ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – দেৱজিত শইকীয়া

ফেচবুকৰ অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটা-ঢোল’ৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটিৰ সম্পাদনাৰ দায়িত্ব মোক অৰ্পণ কৰাৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিলো লগতে “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যক এই সুযোগতে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলো৷

আলোচনীখনৰ বিভিন্ন দিশ সমূহৰ লগত বিশেষ ভাবে জড়িত মৃদুল কুমাৰ শৰ্ম্মা, জ্যোতিৰূপম দত্ত, ৰিণ্টুমনি দত্ত, মেঘালী দিহিঙীয়া তথা প্ৰণীতা গোস্বামী বৰঠাকুৰৰ সহায়ৰ অবিহনে হয়তো আলোচনীখন প্ৰকাশ কৰি উলিওৱাটো মোৰ বাবে সম্ভবপৰ নহ’লহেঁতেন৷ তেওঁলোক আটাইৰে ওচৰত মই চিৰকৃতজ্ঞ৷ কাৰিকৰী দিশৰ বিভিন্ন কথাবোৰ পুংখানুপুংখৰূপে বুজাই দি বিশেষভাবে সহায় কৰাৰ বাবে মৃদুল কুমাৰ শৰ্ম্মা আৰু ৰিণ্টুমনি দত্তক কৃতজ্ঞতা জনালো৷ আলোচনীখনৰ অলংকৰণ, অংগসজ্জা, বেটুপাত, শুভংকৰ আদিৰে এক আকৰ্ষণীয় ৰূপ দিয়াৰ বাবে ঋতুপৰ্ণ বৰাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো৷ ইয়াৰ উপৰিও মোৰ প্ৰতিটো খোজত সহায় কৰা সম্পাদনা সমিতিৰ প্ৰতিজন সদস্য আৰু আলোচনীখনৰ বিভিন্ন দিশত সক্ৰিয়ভাবে সহায় আগবঢ়োৱা হেমন্ত কাকতি, বিজয় মহন্ত, পৰী পাৰবিন,ৰামানুজ গোস্বামী, সোণটো ৰঞ্জন বৰুৱা, চবিনা ইয়াচমিন, ঋতুপৰ্ণা মহন্ত, মুংচাজ’ বৰ্ণালী আম্ফি মান্তা সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’লো৷

সম্পাদনা কক্ষৰ বাহিৰত থাকি মোক বিশেষ ভাবে প্ৰতিটো মুহুৰ্ততে সহায় সহযোগ কৰাৰ লগতে উৎসাহিত কৰা দুজনমান ব্যক্তিক কৃতজ্ঞতা নজনালে মোৰ কৰ্ম আধৰুৱা হৈ ৰ’ব৷ বৰ্ণাশুদ্ধিকৰণৰ ক্ষেত্ৰত মোক বিশেষ ভাবে সহায় কৰা নৱনীতা শৰ্মা, পৰিস্মীতা গগৈ, তৃপ্তি বৰা, দীপিকা ডেকা, মৃদুল কুমাৰ শৰ্মা, মেঘালী দিহিঙীয়া, ঋতুপৰ্ণা মহন্ত, মণিষা কাকতি, মুংচাজ’ বৰ্ণালী আম্ফি মান্তা, প্ৰাঞ্জল হাজৰিকা, ৰীতা খনিকৰ, অঞ্জলি গগৈ বৰগোহাঞি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলো৷

আলোচনীখনৰ কামত বিশেষকৈ সাক্ষাৎকাৰ শিতানটোৰ বাবে লগতে সম্পাদনাৰ সময়ছোৱাত মোক ঘৰুৱা দায়িত্বৰ পৰা সম্পূৰ্ণৰূপে মুকলি কৰি দি মোক পূৰ্ণৰূপত সহায় কৰিছিল মোৰ জীৱনসংগী বিষ্মিতা শৰ্মাই, তেওঁ ওচৰত মই চিৰকৃতজ্ঞ৷ মোৰ প্ৰতিটো কামতে আশীৰ্বাদ তথা উৎসাহিত কৰা মোৰ মাতৃ মঞ্জুলা শইকীয়াকো এই সুযোগতে প্ৰণাম তথা কৃতজ্ঞতা জনালো৷

“ফটাঢোল” ই-আলোচনীৰ চতুৰ্থ সংখ্যাটি সম্পাদনা কৰাৰ সময়ত মোক উৎসাহ যোগোৱা “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰি পাঠক সমাজলৈ আলোচনীখনৰ চতুৰ্থ সংখ্যাটি আগবঢ়ালো৷ আপোনাসৱৰ আশীষ আৰু শুভেচ্ছা কামনাৰে-

দেবজিত শইকীয়া

সম্পাদক,

“ফটাঢোল”

অক্টোবৰ সংখ্যা, ২০১৭

*****

2 Comments

  • আপোনাৰ সম্পাদনাত এখন সুন্দৰ আলোচনী পঢ়িবলৈ পাইছো৷

    Reply
  • তোমাৰ সম্পাদনাত এখন সৰ্বাংগ সুন্দৰ আলোচনী পঢ়িবলৈ পালোঁ। অশেষ ধন্যবাদ তোমালৈও

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *