ধনদাৰ মগজুত মাজে মাজে কিবা এটায়ে কামোৰে, আৰু তাৰ পিছতে ধনদায়ে মোক বখলিয়াবলৈ লয়৷ সদ্যহতে ধনদাক ’মৰ্ণিংৱাক’ নামৰ পোকটোৱে কামুৰিলে, এইকেইদিন সেয়েহে মই পলাইহে ফুৰিছো তেওঁৰ পৰা!

পিছে সিদিনা পৰি গ’লো ফান্দত৷ সোধ নাই, পোচ নাই তেওঁ ক’লে- ’ব’ল, মৰ্ণিংৱাক কৰিম৷’

মই বোলো- ’ধেই!’

তেতিয়া আবেলি পাঁচমান বাজিছিল কিজানি৷ মোৰ ভেকাহি শুনি ধনদায়ে ক’লে-

-গৰু, এতিয়া নহয় মৰ্ণিংৱাক ৰাতিপুৱাহে কৰে, কাইলৈ কৰিম৷ এতিয়া ব’ল, কিবাকিবি কিনি আনো বজাৰৰ পৰা৷

মই বোলো ভাল পাল্লাত পৰিলোঁ৷ একোবত ধনদায়ে ধৰিয়ে ল’লে নহয় মোৰ হাতখন৷

-কি কিনিব বজাৰত?

মই ভাবিলো বজাৰলৈ নোযোৱাকৈ হয়েই কিজানি!

পিছে নহ’ল, বজাৰলৈ যাবই লাগিব৷ মোৰো মনটোত লাড্ডু ফুটো ফুটো কৰিলে; ধনদায়ে মৰ্ণিংৱাক কৰিবৰ কাৰণে নিজলৈ পায়জামা কিনিব, মোক ক’লে – “টি-চাৰ্ট এটা লৈ ল’বি৷“ গতিকে ভাবিয়ে ল’লো- জীৱনত এদিনমান মৰ্ণিংৱাক কৰিবও লাগে! বহুতৰ আগত ফালিব পাৰি৷

তাৰপিছত ধনদা আৰু মই বজাৰখনত মৰণা মাৰি মাৰি দেহাৰ ঘাম বাজ কৰি দিলোঁ!

মোৰ বাবে টি-চাৰ্ট কিনা হ’ল৷ এতিয়া মস্কিল হ’ল ধনদাৰ পায়জামাক লৈ৷ তেওঁক লাগে বগলী পাখিহেন শুকুলা ৰঙৰ আহল বহল পায়জামা৷ ৰং পালেইতো নহ’ব, ধনদাৰ বিশাল পেট আৰু পায়জামাৰ ৰচীৰ মাজত দুআঙুলে নোজোৰাৰ কাহিনী!

কণাগৰু ঘূৰাদি ঘূৰি- ঘূৰি, শেষত তেওঁ বিচাৰি পালেগৈ হেঁপাহৰ পায়জামাটো৷ সঁচা অৰ্থত সেইটো মেলি থ’লে পায়জামা নে সৰু-সুৰা তমবু একেবাৰতে ক’বলৈ টান হ’ব!

ওভটাৰ পথত তেওঁ মোক অনেকবাৰ ক’লে- মই সোনকালে উঠি তেওঁক জগাব লাগিবহি৷

ময়ো বোলো- হ’ব৷

শেষৰাতিৰ ফালে এলাৰ্ম বাজিলত উঠিলোঁ৷ কণামুনাকৈ কাপোৰ সাজ পিন্ধি, মই গৈ ধনদাৰ বাৰাণ্ডাত৷

-ধনদা, ঐ ধনদা৷

দুই তিনিবাৰ লাউমুৰা চিঞৰ দিয়াৰ পিছত ভিতৰত ঘুটুং – মুটুং শুনি গম পালো, ধনদা উঠিছে৷

ঠিক তেনেকুৱাতে কাৰেণ্ট গ’ল, ৰাতি পুৱাও পুৱাও সময়ৰ ঘোপমৰা পৰিৱেশ৷

-আই ঔ জহনীযোৱা, এতিয়াহে যাবলৈ পালি৷

ভোৰভোৰাই ভোৰভোৰাই ধনদায়ে দুৱাৰ খুলিলে৷ মই জুমি চালোঁ, পোহৰৰ কণা এটাও মোৰ চকুত নপৰিল!

ধনদায়ে ক’লে- “তই বাৰাণ্ডাতে ৰহ৷ নহ’লে উজুটি খাই মৰিবি, মই কাপোৰযোৰ সলাই লওঁ“

মই বাৰাণ্ডাতে ৰৈ অনুমান কৰিলো পোহৰ হ’বলৈ অলপপৰ বাকী আছেগৈ৷ সেইসময়তে ধনদা আহিল, মৰ্ণিংৱাকৰ সাজত চকামকাকৈ মোৰ চকুত ধনদা শুকুলা অৱয়ৱ এটা হৈ ধৰা পৰিল৷

-ব’ল ব’ল৷

দুইজন পকীপথ পালোগৈ৷ তেতিয়াও আন্ধাৰ-আন্ধাৰ পৰিৱেশ৷

-বৰ ফ্ৰী ফ্ৰী লাগিছে ঐ৷ কিয় জানো ইমান ফ্ৰী ফ্ৰী লাগিছে!

সেই একেটা কথা ধনদায়ে ঘৰৰ পৰা ওলোৱাৰে পৰা চাৰি নে পাঁচবাৰ দোহাৰিলে৷

ময়ো বাৰে বাৰে শলাগি গ’লো৷ অৱশ্যে কথাটো হয়৷ ৰাতি পুৱাও পুৱাও পৰিৱেশ৷ শৰতৰ প্ৰাৰম্ভিক সময়ৰ চেঁচা কুঁৱলীসিক্ত গছ – বনৰ সেমেকা অনুভৱ, ফিৰফিৰীয়া এজাক বতাহ!

-“বৰ ফ্ৰী – ফ্ৰী লাগিছে দেই! বায়ু বোৰ যেন হেৰিয়ালৈকে সোমাই ধোন্দালি পেলাইছে!“

ধনদাৰ কথাত আগতকৈও উৎসাহ৷ মই মনতে ভাবি থাকিলোঁ -সঁচাকে মৰ্ণিংৱাক কৰি মোৰো বিৰাটেই ভাল লাগিছে!

লাহে লাহে চকুৰ আগত কেউফালৰ দৃশ্যবোৰ স্পষ্টহৈ ধৰা পৰিল৷ দুই এক প্ৰাতঃ ভ্ৰমণকাৰী চকুত পৰিল৷ ৰাস্তাৰ কাষতে এবাৰ মই ভাবিলো ঠাইতে জগিং কৰাদি কৰি গাটো অলপ গৰম কৰি লওঁ৷

মই লাহেকে নিজৰ কাৰবাৰ আৰম্ভ কৰিলোঁ‌৷ ধনদায়ে নিজৰ ভাগে আৰম্ভ কৰিলে৷

একোবত তেওঁ নিজৰ হাত দুখন কাওঁ – কাওঁ কৰি পাংখা ঘূৰোৱাদি ঘূৰাবলৈ লাগিলে৷

মই কুঁজা-কুঁজহৈ হাতেৰে ভৰি চোৱাত লাগিলো৷

একোবত মই শুনিলো- “ঐ চা, শীৰ্ষাসন কৰিম চা৷“

মই চালো, ধনদায়ে শীৰ্ষাসনৰ ভংগীমা ল’লেই৷ পিচক্ষণতে ধনদায়ে শীৰ্ষাসন কৰি দিলে!

-ই – ই – ই – ইইইইইইইই

মোৰ মুখেৰে সেইটোহে ওলাল!

ধনদা লুটিখাই দিয়াৰ লগে লগে যেন গোটেই পৃথিৱীখন লুটিখাই গ’ল! লাড্ডু এটাহৈ ধনদা ঠাইতে বজ্ৰপাত পৰা মানুহৰদৰে থৰ লাগিল৷ গোটেই মৰ্ণিংৱাক কৰা মানুহবোৰ ৰৈ দিলে৷

মই ধনদাৰ ওচৰলে গৈ দাঁত কামুৰি ক’লো, “সেইটো কি পিন্ধি আহিলে?“

ধনদায়ে থোকাথুকি মাতেৰে ক’লে, “আন্ধাৰে মুন্ধাৰে মই পিন্ধি অহাটো পেটিকোট নে পায়জামা তই কিবা ধৰিব পাৰিছিলিনে! ইমান ক’লো যে গোটেইখন ফ্ৰী ফ্ৰী লাগিছে, ফ্ৰী ফ্ৰী লাগিছে, তেতিয়া তই কিবা এটা ক’লিনে গৰু!“

★★★★

Comments

  1. এইটো পঢ়িয়ে মনোজ নেওগৰ ফেন হৈছিলো ৷ তামাম ফ্ৰী এইটো ৷ বলেতু ঝাকাছ!
    অভিনন্দন মনোজ! লিখি থাকা, মনোৰঞ্জন কৰি থাকা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *