শাৰদীয় দুৰ্গা পূজাৰ মণ্ডপবোৰ চালে চকু ৰোৱা হৈ পৰিছে। কোনেও কাকো বেছি ভাল হ’বলৈ নিদিয়াৰ কম্পিটিশ্বনত পৰি প্ৰত্যেকখন মণ্ডপেই আটকধুনীয়া হোৱা দেখা গৈছে। সেইদৰে দেখা গৈছে ৰংচঙীয়া দেৱী দুৰ্গাৰ মূৰ্ত্তি তথা আন আন দেৱ-দেৱতাৰ মূৰ্ত্তিবোৰ। শাৰী, ধুতী আৰু বিভিন্ন আ-অলংকাৰেৰে মূৰ্তিবোৰো ব্ৰাইট এণ্ড বিউটিফুল। পিচে দেৱী দুৰ্গাৰহে মন বৰ মুকলি নহয়। বেষ্ট ফ্ৰেইণ্ড সৰস্বতীয়ে কথাটো অনুভৱ কৰি সুধিয়েই পেলালে কি হ’ল বুলি।

’আজি কালি এই শৰতৰ সময়ত মৰতলৈ আহিবলৈ মনেই নাযায় দেখোন! সকলোফালে কেৱল আৰ্টিফিচিয়েল কাণ্ড-কাৰখানা। অৱশ্যে মোৰ নামত, আই মিন টু চে দেৱী দুৰ্গাৰ নামত শাৰদীয় পূজাভাগ পতাত কৃপণালি কোনেও নকৰে। বৰঞ্চ কোনে কিমান ধুনীয়াকৈ মূৰ্ত্তি-পেণ্ডেল সজাব পাৰে তাৰহে কম্পিটিশ্বন হৈ থাকিবলৈ লৈছে। কিন্তু কিবাচোন আৰ্টিফিচিয়েল সকলোবোৰ।’

’সদায়তো এনেকৈয়ে চলি আহিছে। বছৰ বছৰ ধৰি… আজিকালি আমাৰ সাজোন-কাচোনতো দেখোন বহুত চেঞ্জ আনিছে মৰতৰ মানুহবোৰে…’ গহীন গম্ভীৰ লক্ষ্মীয়ে কৈ উঠিল।

’আৰে, তাতেইতো প্লব্লেমটো হৈছে’ দেৱী দূৰ্গাৰ উষ্মা ভৰা মাত… ’মৰ্ত্যত জীয়াই থকাৰ নামত কিমান যে পৰিৱৰ্তন হৈছে। মানুহবোৰ কিমান যে ফেশ্বনেব’ল হৈ পৰিছে। কিন্তু আমাক একা… বছৰি এবাৰ মাত্ৰ মৰ্ত্যলৈ আনে, অথচ ভাল, মডাৰ্ণ লুক থকা ড্ৰেছো যোগাৰ কৰিব নোৱাৰেনে! সেই কৌটিকলীয়া ৰঙা শাৰী, এলান্ধুকলীয়া ডিজাইনৰ অৰ্ডিনেৰী গহনা অলপ আৰু তাৰ লগত সেই মাউৰেত যোৱাটোক মাৰিবলৈ কৌটিকলীয়া অস্ত্ৰ-শস্ত্ৰবোৰেৰে মোক কি যে বনাই দিয়ে… লগত আকৌ বাহন হিচাপে দিছে সিংহ। কেঁচা মাংস খোৱা সিংহৰ গাৰপৰা কি যে উকালি অহা গোন্ধ সহিবলগীয়া হয়! অথচ মৰ্ত্যৰ মহিলা, ছোৱালীবোৰক চোৱা। কি যে মডাৰ্ণ ড্ৰেছ পিন্ধে সিহঁতবোৰে, দেখিলে হিংসাই লাগে। ভাৱ হয় মৰ্ত্যতে মানৱী জনম নল’লো কিয় হে! জানো মানুহ মৰণশীল, মৰিলে মৰিম আৰু… তথাপিও মজাওটো আছে।’

’কথাটো পিচে হয়…’ সৰস্বতীৰ উদাসভৰা ৰিয়েকচন- ’মোক সিহঁতবোৰে জ্ঞানৰ, প্ৰজ্ঞাৰ, সংগীত, কবিতা, স্বয়ংসম্পূৰ্ণ চিন্তাধাৰা তথা সৃষ্টিশীলতাৰ বাবে পূজা কৰে। ইমানবোৰ কাৰণৰ বাবে পূজা কৰা স্বত্বেও মোৰ পূজাৰ বাবে বিশেষ কিবা ব্যৱস্থা কেতিয়াও কৰা দেখা নাই। খালী সেই বগা সাজযোৰকে পিন্ধাই দিয়ে। কোনেনো জানো কৈছিল যে মই বগা ৰং ভাল পাওঁ বুলি! চ’ ব’ৰিং…’

’তোমাক দেখোন বেলেগ এটা দিনতো পূজা আগবঢ়াই আহিছে। তথাপিও ইমান আপত্তি নে তোমাৰ?’ কাষতে থকা শ্ৰীগণেশৰ মাতত অভিযোগৰ সুৰ। গণেশৰ অভিযোগৰ কাৰণ অৱশ্যে নথকা নহয়। সৰস্বতীক জ্ঞানৰ, অধ্যয়নৰ অধিস্থাত্ৰী দেৱী বুলি পূজা কৰা হয় যদিও গণেশো এই পূজাভাগৰ যোগ্য বুলি শ্ৰীগণেশে প্ৰায়েই মা পাৰ্বতীৰ আগত অভিযোগ কৰি আহিছে।

শ্ৰীসৰস্বতী লগে লগেই জাঙুৰ খাই উঠিল… ’দিয়াততো তোমাকো এই পূজাৰ আগে আগেই মৰতত পূজা আগবঢ়োৱা হৈ আহিছে। সংসাৰৰ লাড়ুবোৰ খাই খাই কাষত কোনো থাকিব নোৱাৰা হোৱা অৱস্থা হৈ আছে এতিয়াও, অথচ আমাৰ এই বছৰেকীয়া পূজাভাগতো ভাগ নোলোৱাকৈ থাকিব নোৱাৰা। লুভীয়া ক’ৰবাৰ। আৰু যে মোৰ বছৰেকীয়া পূজাভাগৰ কথা কৈছা, তাতো মোক সেই শুধ বগা শাৰীৰেই এই এতিয়াৰ দৰেই একে বস্ত্ৰ, অৰ্ডিনেৰী আ-অলংকাৰ পৰিধান কৰোৱা হয়। মোক বুলিনো কি, মৰতৰ সকলোৱে জ্ঞানৰ নামত কেৱল একো একো ঢাপ ওপৰলৈ উঠি যোৱাৰ পৰিকল্পনাৰে মোক পূজা কৰে। তাত জ্ঞান আহৰণৰ, প্ৰজ্ঞা প্ৰাপ্তিৰ কোনো অভিপ্ৰায় বেছি সংখ্যকৰে নাই। দেৱী দুৰ্গাৰ পূজাৰ নামত মোক মৰতলৈ লৈ আনে, অথচ প্ৰথমদিনাই যেনে তেনে পূজা ভাগ দি মোৰ পিনে পিঠি দি দিয়ে। বাকী নদিন কেৱল তোমালোকলৈ আগবঢ়োৱা পূজা চাই চাই হামিয়াই-হিকতিয়াই পাৰ কৰিব লগীয়া হয়।

মা লক্ষ্মীৰো মন উচ-পিচাবলৈ ধৰিলে। মনতে ভাবি আছে যে সৰস্বতীক অন্ততঃ প্ৰথমদিনা হ’লেও বিশেষভাৱে পূজাভাগ দিয়েই, মোৰ একা! এইদৰে মনতে ভাবি লক্ষ্মীয়ে লাহেকৈ মাত দিলে, ’কিনো কোৱা তোমালোকে… মোকোতো নামতহে এই সময়ত মৰতলৈ আনে। পূজা এভাগ বুলি কিডাল দিয়ে, দ্বিতীয় দিনাৰপৰা পঞ্চমদিনৰ ভিতৰত কোনোবা এদিন সামান্যকৈ মোক পূজা এভাগ দিয়ে, কিন্তু সেইয়া এপাচি শাকত এটুকুৰা জ্বলকীয়া যেনেই লাগে।’

শ্ৰীগণেশে তপৰাই উত্তৰ দিলে, ’মা লক্ষ্মী, তোমাকো দেখোন ইয়াৰ পাছতেই আকৌ পূজা আগবঢ়াব। তোমালোকক নোৱাৰি আৰু দেই। তোমালোক স্বৰ্গতে হওক বা মৰততে হওক সকলো নাৰী একেই, কেতিয়াও সন্তুষ্ট নোহোৱা। মোৰ হ’লে তেনে কোনো অভিযোগ নাই, পূজা দিলে দিব নিদিলে নাই। ব্লেছিং সদায়েই বৰষিম…’

’কাৰণ তোমাৰ পূজাভাগ যে বিশেষভাৱে পালন কৰে, গতিকে তুমি দুখী হোৱাৰ কাৰণেই নাই।’ লক্ষ্মী, সৰস্বতীয়ে একেলগেই কৈ উঠিল। আৰু তোমাৰ সেই শূঁড় থকা মূৰ তথা শৰীৰটোত ধূতীয়েহে শুৱনি দেখায়। সেই যে মৰতৰ মতা মানুহবোৰে পিন্ধে কোট-টাই-পেণ্ট, সেই সাজ পিন্ধিলে শ্ৰীগণেশক কেনেকুৱা দেখাব ভাবি মা লক্ষ্মী আৰু সৰস্বতীয়ে খুকখুকাই হাঁহিবলৈ ধৰিলে।

ইমান সময়ে লক্ষ্মী, সৰস্বতী আৰু শ্ৰী গণেশৰ কথা-বাৰ্তা শুনি থকা মা দুৰ্গাই মাত লগালে, ’কিনো নিজৰ নিজৰ কথাবোৰেৰে গল্প কৰিছা তোমালোকে। মোৰ কথা ভাৱাচোন, মোৰ নামত কি কি ধৰণেৰে যে পূজা কৰে মৰ্ত্যৰ মানুহবোৰে! এদিন বোলে কুমাৰী তথা সন্তান লাভৰ বাবে পূজা, মইনো কি আশীৰ্বাদ দিম সিহঁতক… সেই দ্বাপৰ যুগৰ মহাভাৰতৰ গান্ধাৰী আৰু কুন্তীকহে পূজা কৰিব লাগে, কি সাহসত গান্ধাৰীয়ে এশ এটাকৈ সন্তানৰ জন্ম দিলে। আৰু কুন্তী, মাদ্ৰীৰ কথানো কি ক’ম! যত চব খেলি-মেলি কাৰবাৰ! নহ’লে সেই বাংলাদেশ নে ক’ৰ পৰা গৈ অসম নামৰ মুলুকত এগাল এগাল ল’ৰা-ছোৱালী জন্ম দিয়া মানুহবোৰকে দেখোন সুধিবগৈ পাৰে। তাৰ বাবে মোক পূজা দি হাৰাশাস্তিহে কৰে। এদিন আকৌ মা বুলি পূজা দিয়ে… হেৰৌ, কাম নাই সিহঁতৰ! মই কিয় সকলোৰে মা হ’ব লাগে! সেই বুঢ়া-মেথা, ডেকা-গাভৰু সকলোৱেই মা বুলি মাতে। মোৰ আৰু কাম নাই সকলোৰে দায়িত্ব ল’বলৈ! নিজৰকেইটাই আঁতিছে। তাতেই শেষ নহয়, এদিন আকৌ আইতা বুলিও পূজা কৰে। মই কিহৰ বাবে আইতা হ’মহে ইমানবিলাক মানুহৰ! এদিন বাৰু লক্ষ্মী মা, তোমাৰ নামত পূজা দিয়ে। সেইটো বাৰু ঠিকেই আছে।’

’নহয় নহয়, ঠিক নহয়…’ মা লক্ষ্মীয়ে আটাহ পাৰি উঠিল – ’দেৱী দুৰ্গা, সেই লক্ষ্মী মানে মোৰ নামৰ পূজাভাগো সম্পূৰ্ণ মোৰ নামত নিদিয়ে। মানে লক্ষ্মীৰ নামত তোমাৰেইতো পূজা কৰে। সেই সামান্যভাগ পূজাও তোমাৰ লগত ভাগ-বটোৱাৰা কৰিব লগা হয়। মোলৈনো কি থাকে বাৰু! তুমিও এই দহদিনীয়া পূজাৰ পৰা এদিনৰ পূজাও ৰেহাই দিব নোৱাৰানে!’

’কিনো ৰেহাই দিবা হে, আজি কালি চব মেহেংগা হৈ পৰিল। মৰ্ত্যৰ মানুহবোৰৰ বিজনেছবোৰ দেখা নাই, চবতে ৰেহাই দি বস্তু বিক্ৰী কৰি সিহঁতে নিজকে নিজেই বুৰ্বক বনায়। ৰেহাইবোৰ দি মুনাফাবোৰ হিডেন কৰি থয়। মই পিচে সেইবোৰ কৰি তোমাক বুৰ্বক বনাব খোজা নাই দেই। আকৌ থাকে বাই ওৱান গেট ওৱান অৰ টু… উস!
বাদ দিয়া সেইবোৰ… আৰু শুনা, কোনোবা এদিন আকৌ সপ্তমাত্ৰিকা পূজাও কৰে। মোৰেই পূজা মোকেই সাতভাগ কৰি কৰে এই মৰ্ত্যৰ মানুহবোৰে। অথবা কোনোবাদিনা আকৌ নৱদুৰ্গা… নগৰাকী দুৰ্গাৰ নামত পূজা কৰে। মানুহবোৰ পাগল নেকি! মোৰ নামতেই পূজা, অথচ মোৰেই এগালমান নাম উলিয়াই লৈ পূজা কৰে। দুৰ্গা নামেই লওক অথবা কাত্যায়িনীয়েই লওক, পূজাভাগবোৰতো ময়েই পাম। সেয়ে মৰ্ত্যৰ মানুহবোৰক ডেম ফুল লাগে। ডেমফুলতো সিহঁতবোৰ হয়েই, প্ৰথমদিনাৰ পৰা পঞ্চমদিনলৈকে অতগাল পূজা-অৰ্চনা কৰাৰ পাছত ষষ্ঠীৰ দিনাহে বোলে মোক সিহঁতে আদৰণি জনায়। হে হৰি…’

দেৱী দূৰ্গাৰ স্বগঃতোক্তিত মা লক্ষ্মী উচপ খাই উঠিল, ’হে হে হে কি কৰা দেৱী দূৰ্গা… ভূলতো শ্ৰী হৰিক নামাতিবা দেই। গোটেইবোৰ পূজা অকলেই লৈ থব। এনেই সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তাৰ কৰ্তা-ধৰ্তা বুলি শ্ৰীহৰিৰ অলপ বেছিকৈয়ে অহংকাৰ ভাৱ আছে যেন লাগে। এতিয়া শাৰদীয় দুৰ্গোত্সৱতো শ্ৰীহৰিক স্মৰণ কৰিলে আমালৈ নেচেল।’

’হয় দিয়া লক্ষ্মী, তুমি ঠিকেই কৈছা। এনেও আমাৰ তিনিওজনৰে পতিসকলক এই যাত্ৰাত নামাতাই ভাল। চব পণ্ড কৰি দিব। বছৰটোত কেৱল এই কেইদিনেই অলপ হ’লেও শান্তিত থাকিব পাৰো। নিজকে অলপ ফ্ৰী ফ্ৰী লাগে। অশ্যে লক্ষ্মী আৰু সৰস্বতী, তোমালোক স্বাধীনচিতীয়াকৈয়ে থাকিব পাৰা। মোৰহে লগত দুটাকৈ গুপ্তচৰ পঠিয়াই দিয়ে। হেণ্ডচামবোৰক দেখিলেও ভালকৈ দৰ্শন কৰিব নোৱাৰোঁ।’

’হয় দেই!’ দেৱী সৰস্বতীয়ে ক’বলৈ ধৰিলে, ’মোৰ জনৰনো কি ক’বা… য’তে ত’তে, যাকে-তাকে বৰগাল দি দিব, পাছত অথন্তৰ ঘটিলে শ্ৰীহৰি, মহাদেৱ অথবা দেৱী দুৰ্গা তোমাৰ কাষ চাপিব। তিনিখনকৈ মুখ থাকিও একো এটা চিন্তা কৰিব নোৱাৰে।’

সততে গহীন মা লক্ষ্মীয়ে একো নোকোৱাৰে সিদ্ধান্ত ল’লে। সেই শ্ৰীবিষ্ণুৰ অনন্ত শয্যাত বাসুকীৰ গাৰ ওপৰত অনন্তকাল বহি থকাৰ যন্ত্ৰণা আনে কেতিয়াও বুজিব নোৱাৰে বুলি মা লক্ষ্মীৰ গভীৰ বিশ্বাস। গতিকে মনে মনে থকাই ভাল বুলি ভাবিলে।

যিকিনহওক, দেৱী দুৰ্গাই আকৌ ক’বলৈ ধৰিলে, ’কিনো ক’বা, পূজাভাগবোৰ মোৰ নামতেই কৰে। পিচে পূজাৰীবোৰে ভক্তসকলক গাবলৈ কোৱা দুৰ্গা শ্লোকবোৰ এজনৰো যে বোধগম্য নহয় সেয়া খাটাং। প্ৰকৃত শ্লোকবোৰ শুনিবলৈ বৰ শুৱলা। সেইবোৰেৰে পূজা-অৰ্চনা কৰি মোক সহজেই সন্তুষ্ট কৰিব পাৰি। এই শ্লোকবোৰৰ গূঢ়াৰ্থ মতে দুৰ্গা শক্তি, সুস্বাস্থ্য, স্মৃতি, ভক্তি, দোষমৰ্ষণ, বুদ্ধিমত্তা, সম্পদ, আবেগ-অনুভুতি, সৌন্দৰ্য্য, সন্তুষ্টি, ন্যায়পৰায়ণতা, শান্তি ইত্যাদি বিভিন্ন নামেৰে এক সৰ্বব্যাপি শক্তি বুলি মোৰ পূজা কৰা হয়। সেয়া বাৰু ঠিকেই আছে। পিচে এই পূজাৰীবোৰৰ ’টাইমিং’ মিলাবলৈ কৰা শ্বৰ্টকাটৰ পাল্লাত পৰি শ্লোকবোৰৰ প্ৰকৃত অৰ্থ ক’ৰবাতে থাকি যায়। মোৰ এনে লাগে যেন সেই পূজাবোৰ পূজাৰীবোৰৰ পেটৰ বাবেহে কৰা হয়। এয়া দুৰ্গা পূজা নকৈ পূজাৰীৰ পেট পূজা বুলিহে ক’ব পাৰি।

ইমান সময়ে নিৰৱে শুনি থকা কাৰ্ত্তিকে লাহেকৈ মাত দিলে, ’তোমালোকে ইমান পায়ো অভিযোগ। মোলৈ চোৱাচোন, মোক কেৱল সজাইহে থয়। পূজাভাগ কমকৈ হ’লেও শ্ৰীগণেশে পায়। মোলৈ দেখোন একোৱেই নাথাকে। কেৱল ড্ৰেছটো পিন্ধাই থিয় কৰাই থৈ দিয়ে। মা দুৰ্গাই মই কাষত নাথাকিলেও দেখোন মহিষাসুৰক মাৰিব পাৰে। মই আৰু শ্ৰী গণেশে আঁতৰৰ পৰা চাই হে থাকো। তাৰ বাবেনো আমাক অনাহকতে মৰ্ত্যলৈ কিয় আনিব লাগে! মই আচলতে দক্ষিণ ভাৰতৰ ঠাইবোৰত থাকিয়েই ভাল পাওঁ। তাত মোক প্ৰতিদিনে পূজা কৰে। এইবোৰ ঠাইতহে মই অলাগতিয়াল হৈ থাকিব লগীয়া হয়। মোৰ পিচে এই মহিষাসুৰটোলৈ হিংসাই লাগে। তাৰ খালী গাত ছিক্স পেকবোৰ উজ্বল হৈ ওলাই থাকে। মোক মৰ্ত্যৰ মানুহে সুন্দৰৰ পূজাৰী অতি হেণ্ডচাম বুলি কয়। পিচে এই এলান্ধুকলীয়া কাপোৰৰ মাজত মই ছিক্স পেক কেনেকৈ দেখাওঁ!’

কাৰ্ত্তিকৰ কথা শুনি মৰিম বুলি জানিও মহিষাসুৰে মোচৰ তলতে বক্ৰ হাঁহি এটা মাৰি ক’বলৈ ধৰিলে, ’পাইছ এতিয়া হেণ্ডচাম হাংক হোৱাৰ মজা… কোনেও নাচায়। মই ক’লা-মলা হ’লে কি হ’ল, এতিয়া টল এণ্ড ডাৰ্ক হেণ্ডচাম প্লাছ ছিক্স পেকৰ যুগ। মৰতৰ ফেশ্বনত কাৰ্তিকক ফ’ল’ কৰা কাকো দেখা নাই, কিন্তু এই ডাৰ্ক, টল, হেণ্ডচাম মহিষাসুৰৰ ফেন ফ’ল’ৱাৰ বহুত বেছি। সেইকাৰণে দেৱী দুৰ্গাৰ লগত মই প্ৰত্যেকবাৰেই চান্স পাই আহিছো। অৱশ্যে এটা দুখ মোৰো আছে, দেৱী দুৰ্গাই যাঠিপাত দি হানি মোক মাৰাটো বৰ আউটডেটেড যেন লাগে। কিবা বেলেগ উপায়, মানে এই যে মৰ্ত্যত মানুহবিলাকে চিনেমাবোৰত বন্দুক নামৰ কিবা অস্ত্ৰেৰে ধিচুম ধিচুম গুলিয়াই মাৰে তেনেকৈ মোক মাৰা হ’লে ইচমাৰ্ট লাগিলহেঁতেন!’

’তাকেইতো’ দেৱী দুৰ্গাই মহিষাসুৰক সমৰ্থন কৰি কৈ উঠিল। বাকীসকলে আচৰিত হৈ দেৱী দুৰ্গালৈ চালে। পিচে দেৱী দুৰ্গাই কালৈকো নাচাই কৈ গ’ল, ’মোক অন্ততঃ ড্ৰেছবোৰ ভাল মানে ফেশ্বনেব’ল দিব লাগে। এই যে মৰতৰ নাৰীসকলে পিন্ধা বেকলেছ অৰ শ্লিভলেছ ব্লাউজ, কে-চিৰিজৰ ডিজাইনাৰ শাৰী, আচল নহ’লেও টানিস্কৰ ডাইমণ্ডৰ ষ্টাইলৰ নেকপিচ আদি দিয়া হ’লে! ইয়াৰ পৰা উভতি কৈলাশ পালে মহাদেৱক অবাক কৰি দিব পাৰিলো হয়। নাই, সেইবোৰ এই মৰতৰ মানুহৰ মনলৈ নাহে। সিহঁতক খালী আশীৰ্বাদৰ নামত সম্পত্তি লাগে, প্ৰমোচন লাগে, ভালপোৱা কেইজনে একো একোজন শিৱ-পাৰ্বতী যোৰা হ’ব বিচাৰে। হুঁহ! মইহে জানো বাঘৰ ছাল পিন্ধি ডিঙিত এগালমান সাপ মেৰিয়াই কাহানিও চুলি ধুই নোপোৱা মহাদেৱক কেনেকৈ কন্ট্ৰল কৰি আছো।’

পূজা মণ্ডপত আহি মোৰেই পূজাত মোৰেই মূৰ্ত্তিক বেকগ্ৰাউণ্ডত লৈ চেল্ফি উঠাৰ কি যে বাহাৰ সিহঁতৰ। তেতিয়াই সিহঁতৰ ফেশ্ব’নেবল ড্ৰেছবোৰ দেখি গৰমত, হোমযজ্ঞত ঘামি-জামি লেও-সেও যোৱা নিজৰ শাৰীখনলৈ চাই লাজেই পাই যাওঁ। বছৰি বছৰি কিমান যে সহ্য কৰিম এইবোৰ…! অ’ ৰ’বা, আটাইতকৈ ইম্পৰ্টেণ্ট কথাটোৱেই কোৱা হোৱা নাই। মই মানে দেৱীক সিহঁতে সিংহত বহি থকা দেখুৱাই যদিও কয় যে এইবাৰ দেৱী নাৱত আহি হাতীত গৈছে অথবা হাতীত আহি নাৱত গৈছে। কাম নাই নেকি বাৰু! ইমান ধুনীয়া ধুনীয়া হাইফাই মডেলৰ এচি গাড়ীবোৰত সিহঁতে নিজে অহা-যোৱা কৰে, অথচ মোক সেই এলান্ধুকলীয়া নাওঁ অথবা হাতীত অহা-যোৱা কৰাৰ কথা কয়। যত চব এই বিশ্বকৰ্মাৰে দোষ। অলপ দিনৰ আগতে ঢোলে-দগৰে মৰতলৈ আহি ভালকৈ খাই বৈ গৈ শুবলৈ বিচাৰে বাবে মোক সেই নাওঁ তথা হাতীত উঠোৱাই পাং মাৰি থৈ দিয়ে। অকল সেয়াই নহয়, সেই যে নাওঁ বা হাতীত উঠাৰ কথা কয়, তাতো আকৌ এক সতৰ্কীকৰণ দি থয়… যেনে দেৱী নাৱত মৰতলৈ আহিছে, গতিকে বানপানী হ’ব, তাৰমানে মানুহৰ বিলাই বিপত্তি হ’ব। আকৌ হাতীত উঠি আহি নাৱত উভতি যোৱা বুলি কয়, তাতো আন এক সতৰ্ক, যে হাতীত উঠি আহি শস্য-পথাৰ উজ্বলাই তোলে যদিও উভতি নাৱত যাওঁতে বানপানীৰে সকলোবোৰ ডুবাই থৈ অনিষ্ট কৰি থৈ যায়। হেৰৌ মূৰ্খহঁত, তহঁতে অহৰহ গছ-লতা কাটি, পাহাৰ-পৰ্বত খান্দি তহিলং কৰিলি, মাটিৰ তলৰ সকলো পদাৰ্থ উলিয়াই উলিয়াই উদং কৰি আছ, যাৰ ফলত সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগ হৈ আছে, অথচ দেৱীৰ অহা-যোৱাৰ নামতহে এনে প্ৰাৰ্কৃতিক দুৰ্যোগ হোৱা বুলি মোৰ ওপৰতেই দোষ জাপি দি আহিছ।’

তাকে শুনি একেবাৰে শেষৰ শাৰীত থকা বগা পাৰি দিয়া শাৰীৰে মেৰিওৱা কলগছৰ দেৱীগৰাকীয়ে লাহেকৈ মাত দিলে, ’তোমালোকে অন্ততঃ কিবা-কিবি দেখিবলৈকে পোৱা। মোৰ দশাটো চোৱাচোন! দহদিন তললৈ মূৰ কৰি ওৰণিৰ তলতে ডিঙি বিষাই যোৱাকৈ দিন পাৰ কৰিবলগীয়া এইয়া কি নিয়ম কোনে উলিয়াইছিল বাৰু…!’

তাকে শুনি সকলোৱে নিজৰ নিজৰ পোৱাখিনিতে সন্তুষ্ট হোৱাটো উচিত বুলি চুপ-চাপ থকাটোৱেই সমীচিন বুলি ভাবিলে।

*****

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *