সময়ত বৌৱে ল’ৰাটোক দাদাৰ লগত জাগীৰোডলৈ পঠিয়াই দিয়ে মাজে মাজে লগত থাকিবলৈ ( আচলতে cid কৰিবলৈ)। কাকতিদা কিন্ত একদম চিকটা নহয় দেই, একদম ডিলাক্স বাছত অহা-যোৱা কৰে। এবাৰ বাছত উঠিল ISBT ত, লগত এটা ডাঙৰ কাৰ্টুন, ঢিলাকৈ পেক কৰা।
বাছত উঠি চিটত বহিছে। ড্ৰাইভাৰৰ চিটৰ ওচৰত কাৰ্টুনটো থৈ দিয়াত বাকী যাত্ৰীসকলৰ অসুবিধা হোৱাত কণ্ডাক্টৰে ক’লে

– দাদা, এইটো ইয়াত ৰাখিব নোৱাৰিব।

-কিয় হে? কিয়??মোৰ বৰ ইম্প’ৰটেন্ট বস্তু আছে ইয়াত। মোৰ চকুৰ আগতে থাকিব এইটো

-তেনেহ’লে আপুনি ডাবল ভাৰা দিব লাগিব। আপোনাৰ ১০০টকা আৰু কাৰ্টুনটোৰ ২০০ টকা। মুঠতে তিনিশ টকা

-কি???? মই মানুহটোৰ ১০০ আৰু এইটোৰ ২০০?

-অ! বহুত জেগা খাইছে না?

কাকতিদাই মুখখনৰ ঘাম হাতেৰে মচি কাৰ্টুনটোলৈ চাই ক’লে

– বোপাই ওলাই আহ! তেনেকৈ গ’লে বেছিহে ভৰিব লাগিব বোলে!

কোৱাৰ লগে লগে কাকতিদাৰ ল’ৰাটোৱে লাজ লাজকৈ ওলাই আহি দেউতাকৰ ওচৰত থিয় হ’লহি আৰু ক’লে

-কৈছিলো নহয়! মই এনেকৈ নাহোঁ বুলি। তুমিহে কিবা!

অইন মানুহে শুনে বুলি চুপ থাকিবলৈ দি নগদ ১০টকাৰ বাদাম কিনি খুৱাইছিল সিদিনা খানাপাৰাত ল’ৰাটোক।

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *