মানৱ সভ্যতাৰ বিকাশত সৰ্বাধিক অৰিহণা যোগোৱা উপাদান হৈছে সাহিত্য ৷ এই সাহিত্যৰ অধিকাংশই গল্প উপন্যাস আদিয়ে আগুৰি ৰাখিছে৷ গল্প আৰু উপন্যাসৰ যোগেদি সমকালীন সময় আৰু সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ প্ৰদৰ্শিত হয়৷ সাধাৰণ মানৱ জীৱন হাঁহি-কান্দোন, দুখ-সুখ, সমস্যা-প্ৰতিকাৰ, সফলতা-বিফলতা আদিতেই সীমাবদ্ধ থাকে৷ আধুনিক সাহিত্যয়ো জীৱনৰ এই সকলোবোৰ দিশ একত্ৰিত কৰি গভীৰ ভাৱবোধেৰে সাৱলীল আৰু পৰিশীলিতভাৱে প্ৰকাশ কৰাৰ চেষ্টাত প্ৰতিনিয়ত চেষ্টা কৰে৷ সাহিত্যৰ নবৰসৰ ভিতৰত এক উল্লেখযোগ্য ৰস হ’ল হাস্যৰস৷ বাস্তৱ জীৱনৰ দুখ যন্ত্ৰণা আঁতৰাই সফল আৰু সুখী হোৱাৰ জোখেৰে ৰস বা আনন্দৰ যোগান ধৰা হয়৷ হাস্য, ব্যংগ বিদ্ৰূপৰ আৱৰণত সমাজৰ অনৈতিকতা, অনাচাৰ, ধৰ্মীয় গোড়ামি আৰু ৰক্ষনশীলতা তথা প্ৰাত্যহিক জীৱনৰ ত্ৰুটি বিচ্যুতিক লোকচক্ষুৰ আগত উন্মুক্ত কৰা হয়৷ সাহিত্যৰ এই হাস্য ৰসে বিদ্ৰূপ সহকাৰে সমকালীন ঘটনাৱলীৰ তীৰ্যক ৰূপ উপস্থাপন কৰাও দেখা যায়৷

1795 চনত জোডৰেলৰ “The Disguise“ নাটকৰ অৱলম্বনত গোলকনাথ দাসৰ অনুবাদিত ’কাল্পনিক সংবদল ’ত এই ৰসৰ উপযুক্ত কথা পৰিমাৰ্জিতভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ ভাৰতীয় সাহিত্যত এই ৰসৰ উদ্ভৱ মূলতঃ সংস্কৃত সাহিত্যৰ পৰা৷ হিন্দু সমাজৰ ধৰ্মীয় গোড়ামি আৰু ৰক্ষণশীলতা, ব্ৰাহ্মণ সকলৰ বহুবিবাহ আৰু ইন্দ্ৰিয় সাধনাৰ বিষয়ে সমকালীন সাহিত্যিকসকলে তেওঁলোকৰ ৰচনাত তীব্ৰ আৰু তীৰ্যক ভাবে উপস্থাপন কৰে৷ আধুনিকতা তথা ইংৰাজী শিক্ষাৰে আলোক প্ৰাপ্ত ভাৰতীয়সকলে ইংৰাজী Farce (a funny play for the theatre based on ridiculous and unlikely situation and events; this type of writing or performance)-ৰ অনুকৰণত ব্যংগ ৰচনাত আধুনিকতাৰ প্ৰভাৱ সানিলেও সংস্কৃত ব্যংগ ৰচনাৰ মূল কাৰকৰূপে গণ্য কৰা হয়৷ অৱশ্যে এইক্ষেত্ৰত মধ্যযুগৰ বাংলা সাহিত্য বিশেষকৈ মংগল কাব্যত হাস্যৰস সমৃদ্ধ বিষয় আৰু অনুষংগ বিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়৷ বাংলা সাহিত্যত প্ৰথম পাশ্চাত্যধাৰা তথা ইংৰাজী Farce ৰ বৈশিষ্ট্য আৰু গুম সমন্বিতে ব্যংগ ৰচনাৰ কৃতিত্বৰ অধিকাৰী হ’ল মাইকেল মধুসূদন দত্ত৷ তেওঁৰ ’একেই কি বলে সভ্যতা’ (1860) আৰু ’বুড়ো শালিকেৰ ঘাড়ে ৰোঁ’(1860) ৰচনাৰ যোগেদি ব্যংগ ৰচনাই স্বকীয়তা লাভ কৰে৷ তেওঁ ইংৰাজী Comedy of manners-ৰ ৰস আৰু ৰীতি গ্ৰহণৰ যোগেদি বাংলা ব্যংগ ৰচনাক আন্তজাৰ্তিক ৰূপ প্ৰদান কৰিছে৷ তেওঁৰ উল্লিখিত ব্যংগ ৰচনাত তৎকালীন সমাজৰ অমিতাচাৰ আৰু অনাচাৰক হাস্য বিদ্ৰূপৰ ৰূপ ধাৰণ কৰাই কাহিনীৰ সংক্ষিপ্ত আয়তন, নক্সাধৰ্মী বিন্যাস, সৰস আৰু চৰিত্ৰানুগত সংলাপ আৰু চৰিত্ৰৰ মাজেদি সমাজৰ বাস্তৱতা প্ৰতিপন্ন কৰিবৰ বাবে আঞ্চলিক কথা গ্ৰামীণ ভাষা প্ৰযুক্ত কৰি ব্যংগ ৰচনাক সমৃদ্ধিৰ শীৰ্ষভাগত উন্নীত কৰা পৰিলক্ষিত হয়৷

মধুসূদনৰ সমসাময়িক ভাবে দীনবন্ধু মিত্ৰ বাংলা ব্যংগাত্মক ৰচনাক সমৃদ্ধি আৰু স্বাৰ্থকতা প্ৰদান কৰে৷ দীনবন্ধু মিত্ৰৰ নাটক সমূহত উদগ্ৰ আকাংক্ষাজনিত চাৰিত্ৰিক বিসংগতি নিপুণ ব্যংগৰ মাধ্যমত উপস্থাপন কৰাৰ লগতে ৰসাল সংলাপৰ সহযোগে গ্ৰাম্য পদ্য পৰিবেশন কৰি ব্যংগ সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰে৷ ’বিয়ে পাগলা বুড়ো ’(1866), ’সধবাৰ একাদশী’(1866), ’জামাইবাৰিক’(1872) আদি ৰচনাত হাস্যৰস ব্যংগ -বিদ্ৰূপৰ মাজেদি উনৈশ শতকৰ উদগ্ৰ জীৱন বাসনাৰ প্ৰতিনিধি সকলৰ স্বপ্নভঙ্গৰ বেদনা, অপ্ৰাপ্তিৰ যন্ত্ৰণা আৰু বিষাদবহুল পৰিণতি চিত্ৰায়িত কৰা দেখা যায়৷

বাংলা ব্যংগাত্মক ৰচনাত অমৃতলাল বসু আৰু এজন কীৰ্তিমান লেখক৷ তেওঁৰ ’চোৰেৰ ওপৰ বাটপাৰি’(1876), ’ডিস্মিস্’(1883), ’চাটুৰ্জে-বাড়ুৰ্জে’(1884), ’বিবাহ বিভ্ৰাট’( 1884), ’বাবু’(1893) ইত্যাদি ৰচনাৰ মাধ্যমত হাস্যৰসৰ সফলতাৰ সাক্ষৰ প্ৰদান কৰে৷

বাংলা সাহিত্যৰ বিখ্যাত নাট্যকাৰ, অভিনেতা গিৰিশ চন্দ্ৰ ঘোষৰ দ্বাৰা ৰচিত ব্যংগাত্মক ৰচনাত গুণগত উৎকৰ্ষ অভিব্যাঞ্জিত৷ তেওঁৰ প্ৰমুখ ৰচনা সমূহ হ’ল – ’গোপন চুম্বন’(1878), ’ভোটমংগল’(1882), ’বেল্লিক বাজাৰ’(1886) আদি৷

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাত ব্যংগ সাহিত্যই পূৰ্ণতা প্ৰাপ্ত হয়৷ ’গোড়ায় হলধৰ’(1892), ’বৈকুণ্ঠে খাতা’( 1897) ৰ ৰচনা কৌশলে গুনগত উৎকৰ্ষ লাভ কৰা দেখা যায়৷ ৰচনাৰ গাম্ভীৰ্য্যতা ক্ষুণ্ণ নোহোৱাকৈ বেদনাময় পৰিস্থিতিতো সূক্ষ্ম হাস্যৰস সৃষ্টিৰ ক্ষমতা কেৱল মাত্ৰ বিশ্বকবিৰ ৰচনাতহে পোৱা সম্ভৱ৷

নিৰ্মল হাস্যৰস আৰু সূক্ষ্ম তীৰ্যক ব্যংগ কৌতুকৰ অনাবিল ৰচনাৰ অধিকাৰী সুকুমাৰ ৰায়৷ তেওঁৰ ’ৰাম গড়ুৰেৰ ছানাৰ ’ নামৰ ব্যংগ ৰচনাত শাণিত যুক্তি আৰু দক্ষ বিশ্লেষণৰ মাজেৰে গগনভেদী কল্পনাৰ যোগেদি নক্সাকাৰে পৰিস্থিতি পৰিস্ফুট কৰা দেখা যায়৷ সুকুমাৰ ৰায়ৰ ৰচনাৰ শিল্পগুণ, সৌন্দৰ্য বিবেচনা, শৈলী আদিয়ে বাংলা সাহিত্যক এক নতুন ৰূপত দাঙি ধৰে৷ তেওঁৰ ননসেন্স্ সাহিত্য, ব্যংগ ৰচনাৰ লগত আনুষংগিক চিত্ৰ তথা সাহিত্যৰ মাজত থকা সাংগীতিক উপাদান পুংখানুপুংখ ভাবে পৰ্যালোচনা কৰিলে তাত পোৱা যাব অসাধাৰণ পৰ্যবেক্ষণ শক্তি, শিল্পীৰ অপূৰ্ব ৰসবোধ আৰু অসম্ভৱৰ উদ্ভাৱন৷

বাংলা সাহিত্যৰ প্ৰচলিত ইতিহাস গ্ৰন্থত ৰস সাহিত্যিক হিচাপে ত্ৰৈলোক্যনাথ মুখোপাধ্যায়ৰ দ্বাৰা ৰচিত ৰম্য গল্পৰ অন্তৰালত প্ৰেৰণা ৰূপে ক্ৰোধ থাকিলেও হাস্য কৌতুকৰ কলাৰীতি অনুসৰি সাৰ্থক কৌতুকে চৰম ফলপ্ৰাপ্তি লাভ কৰিছে৷

বাংলা সাহিত্য জগতত ’হাসিৰ ৰাজা ’ বুলি খ্যাত শিৱৰাম চক্ৰবৰ্তীয়ে তেওঁৰ ৰচনাৰ যোগেদি প্ৰচলিত বিশ্বাস, ক্ষতিকাৰক ঐতিহ্যৰ ওপৰত আঘাত সনা দেখা যায়৷ শিৱৰাম চক্ৰবৰ্ত্তীয়ে ফুৰ্ত্তিবাজ মনটোক বস্তুচেতনা, সমাজ চেতনা আৰু কল্যাণকৰ চেতনাৰ অৱগুণ্ঠনত ৰাখি পৰিস্থিতিৰ অৱলোকনৰ যোগেদি ব্যংগাত্মক ৰচনাত মনোনিবেশ কৰা দেখা যায়৷

প্ৰহসন বা ব্যংগ সাহিত্য এনে এক সৃষ্টি য’ত ’হাস্যৰসময় জীৱনালেখ্য’ ৰূপায়িত হয়৷ প্ৰহসন নাট্য সাহিত্যৰ এক উপজাতি৷ কৌতুক নাটক বা ব্যংগ নাটকৰ মাজেদি নবৰসৰ অন্যতম ৰস হাস্যৰসৰ যথাৰ্থ ৰূপ পৰিস্ফুট হয়৷ Farce ৰ সমাৰ্থক শব্দ হ’ল এই প্ৰহসন, তাৰ অৰ্থ কৌতুক বা ব্যংগৰসাত্মক ৰচনা৷ এই প্ৰহসন বা ব্যংগ ৰচনাত তৎকালীন সমাজ জীৱনৰ অসংগতিত কৌতুক ৰসৰ সন্নিবেশ ঘটাই তাৰ আংগীকৰ ব্যপক বিস্তৃতি ঘটোৱাৰ প্ৰয়াস কৰা হয়৷ বিষাদ বিড়ম্বনাক হাঁহি আনন্দেৰে নিপুণ ব্যংগৰ মাধ্যমত উপস্থাপন কৰাই পৰিবেশ পৰিস্থিতিক সমৃদ্ধি আৰু স্বাৰ্থকতা প্ৰদান কৰে ৷ সমাজত ঘটি থকা অমিতাচাৰ আৰু অনাচাৰক হাস্য বিদ্ৰূপৰ মাধ্যমেৰে প্ৰশমন কৰোৱাৰ প্ৰচেষ্টাই সামাজিক দায়বদ্ধতাৰ প্ৰমাণ প্ৰদান কৰে৷ ৰস আৰু ৰীতিক আগস্থান প্ৰদান কৰি প্ৰহসনৰ সমৃদ্ধিৰ শিখৰলৈ উন্নীত কৰাৰ প্ৰচেষ্টাই জীৱন ভোগৰ বাসনাৰ, তাৰ অনিন্দ্য সুন্দৰ ৰূপক লোকচক্ষুৰ আগত তুলি ধৰে৷ হাস্য ৰসৰ উজ্জ্বল শুভ্ৰ হস্ত সকলো বিষয়কেই আলোকিত কৰি তুলিবলৈ সক্ষম৷ বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ এই হাস্যৰসক সাহিত্যৰ উচ্চ শ্ৰেনীত থকা বুলি ব্যক্ত কৰা মনোভাবে এই ৰসৰ সূক্ষ্ম বোধশক্তিক প্ৰতিভাৰ বল আৰু সৌকোমাৰ্য্য কলাৰ সুন্দৰ সংমিশ্ৰণত পৰিণত কৰাইছে৷ এই ৰসৰ ব্যবহাৰৰ যোগেদি কৰা সৃষ্টি সমূহত সুৰুচিতাৰ প্ৰমাণ পোৱা যায়৷ হাজাৰ আলোক বৰ্ষ অতিক্ৰম কৰি সাহিত্যৰ এই ৰসে পূৰ্ণতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সাহিত্যত হাস্যৰস প্ৰদান কৰা সকলো সাহিত্যিক তথা ৰচনাকাৰীক বীৰোচিত প্ৰীতিপূৰ্ণ শ্ৰদ্ধা আৰু সন্মান প্ৰদান কৰিলো৷

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *