ফটাঢোল

বিয়াৰ লাড্ডু – অসমী গগৈ

বিয়া বুলি ক’লেই “মন মে লাডু ফুটা“ৰ বয়স৷ ইতিমধ্যে কেইবাজনেও চাহজলপান খাই কেইবাখনো ফুলাম গামোচা নিলেই৷ সপোনত কেইবাবাৰো হনীমুনো কৰি আহিলো৷ বিয়া সকামলৈ সাজি কাচি যাওঁতে যাওঁতে কেইবাযোৰো চেণ্ডেলৰ গতি লাগিল৷ সপোনটোৰহে গতি নলগা হ’ল৷ ঘৰলৈ মানুহ-দুনুহ আহিলে, কৰবাত কাৰোবাক লগ পালে মোলৈ দৰা বিচাৰিবলৈ কোৱাটো ঘৰৰ সকলোৰে এটা নিয়মৰ দৰে হ’লগৈ৷ মুঠৰ ওপৰত পিঠিত “ফৰ চেল“ লগাই ঘূৰিবলৈহে বাকী৷

বহুত দিনৰ মূৰত সিদিনা পেহীৰ ল’ৰাটো আহি ওলালহি৷ পেহাই চাহবাগানত কাম কৰে৷ হাতত লৈ অহা চাহপাতৰ টোপোলাটোৱে আমাক আটাইতকৈ সুখী কৰিলে৷ মায়ে টোপোলাটো নি চিধা আলমিৰাত ভৰালেগৈ৷ বিশেষ আলহী আহিলেহে উলিয়াব৷

পেহীৰ লৰাৰ আগতো মায়ে বিননি জুৰিবলৈ আৰম্ভ কৰিলে৷ বিষয় “ মোৰ বিয়া“৷ বিয়া পাতিবলৈ ছোৱালী বিচাৰি থকা চিনাকি ল’ৰাজনক দুদিন পাছত লৈ অহাৰ কথা কৈ সি গ’লগৈ৷

মনৰ মাজত পুনৰ সপোনৰ আখৈ ফুটিবলৈ আৰম্ভ কৰিলে৷ মচুৰ দাইল পিহি মুখত লগাবলৈ ল’লোৱেই৷ ঘনে ঘনে আইনা চাই ত’ত নোপোৱা হ’লো৷

পেহীৰ ল’ৰাই আলহী লৈ আহিল৷ কথা বতৰা পাতি আছো৷ মই চাহ সাজু কৰি আছো৷ কাণখন আলহীৰ কথা শুনিবলৈ থিয়৷ এপাকত আলহীয়ে “চাহ নাখাওঁ নেকি“ বুলি কোৱা যেন শুনিলো৷ একে দৌৰে আহি আলহীক উদেশ্যি ক’লো “ কিয় নাখাব, খাব লাগিব৷ আমাৰ ঘৰত বাগানৰ চাহপাত আছে৷ “

কথা বতৰা বন্ধ কৰি সকলোৱে মোলৈ ঘোপাকৈ চাই থাকিল৷ পেহীৰ ল’ৰাৰ চাৱনিয়ে মোক আকৌ এটা নতুন সপোনৰ কথাই কোৱা যেন লাগিল৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *