অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত “জোনাকী যুগ’’ৰ অৱদান আছিল কল্পনাতীতভাৱে অপৰিসীম৷ এই যুগতেই আৰম্ভ হোৱা বিভিন্ন ধৰণৰ সাহিত্যৰ শাখাই অসমীয়া ভাষালৈ প্ৰভুত অৰিহনা যোগাইছিল৷ ’চনেট’কে ধৰি “আধুনিক কবিতা’’ বোৰৰ ৰচনা এই সময়তেই আৰম্ভ হ’ব ধৰে৷ গদ্য সাহিত্যৰ বিকাশ, আধুনিক বুৰঞ্জী, প্ৰবন্ধকে ধৰি বিভিন্ন ঠাইত অসংৰক্ষিত অৱস্থাত থকা লোকসাহিত্য বা সাঁচিপতিয়া পুথিবোৰকো সংৰক্ষণ আৰু সংকলন কৰাৰ ব্যৱস্থাও তেতিয়াই আৰম্ভ হৈছিল৷ ’জোনাকী যুগ’তেই অসমীয়া সাহিত্যলৈ প্ৰকৃত হাস্যৰসাত্মক সাহিত্যৰো প্ৰৱেশ ঘটে৷

পৌৰাণিক ধৰ্মীয় বা আখ্যান সাহিত্যত দুই এক চৰিত্ৰৰ জৰিয়তে হাস্যৰসৰ অৱতাৰণা কৰিবলৈ প্ৰয়াস কৰা হৈছিল৷ ভীমচৰিত, শিশুপাল বধ বা কীৰ্তনত হাস্যৰসৰ উপাদান পোৱা যায় যদিও সেইবোৰ লঘু কথা নাছিল৷ সমাজৰ মাজত থকা দুই এক ধেমেলীয়া ব্যক্তি বা ঘটনা বিশেষক বুজাবৰ বাবেহে এইবোৰ সংযোগ কৰা হৈছিল৷

প্ৰকৃতপক্ষে অসমীয়া সাহিত্যত হাস্যৰসাত্মক সাহিত্যৰ আৰম্ভণিৰ বাবে যিদুগৰাকী সাহিত্যিকৰ নাম সদায়েই কৃতজ্ঞতা সহকাৰে লব লাগিব সেই দুগৰাকী সাহিত্য কাণ্ডাৰী আছিল গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা৷ অসমৰ সমাজ ব্যৱস্থাৰ লগত জড়িত কিছুসংখ্যক লোকৰ ভণ্ডামী আৰু গোড়ামিক হাস্যৰসৰ মাজেৰে অতিকৈ সুন্দৰ ৰূপত প্ৰকাশ কৰা গুণাভিৰাম বৰুৱাদেৱৰ “কঠিন শব্দৰ ৰহস্য ব্যাখ্যা“ আৰু হেমচন্দ্ৰ বৰুৱা দেৱৰ ’’বাহিৰে ৰঙ চঙ ভিতৰে কোৱাভাতুৰী“ৰ জৰিয়তে অসমীয়া সাহিত্যত হাস্যৰসাত্মক সাহিত্যৰ প্ৰৱেশ ঘটে৷ অসমীয়া ভাষাত প্ৰথম হিচাপে এই দুয়োগৰাকী লেখকৰ উল্লিখিত পুথি দুখনে হাস্যৰসাত্মক সাহিত্য সৃষ্টিৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷

“বাক-চাতুৰ্যপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস“ যাক ইংৰাজীত wit বুলি কোৱা হয়; “সহানুভূতিপূৰ্ণ কৰুণা মিহলি হাস্যৰস“ অৰ্থাৎ humour আৰু “বিদ্ৰূপাত্মক হাস্যৰস“ বা satire আছিল সেই সময়ৰ হাস্যৰসাত্মক সাহিত্যৰ বিষয়বস্তুৰ মুল আধাৰ৷ পশ্চিমীয়া সাহিত্যৰ আলমত এই তিনি ধাৰাৰ সহায়ত অসমীয়া ভাষাতো হাস্যৰসাত্মক সাহিত্যৰ চৰ্চা আৰম্ভ হ’বলৈ ধৰে৷

“জোনাকী“ৰ পাততহে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে পূৰ্ণাঙ্গ ৰূপত অসমীয়া সাহিত্যত হাস্যৰসাত্মক সাহিত্যৰ অন্তৰ্ভুক্তি কৰায়৷ বেজবৰুৱা দেৱৰ জৰিয়তে অসমীয়া হাস্যৰসাত্মক সাহিত্যলৈ আন এক বিষয় সংযোজন হয়- সেয়া হ’ল “প্ৰহসন“ অৰ্থাৎ farce৷ ’প্ৰহসন’ সাহিত্যৰ জৰিয়তে এক মাত্ৰ লঘু কথাক মুখ্য কৰি হাস্যৰসৰ সোৱাদ দিবলৈ বিচৰা হৈছিল৷ ইয়াৰ একমাত্ৰ উদ্দেশ্য হাস্যৰসহে, সমাজৰ গধুৰ সমস্যা সমাধানৰ বাবে ইয়াত কোনো ধৰণৰ বাৰ্তা নাথাকে৷ “প্ৰহসন“ প্ৰধানকৈ পাঠকক আকৃষ্ট কৰি মনোৰঞ্জন দিয়াৰ বাবে লিখা হয়৷

“জোনাকী যুগ“ৰ সাহিত্য সৃষ্টিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়েই ভিন্ন ভিন্ন বিষয় বা ধাৰাৰ ওপৰত লিখি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ প্ৰয়াস কৰিছিল৷ সেই বাবেই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ইংৰাজী সাহিত্যৰ পৰা সমল সংগ্ৰহেৰে অসমীয়া ভাষা সাহিত্যলৈ বিশুদ্ধ হাস্যৰসাত্মক সাহিত্যক অৱদান হিচাপে আগবঢ়ায়৷ “জোনাকী“ৰ প্ৰথম খণ্ডতেই প্ৰকাশ আৰম্ভ কৰা ’লিতিকাই’খন হ’ল অসমীয়া সাহিত্যৰ প্ৰথমখন “প্ৰহসন“ সাহিত্য৷ ইয়াৰ পিচতেই অসমীয়া লোককথাৰ আধাৰত সাধুকথাৰ মাধ্যমেৰে “পাচনি(১৯১৩চন)“, “নোমল(১৯১৩)“ আৰু “চিকৰপতি নিকৰপতি(১৯১৩)“ নামৰ তিনিখন “প্ৰহসন“ ৰস ৰচনা পাঠকক উপহাৰ দিয়ে৷ উল্লেখযোগ্য যে এইকেইখন ’প্ৰহসন’ৰ সমতুল্য কোনো ৰচনা এতিয়ালৈ সৃষ্টি নোহোৱাটো বেজবৰুৱাদেৱৰ বাবে মহান সফলতা যদিও অসমীয়া সাহিত্যৰ ভড়ালৰ বাবে অকণমান হ’লেও চিন্তনীয়৷

সকলো সময়তে সাহিত্যৰ আন বিষয়বোৰৰ দৰেই হাস্যৰসাত্মক সাহিত্যও এক এৰাব নোৱাৰা ধাৰা৷ পাঠকৰ ৰুচিবোধ অনুসৰি ওপৰত উল্লিখিত হাস্যৰসাত্মক সাহিত্যৰ তিনি দৰকাৰী উপাদান সন্নিবিষ্ট কৰি ৰচনা কৰা হাস্যৰসাত্মক সাহিত্যৰ প্ৰয়োজন সদায়েই অনুভৱ কৰা যায়৷ শেহত অসমীয়া ভাষালৈ হাস্যৰসাত্মক সাহিত্য সৃষ্টি আৰু উৎপত্তি ঘটোৱা সকলো কেইজন সাহিত্যিকৰ অহোপুৰুষাৰ্থক কৃতজ্ঞতা জনালোঁ৷

★★★★

 

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *