সংস্কৃতি হ’ল মানুহৰ সামাজিক আচৰণৰ মূৰ্ত প্ৰকাশ৷ সংস্কৃতিৰ এটা ভাগ হ’ল লোক-সংস্কৃতি৷ অসমৰ লোক-সংস্কৃতিৰ পথাৰখন অতি সাৰুৱা৷ অসমীয়া সমাজ জীৱনত বিভিন্ন অঞ্চলত প্ৰচলিত গালি শপনিবোৰৰ লোক সংস্কৃতিত এক সুকীয়া স্থান আছে৷ এই গালি শপনিবোৰৰ আৰম্ভণি ক’ত কেনেকৈ হ’ল তাক কোৱা টান৷ গালি শপনিবোৰৰ মূল আধাৰ হ’ল কাজিয়া৷ কাজিয়া নকৰিলেও ’গোৱাল গালি’ৰ প্ৰচলন আমাৰ সমাজত আছে৷ অসমীয়া সাহিত্যতো কাজিয়াৰ বৰ্ণনা পোৱা যায়৷ পৌৰাণিক সাহিত্যত ইয়াৰ বৰ্ণনা আছে৷ মহাপুৰুষ শংকৰদেৱৰ “পাৰিজাত হৰণ“ত শচী আৰু সত্যভমাৰ কাজিয়া, “চোৰধৰা পিম্পৰা গুচোৱা“ত যশোদাই গুৱালিনীসকলক উদ্দেশ্যে পৰা গালি, মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত ৰাধেশ্যামীসকলৰ কাজিয়াবোৰ, হোমেন বৰগোহাঞিৰ “মৎস্যগন্ধা“ খনত মেনকাৰ গালি-গালাজবোৰ আমাৰ লোক জীৱনৰ পৰাই বুটলি অনা বুলিব পাৰি৷ দেখা যায় যে, লোক জীৱনত প্ৰচলিত গালি গালাজবোৰ কেতিয়াবা সাহিত্যত প্ৰৱেশ কৰি বাংময় ৰূপ লাভ কৰে৷ যি কি নহওক, ইয়াত আজি অসমীয়া সমাজত প্ৰচলিত গালি শপনিবোৰ অলপ উল্লেখ কৰিবলৈ যত্ন কৰিম৷

অ- অজান পাতকী, অঘৰীৰ সঁচ, অঁকৰাৰ জাত, অধমৰ জাত, অধঃপতনে যা, অসভ্য, অমংগলীয়া, অলক্ষ্মী, অশৰণীয়াবোৰ, অশলাগী, অসদাচাৰী, অসুৰৰ জাত, অল্পমতি, অধৰমী, অশলাগৰ জাত, অঘৰীৰ জাত, অহঙ্কাৰীৰ জাত, অজাতশত্ৰুটো, অতি বাঢ়িছ, অতিসাৰ হৈ মৰিবি, অপঘাত হৈ মৰিবি, অঁকিয়াই পেলাম, অসদাচাৰী, অহৌবলীয়াৰ জাত ইত্যাদি৷

আ- আওমৰণে মৰ, আবিয়ৈ হৈ থাকিবি, আলষণী, আওকঠীয়াৰ জাত, আগমঙহ খাম, আফাল মাৰি দিম, আছাৰ মাৰি মাৰিম, আথান ভাঙিম, আঁকুহি পেলাম, আহুদি খুৱাই মাৰিম বাপেকে, আলাই জাবৰী, আওকঠীয়া ইত্যাদি।

ই- ইতৰ, ইটা মাৰি মাৰিম, ইফলীয়া কৰিম, ইতৰ জাত ইত্যাদি।

উ- উচটনি মাৰি নেদেখুৱাবি, উজলাটো/উজলাজনী, উতলা পানী ঢালিম, উদণ্ড, উদঙ্গীয়া জাত ইত্যাদি৷

এ- একে চৰে দাঁত সৰাই দিম, একে মাৰে মাৰিম, একে ধাৰে দিছে কৰিম, একে জোলোকাই যা, একেপাত চৰতে মাৰ বাপেৰ বিয়া দেখিবি ইত্যাদি৷

ঐ- ঐ হাইজাত যোৱা, ঐ কলি, ঐ বনৰী, ঐ নৰকী, ঐ বগৰা, ঐ ঘৈণীয়েৰৰ মেখেলা চেলেকা, ঐ লোকৰ পৈয়েৰৰ লগত যোৱা, ঐ পঘাখোৱা, ঐ কুকুৰৰ পোৱালি, ঐ শগুণে নোখোৱা জাত, ঐ চপনীয়াৰ জাত, ঐ ৰসাতলে যোৱা, ঐ কেঁচাইখাইটি, ঐ শগুণে খোৱা, ঐ তেজখোৱা, ঐ নিলাজ, ঐ আওমৰণে মৰা, ঐ কলিজা খোৱা, ঐ কলেৰাত যোৱা, ঐ মৰতী, ঐ শনি, ঐ নাম কটা যোৱা, ঐ গ্ৰহণীত মৰা ইত্যাদি৷

ক- কাম নকৰা গৰুটো, কলিজা খোৱা, কুকুৰৰ জাত, কলেৰা হৈ মৰিবি, কটা নিধক, কেঁচাইখাতী, কেঁচাই কেঁচাই চোবাম, কুকুৰৰ পুতেক, কাণতলীয়া চৰ দিম, কাপোৰ থুকুচা দি থুকুচিম ইত্যাদি৷

খ- খাই পাত ফলা, খাই লৈ পাহৰা, খৰা শিয়ালৰ জাত, খেতৰৰ জাত, খঁকুৱা, খেকাৰ খোৱা, খটাসুৰ, খণ্ডমুণ্ড, খৰিকাত দিম, খাই পাত ফলা জাত, খুন্দা দিম, খেতৰ, খোঁচ মাৰি দিম, খোকোৰা কৰিম, খোজনীয়াৰ জাত ইত্যাদি৷

গ- গোলামৰ জাত, গোলামৰ পুতেক, গেন্ধেলা, গেন্ধেলী, গজমূৰী, গোলামৰ সঁচ, গাধটো, গাহৰি, গৰু, গতা মাৰি দিম, গেলি মৰিবি, গাত জুই লাগি মৰিবি, গোমূৰ্খ, গৰল খুৱাই মাৰিম, গজমূৰীয়া, গুটীয়া সঁচ, গছকি মাৰিম, গেজেং মূৰা, গোৰ মাৰি মাৰিম, গোৰ দিম, গেলা ঘাত নিমখ সানিম, গাত পোক লাগি মৰিবি, গাত চোৰাত পাত সানিম ইত্যাদি৷

চ- চুৱাচেলেকা, চুৱাখোৱা, চন্দকা খোৱা, চপনীয়া জাত, চোৰৰ জাত, চুলি ছিঙিম, চৰিয়াই কাণ ছিঙিম, চুৱা পাতনি চেলেকা, চৰত মাৰ বাপেৰৰ বিয়া দেখিবি, চিপ দি মাৰিম, চুৱৰৰ পুতেক ইত্যাদি৷

জ- জাগলত যোৱা, জুই লাগি মৰা, জুই লাগতি, জাপৰী, জহৰা, জহৰী, জহনীত যোৱা, জখিনী, জহনীজাতি, জীয়া জুইত পুৰি মাৰিম, জপৰাটো, জুই লাগি মৰিবি ইত্যাদি৷

ট- টোকোনাৰ জাত, টুটকীয়া, টেটেৰা, টোকোনা, টং মৰা, টিটাটিঙ্গা, টোটক, টেটেৰী, টোটোৰা পৰ, টোলঙ্গনি খাই ফুৰা, টিটাটিঙ্গা, টিটিয়া, টিকিৰা, টোকোনা, টুকুৰা-টুকুৰ কৰিম, টেটুৱাই নিয়া, টিকা ফালিম, টিক্ চালি নকৰ, টকলা, টাকলী, টাটকীয়া, টনি জৰী বন্ধাদি বান্ধিম ইত্যাদি৷

ঠ- ঠগৰী, ঠঁগতী, ঠগৰা, ঠেৰেঙ্গা লগাকৈ মাৰিম, ঠেহেৰা মাৰি থাক ইত্যাদি৷

ড- ডাইনী, ডাঁহী, ডঁহা, ডাকিনী, ডাকু, ডাফলী, ডাল ডঙ্গুৱা, ডিঙি চেপি মাৰিম, ডকাইতৰ জাত, ডেঙ্গুৰ, ডাইনী, ইত্যাদি৷

ঢ- ঢকা দিম, ঢাৰিয়ে নুৰিয়াদি নুৰিয়া, ঢঢৈয়া হ’বি, ঢেঁৰা, ঢেঁকেৰি, ঢেলা-চকুৱা, ঢেলপুঙ্গা দিবি, ঢোলোকা-ঢোলোকে পানী খোৱাম, ঢেপেচা, ঢেপেচী ইত্যাদি৷
ত- তেজ মুই যা, তেজ খাইতী, তোৰ মুখ গেলিব, তোক নচঁচা কবলত দিম, তোক বাঢ়নীয়ে কোবাম, তেজ পিয়া জাত, তোৰ মুখত ছাই পৰক, তেজ খোৱাৰ জাত, তই মোৰ কেঞা আঙুলি লৰাব নোৱাৰ, তই মোৰ কেঞা আঙুলিৰ যোগ্য নহয়, তোৰ মুখত পোক লাগক, তেজ পিম, তুলা ধুনাদি ধুনিম, তোৰ সবংশে নাশ হওক, তিৰোতাৰ মেখেলা শুঙা, তপামূৰী, তপামূৰা, তিৰীমতী, তিৰোতা সেৰুৱা, তোৰ পিণ্ড দিবলৈ কোনো নাথাকক, তোৰ ভেটিত তিতা লাও গজক, ইত্যাদি৷

থ- থিয় গোৰ খাবি, থেলামূৰি মাৰি দিম, থাকা চৰ দিম, থিয় কিল খাবি, থেকেঁচা মাৰিম, থুঁতৰি ভাঙিম, থুই কটা, থিয় গোৰ মাৰিম, থিয়ৈ থিয়ৈ নাঙঠ কৰিম, থপিয়াই দিম, থেঁতেলা খোৱা জাত, থোৰা চিগা জাত, থুপৰী, থুপৰা থাপৰ দিম ইত্যাদি৷

দ- দাংকাটি, দঁতুৱা, দগধা, দগৰি পিটিম, দলি মাৰি দিম, দস্যুৰ জাত, দাঁতিনী, দস্যুতা, দস্যুটো, দাদৰি খোৱাটো, দুৰাত্মা, দুষ্কৰ্মী, দেশান্তৰ কৰিম, দোতাচলীয়া, দন্দুৰী, দন্দুৰা, দাঁত ভাঙিম, দানৱ, দম নিদিবি, দাৰে মাছ বছা দি বাছিম ইত্যাদি৷
ধ- ধনলোভী তিৰী, ধমনাটো, ধৰুৱা, ধৰফৰাই মৰিবি, ধৰ্মভ্ৰষ্টটো, ধানখেৰ জপা দি জাপিম, ধামনী, ধাদুমী, ধিতিঙ্গা, ধুবুনী জাত, ধুম কলা, ধূৰ্ত, ধৃতৰাষ্ট্ৰ নহ’বি, ধমনাটো, ধোঁৱা-খোৱা জাত, ধোদ, ধ্বজ ভঙ্গ দিয়াটো, ধোদোঙ্গা, ধোদৰ জাত, ধোদৰ পচলা, পপীয়াটো/জনী ইত্যাদি৷

ন- নাৰদ, নাম নুমাব তোৰ, নাম কটা যোৱা, নিধক, নাক কাটি, নটিনী, নাগিনী, নাৰদীয়া, নাটেশ্বৰী, নাম নুমুৱা জাত, নমৰ কিয়, নাক কটা যোৱা, নষ্ট যোৱা, নৰক গামী হোৱা, নৰকনিত বাস কৰ, নাকী লগাম, নাকনী-কাণনী কৰিম, নৰকী, নাৰকী, নাস্তিকটো, নিছলা, নিঠৰুৱাটো, নিন্দুকটো, নিমূৰমূৰা, নিৰক্ষৰ, নিৰ্ব্বংশ হ, নিঃসন্তান হৈ থাকিবি, মিছামাছ কৰিম, নপুংসক, নিলাজ, নিলাজীৰ জাত, নেলু চেপিম, নেলু গচক মাৰি ধৰিম ইত্যাদি৷

প- পগলা, পাতকী, পাপিষ্ঠ, পিটিকি পেলাম, পিশাচৰ জাত, পদূলি শুঙা, পৈয়েৰে মৰা, পাষণ্ড, পটেশ্বৰী, পখালি পেলাম, পটাগুটীত পিহিম, পাওকঠীয়া, পুলি পোনাই উঘালি, পপীয়া, পাপী, পৰকতি লৰা, পোহাৰী, পোহাৰী চুপতি, পেনেৰা, পেটুৱা, পোহৰ শুঙা, প্ৰতাৰক ইত্যাদি৷

ব- বান্দৰ, বজৰুৱা, বাঘ ঢকা দিম, বখলা বখল কৰিম, বিধৰী, বনবাসত দিম, বীজ মৰ, বান্দৰ-কেকোঁৱা লগাম, বৈৰাগী হ, বনবাসত দিম, বলীয়া, বনৰীয়া, বলি কটা দিম, বগৰা জাত, বান্দৰী, বান্দী, বাৰেপৈয়াঁতী, ব্যভিচাৰী, বাঘ তেল খোৱা, বাঘৰ নেজ কটা, বাঘে খোৱা জাত, বইজাত, বাঘৰ মুখত যোৱা, বনৰী, বনৰীয়া, বুঢ়া শগুণ, বৰবিহ খোৱা, বুঢ়ী বাঢ়নীৰে কোবাম, বেশ্যা, বুকুত জুই লগা, বাৰেবনৰী, বাপেৰৰ পোকৰত আৰৈ চাউল ভাজি খোৱা, বুৰ্বক জাত, বঁহীয়াৰ জাত, বিটলীয়া, বেঙ্গা, বুঢ়া ঘৰৰ পোকৰ শুঙা, বাপেৰৰ মূৰটো, বাপেৰৰ মূৰ চোবোৱা, বাঁজী, বাৰাভাতেৰী, বৰ গেলা, বৰ বেমাৰী, বাঢ়নীৰ কোব খোৱা, বাপেৰ মাৰৰ মূৰ খোৱা, বৰ বেমাৰ হৈ মৰিবি, বেমাৰী, বাপেৰ মূৰত টেকেলি ভাঙি খোৱা ইত্যাদি৷

ভ- ভেঁটিত তিতা লাও গজক, ভেটিত গেজেপনি হওক, ভেটিত লাও-কোমোৰা গজক, ভিকহু জাত, ভূতুনি, ভৰ বয়সত মাদলী ফুটিব, ভৰ বয়সত পৈয়েৰ মৰিব, ভৰ বয়সত ঘৈণী মৰিব, ভোদা, ভিকহুৰ পো, ভিকহুৰ জীয়েক, ভেটি উছন যাওক, ভ্ৰষ্ট, ভেটিত বন গজক, ভঙ্গুৱা, ভগনিয়াৰ জাত, ভঁজুৱা, ভগীয়া তিৰী, ভতুৱা, ভ্ৰষ্টাচাৰী, ভদ্ৰ-কালী তিৰী, ভৰিয়ে মূৰে কঢ়া, ভাওধৰা জাত, ভাঁৱৰী পকীয়াটো/জনী, ভাণ্ড, ভাত ভাৰী, ভাপত সিজাম, ভাবুৰী, ভিতৰ গুটি, ভীৰু, ভুকুৱাই মাৰিম, ভুটকুৰা, ভেঁকোলা, ভুৰুকিয়া, ভূতীয়াটো, ভৃত্য, ভিক্ষাৰীৰ জাত, ভেঙ্গুৰাটো, ভোটোঙ্গা, ভোটোহা, ভেমতী, ভেঁমেচি, ভাত মৰিব, ভিকাচন ভাগিব, ভেঁটি মৰ ইত্যাদি৷

ম- মইমতটো/জনী, মাউৰত মৰা, মৰি হজম হ’বি, মৰিবলৈ ধৰা, মৰি নাথাক কিয়, মৰিবলৈ নেদেখা, মাৰ-বাপেৰৰ মূৰ খোৱা, মাৰ বাপেৰৰ বিয়া দেখুৱাম, মেখেলাৰে বান্ধিম, মেখেলাৰ তলতীয়া, মদাহী জাত, মৰিয়াৰ পঁইতা খোৱা পো, ম্লেচৰ জাত, মৰাটো, মতাছাৰী, মেখেলাৰে কোবাম, মেখেলা পিন্ধা জাত, মাৰৰ মূৰটো, মূতিবলৈও নাযাওঁ, মাৰ বাপেৰৰ মূৰত কঁঠাল ভাঙি খোৱা, মূৰ চোবোৱা, মতৰী, মাৰত মৰিবি, মতগৰ্বী, মদপী, মৰতী, মৰামূৱা, মহতিয়াই পেলাম, মহাপাপী, মহিষাসুৰৰ জাত, মহুৰা সূতা মেৰোৱাদি মেৰাম, মাইকী তলতীয়া, মাউৰীয়া, মূতি থৈ আহিমগৈ, মাগনীৰ জাত, মাতৃবৈৰীটো/জনী, মাৰি পেলাম, মাৰ ঘাত মাৰিম, মিছলীয়াৰ জাত, মিজিৰা, মুণ্ড ছিঙিম, মেটুৰা, মূৰ ফালিম, মূৰ্খ, মেতৰৰ জাত, মেমেৰা, মাউৰা, মেলেছৰ জাত, মোচোকা মাৰি ধৰিম, মোহাৰি পেলাম, মোৰত মৰিবি, মগজ নাইকিয়া জাত, মেখেলা শুঙা, মেকুৰী চকুৱাটো, ইত্যাদি৷

য- যঁতেৰি ফেঁটী তিৰী, যখ, যখিনী, যমে নিনিয়াটো, যম ডাকিনী, যমে নেদেখাটো/জনী, যুতকীয়াটো, যদুবংশ ধ্বংস হ’ব, যমৰ ঘৰ দেখুৱাম, যোঁত জৰী বান্ধি পিটিম, যৌতুকীয়াত যোৱাটো, যখৰ জাত, যমৰ যাতনা দিম ইত্যাদি৷

ৰ- ৰাওমুঈ, ৰসাতলে যা, ৰটনি, ৰচকী, ৰক্ত পান কৰিম, ৰক্ত খাম, ৰক্তাক্ত কৰিহে এৰিম, ৰঙা-ৰাঙলী হ’ব, ৰজাৰ ডেমাকী নেদেখুৱাবি, ৰমলিয়াই নাথাক, ৰাইডাঙে পিটিম, ৰাওমূৱা, ৰাজ যক্ষ্মা হৈ মৰিবি, ৰাজদ্ৰোহীৰ জাত, ৰাৱণৰ জাত, ৰাহুটো, ৰেপ মাৰি দিম, ৰৌ ৰৌ নৰকত পৰিবি, ৰণত পৰি মৰিবি, ৰুগীয়া জাত ইত্যাদি৷

ল- লুধুমী, লোকৰ পদূলি শুঙা, লোকৰ চৰুৰ জুতি লোৱা, লোকৰ পোকৰ শুঙা, লুতুৰা, লেউৰা কৰিবি, লগনীয়াৰ জাত, লিগিৰাটোলৈ চা, লঙ্কা ধ্বংস কৰিম, লম্পট, ল’ৰা যমে নিয়ক, লেংটি খুলি মাৰিম, লাজ নাইকিয়াৰ জাত, লাওখোলা উৰুৱাই দিম, লাও-লোৱা, লাহতী তিৰী, লিকচৌটো, লুটিয়াই লুটিয়াই পিটিম, লেহেতিয়া, লোধোমা ইত্যাদি৷

শ- শিয়ালটো, শাখিনী, শগুণে খোৱা জাত, শটবটীয়া, শনিটো, শতৰুটো, শনাহী তিৰী, শোটোৰা পৰ, শৰাধ খাবলৈ যাম, শৰ মাৰি মাৰিম, শালত দি মাৰিম, শালচকুৱাটো, শিয়াল টেঙৰৰ জাত, শুকানী, শোটাই কোবাম ইত্যাদি৷

স- সেঙ্গেটা লাগি মৰ, সাত পুৰুষৰ বিয়া দেখিবি, সতিৱৈ টো, সিয়ানৰ জাত, সন্নিপাত, সোঁ বয়সতে যাবি, সমুলঞ্চে ধ্বংস হ, স্থিৰতা নাইকিয়াবোৰ, সেলেকা দঁতীয়া, স্বাৰ্থপৰৰ জাত, সৌকাই কোবাম, সেপ চোবাই মৰিবি ইত্যাদি৷

হ- হাইজাত যোৱা, হতশ্ৰী হ, হটঙ্গাটো, হটঙ্গী, হতমূৰ্খৰ জাত, হাৰামজাদা, হৰা কৰি মাৰিম, হনু ভাঙিম, হাঁতুৰীয়ে কোবাই মাৰিম, হাড় ডাল ডাল কৰিম, হাড় গুৰি কৰি পেলাম, হাড়ত বন গজিব, হাৰামী, হালোৱা ৰাখিম, হিংসাকুৰীয়াৰ জাত, হেঁচাৰ মাৰি দিম, হেঁচা মাৰি মাৰিম, হেঁপাটো, হেঁতামাৰি দি মাৰ দিম ইত্যাদি৷

উপ সংহাৰ- আমাৰ সুৱদি সুৰীয়া ভাষাটোৰ লোকমনৰ পৰিচয় বহন কৰা গালি শপনিবোৰতো কেতিয়াবা মৰম আৰু আত্মীয়তা সোমাই থাকে৷ গাঁৱৰ বহু লোকে “অ’ শতৰুজনী ইমান দিন যে দেখা নাই! “জহনীত মৰাটোৰ খা খৱৰেই নাই৷“,“গেজেংমূৰা অ’ তই ক’ৰবালৈ যাৱ নেকি?“ “হতশ্ৰী হোৱাটোক বজাৰলৈ পঠিয়ালো, এতিয়ালৈকে আহিয়েই পোৱা নাই!“… এইদৰে মৰমতে গালি শপনিবোৰ প্ৰয়োগ কৰে৷ অন্যহাতেদি অঞ্চলভেদে গালি শপনিবোৰৰ সুৰবোৰ বেলেগ বেলেগ৷ উজনিৰ গালিৰ সুৰৰ লগত নামনিৰ বৰকৈ মিল দেখা নাযায়৷ আকৌ একোটা গালিৰ জৰিয়তে সমসাময়িক সমাজ এখনৰ আভাস এটা পাব পাৰি৷ হাইজাত মৰা, কলেৰাত মৰা আদি গালিবোৰ এটা সময়ত এই বেমাৰবোৰত আক্ৰান্ত হৈ বহু মানুহ মৰিছিল আৰু তেতিয়াই হয়তো ই মানুহৰ মুখত গালি হিচাপে থাকি গৈছিল৷ যি নহওক, অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা গালিসমূহৰ সংৰক্ষণ হ’লে অসমীয়া লোকমনৰ পৰিচয়বোৰ বুজাত সহায়ক হ’ব৷

বিঃদ্ৰঃ- কাকো হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে নহয়, সময়ৰ লগে লগে হেৰাই যাবলৈ ধৰা অসমীয়া লোকমনৰ পৰিচয় দিয়া গালি শপনিবোৰ যিমান পাৰি সংগ্ৰহ কৰি লিখিত ৰূপ দিবলৈহে চেষ্টা কৰিছোঁ৷

★★★★

Comments

  1. লিখাটো আৰ্কাইভ কৰি থৈছো, আৰু এটা দশকমানৰ পিছত মানুহে এইবোৰ পাহৰিবই। তেতিয়া উলিয়াই পঢ়িম

  2. মজ্জা কালেকচন এইটো ৷ দৰকাৰ পৰিলে উলিয়াই লম ৷

  3. বৰ সুন্দৰকৈ সংকলিত ৰূপত প্ৰকাশ কৰিলে। ধন্যবাদ জনালো।

  4. কাৰোবাৰ লগত কাজিয়া লাগিলে এক আধ্যা উলিয়াই পাঠ কৰি দিলেই হব ।

Leave a Reply

Your email address will not be published. Required fields are marked *