কিম জং উনৰ পিয়ংইগাঙস্থিত প্ৰাসাদোপম অট্টালিকাৰ অভ্যন্তৰৰ এক গোপন প্ৰকোষ্ঠত মই যোৱা আধাঘণ্টা ধৰি অপেক্ষাৰত অৱস্থাত৷ এনেতে এটা সংকেতধ্বনি বাজি উঠিল৷ এগৰাকী নীলনয়না সুবেশী ৰমণী আহি সুদৃশ্য কোঠাটোত উপস্থিত হ’ল৷ ৰূপহীৰ দুচকু সাগৰৰ দৰে গভীৰ, কম্পমান অধৰ, ঢৌ খেলা চেলাউৰিজোৰলৈ যেন প্ৰশান্ত সাগৰৰ চুনামী নামিছে৷ বৰ্ষাৰ আনন্দত মতলীয়া হোৱা ময়ুৰৰ দৰে ভ্ৰূযুগলৰ অপূৰ্ব নৃত্যভংগীমাৰ দৰ্শনত মই ক্ষন্তেক মোহাছন্ন হৈ ৰ’লো৷ এই ললনা আচলতে কিম জং উনৰ দেহৰক্ষীসকলৰ এগৰাকীহে৷ কথাষাৰ গম পোৱা মাত্ৰকে মই সম্বিত ঘূৰাই পালো৷ এতিয়া এইবোৰৰ সময় নহয়৷ অনেক গুৰুত্বপূৰ্ণ কাম কৰিবলৈ বাকী আছে৷ সমগ্ৰ পৃথিৱী ৰক্ষাৰ দায়িত্ব এতিয়া মোৰেই ওপৰত৷

: হিজ হাইনেছ ইজ কামিং! প্লিজ নিল ডাউন! – সুন্দৰী ৰূপহীৰ মুখৰ পৰা কৰ্কশ মাত এটা শুনা গ’ল৷

মানে? এতিয়া আঁঠু কাঢ়িব লাগিব৷ অৱশ্যে কিম-জং-উনৰ আগত আঁঠু নাকাঢ়িলে মোৰ আঁঠুৰ ঘিলা কঢ়া যোৱাটো খাটাং! সেয়ে আঁঠু ললো৷ অলপ পৰ পাছতেই প্ৰকাণ্ড দুৱাৰখন মেল খালে৷ উত্তৰ কোৰিয়াৰ মহা পৰাক্ৰমী শাসক কিম-জং-উন বীৰদৰ্পে সোমাই আহিল৷ ময়ো বিশেষ একো নাভাবি উঠিবলৈ খোজোতেই পিছফালৰ পৰা এটা গেমেহা কিল খালো–

: “খ্ৰুং পুট খ্যাম! ”

একো বুজি নাপালেও গম পালো যে ‘এনেকৈয়ে পৰি থাক! ’ এই জাতীয় কিবা এষাৰেই হবগৈ৷ বিনাবাক্যব্যয়ে তেনেকৈয়ে পৰি থাকিলো৷ অৱশ্যে আঁৰ চকুৰে কাৰবাৰবোৰো চাই থাকিলো৷

কিহৰ পাল্লাত যে পৰিলো!

কিম-জং-উনে ২০১১ চনত দেউতাকৰ মৃত্যুৰ পাছত উত্তৰ কোৰিয়াৰ শাসনৰ বাঘজৰী হাতত লয়৷ এখেত হ’ল একেবাৰে “মোগেম্ব’ খুচ হুৱা” টাইপৰ একনায়ক৷ কেইবছৰমানৰ ভিতৰতে দেশৰ সংবিধান, আইন-কানুন আদি ভৰিৰে মোহাৰি নিজেই নানা অদ্ভুত নীতি নিয়ম বনাই প্ৰজাগণৰ অৱস্থা একেবাৰে ‘কুক্কুৰ-শৃগাল-গৰ্দভ’ৰ দৰে কৰি পেলালে৷ ৰাষ্ট্ৰখনৰ সাধাৰণ লোকৰ দুৰ্দশালৈ পৃথিৱীৰ আন কোনেও কাণষাৰ নিদিলেও স্বৰ্ণখচিত সিংহাসনত উপবিষ্ট হোৱা কিম-জং-উনে নিজৰ হাতত থকা আণৱিক যুদ্ধাস্ত্ৰৰে সমগ্ৰ পৃথিৱী ধ্বংস কৰাৰ হুমকি দিয়াৰ পাছতেই সকলোৰে হাহাকাৰ লাগিল৷ জাপান, আমেৰিকা কালৈকো ভয় নকৰা কিমে এটাৰ পাছত এটাকৈ আণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ কৰি, জাপানৰ আকাশেৰে মিছাইল আদি মাৰি সমগ্ৰ পৃথিৱীকে দেখুৱাই দিলে যে উত্তৰ কোৰিয়াৰ লগত এখুন্দা লাগিলে সকলো ধ্বংস হ’ব৷ গতিকেই যুদ্ধৰ বাতাবৰণ পৰিহাৰ কৰি কিম-জং-উনৰ সৈতে কূটনৈতিকভাৱে মিতিৰালি কৰি সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবলৈ বিশ্বৰ নেতাসকলে গোপন মন্ত্ৰণা পাঙিলে৷ পিছে কিমৰ সৈতে এঘড়ী যুঁজ দিয়া দুৰৰে কথা, এখন্তেক কথা পাতিবলৈও কোনেও ৰিস্ক নলয়৷

ট্ৰাম্পৰ মিছেছৰ হেনো মুৰৰ বিষ, পুটিনৰ পেটৰ অসুখ, এঞ্জেলা মৰ্কেলৰ কিবা মাটি-বাৰীৰ লেঠা, ডেভিদ কেমেৰুণৰ খুলশালীয়েকৰ বিয়া, আনকি ঝিং-পিঙৰো হাত-ভৰিৰ জিনজিননি, দিনে নিশাই চাইনিজ ‘টাইগাৰ বাম’ৰ মালিচ লৈয়ো হেনো অকণো আৰাম পোৱা নাই, গতিকেই সাতে-পাঁচে মিলি সকলোৱে আমাৰজনাকেই কিমৰ লেঠাটো চিঙিবলৈ বুলি সঁপিলে৷ এনেয়ো আমাৰজনাই ইতিমধ্যে কাৰ্তিকৰ দৰে সসাগৰা পৃথিৱীখন কেইবাপাকো মাৰি নানা দেশ পৰিভ্ৰমণ কৰি সকলোৰে জনাজাত হৈছেই৷

সৌ সিদিনাৰ কথা৷ দুপৰীয়া সময়ত দিল্লীৰ পৰা অহা সেই ফোনটোৰ আঁত ধৰিয়েই মই এইখিনি পালোহি৷

: নমস্কাৰ মহ উদয়! আপুনক ছাগলীতম জানালাম! আসন গৰকক!

কিম-জং-উনৰ টেংটেঙীয়া মাতষাৰ শুনি সম্বিত ঘূৰাই পালো৷ মুৰ দাঙি চাই দেখিলো যে কিমে এটা আই-পেড জাতীয় যন্ত্ৰৰ স্ক্ৰীণখন চাই চাই কিবা এষাৰ বলকি আছে৷ মই বুজি নোপোৱা বুলি গম পাই এইফাকিকেই আকৌ এবাৰ গালে৷ এতিয়াহে উৰহীৰ ওৰ পালো, আচলতে তেখেতে এনেকৈহে কব খুজিছিল – ‘নমস্কাৰ মহোদয়! আপোনাক স্বাগতম জনালো! আসন গ্ৰহণ কৰক! ’

আমাৰ জনায়ো কেতিয়াবা কোনোবা বিদেশী নেতাক আদৰিবলৈ ভুলে শুদ্ধই জাপানী-ফৰাচী-ভুটীয়া বাক্য এফাকি টুইট কৰাৰ দৰেই এখেতেও মোক এইষাৰ কথাৰেই আদৰিছে৷ পিছে বিধিৰ বিপাক, আজিৰ দিনতো ইণ্টাৰনেটত অসমীয়া লিপি, ব্যাকৰণ, বানান, উচ্চাৰণ আদিৰ অৱস্থা তথৈবচ৷ গতিকেই এনে অৱস্থা৷ যি হওক, ইমান পৰে আঁঠুকাঢ়ি থাকোতে ভৰিখন টনটনাই গৈছিল৷ এইবাৰ লাহেকৈ উঠি মোৰ নিৰ্দিষ্ট আসনত ভালদৰে বহি ললো৷ কোনো বাহুল্য নকৰাকৈ কিমে মোৰ কবলগীয়া কথাখিনি আৰম্ভ কৰিবলৈ ইংগিত দিলে৷

আচলতে মোৰ বিশেষ কবলগীয়া একোৱেই নাই৷ সিদিনা অহা ফোনকলটোৰ বাবেই মই আজি এই পৰিস্থিতিত পৰিলো৷

: হেল্লৌ মিত্ৰৌ! মেৰে প্যাৰে ভাই, মেৰে প্যাৰে মেনেজ মাষ্টৰ! তুমহাৰে লিয়ে এক কাম হ্যে!

চিনাকি মাত, চিনাকি সুৰ৷ এসময়ৰ শুনিবলৈ বৰ শুৱলা আৰু মুহুৰ্ততে কোটি কোটি লোকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা এই মাতষাৰ আজিকালি শুনা মাত্ৰকে সকলোৰে পিলাই চমকি যায়! এইবাৰ আকৌ কি বা কৰে? সিদিনাও মোৰো সেই একেই অনুভৱ হৈছিল৷

এইবাৰ মোক সঁচাকৈয়ে কেন্দ্ৰীয় মন্ত্ৰী পাতিব নেকি? ভালেই হ’ল৷ কিমান আৰু আঞ্চলিক ৰাজনীতি কৰিম৷ সৌ সিদিনা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ মন মেলাৰ কথা কবলৈহে পালো, সকলোৱে ধৰি মেলি আকাশত চাং পাতি প্ৰতিৰক্ষা মন্ত্ৰীয়েই পাতি দিলে৷ সেইবাৰ ৰাইজৰ আগত মুখ থেকেচা খোৱাৰ পৰা কোনোমতেহে বাচিছো৷

মই কিবা এটা কবলৈ নৌ পাওতেই সেইফালৰ পৰা আদেশৰ সুৰত শুনা গ’ল –

: এক ইণ্টাৰনেশ্যনেল কাম হ্যে!

মই উপায়বিহীন৷ মোৰ আগৰ কাৰ্য্যকলাপৰ বহুকেইটা ফাইল, গোচৰ ইত্যাদি ইতিমধ্যে যথাস্থানত সুৰক্ষিত কৰি মোক নচুৱাই থকা কথাটো সকলোৱে জানে৷ কেতিয়াবা দিগবিজয়, কেতিয়াবা ৰাম মাধৱৰ সমুখত দেও পাৰি নাচোতেই সময়বোৰ পাৰ হৈছে৷ কাজেই সিদিনাও মই একো কব নোৱাৰিলো৷

: ষ্টাৰ্ট!

কিম জং উনে আকৌ এবাৰ দোহাৰিলে৷ মই গল হেকাৰি মাৰি আৰম্ভ কৰিলো৷

: মহোদয়৷ আপোনাৰ খ্যাতি এই মহান ৰাষ্ট্ৰখনৰ পৰা বাহিৰলৈ যাব লাগে৷ আপোনাৰ দৰে মহান মনীষী এজনা এই সামান্য ৰাষ্ট্ৰখনত থকাটো সমগ্ৰ পৃথিৱীৰ বাবেই অন্যায় হৈছে৷ আপোনাৰ মহান কাৰ্য্যসমূহ ইতিমধ্যে পৃথিৱীৰ বহু দেশ তথা ক্ষেত্ৰীয়ভাৱেও ইতিমধ্যে কাৰ্য্যকৰী হৈছে৷ আনহে নালাগে আমাৰ মুলুকতেই ইতিমধ্যে আপোনাৰ কল্পনাপ্ৰসূত কাৰ্য্যসমূহ সফলভাৱে ৰূপায়িত কৰা হৈছে৷

: ডিটেইলছ প্লিজ! – আকৌ টেংটেঙীয়া মাত এটা শুনা গ’ল৷

: মানে মানে আমাৰ মুলুকৰ কথাই ধৰক৷ মানে আপুনি আমাৰ মুলুকলৈ গ’লে আপোনাৰ বিশ্বাসেই নহ’ব যে আপুনি আপোনাৰ দেশৰ বাহিৰলৈ গৈছে৷ একেবাৰে আপোনাৰ ঘৰুৱা পৰিবেশেই পাব৷ মানে ধৰক, আমাৰ মুলুকৰ সামন্ত ৰজাসকলেও চৰকাৰী খৰচত কোটিটকীয়া গাড়ী, হেলিকপ্তাৰ, উৰাজাহাজতহে ফুৰে৷ কেলেহুৱা প্ৰজাসৱৰ বাবে অৱশ্যে লেতেৰা-ঘেগেলা বাছ-ট্ৰেইনেই গতি৷ আপোনাৰ দেশৰ দৰে একেই ৰাস্তা-ঘাট৷ মানে ৰজাঘৰীয়াসকলে অহাযোৱা কৰা পথসমূহ ফু মাৰি ভাত খাব পৰা, পিছে প্ৰজাসকলৰ বাবে নিৰ্দিষ্ট পথসমূহৰ জৰাজীৰ্ণ অৱস্থা৷ শিক্ষাৰ নামত ‘ভাটৌ’ কিছুমান উৎপাদন কৰাৰ দিহা কৰা হৈছে যাতে বেছি পঢ়ি শুনি চালাকি কৰিব নোৱাৰে৷ বুৰঞ্জী-ভূগোল বাদ দি নিজৰ সুবিধামতে পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছে৷ প্ৰজাগণে যাতে সুষম-শক্তিদায়ক খাদ্য খাই বৈ শক্তিশালী হব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে৷ বিভিন্ন খাদ্যত বিষাক্ত কীটনাশক, শিলগুটি, ৰং আদি মিহলোৱাৰ পাছতহে প্ৰজাসকলৰ বাবে মুকলি কৰি দিয়া হৈছে৷ প্ৰজাসকলক কাম-বন নকৰি এলেহুৱা, সোৰোপা কৰিবলৈ তিনিটকীয়া চাউল, সস্তীয়া মদকে ধৰি নানান ধৰণৰ আচনি লোৱা হৈছে৷ বন্ধ সংস্কৃতি, চান্দা সংস্কৃতি, ঘাইপথ-ৰে’ল অৱৰোধ আদি নিত্য নতুন সংস্কৃতিৰ আমদানি কৰা হৈছে৷

: ইজ ইট? ৰিয়েলী?

: হয়, আপোনাৰ দেশত ইণ্টাৰনেট নিষিদ্ধ হলেও অৱশ্যে আমাৰ মুলুকত ইণ্টাৰনেট সেৱা ফ্ৰি কৰি দিছো৷ ফ্ৰি মানে সকলোৰে পৰা মিনিমাম এটা খৰচ লৈ ইণ্টাৰনেট ফ্ৰি কৰি দিয়াৰ নাটক কৰা হৈছে৷ আমাৰজনাৰ নলেগলে লগা বন্ধু আম্বানীয়ে এই চেগতে দুপইছা ঘটিছে অৱশ্যে৷ পিছে ৰাইজে বৰ ভাল পাইছে৷ ৰাইজে এতিয়া মৰম-চেনেহ, আশীৰ্বাদ দিয়াৰ উপৰিও ধৰ্ণা-আন্দোলন, কাজিয়া-পেচালো ঘৰৰ শেতেলীৰ পৰাই আৰামতে কৰিব পৰা হৈছে৷ ইণ্টাৰনেটত আমাৰ ভালবোৰ অনবৰতে বখানি থাকিবলৈ মানুহ ৰাখি দিছো৷ আমাৰ বিৰুদ্ধে কোনোবাই কিবা মাত মাতিলেই ৰাং-কুকুৰৰ দৰে এইসৱে জপিয়াই পৰে৷ এইসৱলৈ মাজে মাজে দুই এদাল হাড়ৰ টুকুৰা দলিয়াই দি থাকিলেই যথেষ্ট৷ ইয়াৰ উপৰিও টিভি-বাতৰি কাকত-ৰেডিঅ’ চেনেলবোৰো আমাৰেই৷ আমি যি দেখুৱাব, পঢ়ুৱাব খোজো সেয়াই সকলোৱে দেখে-পঢ়ে-বুজে৷ এই দেশৰ দৰে আমাৰ দেশতো পলিটিকেল পাৰ্টিবোৰো বৰ এটা এক্টিভ নহয়৷ সকলো একেবাৰে বেলেন্সড৷ কিছুমানে ৰোহিংগীয়াখিনিক আদৰিব খোজে, কিছুমানে আকৌ হিন্দু শৰণাৰ্থীখিনিক বৰপীৰাত বহুৱাব খোজে৷ এইবোৰ কৰিয়েই সময় কটায়, ৰাইজৰ সুখ সুবিধাৰ কথা ভাবিবলৈয়ো নাই৷

অলপ পৰ ৰ’লো৷ মোৰ আচল উদ্দেশ্য হ’ল কিমক কেনেবাকৈ নিজৰ দেশৰ পৰা বাহিৰলৈ নিয়া৷ কিমক নিজৰ দেশৰ বাহিৰলৈ উলিয়াই নিব পাৰিলেই সকলোৰে মংগল৷ এতিয়া মোৰ ওপৰতেই সকলোৰে ভৰসা৷ মিছা কথা বেছিকৈ ক’লে অভ্যাসবশতঃ মোৰ মুৰটো সামান্য হাউলি পৰে৷ আজিও সেয়াই হ’ল, মুৰটো বেঁকা কৰি আকৌ আৰম্ভ কৰিলো –

: আপুনি জানি ভাল পাব যে আমাৰ দেশত আপোনাৰ দৰেই বহুকেইজন ৰজা এতিয়াও আছে৷ নামত সন্যাসী পিছে আদৱ-কায়দা ৰজাৰ দৰেই৷ তেনে সন্যাসী এজনাৰো কোটি-কোটি প্ৰজা থাকে, নিজাকৈ সৈন্যবাহিনী থাকে, আত্মঘাটি বাহিনীও থাকে, দৰকাৰ হ’লে চহৰ-গাওঁ জ্বলাই দিব পৰাকৈ অস্ত্ৰ থাকে, সোণ খটোৱা প্ৰাসাদ-দুৰ্গ আনকি বহুতৰে সহস্ৰ সুন্দৰী ৰমণীৰে পৰিবেষ্টিত হেৰেম পৰ্যন্ত থাকে৷ দেশৰ মন্ত্ৰী-আমোলা-আৰক্ষী বিষয়াৰ পৰা ন্যায়াধীশলৈ বহু ক্ষমতাশালী লোক এখেতসৱৰ অনুৰাগী৷ এখেতসৱে সাধাৰণ প্ৰজাক ভেলেকী-বাজি দেখুৱাই বশ কৰি নিজৰ মতে ব্যৱহাৰ কৰাত পাকৈত৷ সাধাৰণ প্ৰজাই এখেতসৱৰ বাবে প্ৰাণ পৰ্য্যন্ত দিবলৈ পিছ নুহুহকে৷ লোকক দেখুৱাবলৈ দুখনমান বিদ্যালয়, চিকিৎসালয় খুলি সমাজসেৱাৰ চং দেখুওৱা এনে কিছু সন্যাসীৰ নাম ফৰ্বছৰ লিষ্টতো প্ৰথম দহজনৰ ভিতৰত থাকে, কোনো সন্যাসী কেন্দ্ৰীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীও হয়গৈ৷

: গুড! ইণ্টাৰেষ্টিং!

মই গম পালো, কিমে ইতিমধ্যে টোপ গিলিছে৷ অকণো সময় নষ্ট নকৰি নিৰ্বাচনী সভাত হাত জোকাৰি, ডিঙিৰ শিৰ ফুলাই কেতিয়াবা ‘পাইপেৰে তেজ যোৱা কথা’ আকৌ কেতিয়াবা ‘লুই-বাৰ্গাৰৰ অমৃতসম পানী’ৰ কথা কোৱাৰ দৰেই একেৰাহে কৈ গ’লো৷

: হয়, আচলতে আমাৰ মুলুকৰ দৰে কাঢ়া অথচ লেহুকা নিয়ম-কানুন পৃথিৱীতে বিৰল৷ পঢ়া-শুনা, ৰাস্তা পদূলিৰ কথাতকৈ আমাৰ মুলুকৰ ৰাইজে কি মাংস খাব, ছোৱালীয়ে কি পোছাক পিন্ধিব, কি ধৰ্ম আটাইতকৈ ভাল এইবোৰ কথাতহে বেছি গুৰুত্ব দিয়ে৷ চিকিৎসালয়-পঢ়াশালি-বজাৰবোৰৰ অৱস্থা গেৰেকনিৰ দৰে লেতেৰা হলেও দিনে নিশাই মাইক বজাই ইশ্বৰৰ আৰাধনা কৰা উপাসনাগৃহবোৰ একেবাৰে মিহি চিকচিকিয়া মাৰ্বল খটোৱা৷ খোৱাপানী, বিদ্যুত, পথ, চিকিৎসাসেৱা আদিতকৈ নদী-গছ আদিৰ পূজা-উপাসনা আদিতহে বেছি গুৰুত্ব দিয়া হয়৷ পথ দুৰ্ঘটনা, ভেজাল সামগ্ৰী, অনাহাৰে মৃত্যু, আনকি বিদ্যুতস্পৃষ্ট কৰিও জনসংখ্যা বৃদ্ধি ৰোধৰ আচনিবোৰ ফলপ্ৰসূ কৰাত গুৰুত্ব দিয়া হয়৷ ৰজাঘৰীয়া ভুলবোৰ ঢাকিবলৈ মাজে মাজে আমাৰ প্ৰধানজনে টিভি-ৰেডিঅ’ত দুটোপাল চকুপানী টুকিলেই সকলো সহজ হৈ পৰে৷ হওঁতে ৰজাৰ বিৰোধী হিচাপে এজনা-দুজনা ৰাজকুমাৰো নথকা নহয়৷ পিছে তেৰাসৱৰো চংবোৰ ভাওনাৰ বহুৱাৰ লেখিয়াই৷ কিবা এষাৰ গুৰুগম্ভীৰ কথা কবলৈ গৈ গোটেইখন ওলোটাই পেলায়৷ ৰাইজেও তেনেবোৰ চং দেখিয়েই আনন্দ লাভ কৰি নিজগুণে তুষ্ট হয়৷

কথাষাৰ শেষ কৰি কিমলৈ চালো৷ দেখিলো, উত্তৰ কোৰিয়াৰ সৰ্বশক্তিমান কিম-জঙ-উনে মন্ত্ৰমুগ্ধ হৈ মোৰ ফালে চাই আছে৷ মই ভাবিলো এয়াই সুযোগ, উদাত্তকণ্ঠে শেষ কথাষাৰ আৰম্ভ কৰিলো –

: হে মহাপৰাক্ৰমী সম্ৰাট! গতিকে এই অল্পমতিয়ে আপোনাক আমাৰ মুলুকলৈ সাদৰেৰে নিমন্ত্ৰণ জনালো৷ আমাৰ মুলুক মানেই আপোনাৰ মুলুক বুলি ধৰি লওক৷ আহক, এবাৰলৈ হলেও আহক৷ পৃথিৱীৰ সমষ্ট নেতাই আপোনাৰ প্ৰতি বৰ্তমানে থকা অসূয়া ভাৱ পৰিহাৰ কৰি বন্ধু হিচাপে আঁকোৱালি ল’ব৷ আপোনাৰ দৰে সিংহ এজনা আমাৰ মুলুকলৈ আহিলে আমি আপ্লুত হ’ম ….

এনেকৈ প্ৰায় এঘণ্টামান একেৰাহে বাৰেবিংকৰা এসোপা গোৱাৰ পাছত কিম-জং-উনৰ মন কুমলিল৷ শেষত ক’লে –

: অ’কে! আই ৱিল গ’ টু য়ৰ প্লে’ছ৷ আই ৱিল গ’ এজ টুৰিষ্ট৷ প্লিজ এৰেঞ্জ!

টুৰিষ্ট! বঢ়িয়া! মই কিমৰ আগত আমাৰ টুৰিজ্যিমৰ ব্ৰেণ্ড এম্বেছেদৰ গৰাকীৰ কথাও কলো৷ ইয়াকো কলো যে প্ৰিয়ংকা চোপ্ৰাই কিমক এয়াৰপৰ্টত নিজেই ৰিচিভ কৰিব৷ কূটনৈতিক কথাৰ পাকত কিমক জব্দ কৰিবলৈ হ’লে এগৰাকী সুন্দৰীৰ উপস্থিতিৰ অতীব প্ৰয়োজন৷ সেয়ে মই বহুদিন আগতেই ‘বনৰীয়া অসম’ৰ নামত কোটি টকা ইনভেষ্ট কৰি থোৱা প্ৰিয়ংকা চোপ্ৰাকেই এই দায়িত্ব দিম বুলি থিৰাং কৰিলো৷ বেছি জনাশুনা হলে অসুবিধা, পিছে এখেতৰ ক্ষেত্ৰত একো অসুবিধা নাই৷ সৌ-সিদিনা ছিকিম ৰাজ্যখনক উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত বুলি কৈ সকলোৰে গৰিহণা খাই ক্ষমা খুজিহে ৰক্ষা পালে৷ ব্ৰেণ্ড এম্বেছেদৰৰ বিশেষ কাম একো নাই৷ মিটিঙত মাজে মাজে দুই এটা হামি মাৰি এঙামুৰি দি থাকিলেই যথেষ্ট৷ সৌ সিদিনা ‘বনৰীয়া অসম’ৰ মিটিঙ উপলক্ষে কোটি টকাৰ মাননি লৈ মাথো এদিনৰ বাবে অসমলৈ আহি একেই এক্সপ্ৰেশ্যন দিছিল৷ আনকালে মাতি মাতিও আনিব নোৱাৰা ব্ৰেণ্ড এম্বেছেদৰ গৰাকীয়ে এইবাৰ অসমলৈ যাবলৈ বাধ্য হবই৷ নাহিলে ট্ৰাম্পৰ হতুৱাই হলিউডৰ পৰা খেদাই দিম বুলি কৈ দিম৷

মই স্বস্তিৰ নিশ্বাস এৰিলো৷ কাম হৈ গ’ল৷ বেচেৰা কিম-জং-উন! সিংহ বুলি কওঁতেই একেবাৰে লেউ-সেউ হৈ গ’ল৷ পিছে অমুকাই ৰাজ্যসভাৰ নিৰ্বাচনত তিনিটাকৈ সিংহ গাড়ীৰ ডিকিত ভৰাই অনাৰ আখ্যান নাজানেই৷ সেইকেইটা সিংহৰ ছাল পিন্ধা গাধহে আছিল অৱশ্যে৷ ৰাজ্যসভা আদিৰ নিৰ্বাচনৰ সময়ত বহু গাধৰ মুল্যও ঘোঁৰাৰ সমান হয়গৈ৷ সেইবোৰ কৰিয়েই আজি এইখিনি পাইছোহি৷

মই জানো যে কিমে তালৈ গৈ ঘূৰি আহিবই মন নকৰিব৷ আমাৰ মুলুকৰ কাৰবাৰবোৰো ইয়াৰ দৰে প্ৰায় একেই৷ থকা-মেলাৰো বিশেষ অসুবিধা নহব৷ আগৰজনাই কইনাধৰা পাহাৰৰ অতিথিশালাটো দখল কৰাৰ দৰেই বৰ্তমানৰজনেও ব্ৰহ্মপুত্ৰৰ পাৰৰ অতিথিশালা একোটাতেই বাহৰ পাতিছে৷ মুল বাসভৱনটো খালী হৈয়েই আছে৷ কিমে তাতেই আৰামত থাকিব পাৰিব৷ লাগ বুলিলেই গাড়ী, হেলিকপ্টাৰ ৰেডী৷ আনহে নালাগে কিমৰ নিজা নিউক্লীয় বোমাবোৰৰ অভাবো পাহাৰত থকা নদীবান্ধৰূপী ‘জলবোমা’ কেইটাই দুৰ কৰিব পাৰিব৷ ইয়াৰ উপৰিও কেতিয়াবা কিবা অসুবিধা হলেই প্ৰধান সেৱকৰ ভাষণ এটা শুনাই দিয়াৰ বন্দৱস্ত মই কৰিয়েই আহিছো৷ সামান্য এটা ভাষণ শুনিয়েই কিমেও আনসকলৰ দৰেই মন্ত্ৰমুগ্ধ হৈ একেবাৰে ভক্তৰ শাৰীত দীঘল দি পৰাটো একেবাৰে খাটাং! মুঠতে কিমক ঠাণ্ডা কৰিবলৈ আমি সকলোফালে সাজু৷

পিছে ইমান দিন ৰাজনীতি কৰিও সেই মুলুকত মোৰ ৰাজপাটত বহাৰ আশা একেবাৰে খীণ৷ সেয়ে এইবাৰ কিমক আমাৰ মুলুকলৈ পঠিয়াই দি উত্তৰ কোৰিয়াৰ ৰাজপাটত বহি লোৱা কথাই ভাবিছো৷ কাৰবাৰবোৰ মোটামুটি একেই হব৷ এই দেশৰ বেছিভাগ নাগৰিকৰ মতি গতিও আমাৰ মুলুকৰ দৰেই, মানে ভেড়াৰ পালৰ দৰেই নিবোকা চামোন আৰু হেবাং৷ কাজেই আমাৰ মুলুকত চলোৱা একেবোৰ কূটনীতিৰেই এই ৰাষ্ট্ৰখন চলাই মেলি নিবলৈ বেছি অসুবিধা নহ’ব৷

কিম তাতেই থাকক, ময়ো এইফালে মন দিওঁ৷ একে নিশাই ৰিজিঅনেল লিডাৰৰ পৰা গ্ল’বেল লিডাৰ হৈ গলো! কিহৰ পৰা আৰম্ভ কৰো বাৰু?

প্ৰথমে সকলোকে এটা গ্ল’বেল ৱাৰ্ণিঙকেই দি দিও নেকি?

☆★☆

Comments

  1. টুপী খুলি চালাম দিছো জ্যোতিদা।

    সাংঘাতিক

  2. ৱাও! ফালি দিছা হে! আমাৰ জনাৰ খালি হেয়াৰ কাটিং কৰাই ললে এক্কে shame to shame হৈ গল হেতেন ৷ বঢ়িয়া লাগিল ৷

  3. পঢ়ি ভাল লাগিল ।আটাইত ভাল লাগিল চৰিত্ৰ নিৰ্বাচনত।

Leave a Reply

Your email address will not be published. Required fields are marked *